আঘোণৰ কুঁৱলী


 আঘোণৰ কুঁৱলী
          কেশৱ মহন্ত

আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি,
একোকে নমনি৷
কুঁৱলী নথকা হ’লে দেখিলোঁহেঁতেন বা
পতা-সোণ-বৰণীয়া ধানৰ আঁচল,
দেখিলোঁহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ
আঙুলিয়ে মুঠি মৰা
কেচ্ কেচ্ চিক্‌মিক্‌ খৰ কাচিবোৰ,
দেখিলোঁহেঁতেন বা খোপা বন্ধা মূৰবোৰ
ওপৰলে’ তুলিবৰে সময় নোপোৱা৷

দেখিলোঁহেঁতেন বা পতা-সোণ পথাৰত
লঘু পৰিহাসময়
হাঁহিবোৰ তেউ-হালধীয়া!
অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি
চাবওতো পাৰিলোঁহেঁতেন
এইজাক দাৱনীৰ মাজতে আছিলে নেকি
সেউতীও মোৰ?
আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি,
একোকে নমনি৷

তথাপিও নোৱাৰিনে গম ল’ব বাৰু
এমোকোৰা তামোলৰ পিক্-ৰঙা ওঁঠে ওঁঠে
সোতৰ বছৰ হোৱা “মোক তোল আঘোণ”ৰ
ডালিমী দাঁতত
ডাঙৰি বন্ধাৰ লগ বিচাৰি, ৰিৰিঙা
তেল আৰু হালধিৰ
‘যাঃ’ বুলি ঠেলা মৰা খিল্-খিল্ হাঁহি?
আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি৷

আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে
মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,
কাম আছে,
আঘোণৰ পথাৰত কাম আৰু কাম৷
আঘোণৰ আকাশেদি কোনোবা বিললে’
মন কাঢ়ি বন-হাঁহ জাকি মাৰি গ’ল৷
আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,
ৰাগি আছে,
আঘোণৰ আকাশত ৰাগি আৰু ৰাগি৷
আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা,
মন-হাঁহ খেদি খেদি বন শেষ হ’ল
আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল’লে৷
(বৌদেউ,
আপুনি যে কৈছিলে সেউতীৰ কথা!
মোৰ কথা সেউতীক কৈছিল জানো?)
আঘোণৰ কুঁৱলীত ধাননি লুকালে
আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে
আঘোণৰ কুঁৱলীতে সেউতী হেৰালে
ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল…


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ