বংগ বিভাজন আৰু স্বদেশী আন্দোলন— সমাজ বি‍জ্ঞান (X), অতি চমু প্ৰশ্নোত্তৰ


সমাজ বি‍জ্ঞান দশম শ্ৰেণী

A. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(a) ব্ৰিটিছ ভাইচ্‌ৰয় লৰ্ড কাৰ্জনে বংগদেশক দুভাগত ভাগ কৰা দিনটো আছিল—
   (i) ১৯২১ চনৰ ১৫ আগষ্ট
   (ii) ১৯০৫ চনৰ ১৬ অক্টোবৰ
   (iii) ১৯০৫ চনৰ ২০ জুলাই
   (iv) ১৯০৯ চনৰ ২৬ জানুৱাৰী
উত্তৰ: ১৯০৫ চনৰ ১৬ অক্টোবৰ
(b) নৱগঠিত প্রদেশ পূৰ্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা আছিল—
   (i) ৭১ নিযুত 
   (ii) ৫০ নিয়ুত
   (iii) ৩১ নিযুত  
   (iv) ২৬ নিযুত
উত্তৰ: ৩১ নিযুত
(c) কলিকতা টাউন হলত বিশাল জনসভা অনুষ্ঠিত কৰি বংগ ভংগবিৰোধী আন্দোলনৰ সূচনা কৰা দিনটো আছিল—
   (i) ১৮৯৭ চনৰ ৩১ জুলাই 
   (ii) ১৯০৫ চনৰ  আগষ্ট
   (iii) ১৯১৭ চনৰ  অক্টোবৰ
   (iv) ওপৰৰ এটাও নহয়
উত্তৰ: ১৯০৫ চনৰ  আগষ্ট
(d) ‘বংগলক্ষ্মী কটন মিল’ গঢ়ি উঠিছিল—
   (i) গুৱাহাটীত 
   (ii) শিলিগুৰি
   (iii) পাটনাত 
   (iv) কলিকতাত
উত্তৰ: কলিকতাত৷
(e) ‘বেংগল কেমিকেল্‌ছ’ স্থাপন কৰা ব্যক্তিজন আছিল—
   (i) আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়
   (ii) বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ
   (iii) সুৰেন্দ্ৰনাথ বেনাৰ্জী
   (iv) অৰবিন্দ ঘোষ
উত্তৰ: আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়
(f) ১৯০৬ চনৰ ১১ মাৰ্চত ‘জাতীয় শিক্ষা পৰিষদ’ গঠন হৈছিল—
   (i) দিল্লীত 
   (ii) বোম্বাইত 
   (iii) মাদ্ৰাজত  
   (iv) কলিকতাত
উত্তৰ: কলিকতাত
(g) ১৯০৫ চনত বেনাৰসত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত সভাপতিত্ব কৰিছিল—
   (i) মহাত্মা গান্ধীয়ে 
   (ii) জৱাহৰলাল নেহৰুৱে
   (iii) বাল গঙ্গাধৰ তিলকে
   (iv) গোপাল কৃষ্ণ গোখলেই
উত্তৰ: গোপাল কৃষ্ণ গোখলেই৷
(h) বাল গঙ্গাধৰ তিলক আছিল—
   (i) মহাৰাষ্ট্ৰৰ 
   (ii) পঞ্জা
   (iii) বিহাৰৰ 
   (iv) অসমৰ 
উত্তৰ: মহাৰাষ্ট্ৰৰ৷
(i) ক্ষুদিৰাম বসুক ফাঁচী দিছিল—
   (i) ১৯০২ চনত 
   (ii) ১৯০৫ চনত
   (ii) ১৯০৮ চনত  
   (iv) ১৯১২ চনত
উত্তৰ: ১৯০৮ চনত
(j) ‘সৰ্বভাৰতীয় মুছলিম লীগ’-ৰ জন্ম হৈছিল—
   (i) ১৮৯৭ চনত 
   (ii) ১৯০৬ চনত
   (iii) ১৯২১ চনত 
   (iv) ১৯৪২ চনত
উত্তৰ: ১৯০৬ চনত

B. চমু উত্তৰ দিয়া:

১) কোনজন ভাইচ্‌ৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল?
উত্তৰ: ভাইচ্‌ৰয়ৰ লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল৷
২) ভাইচ্‌ৰয় লৰ্ড নেথানিয়েল কাৰ্জনে কেতিয়াৰ পৰা কেতিয়ালৈকে শাসন কৰিছিল?
উত্তৰ: ভাইচ্‌ৰয় লৰ্ড নেথানিয়েল কাৰ্জনে ১৮৯৯ চনৰ পৰা ১৯০৫ চনলৈকে শাসন কৰিছিল৷
৩) চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ: চিপাহী বিদ্ৰোহ ১৮৫৭ চনত হৈছিল৷
৪) ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো উল্লেখনীয়া ঘটনা কি?
উত্তৰ: ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো উল্লেখনীয়া ঘটনা হ’ল— ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ৷
৫) ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয়া ঘটনা কি?
উত্তৰ: ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয়া ঘটনা হ’ল— ১৯০৫ চনৰ বংগ বিভাজন৷
৬) বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা প্ৰদেশ দুখনৰ নাম কি কি?
উত্তৰ: বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা প্ৰদেশ দুখনৰ নাম হ’ল—
(ক) পূৰ্ব বংগ আৰু অসম প্ৰদেশ, (খ) বংগ প্ৰদেশ
৭) ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় তথা জাতীয়তাবাদী সংগ্ৰাম বুলি কোনটো আন্দোলনক কোৱা হয়?
উত্তৰ: ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় তথা জাতীয়তাবাদী সংগ্ৰাম হ’ল— বংগ ভংগবিৰোধী আন্দোলন৷
৮) কোন চনত ইংলেণ্ডৰ চৰকাৰে ‘নিয়ন্ত্ৰণকাৰী আইন’ (Regulating Act) প্ৰৱৰ্তন কৰে?
উত্তৰ: ১৭৭৩ চনত ইংলেণ্ডৰ চৰকাৰে ‘নিয়ন্ত্ৰণকাৰী আইন’ (Regulating Act) প্ৰৱৰ্তন কৰে৷
৯) ৰেগুলেটিং এক্টৰ জৰিয়তে বংগ প্ৰেচিডেন্সিৰ গৱৰ্নৰ পদটো কি পদলৈ উন্নীত কৰা হৈছিল?
উত্তৰ: ৰেগুলেটিং এক্টৰ জৰিয়তে বংগ প্ৰেচিডেন্সিৰ গৱৰ্নৰ পদটো ‘গৱৰ্নৰ জেনেৰেল‍’ পদলৈ উন্নীত কৰা হৈছিল৷
১০) ৰেগুলেটিং এক্টৰ প্ৰৱৰ্তনৰ জৰিয়তে মুম্বাই আৰু মাদ্ৰাজৰ গৱৰ্নৰ দুগৰাকীক কাৰ তলতীয়া কৰা হৈছিল?
উত্তৰ: ৰেগুলেটিং এক্টৰ প্ৰৱৰ্তনৰ জৰিয়তে মুম্বাই আৰু মাদ্ৰাজৰ গৱৰ্নৰ দুগৰাকীক ফ’ৰ্ট ৱিলিয়ামৰ গৱৰ্নৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল৷
১১) বংগ বিভাজনৰ বিষয়টোৱে কেতিয়াৰ পৰা ব্ৰিটিছ প্ৰশাসকসকলৰ মনত ঠাই পাইছিল?
উত্তৰ: চিপাহী বিদ্ৰোহৰ পাছৰ পৰা বংগ বিভাজনৰ বিষয়টোৱে পৰা ব্ৰিটিছ প্ৰশাসকসকলৰ মনত ঠাই পাইছিল৷
১২) ‘অসম’ নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ‘অসম’ নামৰ প্ৰদেশখন ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰিত গঠন কৰা হৈছিল৷
১৩) বংগ বিভাজনৰ প্ৰথম পদক্ষেপ বুলি কোনটো পদক্ষেপক কোৱা হয়?
উত্তৰ: ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰিত ‘অসম’ নামৰ প্ৰদেশখন গঠন কৰা ঘটনাটোকেই বংগ বিভাজনৰ প্ৰথম পদক্ষেপ কোৱা হয় ৷
১৪) কোনকেইটা এলেকা সংলগ্ন কৰি ১৮৪৭ চনত ‘অসম’ নামৰ প্ৰদেশখন গঠন কৰা হৈছিল?
উত্তৰ: ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছখন জিলাৰ সৈতে খাছীয়া-জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি ‍১৮৪৭ চনত ‘অসম’ নামৰ প্ৰদেশখন গঠন কৰা হৈছিল৷
১৫) ১৮৪৭ চনত গঠিত ‘অসম’ প্ৰদেশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনকেইখন জিলা সংলগ্ন কৰা হৈছিল?
উত্তৰ: ১৮৪৭ চনত গঠিত ‘অসম’ প্ৰদেশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছখন জিলা, ক্ৰমে‍ গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ আৰু লক্ষীমপুৰক সংলগ্ন কৰা হৈছিল৷
১৬) ১৮৪৭ চনত গঠিত ‘অসম’ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি কিমান আছিল?
উত্তৰ: ১৮৪৭ চনত গঠিত ‘অসম’ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল ৫৪,১০০ বৰ্গমাইল৷
১৭) ১৮৪৭ চনত গঠিত ‘অসম’ প্ৰদেশৰ সৰ্বমুঠ জনসংখ্যা কিমান আছিল?
উত্তৰ: ১৮৪৭ চনত গঠিত ‘অসম’ প্ৰদেশৰ সৰ্বমুঠ জনসংখ্যা আছিল ৪১,৫০,০০০৷
১৮) ১৮৪৭ চনত গঠিত ‘অসম’ প্ৰদেশৰ প্ৰশাসনিক দায়িত্ব গ্ৰহণ কৰা প্ৰথমজন মুখ‍্য আয়ুক্ত কোন আছিল?
উত্তৰ: ১৮৪৭ চনত গঠিত ‘অসম’ প্ৰদেশৰ প্ৰশাসনিক দায়িত্ব গ্ৰহণ কৰা প্ৰথমজন মুখ‍্য আয়ুক্ত আছিল আৰ.এইছ. কীটিংছ্৷
১৯) বংগ বিভাজনৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনক সহায় কৰা ইংৰাজ বিষয়া দুগৰাকীৰ নাম লিখা৷
উত্তৰ: বংগ বিভাজনৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনক সহায় কৰা ইংৰাজ বিষয়া দুগৰাকীৰ নাম হ’ল— এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন ব্যামফি‍ল্ড্ ফুলাৰ৷
২০) এলাহাবাদ সন্ধি কেতিয়া হৈছিল?
উত্তৰ: এলাহাবাদ সন্ধি ১৭৬৫ খ্ৰীষ্টাব্দত হৈছিল৷
২১) এলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিল?
উত্তৰ: এলাহাবাদ সন্ধি মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত হৈছিল৷
২২) এলাহাবাদ সন্ধিৰ জৰিয়তে বংগ প্ৰদেশৰ অন্তৰ্ভুক্ত হোৱা অঞ্চলকেইটা কি কি?
উত্তৰ: এলাহাবাদ সন্ধিৰ জৰিয়তে বংগ প্ৰদেশৰ অন্তৰ্ভুক্ত হোৱা অঞ্চলকেইটা হ’ল—বংগ, বিহাৰ আৰু উৰিষ্যা৷
২৩) ব্ৰিটিছৰ শাসনকালত প্ৰেচিডেন্সিৰ জৰিয়তে কি বুজোৱা হৈছিল?
উত্তৰ: ব্ৰিটিছৰ শাসনকালত এক‍োজন প্ৰেচিডেণ্টৰ তলতীয়া শাসনযন্ত্ৰটোক প্ৰেচিডেন্সি বুলি কোৱা হৈছিল৷
২৪) ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ঘাই শাসনকেন্দ্ৰলৈ পৰিণত হোৱা ঠাইকেইখন কি কি?
উত্তৰ: ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ঘাই শাসনকেন্দ্ৰলৈ পৰিণত হোৱা ঠাইকেইখন হ’ল— কলিকতা, মাদ্ৰাজ আৰু বোম্বাই৷
২৫) কোনজন ভাইচ্‌ৰয়ে প্ৰথমে ইংলেণ্ড চৰকাৰৰ ওচৰত বংগদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল?
উত্তৰ: ভাইচ্‌ৰয় লৰ্ড নৰ্থব্ৰুকে প্ৰথমবাৰৰ বাবে‍ ইংলেণ্ড চৰকাৰৰ ওচৰত বংগদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল৷
২৬) য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰ: য়াণ্ডাবু সন্ধি ১৮২৬ চনত হৈছিল৷
২৭) অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল?
উত্তৰ: অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা আছিল—৭ কোটি ৮০ লাখ৷
২৮) এণ্ড্ৰু ফ্ৰেজাৰে লৰ্জ কাৰ্জনক মধ‍্য প্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমা পৰিৱৰ্তনৰ সম্পৰ্কত কি প্ৰস্তাৱ দিছিল?
উত্তৰ: এণ্ড্ৰু ফ্ৰেজাৰে ১৯০১ চনত ৭ কোটি ৮০ লাখ বৰ্ধিত জনসংখ্যাৰ বিষয়টো উল্লেখ কৰি সম্বলপুৰ আৰু উৰি‍ষ্যাক বংগ প্ৰদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্য প্ৰদেশৰ লগত চামিল কৰাৰ প্ৰস্তাৱ লৰ্ড কাৰ্জনক দিছিল, যাতে বংগদেশৰ ভোগিলিক সীমাৰ পৰিৱৰ্তন হয়৷
২৯) জন ব্যামফিল্ড্ ফুলাৰে লৰ্জ কাৰ্জনক অসমৰ ভৌগোলিক সীমা পৰিৱৰ্তনৰ সম্পৰ্কত কি প্ৰস্তাৱ দিছিল?
উত্তৰ: জন ব‍্যামফিল্ড্ ফুলাৰে চাহ ব্যৱসায় সম্প্ৰসাৰৰ স্বাৰ্থত লৰ্ড কাৰ্জনক অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিল৷ 
৩০) কিমান চনত এণ্ড্ৰু ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফ্‌টেনেণ্ট গৱৰ্নৰ পদত অধিষ্ঠিত হৈছিল?
উত্তৰ: ১৯০৩ চনত এণ্ড্ৰু ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফ্‌টেনেণ্ট গৱৰ্নৰ পদত অধিষ্ঠিত হৈছিল৷
৩১) বংগ বিভাজনৰ আঁচনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এণ্ড্ৰু ফ্ৰেজাৰে কাৰ পৰামৰ্শৰ সামান্য ৰদ-বদল কৰিছিল?
উত্তৰ: বংগ বিভাজনৰ আঁচনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এণ্ড্ৰু ফ্ৰেজাৰে পূৰ্বতে ৱিলিয়াম ই ৱাৰ্ডে আগবঢে়াৱা পৰামৰ্শৰ সামান্য ৰদ-বদল কৰিছিল৷
৩২) ৰিজলি পেপাৰ কি?
উত্তৰ: বংগ বিভাজনৰ প্ৰস্তাৱটো ইংলেণ্ডৰ চপকাৰে গ্ৰহণ কৰাৰ পাছত ইয়াক ‘আঞ্চলিক পূনৰ্গঠন সম্পৰ্কীয় টোকা’ হিচাপে বিবেচনা কৰা হৈছিল৷ এই প্ৰস্তাৱটো ভাৰত সচিব হাবাৰ্ট ৰিজলিয়ে ১৯০৩ চনৰ ৬ ডিচেম্বৰত প্ৰকাশ কৰাৰ পাছত ই ‘ৰিজ্‌লি পেপাৰ’ নামেৰে জনাজাত হৈছিল৷ ‍
৩৩) বংগ ভংগ নামেৰে কোনটো ঐতিহাসিক পৰিঘটনাক জনা যায়?
উত্তৰ: বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰা ঐতিহাসিক পৰিঘটনাটোকে বংগ ভংগ নামেৰে জনা যায়৷
৩৪) বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ ৰাজধানী ক’ত আছিল?
উত্তৰ: বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ ৰাজধানী আছিল ঢাকাত৷
৩৫) বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ মুঠ জনসংখ্যা কিমান আছিল?
উত্তৰ: বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ মুঠ জনসংখ্যা আছিল— ৩,১০,০০,০০০৷
৩৬) বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা ‘বংগ’ প্ৰদেশৰ ৰাজধানী ক’ত আছিল?
উত্তৰ: বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা ‘বংগ’ প্ৰদেশৰ ৰাজধানী আছিল কলিকতাত৷
৩৭) বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা ‘বংগ’ প্ৰদেশৰ সৰ্বমুঠ জনসংখ্যা কমিান আছিল?
উত্তৰ: বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা ‘বংগ’ প্ৰদেশৰ সৰ্বমুঠ জনসংখ্যা আছিল— ৫,৪০,০০,০০০৷
৩৮) ‘‘ঐক্যবদ্ধ বংগ এক বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণে বৃহৎ বংগশক্তিক ভাঙি-ছিঙি চূৰমাৰ কৰিব’’— কোনে কালৈ এনেদৰে লিখিছিল?‍
উত্তৰ: ‘‘ঐক্যবদ্ধ বংগ এক বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণে বৃহৎ বংগশক্তিক ভাঙি-ছিঙি চূৰমাৰ কৰিব’’— ভাৰত সচিব হাবাৰ্ট ৰিজ্‌লিয়ে লৰ্ড কাৰ্জনলৈ এনেদৰে লিখিছিল?৷
৩৯) বংগ ভংগবিৰোধী আন্দোলনক কিয় স্বদেশী আন্দোলন বুলি কোৱা হয়?
উত্তৰ: বংগ ভংগৰ পৰিণতি হিচাপে জনসাধাৰণে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু কাৰ্যকৰীও কৰিছিল৷ সেইবাবে বংগ ভংগবিৰোধী আন্দোলনটোক স্বদেশী আন্দোলন বুলিও কোৱা হয়৷
৪০) ‘সঞ্জীবনী’ পত্ৰিকাৰ সম্পাদক কোন আছিল?
উত্তৰ: ‘সঞ্জীবনী’ পত্ৰিকাৰ সম্পাদক আছিল কৃষ্ণকুমাৰ মিত্ৰ৷
৪১) বংগদেশৰ জনতাৰ মাজত আলোড়ন সৃষ্টি কৰা, সঞ্জীবনী পত্ৰিকাত প্ৰকাশিত নিবন্ধটোৰ নাম কি আছিল?
উত্তৰ: বংগদেশৰ জনতাৰ মাজত আলোড়ন সৃষ্টি কৰা, সঞ্জীবনী পত্ৰিকাত প্ৰকাশিত নিবন্ধটোৰ নাম আছিল ‘বংগৰ সৰ্বনাশ’৷
৪২) কৃষ্ণকুমাৰ মিত্ৰই সম্পাদনা কৰা পত্ৰিকাখনৰ নাম কি আছিল?
উত্তৰ: কৃষ্ণকুমাৰ মিত্ৰই সম্পাদনা কৰা পত্ৰিকাখনৰ নাম আছিল— ‘সঞ্জীবনী’৷
৪৩) বংগ বিভাজনৰ বিৰোধিতা কৰা প্ৰথমখন প্ৰতিবাদী সভা কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: বংগ বিভাজনৰ বিৰোধিতা কৰা প্ৰথমখন প্ৰতিবাদী সভা ১৯০৫ চনৰ ১৪ জুলাইৰ দিনা খুলনাত (বাগেৰবাৰীত) অনুষ্ঠিত হৈছিল৷
৪৪) কেতিয়া বংগ দ্বিখণ্ডিতকৰণৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল?
উত্তৰ: ১৯০৩ চনৰ ৬ ডিচেম্বৰৰ দিনা বংগ দ্বিখণ্ডিতকৰণৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল৷
৪৫) বংগ ভংগৰ পৰিকল্পনাটো কেতিয়া চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছিল?
উত্তৰ: বংগ ভংগৰ পৰিকল্পনাটো ১৯০৫ চনৰ ১৯ জুলাইত চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছিল৷
৪৬) দিনাজপুৰৰ বিশাল প্ৰতিবাদী সভা কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৯০৫ চনৰ ২০ জুলাইৰ দিনা দিনাজপুৰৰ বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল৷
৪৭) দিনাজপুৰৰ বিশাল প্ৰতিবাদী সভাত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰ: দিনাজপুৰৰ বিশাল প্ৰতিবাদী সভাত দিনাজপুৰৰ মহাৰাজা মণীন্দ্ৰচন্দ্ৰ নন্দীয়ে‍ সভাপতিত্ব কৰিছিল৷
৪৮) ৰিপন কলেজৰ বৰ্তমান নাম কি?
উত্তৰ: ৰিপন কলেজৰ বৰ্তমান নাম— সুৰেন্দ্ৰনাথ কলেজ৷
৪৯) কলিকতাৰ কাছিম বজাৰৰ টাউন হলৰ বিশাল জনসভা কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৯০৫ চনৰ ৭ আগষ্টৰ দিনা কলিকতাৰ কাছিম বজাৰৰ টাউন হলৰ বিশাল জনসভা অনুষ্ঠিত হৈছিল৷
৫০) কলিকতাৰ কাছিম বজাৰৰ টাউন হলৰ বিশাল জনসভাত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰ: কলিকতাৰ কাছিম বজাৰৰ টাউন হলৰ বিশাল জনসভাত মহাৰাজা মণীন্দ্ৰচন্দ্ৰ নন্দীয়ে সভাপতিত্ব কৰিছিল৷
৫১) কলিকতাৰ কাছিম বজাৰৰ টাউন হলৰ বিশাল জনসভাত কি কি সিদ্ধান্ত লোৱা হৈ‍ছিল?
উত্তৰ: কলিকতাৰ কাছিম বজাৰৰ টাউন হলৰ বিশাল জনসভাত সৰ্বসন্মতিক্ৰমে বিদেশী পণ্য বৰ্জনৰ সিদ্ধান্ত লোৱা হৈ‍ছিল৷
৫২) ‘‘হে বংগ জননী, স্বৰ্ণ প্ৰসবিনী শিখেছি সবাই কৰিতে ভাবনা বিলাতি পোশাকে আৰ সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিব’’— গীতটি কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘‘হে বংগ জননী, স্বৰ্ণ প্ৰসবিনী শিখেছি সবাই কৰিতে ভাবনা বিলাতি পোশাকে আৰ সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিব’’— গীতটি মুকুন্দ দাসে‍ ৰচনা কৰিছিল৷
৫৩) ‘ছাত্ৰ সংসদ’ কেতিয়া গঠন হৈছিল?
উত্তৰ: ১৯০৫ চনৰ ৭ আগষ্টৰ দিনা ‘ছাত্ৰ সংসদ’ গঠন হৈছিল৷
৫৪) কাৰ নেতৃত্বত ‘ছাত্ৰ সংসদ’ গঠন হৈছিল?
উত্তৰ: সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ‘ছাত্ৰ সংসদ’ গঠন হৈছিল৷
৫৫) উত্তৰ কলিকতাৰ ৰাজাবজাৰত বিশাল জনসভা কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৯০৫ চনৰ ২৩ ছেপ্টেম্বৰৰ দিনা উত্তৰ কলিকতাৰ ৰাজাবজাৰত বিশাল জনসভা অনুষ্ঠিত হৈছিল৷
৫৬) উত্তৰ কলিকতাৰ ৰাজাবজাৰৰ বিশাল জনসভাত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰ: উত্তৰ কলিকতাৰ ৰাজাবজাৰৰ বিশাল জনসভাত আব্দুল ৰছুলে‍ সভাপতিত্ব কৰিছিল৷
৫৭) বংগবাসীয়ে কেতিয়া ‘জাতীয় শোক দিৱস’ পালন কৰিছিল?
উত্তৰ: বংগ ভংগ কাৰ্যকৰী হোৱাৰ দিনা (১৯০৫ চনৰ ১৬ অক্টোবৰ) বংগবাসীয়ে ‘জাতীয় শোক দিৱস’ পালন কৰিছিল৷
৫৮) কাৰ আহ্বানক্ৰমে কলিকতাৰ জনতাই বংগ ভংগৰ প্ৰতিবাদত ৰাখীবন্ধন কাৰ্যসূচী পালন কৰিছিল?
উত্তৰ: ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বানক্ৰমে কলিকতাৰ জনতাই বংগ ভংগৰ প্ৰতিবাদত ৰাখীবন্ধন কাৰ্যসূচী পালন কৰিছিল৷
৫৯) ‘‘বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক হে ভগবান’’ গীতটি কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘‘বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক হে ভগবান’’ গীতটি ৰবীন্দ্ৰনাথ ঠাকুৰে‍ ৰচনা কৰিছিল৷
৬০) ‘‘বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক হে ভগবান’’ গীতটিক কি বিশেষ নামেৰে জনা যায়?
উত্তৰ: ‘‘বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক হে ভগবান’’ গীতটিক ‘ৰাখী সংগীত’ নামেৰে জনা যায়৷
৬১) বংগ ভংগৰ বিৰুদ্ধে কেতিয়া কলিকতাত হৰতাল পালন কৰা হৈছিল?
উত্তৰ: বংগ ভংগৰ বিৰুদ্ধে ১৯০৫ চনৰ ১৬ অক্টোবৰত কলিকতাত হৰতাল পালন কৰা হৈছিল৷
৬২) কংগ্ৰেছৰ চতুৰ্দশ (১৪শ) অধিৱেশন কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰ: কংগ্ৰেছৰ চতুৰ্দশ (১৪শ) অধিৱেশন ১৯৯৮ চনত মাদ্ৰাজত হৈছিল৷
৬৩) কংগ্ৰেছৰ চতুৰ্দশ (১৪শ) অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰ: কংগ্ৰেছৰ চতুৰ্দশ (১৪শ) অধিৱেশনত আনন্দমোহন বসুৱে‍ সভাপতিত্ব কৰিছিল৷
৬৪) ‘ফেডাৰেল হল’ কি?
উত্তৰ: ‘ফেডাৰেল হল’ বংগভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক৷
৬৫) কোনে আৰু কেতিয়া ‘ফেডাৰেল হল’-ৰ আধাৰশিলা স্থাপন কৰিছিল?
উত্তৰ: আনন্দমোহন বসুৱে ১৯০৫ চনৰ ১৬ ৱঅক্টোবৰৰ দিনা ‘ফেডাৰেল হল’-ৰ আধাৰশিলা স্থাপন কৰিছিল৷
৬৬) ‘বন্দে মাতৰম’ গীতটি কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘বন্দে মাতৰম’ গীতটি বংকিমচন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰিছিল৷
৬৭) বিদেশী বস্তু বৰ্জনৰ সম্পৰ্কত ঋষি অৰবিন্দই কি কৈছিল?
উত্তৰ: বিদেশী বস্তু বৰ্জনৰ সম্পৰ্কত ঋষি অৰবিন্দই এনেদৰে কৈছিল— ‘‘বৰ্জনৰ অৰ্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ মৰ্মাৰ্থ হ’ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা৷’’
৬৮) ‘‘বৰ্জনৰ অৰ্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ মৰ্মাৰ্থ হ’ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা’’— কথাষাৰ কোনে কৈছিল?
উত্তৰ: ‘‘বৰ্জনৰ অৰ্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ মৰ্মাৰ্থ হ’ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা’’— কথাষাৰ ঋষি অৰবিন্দ ঘোষে কৈছিল৷
৬৯) স্বদেশী আন্দোলনৰ জন্ম ক’ত হৈছিল?
উত্তৰ: স্বদেশী আন্দোলনৰ জন্ম হৈছিল অবিভক্ত বংগদেশত৷
৭০) ‘বেংগলি’ (১৯০৪) কাকতখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: ‘বেংগলি’ কাকতখন সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে‍ সম্পাদনা কৰিছিল৷
৭১) ‘সঞ্জীবনী’ (১৯০৪) কাকতখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: ‘সঞ্জীবনী’  কাকতখন কৃষ্ণকুমাৰ মিত্ৰই সম্পাদনা কৰিছিল৷
৭২) ‘হিতবাদী’ (১৯০৫) কাকতখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: ‘হিতবাদী’ কাকতখন কালীপ্ৰসন্ন কাব্যবিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণে‍ সম্পাদনা কৰিছিল৷
৭৩) ‘যুগান্তৰ’ (১৯০৬) কাকতখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: ‘যুগান্তৰ’ নামৰ সাপ্তাহিক কাকতখন ভূপেন্দনাথ দত্তই সম্পাদনা কৰিছিল৷
৭৪) ‘সন্ধ্যা’ (১৯০৬) কাকতখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: ব্ৰহ্মবান্ধব উপাধ্যায়ে ‘সন্ধ্যা’ কাকতখন সম্পাদনা কৰিছিল৷
৭৫) ‘দি ডন’ (১৯০৬) আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: সতীশচন্দ্ৰ মুখোপাধ্যায়ে ‘দি ডন’ (১৯০৬) আলোচনীখন সম্পাদনা কৰিছিল৷
৭৬) ‘সুপ্ৰভাত’ (১৯০৬) নামৰ মহিলা আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: ‘সুপ্ৰভাত’ (১৯০৬) নামৰ মহিলা আলোচনীখন কুমুদিনী মিত্ৰই সম্পাদনা কৰিছিল৷
৭৭) ‘বন্দে মাতৰম’ (১৯০৫) সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: ‘বন্দে মাতৰম’ (১৯০৫) সংবাদপত্ৰখন অৰবিন্দ ঘোষে সম্পাদনা কৰিছিল৷
৭৮) ‘পলাশীৰ প্ৰায়শ্চিত্ত’ নাটকখন কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘পলাশীৰ প্ৰায়শ্চিত্ত’ নাটকখন ক্ষীৰোদ প্ৰসাদে‍ ৰচনা কৰিছিল৷
৭৯) ‘চিৰাজউদ্দৌলা’ নাটকখন কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘চিৰাজউদ্দৌলা’ নাটকখন গিৰীশ ঘোষে‍ ৰচনা কৰিছিল৷
৮০) ‘মিৰ কাছিম’ নাটকখন কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘মিৰ কাছিম’ নাটকখন গিৰীশ ঘোষে‍ ৰচনা কৰিছিল৷
৮১) ‘চাব্বাস বাঙালী’ নাটকখন কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘চাব্বাস বাঙালী’ নাটকখন অমৃতলাল বসুৱে‍ ৰচনা কৰিছিল৷
৮২) ‘বংগৰ অংগচ্ছেদ’ নাটকখন কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘বংগৰ অংগচ্ছেদ’ নাটকখন অমৰেন্দ্ৰ নাথ দত্তই ৰচনা কৰিছিল৷
৮৩) বাংলাদেশৰ জাতীয় সংগীত হিচাপে কোনটো গীতে স্বীকৃতি লাভ কৰিছিল?
উত্তৰ: ৰবীন্দ্ৰনাথ ঠাকুৰে‍ ৰচনা কৰা ‘‘আমাৰ সোণাৰ বাংলা, আমি তোমাই ভালোবাসি’’ গীতটিয়ে বাংলাদেশৰ জাতীয় সংগীত হিচাপে স্বীকৃতি লাভ কৰিছিল৷
৮৪) ‘জাপানী বীৰ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘জাপানী বীৰ’ গ্ৰন্থখন স্বৰ্ণকুমাৰী দেবীয়ে‍ ৰচনা কৰিছিল৷
৮৫) ‘জয় সংগীত’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘জয় সংগীত’ গ্ৰন্থখন প্ৰমথনাথ ৰায়চৌধুৰীয়ে‍ ৰচনা কৰিছিল৷
৮৬) ‘নব্য ভাৰত’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘নব্য ভাৰত’ গ্ৰন্থখন কাৰ্তিকচন্দ্ৰ দাসগুপ্তই ৰচনা কৰিছিল৷
৮৭) ‘বংগলক্ষীৰ ব্ৰতকথা’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘বংগলক্ষীৰ ব্ৰতকথা’ গ্ৰন্থখন ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদীয়ে‍ ৰচনা কৰিছিল৷
৮৮) স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান গীত ৰচনা কৰিছিল?
উত্তৰ: স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ২৩ টা গীত ৰচনা কৰিছিল৷
৮৯) ‘‘আমাৰ সোণাৰ বাংলা, আমি তোমাই ভালোবাসি’’ গীতটি কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘‘আমাৰ সোণাৰ বাংলা, আমি তোমাই ভালোবাসি’’ গীতটি ৰবীন্দ্ৰনাথ ঠাকুৰে‍ ৰচনা কৰিছিল৷
৯০) ‘‘যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে’’ গীতটি কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘‘যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে’’ গীতটি ৰবীন্দ্ৰনাথ ঠাকুৰে‍ ৰচনা কৰিছিল৷
৯১) স্বদেশী আন্দোলনৰ সময়ত কাৰ কাৰ গীতে বাঙালী জাতিক উদ্বুদ্ধ কৰিছিল?
উত্তৰ: স্বদেশী আন্দোলনৰ সময়ত ৰবীন্দনাথ ঠাকুৰ, বংকিমচন্দ্ৰ চট্টোপাধ্যায়, ৰজনীকান্ত সেন, মুকুন্দ দাস, দ্বিজেন্দ্ৰলাল ৰয় আদিৰ গীতে বাঙালী জাতিক উদ্বুদ্ধ কৰিছিল৷
৯২) স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা বিখ্যাত প্ৰবন্ধটোৰ শিৰোনাম কি আছিল?
উত্তৰ: স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা বিখ্যাত প্ৰবন্ধটোৰ শিৰোনাম আছিল ‘ভাই ভাই এক ঠাই’৷
৯৩) ‘বংগীয় কলা পৰিষদ’ কেতিয়া গঢ় লৈ উঠিছিল?
উত্তৰ: ‘বংগীয় কলা পৰিষদ’ ১৯০৭ চনত গঢ় লৈ উঠিছিল৷
৯৪) কাৰ প্ৰচেষ্টাত ‘বংগীয় কলা পৰিষদ’ গঢ় লৈ উঠিছিল?
উত্তৰ: অবনীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত ‘বংগীয় কলা পৰিষদ’ গঢ় লৈ উঠিছিল৷
৯৫) ‘বংগ মাতা’ ছবিখন কোনে অংকন কৰিছিল?
উত্তৰ: ‘বংগ মাতা’ ছবিখন অবনীন্দ্ৰনাথ ঠাকুৰে‍ অংকন কৰিছিল৷
৯৬) ‘বংগ মাতা’ ছবিখনক কোনে ‘ভাৰত মাতা’-ৰ ৰূপ দি‍ছিল?
উত্তৰ: ‘বংগ মাতা’ ছবিখনক ভগিনী নিবেদিতাই ‘ভাৰত মাতা’-ৰ ৰূপ দি‍ছিল৷
৯৭) কলিকতাৰ পটলডাঙা মল্লিকবাৰীত কেতিয়া বিশাল ছাত্ৰসভা অনুষ্ঠিত হৈছিল?
উত্তৰ: কলিকতাৰ পটলডাঙা মল্লিকবাৰীত ১৯০৫ চনৰ ৪ নৱেম্বত বিশাল ছাত্ৰসভা অনুষ্ঠিত হৈছিল৷
৯৮) কলিকতাৰ পটলডাঙা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰ: কলিকতাৰ পটলডাঙা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ৰবীন্দ্ৰনাথ ঠাকুৰে‍ সভাপতিত্ব কৰিছিল৷
৯৯) ‘এণ্টি চাৰ্কুলাৰ ছ’চাইটি’ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ‘এণ্টি চাৰ্কুলাৰ ছ’চাইটি’ ১৯০৫ চনৰ ৪ নৱেম্বত গঠন কৰা হৈছিল৷
১০০) ব্ৰিটিছ চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথমটো ঘটনা কি আছিল?
উত্তৰ: ব্ৰিটিছ চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথমটো ঘটনা আছিল ১৯০৫ চনৰ ৪ নৱেম্বত গঠন কৰা ‘এণ্টি চাৰ্কুলাৰ ছ’চাইটি’৷
১০১) কোনখন পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা আখ্যা দিছিল?
উত্তৰ: সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ দ্বাৰা সম্পাদিত ‘দি ডন’ পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা আখ্যা দিছিল৷
১০২) ‘ডন ছচাইটি’ নামৰ জাতীয় অনুষ্ঠানটো কেতিয়া গঢি় তোলা হৈছিল?
উত্তৰ: ‘ডন ছচাইটি’ নামৰ জাতীয় অনুষ্ঠানটো ১৯০২ চনত গঢি় তোলা হৈছিল৷
১০৩) কাৰ প্ৰচেষ্টাত ‘ডন ছচাইটি’ নামৰ অনুষ্ঠানটো গঢ় লৈ উঠিছিল?
উত্তৰ: সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ প্ৰচেষ্টাত, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুচন্দ্ৰ বন্দোপাধ্যায়ৰ সহযোগত ‘ডন ছচাইটি’ নামৰ অনুষ্ঠানটো গঢ় লৈ উঠিছিল৷
১০৪) ‘ডন ছচাইটি’-এ কিহৰ বাবে আন্দোলন কৰিছিল?
উত্তৰ: ‘ডন ছচাইটি’-এ কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪) আৰু কাৰ্লাইল জাননী (১৯০৫)-ৰ বিৰুদ্ধাচৰণ কৰি জাতীয় শি‍ক্ষা সক্ৰিয় ৰূপত গঢ়ি তোলাৰ বাবে‍ আন্দোলন কৰিছিল৷
১০৫) ‘বংগ জাতীয় বিদ্যালয়’ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ: ‘বংগ জাতীয় বিদ্যালয়’ ১৯০৫ চনৰ ৬ আগষ্টৰ দিনা প্ৰতিষ্ঠা কৰা হৈছিল৷
১০৬) কোনে ‘বংগ জাতীয় বিদ্যালয়’ প্ৰতিষ্ঠা কৰি‍ছিল?
উত্তৰ: ৰবীন্দ্ৰনাথ ঠাকুৰে‍ ‘বংগ জাতীয় বিদ্যালয়’ প্ৰতিষ্ঠা কৰি‍ছিল৷
১০৭) বংগদেশৰ দ্বিতীয়খন জাতীয় বিদ্যালয় ক’ত স্থাপন কৰা হৈছিল?
উত্তৰ: বংগদেশৰ দ্বিতীয়খন জাতীয় বিদ্যালয় ৰংপুৰত স্থাপন কৰা হৈছিল৷
১০৮) বংগদেশৰ দ্বিতীয়খন জাতীয় বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ: বংগদেশৰ দ্বিতীয়খন জাতীয় বিদ্যালয় ১৯০৫ চনৰ ৮ নৱেম্বৰত স্থাপন কৰা হৈছিল৷
১০৯) বংগদেশৰ ‘জাতীয় শি‍ক্ষা পৰিষদ’ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: বংগদেশৰ ‘জাতীয় শি‍ক্ষা পৰিষদ’ ১৯০৬ চনৰ ১১ মাৰ্চত গঠন কৰা হৈছিল৷
১১০) বংগ জাতীয় মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ: বংগ জাতীয় মহাবিদ্যালয় ১৯০৬ চনৰ ১৫ আগষ্টত স্থাপন কৰা হৈছিল৷
১১১) বংগ জাতীয় মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ: বংগ জাতীয় মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ আছিল অৰবিন্দ ঘোষ৷
১১২) বংগ জাতীয় মহাবিদ্যালয়ক কেতিয়া জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়?
উত্তৰ: ১৯০৬ চনৰ ১২ ডিচেম্বৰত বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়৷
১১৩) স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ কিমানখন মাধ্যমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল?
উত্তৰ: স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ ৬২খন মাধ্যমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল৷
১১৪) স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ কিমানখন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল?
উত্তৰ: স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ ৩,০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল৷
১১৫) অসমৰ প্ৰথম আই.চি.এছ. কোন আছিল?
উত্তৰ: অসমৰ প্ৰথম আই.চি.এছ. আছিল আনন্দৰাম বৰুৱা৷
১১৬) কাৰ অৰ্থসাহায্যত ‘বেংগল টেক্‌নিকেল ইন্‌ষ্টিটিউট’ নামৰ শি‍ক্ষানুষ্ঠানটো গঢি় তোলা হৈছিল?
উত্তৰ: তাৰকনাথ পালিতৰ অৰ্থসাহায্যত ‘বেংগল টেক্‌নিকেল ইন্‌ষ্টিটিউট’ নামৰ শি‍ক্ষানুষ্ঠানটো গঢি় তোলা হৈছিল৷
১১৭) ‘বেংগল টেক্‌নিকেল ইন্‌ষ্টিটিউট’ নামৰ শি‍ক্ষানুষ্ঠানটোৱে পাছলৈ কি নামেৰে আত্মপ্ৰকাশ কৰিছিল?
উত্তৰ: ‘বেংগল টেক্‌নিকেল ইন্‌ষ্টিটিউট’ নামৰ শি‍ক্ষানুষ্ঠানটোৱে পাছলৈ যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্ৰকাশ কৰিছিল৷
১১৮) ভাৰতৰ স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰা এগৰাকী অগ্ৰণী মহিলাৰ নাম লিখা৷
উত্তৰ: ভাৰতৰ স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰা এগৰাকী অগ্ৰণী মহিলাৰ নাম হ’ল সৰলা দেবী চৌধুৰিণী৷
১১৯) ‘ভাৰতী’ (১৯০৭) পত্ৰিকাখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: সৰলা দেবী চৌধুৰিণীয়ে ‘ভাৰতী’ (১৯০৭) পত্ৰিকাখন সম্পাদনা কৰিছিল৷
১২০) ভগিনী নিবেদিতাৰ জন্ম ক’ত হৈছিল?
উত্তৰ: ভগিনী নিবেদিতাৰ জন্ম হৈছিল আয়াৰলেণ্ডত৷
১২১) ভগি‍নী নিবেদিতাৰ প্ৰকৃত নাম কি আছিল?
উত্তৰ: ভগি‍নী নিবেদিতাৰ প্ৰকৃত নাম  আছিল মাৰ্গাৰেট এলিজাবেথ নবোল৷
১২২) ‘‘বাঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপজ্জনক’’— বাক্যশাৰী কোন কাকতত প্ৰকাশ পাইছিল?
উত্তৰ: ‘‘বাঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপজ্জনক’’— বাক্যশাৰী লণ্ডনৰ ‘ডেইলি টেলিগ্ৰাফ’ কাকতত প্ৰকাশ পাইছিল৷
১২৩) ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা বস্ত্ৰ প্ৰতিষ্ঠানটোৰ নাম কি আছিল?
উত্তৰ: ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা বস্ত্ৰ প্ৰতিষ্ঠানটোৰ নাম আছিল ‘স্বদেশী ভাণ্ডাৰ’৷
১২৪) ‘স্বদেশী ভাণ্ডাৰ’ নামৰ বস্ত্ৰ প্ৰতিষ্ঠানটো কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: ‘স্বদেশী ভাণ্ডাৰ’ নামৰ বস্ত্ৰ প্ৰতিষ্ঠানটো ৰবীন্দ্ৰনাথ ঠাকুৰে‍ ১৮৯৭ চনত প্ৰতিষ্ঠা কৰিছিল৷
১২৫) কাৰ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত ‘ইণ্ডিয়ান ষ্টোৰ্চ’ নামৰ প্ৰতিষ্ঠানটো গঢ় লৈ উঠিছিল?
উত্তৰ: যোগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত ‘ইণ্ডিয়ান ষ্টোৰ্চ’ নামৰ প্ৰতিষ্ঠানটো গঢ় লৈ উঠিছিল৷
১২৬) ‘লক্ষী ভাণ্ডাৰ’ নামৰ প্ৰতিষ্ঠানটো কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰি‍ছিল?
উত্তৰ: ‘লক্ষী ভাণ্ডাৰ’ নামৰ প্ৰতিষ্ঠানটো সৰলা দেবী চৌধুৰি‍ণীয়ে‍ ১৯০৩ চনত প্ৰতিষ্ঠা কৰি‍ছিল৷
১২৭) আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানটোৰ নাম কি আছিল?
উত্তৰ: আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানটোৰ নাম আছিল ‘ইউনাইটেড বেংগল ষ্টোৰ্চ’৷
১২৮) ‘বংলক্ষী কটন মিল’ কোনে আৰু কেতিয়া ‍প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: নীলৰতন চৰকাৰে ১৯০৬ চনৰ ১ আগষ্টত ‘বংলক্ষী কটন মিল’ ‍প্ৰতিষ্ঠা কৰিছিল৷
১২৯) ‘বেংগল কেমিকেল্‌ছ’ নামৰ প্ৰতিষ্ঠানটো কোনে আৰু কেতিয়া ‍প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: আচাৰ্য প্ৰফুল্লচন্দ্ৰ ৰায়ে ১৯০৬ চনৰ ২৫ জুলাইত ‘বেংগল কেমিকেল্‌ছ’ নামৰ প্ৰতিষ্ঠানটো ‍প্ৰতিষ্ঠা কৰিছিল৷
১৩০) আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে প্ৰতিষ্ঠা কৰা কেমিকেল প্ৰতিষ্ঠানটোৰ নাম কি আছিল?
উত্তৰ: আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে প্ৰতিষ্ঠা কৰা কেমিকেল প্ৰতিষ্ঠানটোৰ নাম আছিল ‘বেংগল কেমিকেল্‌ছ’৷
১৩১) জামছেদজী টাটাই গঢি় তোলা বিখ্যাত প্ৰতিষ্ঠানটোৰ নাম কি?
উত্তৰ: জামছেদজী টাটাই গঢি় তোলা বিখ্যাত প্ৰতিষ্ঠানটোৰ নাম লৌহ শিল্প কাৰখানা৷
১৩২) প্ৰথম ‘ভাৰতীয় উদ্যোগ সন্মিলন ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: প্ৰথম ‘ভাৰতীয় উদ্যোগ সন্মিলন বাৰাণসীত ১৯০৫ চনৰ ১৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল৷
১৩২) প্ৰথম ‘ভাৰতীয় উদ্যোগ সন্মিলন’-ত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰ: প্ৰথম ‘ভাৰতীয় উদ্যোগ সন্মিলন’-ত আৰ.চি. দত্তই সভাপতিত্ব কৰিছিল৷
১৩৪) বংগ বিভাজনৰ সময়ত ঢাকাৰ নবাব কোন আছিল?
উত্তৰ: বংগ বিভাজনৰ সময়ত ঢাকাৰ নবাব আছিল ছলিমউল্লা৷
১৩৫) লৰ্ড কাৰ্জনে ঢাকাৰ নবাবক কিমান টকা অতি কম সুতৰ বিনিময়ত ধাৰলৈ দিছিল?
উত্তৰ: লৰ্ড কাৰ্জনে ঢাকাৰ নবাবক ১৪ লাখ টকা অতি কম সুতৰ বিনিময়ত ধাৰলৈ দিছিল৷
১৩৬) লৰ্ড কাৰ্জনৰ পাছত ভাইচ্‌ৰয় পদত কোন অধিষ্ঠিত হৈছিল?
উত্তৰ: লৰ্ড কাৰ্জনৰ পাছত লৰ্ড মিণ্টো ভাইচ্‌ৰয় পদত অধিষ্ঠিত হৈছিল৷
১৩৭) ‘সৰ্বভাৰতীয় মুছলিম লীগ’ কেতিয়া গঠন হৈছিল?
উত্তৰ: ১৯০৬ চনৰ ৩০ ডিচেম্বৰত ‘সৰ্বভাৰতীয় মুছলিম লীগ’ গঠন হৈছিল৷
১৩৮) ‘সৰ্বভাৰতীয় মুছলিম লীগ’ গঠনৰ ক্ষেত্ৰত কোনে নেতৃত্ব দিছিল?
উত্তৰ: ‘সৰ্বভাৰতীয় মুছলিম লীগ’ গঠনৰ ক্ষেত্ৰত বংগৰ নবাব ছলিমউল্লাই নেতৃত্ব দিছিল৷
১৩৯) ‘মৰ্লে-মিণ্টো সংস্কাৰ আইন’ কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ: ‘মৰ্লে-মিণ্টো সংস্কাৰ আইন’ ১৯০৯ চনত প্ৰৱৰ্তন কৰা হৈছিল৷
১৪০) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী ৰাজনৈতিক অনুষ্ঠানটোৰ নাম কি আছিল?
উত্তৰ: ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী ৰাজনৈতিক অনুষ্ঠানটোৰ নাম আছিল ‘সৰ্বভাৰতীয় মুছলিম লীগ’৷
১৪১) মুছলীম লীগৰ কাৰ্যালয় কেতিয়া লক্ষ্নৌলৈ স্থানান্তৰিত কৰা হৈছিল?
উত্তৰ: মুছলীম লীগৰ কাৰ্যালয় ১৯১০ চনৰ মাৰ্চ মাহত লক্ষ্নৌলৈ স্থানান্তৰিত কৰা হৈছিল৷
১৪২) কেতিয়া বংগ বিভাজন বাতিল কৰা হৈছিল?
উত্তৰ: ১৯১১ চনত বংগ বিভাজন বাতিল কৰা হৈছিল৷
১৪৩) কংগ্ৰেছৰ ঊনবিংশতিতম (১৯ তম) অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: কংগ্ৰেছৰ ঊনবিংশতিতম (১৯ তম) অধিৱেশন ১৯০৩ চনত অনুষ্ঠিত হৈছিল৷
১৪৪) কংগ্ৰেছৰ ঊনবিংশতিতম (১৯ তম) অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰ: কংগ্ৰেছৰ ঊনবিংশতিতম (১৯ তম) অধিৱেশনত লালমোহন ঘোষে‍ সভাপতিত্ব কৰিছিল৷
১৪৫) কিমান চনত ইংৰাজ চৰকাৰে বংগক পুনৰ একত্ৰীকৰণ কৰিছিল?
উত্তৰ: ১৯১১ চনত ইংৰাজ চৰকাৰে বংগক পুনৰ একত্ৰীকৰণ কৰিছিল৷
১৪৬) কোনে পোনপ্ৰথমে ব্ৰিটিছপ্ৰদত্ত ‘নাইটহুদ’ উপাধি চৰকাৰক ঘূৰাই দিছিল?
উত্তৰ: গোপালকৃষ্ণ গোখলেই পোনপ্ৰথমে ব্ৰিটিছপ্ৰদত্ত ‘নাইটহুদ’ উপাধি চৰকাৰক ঘূৰাই দিছিল৷
১৪৭) ‘‘শাসন আৰু শোষণ একেলগে চলাই যোৱা হ’ব’’— কোনে এনেদৰে ঘোষণা কৰিছিল?
উত্তৰ: ‘‘শাসন আৰু শোষণ একেলগে চলাই যোৱা হ’ব’’— লৰ্ড কাৰ্জনে এনেদৰে ঘোষণা কৰিছিল৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ