বংগ বিভাজন আৰু স্বদেশী আন্দোলন— সমাজ বি‍জ্ঞান (X), অতি চমু প্ৰশ্নোত্তৰ


অতি চমু উত্তৰ দিয়া:

১। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
উত্তৰ: ভাইচ্‌ৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল৷
২। ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন বংগ বিভাজন সংঘটিত হৈছিল?
উত্তৰ: ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ বিভাজন বংগ বিভাজন সংঘটিত হৈছিল৷
৩। বিদেশী পণ্য বৰ্জনৰ প্রস্তাৱ কোনখন সভাত গ্রহণ কৰা হৈছিল?
উত্তৰ: ১৯০৫ চনৰ ২০ জুলাই তাৰিখে দিনাজপুৰৰ মহাৰজাৰ পৌৰোহিত্যত দিনাজপুৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত বিদেশী পণ্য বৰ্জনৰ প্রস্তাৱ গ্ৰহণ কৰা হৈছিল।
৪। স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
উত্তৰ: স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল ভূপেন্দ্ৰনাথ দত্তই।
৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
উত্তৰ: বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো গঠন হৈছিল ১৯০৬ চনৰ ১১ মাৰ্চত।
৬। ‘বেংগল কেমিকেল্‌ছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?
উত্তৰ: ‘বেংগল কেমিকেল্‌ছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্রফুল্ল চন্দ্ৰ ৰায়।
৭। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱে‍শনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
উত্তৰ: দাদাভাই নৌৰজীৰ পোৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱে‍শনে ‍ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্রস্তাৱ গ্ৰহণ কৰা হৈছিল।
৮। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল?
উত্তৰ: বংগদেশৰ একত্ৰীকৰণ ১৯১১ চনৰ ১২ ডিচেম্বৰত হৈছিল।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ