ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল— (অংকুৰণ, পঞ্চম শ্ৰেণী)

ক   পাঠভিত্তিক ক্ৰিয়া 

১৷ উত্তৰ দিয়া।

(ক) ভতুৱা আৰু খকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল?

উত্তৰ: খঁকুৱা গাওঁবুঢ়া বহা চকীখনত বহাৰ বাবে ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল লাগিছিল।

(খ) ভতুৱাই কোৱা কথাখিনি শুনি খঁকুৱাই কি কৰিছিল?

উত্তৰ: ভতুৱাই কোৱা কথাখিনি শুনি খঁকুৱায়ো তাক ওলোটাই চুৱাপাত চেলেকা বুলি ঠাট্টা কৰিছিল। 

(গ) 'লোকৰ চৰুৰ ভজামাছ চুৰি কৰি মুখ-ঠেকেচা খাওঁতে যাৰ জনম গ'ল, তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰ'বি আজি তোক মই এসেকা দিহে এৰিম।' এই কথাষাৰ কোনে কাক কৈছিল?

উত্তৰ: উক্ত কথাষাৰ ভতুৱাই খঁকুৱাক কৈছিল।

(ঘ) 'জানে জেঠাই, বৰফৰ দেশতো বোলে কুকুৰ আছে।' এই কথাষাৰ কোনে কৈছে? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে?

উত্তৰ: উক্ত কথাষাৰ অকুমণিয়ে জেঠায়েকক  কৈছিল। বৰফৰ দেশত কুকুৰে শ্লেজ গাড়ী টানে।

বহলাই লিখা।

(ক) কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি  মিল আৰু কি কি অমিল আছে?

উত্তৰ : কুকুৰ আৰু মেকুৰীৰ স্বভাৱৰ কিছুমান মিল আৰু কিছুমান অমিল আছে। সেইবোৰ হ'ল -

মিল:

১৷ ইহঁতে পনীয়া বস্তু জিভাৰে চেলেকি খায়।

২৷ ইহঁত দুয়ো ঘৰচীয়া প্ৰাণী।

৩৷ দুয়োৰে গা মিহি নোমেৰে ঢকা।

৪৷ দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে।

৫৷ দুয়োৰে ঠেঙত জোঙা নখ আছে।

৬৷ দুয়ো চিকাৰী প্ৰাণী।

৭৷ দুয়োৱে সহজে পোহ মানে।

৮৷ দুয়োৰে ঘ্ৰাণ শক্তি তীক্ষ্ণ।

অমিল:

১৷ মেকুৰীয়ে পানীলৈ ভয় কৰে, কুকুৰে ভয় নকৰে।

২৷ মেকুৰীয়ে গছ বগাব পাৰে, কুকুৰে নোৱাৰে।

৩৷ মেকুৰীৰ আকৃতি সৰু, কুকুৰৰ ডাঙৰ।

৪৷ মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থোপোকা, কুকুৰৰ মুখখন দীঘল আৰু জোঙা।

৫৷ মেকুৰীৰ চকুদুটা ঘূৰণীয়া আৰু উজ্জ্বল, কুকুৰৰ তেনে নহয়।

৬৷ মেকুৰীৰ কাণ দুখন সৰু আৰু থিয়, কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা।

৭৷ মেকুৰীৰ নেজডাল দীঘল, কুকুৰৰ নেজ কেঁকোৰা আৰু ওপৰ ফালে উঠি থকা।

৮৷ মেকুৰীৰ মুখত একোছা দীঘল গোফ আছে, কুকুৰৰ নাই।

৯৷ দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ।

(খ) কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি কি উপকাৰ সাধন কৰে?

উত্তৰ: কুকুৰ বৰ প্ৰভূভক্ত আৰু বিশ্বাসী। ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। আজিকালি চোৰ-ডকাইত ধৰিবলৈ পুলিচেও কুকুৰ ব্যৱহাৰ কৰে। মেকুৰীয়ে উম লগা কোমল ঠাইত শুবলৈ ভাল পায়। ই এন্দুৰ নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। 

(গ) অকুমণি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনি পঢ়া আৰু সেইখিনি জুকিয়াই লৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা।

উত্তৰ:    কুকুৰ 

কুকুৰ ঘৰচীয়া প্ৰাণী। ই সহজে পোহ মানে। কুকুৰ বৰ প্ৰভূভক্ত আৰু বিশ্বাসী। ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। আজিকালি চোৰ-ডকাইত ধৰিবলৈ পুলিচেও কুকুৰ ব্যৱহাৰ কৰে। ই পনীয়া বস্তু জিভাৰে চেলেকি খায়।কুকুৰৰ গা মিহি নোমেৰে ঢকা। কুকুৰৰ দাঁত বৰ চোকা। ইয়াৰ ঠেঙত জোঙা নখ আছে। ই চিকাৰী প্ৰাণী।

কুকুৰৰ ঘ্ৰাণ শক্তি তীক্ষ্ণ।

মেকুৰী 

মেকুৰী এবিধ ঘৰচীয়া প্ৰাণী। ই সহজে পোহ মানে। মেকুৰীয়ে উম লাগা কোমল ঠাইত শুবলৈ ভাল পায়। মেকুৰীয়ে গছ বগাব পাৰে।

মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থোপোকা।ইয়াৰ  চকুদুটা ঘূৰণীয়া আৰু উজ্জ্বল।মেকুৰীৰ মুখত একোছা দীঘল গোফ আছে। ই এন্দুৰ নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। 

তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰৰ পৰা জানি লৈ বহীত লিখা।

উদৰ  চুৱাপাত  চৰু  এসেকা   বিষম  উভয়ে  আকৃতি   থোপোকা   তীক্ষ্ণ   চোকা  উম  গৃহস্থ 

 শব্দ              অৰ্থ 

উদৰ              পেট

চুৱাপাত     

চৰু           খাদ্য  ৰন্ধা পাত্ৰ

এসেকা      শাস্তি দিয়া কাৰ্য 

বিষম           বেয়া, কঠোৰ

উভয়ে         দুয়োৱে

আকৃতি      গঢ়

থোপোকা    

তীক্ষ্ণ     ধাৰ থকা

চোকা      লুণীয়া, 

উম          সামান্য তাপ

গৃহস্থ     গৰাকী

খ  ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ)

শব্দত থকা  যুক্তাক্ষৰটো ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰা।

উদাহৰণ- গৃহস্থ স্থ = স + থ  স্থল, বাসস্থান

গোন্ধ   ন্ধ = ন + ধ  বন্ধ  পোন্ধৰ

অন্ত্ৰ   ন্ত্ৰ = ন + ত + ৰ  যন্ত্ৰ, মন্ত্ৰী

বুদ্ধি  দ্ধ = দ + ধ শুদ্ধ, অশুদ্ধ

বিশ্বাসী   শ্ব= শ + ব  শ্বহীদ, অশ্ব

শব্দ  ব্দ = ব + দ শতাব্দী,

জন্তু  ন্তু = ন + ত + উ কিন্তু,

তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা।

তৎ হেৰাই,  জঁকি উঠিল,  বিষম দেখি, লেউ-সেউ, চপ-চপাই, বাটে-পথে, বন্ধু-বান্ধৱী  ডাঙৰ-দীঘল 

পাঠটোত তোমালোকে অকুমণি নামৰ ল'ৰা এজনৰ বিষয়ে পাইছা। অকুমণি নগৰত বাস কৰে বাবে তেওঁক নগৰীয়া বুলি কৈছে। সেইদৰে আমি তেনেকুৱা অনেক শব্দ পাওঁ। তেনে শব্দ লিখোঁ আহাঁ।

গাঁৱত থাকে যি  - গাৱঁলীয়া 

বনত থাকে যি - বনৰীয়া

পোহ মানে যি - পোহনীয়া

ঘৰত ৰাখি পোহে যাক - ঘৰচীয়া

বেচিকৈ ভাত খাই যি - ভতুৱা

পেট যাৰ ডাঙৰ- পেটুৱা

এলাহ কৰে যি- এলেহুৱা

খঁক আছে যাৰ - খঁকুৱা

চাৰি ঠেং আছে যাৰ - চাৰিঠেঙীয়া

গাঁৱৰ মুখিয়াল জন - গাওঁবুঢ়া

তলৰ দফাটো পঢ়া আৰু যতি চিন বহুওৱা।

খঁকুৱাৰ কথাত তৎ হেৰুৱাই ভতুৱা জঁকি উঠিল লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ ঠেকেচা খাওঁতে যাৰ জনম গ'ল তাৰ মুখত এতিয়া বৰ বৰ কথা ৰ'বি আজি তোক মই এসেকা দিহে এৰিম

উত্তৰ: খঁকুৱাৰ কথাত তৎ হেৰুৱাই ভতুৱা জঁকি উঠিল।

"লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ-ঠেকেচা খাওঁতে যাৰ জনম গ'ল,  তাৰ মুখত এতিয়া বৰ বৰ কথা।  ৰ'বি, আজি তোক মই এসেকা দিহে এৰিম।"

উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰি লিখা।

ৰুৱা - মৰুৱা  পৰুৱা বৰুৱা ঘৰুৱা ধৰুৱা।

উৱা  - ভতুৱা,  শুকুৱা,  খঁকুৱা   লুকুৱা

তলৰ শব্দবোৰৰ প্ৰতিশব্দ (সমাৰ্থক) লিখা।

ঘৰ  পৃথিৱী   ঘূৰণীয়া  শেষ  বিষাদ  আনন্দ

উত্তৰ: ঘৰ- আলয়, ভৱন, কুটিৰ,  আবাস, নিবাস, নিলয়, গৃহ।

পৃথিৱী - ধৰণী,  ধৰিত্ৰী,  বসুমতী, বসুন্ধৰা,  বসুধা, বিশ্ব।

ঘূৰণীয়া- গোলাকাৰ,  বৃত্তাকাৰ,  গোল।

শেষ- অন্ত, সমাপ্ত,  সামৰণি,

বিষাদ- বেদনা, দুখ,  শোক।

আনন্দ- ফূৰ্তি, সূখ,

গ   জ্ঞান সম্প্ৰসাৰণ

তলত দিয়া শব্দবোৰৰ সৰল ৰূপত লিখা।

উদাহৰণ- জন্ম    জনম

ধৰ্ম, কৰ্ম,  ভক্তি,  ৰত্ন,  ভক্ত, পদ্ম,  মুক্তি, জ্ঞান,  শক্তি, যত্ন

ধৰ্ম    ধৰম

কৰ্ম   কৰম

ভক্তি   ভকতি

ৰত্ন   ৰতন

ভক্ত  ভকত

পদ্ম   পদুম

মুক্তি   মুকুতি

জ্ঞান   গিয়ান

শক্তি  শকতি

যত্ন    যতন

দুজন বন্ধুৰ মাজত স্কেল এপাটৰ বাবে খৰিয়াল লাগিলে তুমি কি বুলি বুজনি দিবা?

উত্তৰ:

সাঁথৰ ভাঙো আহাঁ।

(ক) বগা বগা চাহাবৰ ৰঙা ৰঙা টুপী; 

এক ঘোচা মাৰিলে উঠে জ্বলি-পকি।

উত্তৰ: চলাই কাঠি

(খ) ৰজাৰ ঘৰৰ বাকবাঁহ, তাতে পৰে ৰাজহাঁহ;

ৰাজহাঁহে কণী পাৰে, কোনে কিমান গণিব পাৰে?

উত্তৰ: তৰা

(গ) দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট; 

বত্ৰিশ জোপা কলগছ, এখনহে পাত।

উত্তৰ: মুখ

তলত দিয়া সম্বন্ধবোৰৰ বাবে আমি আৰু কি কি শব্দ ব্যৱহাৰ কৰোঁ, কাষৰ খালী ঠাইত লিখা।

(ক) দেউতাৰ ককায়েক 

বৰদেউতা,

(খ) বৰদেউতাৰ ঘৈণীয়েক 

বৰমা, বৰবৌ, ডাঙৰ মা,

(গ) দেউতাৰ ভায়েক 

খুৰা,

(ঘ) খুৰাৰ ঘৈণীয়েক 

খুৰী

(ঙ) দেউতাৰ বায়েক

জেঠাই, জেঠি মা, জেঠাইদেউ

(চ) জেঠাইৰ গিৰিয়েক

জেঠপেহা, জেঠো, জেঠোদেউ,

(ছ) দেউতাৰ ভনীয়েক 

পেহী,

(জ) পেহীৰ গিৰিয়েক

পেহা, পেহাদেউ

(ঝ) আইৰ ককায়েক/ভায়েক

মামা, মোমাই, মোমাইদেউ

(ঞ) মোমাইৰ ঘৈণীয়েক 

মামী, মামীদেউ

(ট) আইৰ ভনীয়েক 

মাহী,

(ঠ) মাহীৰ গিৰিয়েক 

মহা, মোহা, মহাদেউ

ঘ  প্ৰকল্প

বিভিন্ন প্ৰজাতিৰ কুকুৰৰ ছবি সংগ্ৰহ কৰি ডাঠ কাগজত আঠা লগাই প্ৰতিটো ছবিৰ তলত নাম লিখা।

কুকুৰ আৰু মেকুৰীৰ বিষয়ে থকা সাধুকথা সংগ্ৰহ কৰি লিখা আৰু শ্ৰেণীত পঢ়ি শুনোৱা।

উত্তৰ:

জীৱ-জন্তুৰ বিষয়ে লিখা সাঁথৰ সংগ্ৰহ কৰা।

১৷ ৰঙাকৈ বামুণটি খোজকাঢ়ে খৰ,

 পাছফালে দেখি আহিছোঁ 

বাঁহৰ তলত ঘৰ।

উত্তৰ: আমৰলি পৰুৱা।

২৷ চাৰিওফালে চাৰি খুটা

মাজত মেদেলা পেটা,

দুই বিছনীয়ে বিচি থাকে 

লেৰেলা সাপে নাচি থাকে।

উত্তৰ: হাতী।

৩৷ উপি উপি উপি 

বাটত আছে চুপি

উত্তৰ: চিনাজোক।

৪৷ চুই চা চুই চা 

চুই দিলে পইছা

উত্তৰ: কেৰেলুৱা।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ