অনুসৰ্গবোৰ পদৰ একেবাৰে শেষত যোগ হৈ জোৰ, সন্দেহ, আবেদন, বিনয়, মিনতি আদি বুজায়। অনুসৰ্গৰ ব্যৱহাৰে মনৰ ভাৱ স্পষ্ট কৰি ফুটাই তোলে।
ক্ৰিয়াকলাপ
১। অনুসৰ্গ কি?
উত্তৰ: যিবোৰ বৰ্ণসমষ্টি ক্ৰিয়া বা অন্য পদৰ পিছত বহি সিহঁতৰ অৰ্থ বিশেষভাৱে দেখুৱায়, সেইবিলাককে অনুসৰ্গ বোলে৷
২। অনুসৰ্গ কিয় ব্যৱহাৰ কৰে?
উত্তৰ: অনুসৰ্গৰ মনৰ ভাৱ স্পষ্ট কৰি ফুটাই তুলিবৰ বাবে অনুসৰ্গ ব্যৱহাৰ কৰা হয়।
৩৷ তলত দিয়া অনুসৰ্গবোৰ ব্যৱহাৰ দেখুৱাই দুটাকৈ বাক্য লিখা।
| হঁক : | ১৷ আমি খেলোঁহঁক৷ |
| ২৷ তোমালোক এতিয়া যোৱাহঁক৷ | |
| চোন : | ১৷ মোক খবৰটো দিবাচোন৷ |
| ২৷ পাৰিলে আমাৰ ঘৰলৈ আহিবাচোন৷ | |
| কো : | ১৷ তেওঁ কালৈকো ভয় নকৰে৷ |
| ২৷ মই তোমাকো এখন কিতাপ দিম৷ | |
| হ’বলা : | ১৷ তাই নাহে হ’বলা? |
| ২৷ তেখেত নাযায় হ’বলা? | |
| ই : | ১৷ মই কামটো কৰিমেই৷ |
| ২৷ সি কাইলৈ আহিবই৷ | |
| তো : | ১৷ তেওঁতো আমাৰ ইয়ালৈ অহা নাই৷ |
| ২৷ মইতো কৈছিলোঁৱেই কাইলৈ যোৱাৰ কথা৷ | |
| ও : | ১৷ তেওঁ নাহিলেও মই আহিম৷ |
| ২৷ কিতাপখন নিলেও নিব পাৰিবা৷ | |
| হে : | ১৷ তাইহে মোক খবৰটো দিলে৷ |
| ২৷ তুমিহে নাহা আমাৰ ঘৰলৈ, তেওঁ আহে৷ | |
| গৈ : | ১৷ কালি মই গুৱাহাটীৰ পৰা আহিলোঁগৈ৷ |
| ২৷ তোমালোক এতিয়া যোৱাগৈ৷ | |
| হি : | ১৷ সভাপতিগৰাকী এইমাত্ৰ পাইছেহি৷ |
| ২৷ আহা, ভাতকেইটা খাই লোৱাহি৷ | |
| নো : | ১৷ তাইনো কি ঘোঁৰাঘাঁহ কাটি আছে? |
| ২৷ তুমিনো কিয় ইমান খং কৰা? | |
| দেই : | ১৷ ৰাস্তাৰে যাওঁতে সাৱধানে যাবা দেই৷ |
| ২৷ বাইদেউৰ বিয়াত আমাৰ ঘৰলৈ আহিবা দেই৷ | |
| হ’লে : | ১৷ তুমি নাথাকিলে মোৰ হ’লে বৰ অসুবিধা হ’ব৷ |
| ২৷ মই হ’লে খোজকাঢ়ি যাব নোৱাৰিম ইমান দূৰ৷ | |
| পায় : | ১৷ বেমাৰত পৰি ছোৱালীজনীয়ে বৰ কষ্ট পালে পায়৷ |
| ২৷ আজি বহুত দিনৰ মূৰত বৰষুণ এজাক দিছে পায়৷ | |
| দেখোন : | ১৷ তোমাক ইমানকৈ মাতোঁতেও আমাৰ ঘৰলৈ নাহিলা দেখোন৷ |
| ২৷ চাহত দেখোন অকণো মিঠা নহ’ল৷ | |
| দেও : | ১৷ সি পৰীক্ষাত পাছ নকৰিলে দেও৷ |
| ২৷ অত চেষ্টা কৰিও ল’ৰাটোৱে চাকৰি এটা নাপালে দেও৷ | |
| একা : | ১৷ তাৰ স্বভাৱ-চৰিত্ৰ বৰ ভাল নহয় একা৷ |
| ২৷ খেলিমেলি কৰিলে শুদাই নেৰিম একা৷ | |
| এই : | ১৷ কামটো তুমিয়েই কৰিব লাগিব৷ |
| ২৷ পৰীক্ষাত এইবাৰ ময়েই প্ৰথম হ’ব লাগিব বুলি মা-দেউতাই কৈছে৷ | |
| কে : | ১৷ তেওঁ কেতিয়াকে আহিব? |
| ২৷ সি নাহিলে মই ঘৰলৈকে গুচি যাম৷ | |
| দে : | ১৷ তাই নাহিলেও আমি যাব পাৰিম দে৷ |
| ২৷ ই আজি ইয়াতে থাকক দে৷ |
৪। তলত দিয়া বাক্যকেইটাৰ উপযুক্ত পদত উপযুক্ত অনুসৰ্গ ব্যৱহাৰ কৰি বাক্যকেইটা পুনৰ লিখা:
(ক) তুমি আমাৰ ঘৰলৈ আহিবা৷
উত্তৰ: তুমি আমাৰ ঘৰলৈ আহিবাচোন৷
(খ) তেওঁ কেতিয়া আহিব?
উত্তৰ: তেওঁ কেতিয়াকে আহিব?
(গ) মই কাইলৈ তোমালোকৰ ঘৰলৈ যাম।
উত্তৰ: মই কাইলৈহে তোমালোকৰ ঘৰলৈ যাম।
(ঘ) মই এইমাত্ৰ পালোঁ।
উত্তৰ: মই এইমাত্ৰ পালোঁহি।
(ঙ) গাখীৰখিনি পৰিল।
উত্তৰ: গাখীৰখিনি পৰিল দেখোন।
৫৷ অনুসৰ্গ কিহৰ পিছত বহে?
| (ক) শব্দৰ | ... |
| (খ) পদৰ | ✓ |
| (গ) বৰ্ণৰ | ... |
| (ঘ) অব্যয় | ... |
উত্তৰ: (খ) পদৰ৷

