শৰীৰৰ যতন— পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী


পাঠভিত্তিক প্ৰশ্নোত্তৰ

১৷ খালী ঠাই পূৰ কৰা
(ক) আহাৰ নাখালে আমি কাম কৰিবলৈ  শক্তি  নাপাওঁ
(খ)  অনাময়  শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে
(গ) নিয়মীয়াকৈ খেলা-ধূলা আৰু  ব্যায়াম  কৰিলে আমাৰ শৰীৰ সবল হয়
(ঘ) সেউজীয়া শাক-পাচলি, ফল-মূল আদিয়ে আমাৰ শৰীৰটোক  বেমাৰৰ  পৰা ৰক্ষা কৰে

২৷ শুদ্ধ বাক্যটোত শুদ্ধ চিন দিয়া
(ক) আহাৰে আমাৰ শৰীৰত শক্তি যোগায়। ✔️
(খ) সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে।✔️
(গ) কাটি থোৱা ফল মূল বহু সময় ৰাখি থৈ খাব লাগে।
(ঘ) আলুৰ চিপছ, শীতল পানীয়, আইচক্ৰীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী।
(ঙ) দূষিত পানীয়ে শৰীৰত বেমাৰৰ সৃষ্টি কৰে। ✔️

৩৷ শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা
(ক) কোনবিধ খোৱা বস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ
সেউজীয়া শাক-পাচলি/ মধুৰিআম/ভাত
উত্তৰ: ভাত
(খ) কি কৰিলে আমাৰ শৰীৰ সবল হয়
শুই থাকিলে/ বহি থাকিলে/ ব্যায়াম কৰিলে 
উত্তৰ: ব্যায়াম কৰিলে
(গ) কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটো ডাঙৰ-দীঘল হোৱাত সহায় কৰে
শিলিখা/আমলখি/গাখীৰ
উত্তৰ: গাখীৰ
(ঘ) কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে
মাংস/ ৰুটী/ কলডিল 
উত্তৰ: কলডিল
৪৷ আহাৰত খোৱা কি কি খাদ্য বস্তুৰ পৰা আমাৰ শৰীৰে শক্তি পায়?
উত্তৰ: আহাৰ হিচাপে খোৱা ভাত, ৰুটী, চিৰা, পিঠা, ঘিউ, মাখন আদিৰ পৰা আমাৰ শৰীৰে শক্তি পায়
৫৷ বিদ্যালয়ৰ বছৰেকীয়া খেল-ধেমালিত তোমালোকে কি কি খেল খেলা লিখা?
উত্তৰ: বিদ্যালয়ৰ বছৰেকীয়া খেল-ধেমালিত আমি দৌৰ, ওখ জাঁপ, দীঘল জাঁপ, সংগীত-চকী, মনোযোগ আকৰ্ষণৰছী টনা আদি খেল খেলোঁ



অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


১৷ আমাৰ শৰীৰটো  ডাঙৰ-দীঘল হোৱাত সহায় কৰা কেইবিধমান খাদ্য-বস্তুৰ নাম লিখা
উত্তৰ: আমাৰ শৰীৰটো ডাঙৰ-দীঘল হোৱাত সহায় কৰা কেইবিধমান খাদ্য-বস্তু হ গাখীৰ, কণী, মাছ-মাংস, উৰহী, ডাইল, মটৰমাহ আদি
২৷ আমাৰ শৰীৰটো বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰা কেইবিধমান খাদ্য-বস্তুৰ নাম লিখা। 
উত্তৰ: আমাৰ শৰীৰটো বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰা কেইবিধমান খাদ্য-বস্তু হ আমলখি, গাজৰ, কলডিলসেউজীয়া শাক-পাচলি, মধুৰিআম, সুমথিৰা, শিলিখা আদি
৩৷ আমাৰ প্ৰধান আহাৰ কি কি?
উত্তৰ: আমাৰ প্ৰধান আহাৰ হ ভাত, ডাইল, ৰুটী, গাখীৰ, কণী, মাছ-মাংস, সেউজীয়া শাক-পাচলি, বতৰৰ ফল-মূল আদি
৪৷ আমি কেনে পানী খোৱা উচিত?
উত্তৰ: আমি পৰিষ্কাৰ আৰু শোধিত পানীহে খোৱা উচিত
৫৷ দূষিত পানী খালে কি হয়?
উত্তৰ: দূষিত পানী খালে আমাৰ বেমাৰ-আজাৰ হয়
৬৷ দূষিত পানী কেনেকৈ খোৱাৰ উপযোগী কৰিব পাৰোঁ?
উত্তৰ: দূষিত পানী খোৱাৰ উপযোগী কৰিবলৈ প্ৰথমে পানীখিনি ছেকি তাত মিহলি হৈ থকা বেয়া বস্তুবোৰ আঁতৰ কৰিব লাগে। তাৰ পাছত উতলাই বীজাণুমুক্ত কৰি খোৱাৰ উপযোগী কৰিব পাৰোঁ
৭৷ মুকলিকৈ ৰখা খাদ্য-বস্তু কিয় খাব নালাগে?
উত্তৰ: মুকলিকৈ ৰখা খাদ্য-বস্তুত ধূলি-বালি, মাখি আদি পৰিব পাৰে। সেয়ে মুকলিকৈ ৰখা খাদ্য-বস্তু খাব নালাগে
৮৷ আমাৰ শৰীৰৰ বাবে অপকাৰী কিছুমান খাদ্য-বস্তুৰ নাম লিখা
উত্তৰ: পেকেটত থকা আলুৰ চিপ্‌ছ, শীতল পানীয়, আইচক্ৰীম আদি জুতি লগা বস্তু আমাৰ শৰীৰৰ বাবে অপকাৰী
৯৷ স্বাস্থ্য ভালে ৰাখিবলৈ আহাৰ খোৱাৰ উপৰি আৰু কি কি নীতি-নিয়ম মানি চলিব লাগে?
উত্তৰ: স্বাস্থ্য ভালে ৰাখিবলৈ  আহাৰ খোৱাৰ উপৰি মানি চলিবলগীয়া আন নীতি-নিয়মবোৰ হ
  ক) ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগতে ভালদৰে দাঁত মজা
  খ) নখ, চুলি চুটিকৈ কটা
  গ) পৰিষ্কাৰ কাপোৰ পিন্ধা
  ঘ) যতে-ততে থু-খেকাৰ নেপেলোৱা
  ঙ) পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰা
  চ) আহাৰ খোৱাৰ আগত আৰু শৌচাগাৰ ব্যৱহাৰ কৰাৰ পাছত ভালদৰে চাবোনেৰে হাত ধোৱা  আদি
১০৷ নিয়মীয়াকৈ খেলা-ধূলা আৰু ব্যায়াম কৰিলে কি হয়?
উত্তৰ: নিয়মীয়াকৈ খেলা-ধূলা আৰু ব্যায়াম কৰিলে শৰীৰত বেছি‍কৈ তেজ চলাচল কৰে আৰু শৰীৰ সবল হয়। শৰীৰৰ আলস্য বা জঠৰতা দূৰ হয়। ফলত আমাৰ শৰীৰটো কাম কৰিবৰ বাবে সতেজ হৈ উঠে
১১৷ আমাৰ শৰীৰটোক জিৰণিৰ কিয় প্ৰয়োজন?
উত্তৰ: শৰীৰটোক সতেজ কৰি ৰাখিবলৈ হ'লে জিৰণি লোৱাটো অতি প্ৰয়োজন। জিৰণি ল'লে শৰীৰৰ প্ৰতিটো অংগ- প্ৰত্যংগই কাম কৰিবৰ বাবে সতেজ হৈ উঠে আৰু আমি নতুনকৈ কাম কৰিবলৈ শক্তি পাওঁ

১২৷ খালী ঠাই পূৰ কৰা
(ক) খোৱা আহাৰ  পৰিষ্কাৰ  হব লাগে
(খ) খোৱা বস্তু ভালদৰে  ঢাকি  ৰাখিব লাগে
(গ) খোৱাৰ আগত ভালকৈ হাত  ধুব  লাগে
(ঘ) ফল-মূল ধুই খাব লাগে
(ঙ) মুকলিকৈ ৰখা খাদ্য খাব  নালাগে


যুগুতালে: বাব্‌লি‍ দেৱীয়ে‍


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ