১। উত্তৰ লিখা—
(ক) ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম লিখা।
উত্তৰ: ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম হৈছে— নেপাল, ভূটান, আৰু চীন, বাংলাদেশ, ম্যানমাৰ, পাকিস্তান আৰু আফগানিস্তান৷ দক্ষিণৰ শেষস্থানৰ কাষতেই শ্ৰীলংকা অৱস্থিত।
(খ) ভাৰতবৰ্ষ প্ৰধান প্ৰাকৃতিক অঞ্চলসমূহৰ নাম লিখা।
উত্তৰ: ভৰতবৰ্ষ প্ৰধান প্ৰাকৃতিক অঞ্চলসমূহৰ নাম হৈছে—
(i) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল।
(ii) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল।
(iii) দক্ষিণৰ মালভূমি অঞ্চল।
(iv) উপকুলীয় অঞ্চল।
(গ) ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম লিখা।
উত্তৰ: ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম হৈছে—
(i) মহানদী
(ii) কৃষ্ণা
(iii) গোদাবাৰী আৰু
(iv) কাবেৰী।
(ঘ) দক্ষিণৰ মালভূমি অঞ্চলৰ চাৰিখন পৰ্বতৰ নাম লিখা।
উত্তৰ: দক্ষিণৰ মালভূমি অঞ্চলৰ চাৰিখন পৰ্বতৰ নাম হৈছে— আৰৱলী, নীলগিৰি, মহাদেৱ আৰু পশ্চিমঘাট।
(ঙ) উপকূল অঞ্চলত থকা ৰাজ্যকেইখনৰ নাম লিখা।
উত্তৰ: উপকূল অঞ্চলত থকা ৰাজ্যকেইখনৰ নাম হৈছে— গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা।
(চ) ভাৰতবৰ্ষৰ কেন্দ্ৰীয়শাসিত অঞ্চলকেইটাৰ নাম লিখা।
উত্তৰ: ভাৰতবৰ্ষৰ কেন্দ্ৰীয়শাসিত অঞ্চলকেইটাৰ নাম হৈছে— দিল্লী, চণ্ডীগড়, পণ্ডিচেৰী, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, লাডাখ, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ, দমন আৰু ডিউ আৰু দাদৰা আৰু নগৰ হাভেলী।
২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।
‘ক’ | ‘খ’ |
---|---|
চিকিম | ৰাঁচী |
তামিলনাডু | মুম্বাই |
হাৰিয়ানা | চেন্নাই |
ঝাড়খণ্ড | গেংটক |
মহাৰাষ্ট্ৰ | চণ্ডীগড় |
উত্তৰ:
‘ক’ | ‘খ’ |
---|---|
চিকিম | গেংটক |
তামিলনাডু | চেন্নাই |
হাৰিয়ানা | চণ্ডীগড় |
ঝাড়খণ্ড | ৰাঁচী |
মহাৰাষ্ট্ৰ | মুম্বাই |
৩। তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা—
(ক) থৰ মৰুভূমি উত্তৰৰ সমভূমি/ উপকূল অঞ্চলত অৱস্থিত।
উত্তৰ: থৰ মৰুভূমি উত্তৰৰ সমভূমি অঞ্চলত অৱস্থিত।
(খ) পাৰ্বত্য অঞ্চলত ধান খেতি/ গোমধানৰ খেতি হয়।
উত্তৰ: পাৰ্বত্য অঞ্চলত ধান খেতি হয়।
(গ) মৰুভূমিত বালি/ পানীৰ অভাৱ।
উত্তৰ: মৰুভূমিত পানীৰ অভাৱ।
(ঘ) গোদাবাৰী/ গংগা দক্ষিণৰ মালভূমি অঞ্চলৰ মাজেদি বৈ যোৱা নৈ।
উত্তৰ: গোদাবাৰী দক্ষিণৰ মালভূমি অঞ্চলৰ মাজেদি বৈ যোৱা নৈ।
(ঙ) মৰুভূমিত জনবসতি পাতল/ ঘন।
উত্তৰ: মৰুভূমিত জনবসতি পাতল।
৪। খালী ঠাই পূৰ কৰা—
(ক) ভাৰতবৰ্ষত ______ খন ৰাজ্য আছে।
উত্তৰ: ভাৰতবৰ্ষত ২৮ খন ৰাজ্য আছে।
(খ) থৰ এখন ______।
উত্তৰ: থৰ এখন মৰুভূমি ।
(গ) পশ্চিমঘাট পৰ্বত ______ অঞ্চলত অৱস্থিত।
উত্তৰ: পশ্চিমঘাট পৰ্বত দক্ষিণৰ মালভূমি অঞ্চলত অৱস্থিত।
(ঘ) ______ পৰ্বতমালাই ভাৰতৰ পশ্চিম, উত্তৰ আৰু পূব দিশক আগুৰি আছে।
উত্তৰ: হিমালয় পৰ্বতমালাই ভাৰতৰ পশ্চিম, উত্তৰ আৰু পূব দিশক আগুৰি আছে।
(ঙ) ভাৰতৰ ৰাজধানী ______।
উত্তৰ: ভাৰতৰ ৰাজধানী নতুন দিল্লী ।
৫। ভাৰত নামটো উতপত্তিৰ বিষয়ে লিখা।
উত্তৰ: প্ৰাচীন কালত ভৰত নামৰ এজন বৰ প্ৰতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰত বা ভাৰতবৰ্ষ হয় বুলি পণ্ডিতসকলে কয়। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা সিন্ধু নৈ, যাক ‘লেটিন’ ভাষাত ‘ইন্দাজ’ বুলি কোৱা হয়, সেই ‘ইন্দাজ’ শব্দৰ পৰাই ইংৰাজীত ‘ইণ্ডিয়া’ হয় বুলি কোনো কোনোৱে কয়।
৬। ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বূজা?
উত্তৰ: জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয়, সেয়েই হৈছে ৰাষ্ট্ৰীয় সংহতি। শান্তি-সম্প্ৰীতি আৰু একতা থাকিলেহে দেশৰ প্ৰগতি সম্ভৱ হয়। সংহতি হৈছে ৰাষ্ট্ৰখনৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ মূল চাবিকাঠি।
৭। মালভূমি অঞ্চলত কি কি খেতি কৰা হয়?
উত্তৰ: মাতভূমি অঞ্চলত কপাহ, কুঁহিয়াৰ, যৱ ধানৰ খেতি কৰা হয়।