আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠান— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলনী

১৷ উত্তৰ লিখা।

(ক) ডাকঘৰৰ চিঠি-পত্ৰ বিলোৱা মানুহজনক কি বোলে?

উত্তৰ: ডাকঘৰৰ চিঠি-পত্ৰ বিলোৱা মানুহজনক ডাকোৱাল বা প'ষ্টমেন বোলে।

(খ) ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়?

উত্তৰ: ৰোগীবিলাকক চিকিৎসালয়ত চিকিৎসা কৰা হয়।

(গ) চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে?

উত্তৰ: চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ, নাৰ্চ আদি থাকে।

(ঘ) ডাকঘৰত থকা আধুনিক যোগাযোগ ব্যৱস্থাৰ নাম লিখা।

উত্তৰ: ডাকঘৰত থকা আধুনিক যোগাযোগ ব্যৱস্থাসমূহ হৈছে— টেলিগ্ৰাম, টেলিফ’ন, ফেক্স আদি।

২) খালী ঠাই পূৰ কৰা—

ক)            যোগে চিঠি-পত্ৰ অনা-নিয়া কৰা হয়৷

খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে            আছে৷

গ)            ৰ লোকে দেশৰ শান্তি‍-শৃঙ্খলা ৰক্ষা কৰে৷

ঘ)            ৰ পৰা কিতাপ পঢ়াটো ভাল অভ্যাস৷

ঙ) ধৰ্মীয় অনুষ্ঠানবোৰত ধৰ্মীয় কাম-কাজ আৰু            উৎসৱ পালন কৰা হয়৷

৩) তলত দিয়া বাক্যবোৰ ভালদৰে পঢ়া৷ তোমাৰ বিদ্যালয়ৰ লগত যি কথা খাটে, সেইটো শব্দ ‘✔’ চিন দিয়া—

ক) বিদ্যালয়ত জাবৰ-জোঁথৰ, ফটা কাগজ আদি পেলোৱা ঠাই নিৰ্দিষ্ট কৰি দিয়া আছে/ নাই৷

খ) শৌচ-প্ৰস্ৰাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ আছে/ নাই৷

গ) খোৱাপানীৰ সুব্যৱস্থা আছে/ নাই৷

ঘ) বিদ্যালয়ৰ ঘৰটো ৰ’দঘাই/ জেকা৷

ঙ) পানী ওলাই যাবৰ বাবে নলা-নৰ্দমাৰ ব্যৱস্থা আছে/ নাই৷

৪) তলত দিয়া কামবোৰ কোনবোৰ অনুষ্ঠানৰ যোগেদি কৰা হয় লিখা—

ক) চিঠি-পত্ৰ আদান-প্ৰদান কৰা অনুষ্ঠান

খ) কিতাপ, আলোচনী আদি পঢ়িবৰ কাৰণে থকা অনুষ্ঠান

গ) আইন-শৃংখলা ৰক্ষা কৰা অনুষ্ঠান

ঘ) সমূহীয়াভাৱে নামাজ পঢ়া অনুষ্ঠান

৫) ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা—

‘ক’ ‘খ’
চিকিৎসালয় শিক্ষক-শিক্ষয়িত্ৰী
ডাকঘৰ ডাক্তৰ
মছজিদ পূজাৰী
আৰক্ষী চকী পোষ্টমাষ্টৰ
মন্দিৰ মৌলবী
বিদ্যালয় আৰক্ষী বা পুলিচ

উত্তৰ:




অন্যান্য প্ৰয়োজনীয় প্ৰশ্নোত্তৰী

১৷ কেইটামান ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম লিখা।

উত্তৰ: কেইটামান ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম হৈছে—  বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, ডাকঘৰ, বেঙ্ক, চিনেমা হল আদি।

২৷ ডাকঘৰৰ যোগেদি কি কি কাম কৰা হয়?

উত্তৰ: ডাকঘৰৰ যোগেদি চিঠি-পত্ৰ, টকা-পইছা আদি আদান-প্ৰদান কৰা হয়। তদুপৰি ডাকঘৰত টকা জমাও ৰাখিব পাৰি।

৩৷ ডাকঘৰৰ সকলো কাম চোৱা-চিতা কৰা মানুহজনক কি বোলে?

উত্তৰ: ডাকঘৰৰ সকলো কাম চোৱা-চিতা কৰা মানুহজনক প'ষ্টমাষ্টৰ বোলে।

৪৷ পশু-পক্ষীৰ চিকিৎসা ক’ত কৰা হয়?

উত্তৰ: পশু-পক্ষীৰ চিকিৎসা পশু চিকিৎসালয়ত কৰা হয়।

৫৷ তোমালোকৰ ঘৰৰ ওচৰত থকা আৰক্ষী চকীটোৰ নাম কি?

উত্তৰ: আমাৰ ঘৰৰ ওচৰত থকা আৰক্ষী চকীটোৰ নাম ‘ছিপাঝাৰ আৰক্ষী চকী’।

৬৷ আৰক্ষীৰ লোকে কি কি কাম কৰে?

উত্তৰ: আৰক্ষীৰ লোকে সমাজত শান্তি-শৃংখলা বজাই ৰখাত সহায় কৰে, আলিবাটত যান-বাহন নিয়ন্ত্ৰণত সহায় কৰে আৰু সমাজৰ অপকাৰ হোৱা কাম-কাজত বাধা দিয়ে।

৭৷ পাঁচটা ধৰ্মীয় অনুষ্ঠানৰ নাম লিখা।

উত্তৰ: পাঁচটা ধৰ্মীয় অনুষ্ঠানৰ নাম হ’ল— নামঘৰ, মন্দিৰ, দৰগাহ, গীৰ্জা আৰু সত্ৰ।

৮৷ পুথিভঁৰালত কি কৰা হয়?

উত্তৰ: পুথিভঁৰালত বহুতো কিতাপ থাকে৷ তাৰ পৰা কিতাপ আনি আমি পঢ়িব পাৰোঁ। তাৰ বাবে কিছুমান নিয়ম মানি চলিব লাগে। কিছুমান পুথিভঁৰালত পঢ়াৰো সুবিধা থাকে। 

ঌ। পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়িলে আমাৰ কি লাভ হয়?

উত্তৰ: পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়িলে আমি বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিব পাৰোঁ।

১০৷ তোমালোকৰ বিদ্যালয়খনৰ নাম কি? বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ নাম লিখা।

উত্তৰ: আমাৰ বিদ্যালয়খনৰ নাম ‘মুছলিমঘোপা বালিকা প্ৰাথমিক বিদ্যালয়’। বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ নাম ম. গোলাম মহীউদ্দিন জিলানী।

১১৷ বিদ্যালয়ৰ কি কি কামত ৰাইজে সহায় কৰিব পাৰে?

উত্তৰ: বিদ্যালয়ৰ উন্নয়নৰ কাম, যেনে— ঘৰ-দুৱাৰ মেৰামতি কৰা, চৌহদত বেৰ দিয়া, খোৱা পানীৰ ব্যৱস্থা কৰা, শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা আদি কামত ৰাইজে সহায় কৰিব পাৰে। 

১২৷ বিদ্যালয়ত লিখা-পঢ়াৰ বাহিৰেও তোমালোকে আন কি কি কাম কৰা?

উত্তৰ: বিদ্যালয়ত আমি লিখা-পঢ়াৰ বাহিৰেও নাচ-গান, খেলা-ধূলা, কবিতা আবৃত্তি, তৰ্ক প্ৰতিযোগিতা আদি কৰোঁ।

১৩৷ বিদ্যালয়খন পৰিষ্কাৰকৈ ৰাখিবৰ বাবে তোমালোকে কি কি কৰা?

উত্তৰ: বিদ্যালয়খন পৰিষ্কাৰকৈ ৰাখিবৰ বাবে আমি প্ৰতিদিনে পুৱা চাফাই কৰোঁ। মাজে মাজে চৌহদ পৰিষ্কাৰ কৰা হয়।

১৪৷ তোমালোকৰ বিদ্যালয়লৈ অভিভাৱকসকল মাজে মাজে আহেনে? যদি আহে, কিয়?

উত্তৰ: আমাৰ বিদ্যালয়লৈ অভিভাৱকসকল মাজে মাজে আহে। ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা আৰু আন আন দিশত কিমানখিনি  আগবাঢ়িছে সেই বিষয়ে জানিবলৈ অভিভাৱকসকল বিদ্যালয়লৈ আহে।

১৫৷ বিদ্যালয়ৰ চৌহদত কি কি গছ আছে? এই গছৰ পৰা কি কি সহায় পাইছা?

উত্তৰ: আমাৰ বিদ্যালয়ৰ চৌহদত আম, শিলিখা, জামু, আমলখি, মধুৰিআম, কৃষ্ণচূড়া, দেৱদাৰু আদি গছৰ লগতে বিভিন্ন ফুলৰ গছ আছে।

এই গছবোৰৰ ফল আমি খাওঁ। প্ৰাতঃসভা আৰু জিৰণিৰ সময়ছোৱাত আমি গছবোৰৰ ছাঁত ৰ’ব পাৰোঁ। বিভিন্ন উৎসৱসমূহত ফুলনিত ফুলি থকা ফুলবোৰ ব্যৱহাৰ কৰা হয়।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ