ৰঙৰ ৰহস্য— (অংকুৰণ, পঞ্চম শ্ৰেণী)

ক  পাঠভিত্তিক ক্ৰিয়া

* পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।

* উত্তৰ দিয়া।

(ক) আদিম মানুহে ক'ত বাস কৰিছিল?

উত্তৰ: আদিম মানুহে গুহাত বাস কৰিছিল।

(খ) সূৰ্যৰ পোহৰত কেইটা ৰং থাকে?

উত্তৰ: সূৰ্যৰ পোহৰত সাতটা ৰং থাকে।

(গ) আমি বস্তু এটা কেতিয়া দেখোঁ? আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি?

উত্তৰ: কোনো বস্তুত পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত পৰিলে আমি বস্তুটো দেখোঁ। আন্ধাৰত থকা বস্তু আমি এইকাৰণেই নেদেখোঁ যে তাত পোহৰ নপৰে।

(ঘ) বগা ৰং কেনেকৈ সৃষ্টি হয়? চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি?

উত্তৰ: সূৰ্যৰ পোহৰত থকা সাতটা ৰং মিলি বগা ৰং সৃষ্টি হয়। চক পেঞ্চিলডালত পৰা সূৰ্যৰ পোহৰৰ সাতটা ৰঙেই প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত পৰেহি। সেয়ে আমি চক পেঞ্চিলডাল বগা দেখোঁ।

(ঙ) মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ দেখে নে? ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি?

উত্তৰ: মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে। মানুহৰ দৰে ৰং দেখা পোৱা প্ৰাণীবোৰ হৈছে - গৰিলা, গিবন, চিম্পাঞ্জী, ওৰাংওটাং আদি। কিছুমান চৰায়েও আমাৰ নিচিনা ৰং চিনি পায়।  

*কাৰ কি ৰং মিলোৱা।

আকাশখন       ক'লা

গছৰ পাত       হালধীয়া 

গাখীৰ            নীলা 

সৰিয়হৰ ফুল    বেঙুনীয়া 

চুলিটাৰি         সেউজীয়া 

বেঙেনা           বগা

উত্তৰ : আকাশখন      নীলা

গছৰ পাত       সেউজীয়া  

গাখীৰ            বগা 

সৰিয়হৰ ফুল    হালধীয়া  

চুলিটাৰি         ক'লা 

বেঙেনা          বেঙুনীয়া 

* খালী ঠাই পূৰ কৰা।

(ক) ঘঁৰিয়ালে বোলে সকলো বস্তুৰে ৰং        দেখে।

উত্তৰ: ঘঁৰিয়ালে বোলে সকলো বস্তুৰে ৰং  মটীয়া  দেখে।

(খ) আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি        দেখোঁ।

উত্তৰ: আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ক'লা দেখোঁ।

(গ) ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম             ।

উত্তৰ: ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ছাৰ আইজাক নিউটন।

* সঁচা নে মিছা লিখা।

(ক) আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল।

উত্তৰ: সচাঁ।

(খ) আঘোণ মাহৰ পথাৰ সেউজীয়া।

উত্তৰ: মিছা।

(গ) মৌ-মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে।

উত্তৰ: সচাঁ।

(ঘ) কিছুমান চৰায়েও আমাৰ নিচিনা ৰং চিনি পায়।

উত্তৰ: সঁচা 

(ঙ) মানুহে অতি বেঙুনীয়া ৰংটোও দেখে।

উত্তৰ: মিছা।

খ  ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

* তলত আঁচ দিয়া  যুক্তাক্ষৰকেইটা ভাঙি দেখুওৱা।

নিশ্চয়,  অস্ত, একাদিক্ৰমে, আৱিষ্কাৰ, পেঞ্চিল, বিজ্ঞানী, চিম্পাঞ্জী, বায়ুমণ্ডল

উত্তৰ: 

নিশ্চয়  শ্চ  শ + চ

অস্ত   স্ত  স + ত

একাদিক্ৰমে   ক্ৰ  ক + ৰ

আৱিষ্কাৰ   ষ্ক  ষ + ক

পেঞ্চিল  ঞ্চ  ঞ + চ

বিজ্ঞানী   জ্ঞ  জ + ঞ

চিম্পাঞ্জী  ম্প  ম + প  

                ঞ্জ   ঞ + জ

বায়ুমণ্ডল ণ্ড  ণ + ড

* পাঠটোত ৰঙা, ৰঙীন, নীলা, সেউজীয়া, সোণোৱালী আদি বিশেষণবোৰে কি কি পদৰ গুণ বুজাইছে লিখা।

উত্তৰ: পাঠটোত ৰঙা, ৰঙীন, নীলা, সেউজীয়া, সোণোৱালী আদি বিশেষণবোৰে বিশেষ্য পদৰ গুণ বুজাইছে। 

* তলত অৰ্থৰে সৈতে শব্দ দিয়া হৈছে। সেই শব্দবোৰেৰে বাক্য সাজা।

ৰং (আনন্দ, ধেমালি) ৰাজু পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হোৱাৰ বাবে মাকৰ বৰ আনন্দ।

ৰং (বৰণ) পানীৰ ৰং নাই।

বহুৰঙী ( কেইবা ৰঙৰ) ফুলনিত বহুৰঙী পখিলাজাক উৰি ফুৰিছে।

ৰঙীন ( ৰংযুক্ত) 

ৰঙিল ( ৰং বোলোৱা)

ৰঙিলী (ৰঙীয়াল তিৰোতা) মধুৰ মাক বৰ ৰঙিলী।

ৰঙালী ( আনন্দপূৰ্ণ, ধেমেলীয়া, ব'হাগ বিহু) এইবাৰ ভালদৰে ৰঙালী বিহু পাতিব পৰা নগ'ল।

ৰঙিয়াল ( আমোদী, ৰং লগোৱা,  আনন্দময়) উৎসৱ-পাৰ্বণত সকলোৰে মনবোৰ ৰঙিয়াল হৈ পৰে।

ৰঙচুৱা (অলপ ৰঙা বৰণৰ) আবেলি বেলিটো ৰঙচুৱা হৈ পৰে।

ৰংচঙীয়া ( বিবিধ বৰণৰ সাজ-সজ্জা) পখিলাৰ পাখিবোৰ ৰংচঙীয়া।

ৰং- ধেমালি (আমোদ-প্ৰমোদ,  মনৰ আনন্দৰ কাৰণে কৰা ধেমালি) ৰং-ধেমালিয়ে আমাৰ মনবোৰ ফৰকাল কৰি তোলে।

ৰং-ৰহইছ (হাঁহি-ধেমালি, ৰগৰ) বন্ধুকেইজনে তিনিআলিৰ মুৰত ৰং-ৰহইছ কৰি আছে।

গ - জ্ঞান সম্প্ৰসাৰণ

* তলত দিয়া ৰংবোৰ মিহলাই চোৱা।

(ক) ৰঙা + নীলা = বেঙুনীয়া 

(খ) ৰঙা + হালধীয়া = কমলা

(গ) হালধীয়া +নীলা = সেউজীয়া 

(ঘ) ৰঙা + নীলা + হালধীয়া = মটীয়া 

* ৰামধেনু এখন আঁকি তলত দিয়া ক্ৰমত ৰং বোলোৱ।

ৰঙা

সুমথিৰা 

হালধীয়া 

সেউজীয়া 

নীলা 

ঘননীলা 

বেঙুনীয়া 

* দলত আলোচনা কৰি চমুটোকা লিখা।

ৰংপুৰ,  ৰামধেনু, বায়ুমণ্ডল,  গুহা, বন-মানুহ, অক্ষিপট

উত্তৰ: 

ৰংপুৰ: ৰংপুৰ শিৱসাগৰ জিলাত অৱস্থিত। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰ নগৰ নিৰ্মাণ কৰি ৰাজ্যৰ ৰাজধানী পাতিছিল। এই নগৰ দিখৌ নৈৰ দুয়োপাৰে প্ৰায় বত্ৰিশ কিল'মিটাৰ জুৰি বিস্তৃত হৈ আছিল। ৰংপুৰত আহোম যুগৰ কীৰ্তিচিহ্ন তলাতল ঘৰ আছে।

ৰামধেনু: বাৰিষাকালত কেতিয়াবা ৰ'দ আৰু বৰষুণ একেলগে দিলে সূৰ্যৰ পোহৰ বৰষুণৰ পানীত প্ৰতিফলিত হৈ আকাশত ধেনুভিৰীয়াকৈ সাতটা ৰঙৰ সমাৱেশ দেখিবলৈ পোৱা যায়। এই ৰং সাতটা সূৰ্য্যৰ পোহৰত থকা ৰং। ইয়াকে ৰামধেনু বুলি কোৱা হয়।

বায়ুমণ্ডল: আমাৰ পৃথিৱীখনৰ চাৰিওফালে বহু ওপৰলৈকে বায়ুৱে আগুৰি আছে। বায়ুৰ এই তৰপটোক বায়ুমণ্ডল বোলে। বায়ুমণ্ডলত অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰ'জেন আদি গেছৰ লগতে জলীয় বাষ্প,ধূলিকণা আদি থাকে। বায়ুমণ্ডল থকাৰ বাবেই পৃথিৱীৰ জীৱবোৰে উশাহ-নিশাহ লৈ জীয়াই থাকিব পাৰে।  

গুহা: হাবিৰ মাজত প্ৰাকৃতিকভাৱে কিছুমান শিলৰ বা মাটিৰ ডাঙৰ ডাঙৰ ফাঁক থাকে। এইবোৰ একো একোটা কোঠাৰ দৰে হৈ থাকে। এইবোৰেই হৈছে গুহা। গুহাবোৰত বাঘ, সিংহ আদি বনৰীয়া জন্তুবোৰে আশ্ৰয় লয়।

বন-মানুহ: কিছুমান ঠাইত এতিয়াও কিছুমান মানুহে হাবিৰ মাজত বাস কৰে। সিহঁতে এতিয়াও সভ্যতাৰ পোহৰ পোৱাই নাই। সিহঁতৰ জীৱন প্ৰণালী এতিয়াও আদিম মানৱৰ লেখিয়াই হৈ আছে। এনে মানুহক বন-মানুহ বোলে। সিহঁতে গছৰ ফল-মূল, জীৱ-জন্তুৰ  পোৰা বা কেঁচা মঙহ খাই জীৱন ধাৰণ কৰে।

অক্ষিপট: অক্ষিপট হৈছে আমাৰ চকুৰ ভিতৰত থকা এটা সৰু অংগ। ইয়াক চকুৰ পৰ্দা বুলিও কোৱা হয়।কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত পৰিলে আমি বস্তুটো দেখা পাওঁ। 

* তোমালোকে দেখা বস্তুবোৰ ৰং অনুসৰি ভাগ কৰা।

বগা- গাখীৰ, বগলী, দাঁত, কপাহ, তুলা। 

ৰঙা- তেজ, শিমলু ফুল, জবা ফুল, গোলাপ ফুল, সেন্দুৰ। 

ক'লা- চুলি, কয়লা, এঙাৰ, কাউৰী, আলকতৰা।

নীলা- নীল, অপৰাজিতা ফুল, চিয়াঁহী, 

হালধীয়া - পাটমাদৈ , সৰিয়হ ফুল, বেলিফুল, কৰবী ফুল,

সেউজীয়া - ঘাঁহ, গছৰ পাত, শেলাই, ভাটৌচৰাই,

* VIBGYOR অৰ দৰে সাতোৰংৰ প্ৰথম আখৰবোৰেৰে অসমীয়া শব্দ গঠন কৰা।

উত্তৰ: সাতোৰংৰ প্ৰথম আখৰবোৰেৰে গঠন কৰিব পৰা  অসমীয়া শব্দ- 'বেঘনীসেহাসুৰ'

বে- বেঙুনীয়া

ঘ- ঘননীলা

নী- নীলা

সে- সেউজীয়া

হা- হালধীয়া

সু- সুমথিৰা 

ৰ- ৰঙা

ঘ  প্ৰকল্প 

* ৰঙীন কাগজেৰে ফুল, ফুলৰ মালা, শিকলি বা সজাই থোৱা সামগ্ৰী তৈয়াৰ কৰা।

* আকাশত ৰামধেনু ওলোৱা দৃশ্য এটা ৰং বোলাই আঁকা।

* কি ৰং হয় চোৱা আৰু বহীত লিখা।

চূণৰ পানীৰ লগত হালধি মিহলালে

কলাখাৰৰ লগত মিঠাতেল মিহলালে

পূৰৈ শাকৰ পকা গুটি হাতেৰে মোহাৰিলে 

জেতুকাৰ পাত বটি হাতত লেপ দিলে

* কেনে দেখি কোৱা আৰু বহীত লিখা

এটি ৰঙা ফুল ভিন ভিন ৰঙৰ অতি পাতল কাগজ বা কাঁচৰ মাজেৰে চালে

* ছবিবোৰত ৰং বোলোৱা।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ