জতুৱা ঠাঁচ

➥ জতুৱা ঠাঁচে সামান্য অৰ্থ প্রকাশ নকৰি আন এক বিশেষ অৰ্থ প্রকাশ কৰে।

➥ জতুৱা ঠাঁচক বাক বিধি বুলিও কোৱা হয়, যিবোৰ লিখাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই।

➥ জতুৱা ঠাঁচৰ ব্যৱহাৰে এটা ভাষাক অধিক শক্তিশালী আৰু সৌন্দৰ্যশালী কৰি তোলে।


উদাহৰণ: অঁকৰা মৈত উঠ (কোনো কাৰ্যত হাত দি তাতে লাগি থাক):

ৰমেনে পুৱাৰে পৰাই এতিয়ালৈকে অঁকৰা মৈত উঠাদি খেতি-পথাৰতে লাগি আছে।


ক্ৰিয়াকলাপ

বাক্য ৰচনা কৰা:

১। আঁঠুৱা তলৰ মহ (সাধাৰণ প্ৰাণী): আঁঠুৱা তলৰ মহ হৈ সিনো বিষয়াজনৰ কি ক্ষতি কৰিব!

২। উঠি পৰি লাগ (অত্যন্ত চেষ্টা কৰা): পৰীক্ষাত ভাল ফল লভিবৰ বাবে ল’ৰাজনে উঠি‍-পৰি লাগিছে

৩৷ উপজি পুৱা (নিচেই ৰাতিপুৱা): নতুন বোৱাৰীজনীয়ে উপজি পুৱাই সদায় চোতাল সাৰে৷

৪। কঁকাল ভাগ (দুৰ্বল হ): ল’ৰাটো বেমাৰত পৰাৰ‍ে পৰা বিধবা মাকজনীৰ কঁকাল ভাগিল

৫। কঁকাল বান্ধ (সাজু হ): ভাল বতৰ পাই খেতিয়কসকলে খেতিৰ কৰিবলৈ কঁকাল বান্ধিছে

৬৷ কঁকাল পৰ (দুৰ্বল হ, বুঢ়া হ): দেউতাকৰ কঁকাল পৰাত পুতেকজনেই ঘৰৰ দায়িত্ব মূৰ পাতি লৈছে৷

৭। কপাল ফুল (সৌভাগ্য উপস্থিত হোৱা): চৰকাৰী চাকৰিটো পাই ৰমনেৰ কপাল ফুলিল৷ 

৮। কাণে কাণ মাৰি‍ (কোনোমতে): ববিতাই কাণে কাণ মাৰিহে মেট্ৰিক পাছ কৰিলে৷

৯। কাণ দি (মন দি শুন): জ্ঞানী লোকৰ কথাত কাণ দিয়া উচিত৷

১০। কাণে কাণে (ফুচফুচাই): বান্ধৱী দুগৰাকীয়ে কাণে কাণে কিবা কথা পাতিছে৷

১১। কাণ সমনীয়া (ডেকা): পুতেকটো কাণ সমনীয়া হোৱাৰ পৰা দেউতাকে কিছু সকাহ পাইছে৷ 

১২। কাণ বাগৰা (আনৰ মুখে শুনা): কাণ বাগৰা কথাত বিশ্বাস কৰিলে কেতিয়াবা বিপদত পৰাৰ সম্ভাৱনা থাকে৷

১৩। কাঁহ পৰি জীণ যা (হাই উৰুমি নাইকিয়া হ): অধ্যক্ষজন শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ লগে লগে কাঁহ পৰি জীণ যোৱা অৱস্থা হ’ল৷

১৪। কুন্দত কটা (ধুনীয়া): ল’ৰাজনৰ কুন্দত কটা চেহেৰাটোৱে সকলোকে মোহিত কৰে৷

১৫৷ খাই পাত ফাল (উপকাৰ স্বীকাৰ নকৰা): খাই পাত ফলা মানুহক কোনেও আদৰ নকৰে‍৷

১৬। গছত তুলি গুৰি কাট (বিশ্বাসঘাতকতা কৰা): সদায় লগত থকা বন্ধুজনে গছত তুলি গুৰি কাটিব বুলি ৰহিমে কল্পনাই কৰা নাছিল৷ 

১৭। গাখীৰতে ম’হৰ খুঁটি (সুখৰ উপৰি সুখ): মানুহগৰাকীয়ে ঘৰৰ কাষতে চাকৰিটো পোৱাত গাখীৰতে ম’হৰ খুঁটি‍ হৈছে৷

১৮। গা পাতি ল (লোকৰ কৰ্ম নিজৰ বুলি কৰা): সভানেত্ৰীগৰাকীয়ে আত্মসহয়ক গোটটোৰ সকলো দায়িত্ব গা পাতি লৈছে৷

১৯। গা এৰা দে (উদাসীন ভাব দেখুৱা): ভতিজাকৰ বিয়াৰ যো-জা চলাত খুৰাকজনে খৰচৰ ভয়তে গা এৰা দিবলৈ ধৰিছে৷

২০৷ গা ধৰ (শকত হ): ভাল দানা-পানী খাই খাই গাইজনীৰ গা ধৰিছে

২১। গাই বাই চা (যত্ন কৰি চা): দেউতাকে পুতেকক চাকৰি এটাৰ বাবে পুনৰ গাই বাই চাবলৈ কৈছে৷

২২। গোৰ মাৰি গংগাত পেলা (অনিচ্ছাবশতঃ উপকাৰ কৰ): শাস্তিমূলক বদলিকৰণে মানুহজনক গোৰ মাৰি গংগাতহে পেলালে

২৩। ঘৰ গোনা (সদায় ঘৰত থকা): ঘৰ গোনা স্বভাৱৰ মানুহে সংসাৰৰ সকলো আও ভাও নাপায়৷

২৪। চকুৰ পচাৰতে (তুৰন্তে): চকুৰ পচাৰতে চোৰটো পলাই সাৰিল৷

২৫। চকুত পৰ (দৃষ্টিগোচৰ হ): প্ৰতিভাৱন ছাত্ৰজনৰ প্ৰতিভাসমূহ এতিয়াহে‍ সকলোৰে চকুত পৰিছে

২৬। চকুত ধূলি দে (ঠগ): ব্যয়সায়ীজনে গ্ৰাহকসকলক বহু দিন ধৰি চকুত ধূলি দি আহিছে৷

২৭। চকুৰ কুটা দাঁতৰ শাল (শত্ৰু): তেজীমলাক মাহীমাকে চকুৰ কুটা দাঁতৰ শাল বুলি গণ্য কৰিছিল৷

২৮। চকু চৰহা (আনৰ ভাল দেখি বেজাৰ পোৱা): চকু চৰহা মানুহজনে ওচৰ-চুবুৰীয়াৰ উন্নতি দেখি জ্বলি‍-পুৰি মৰিছে৷

২৯। চিলিম ছিগ (আয়ৰ হেতু নোহোৱা হ): দিন হাজিৰ কৰা মানহজনৰ হাতখন ভগাত তেওঁৰ চিলিম ছিগিল

৩০। টিঙিৰি তুলা (হঠাৎ খঙত জ্বলি উঠ): পুতেকে পৰীক্ষাত আশানুৰূপ ফল লাভ নকৰা বাবে দেউতাকজন টিঙিৰি তুলা হৈ পৰিল৷

৩১। টুপাই বুৰ মাৰ (থাউকতে মিছা মতা): প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰি মানুহজনে‍ এতিয়া টুপাই বুৰ মাৰিছে

৩২। ঢৌতে খৰ মাৰ (জঞ্জালৰ ভিতৰতে আজৰি উলিওৱা): ঢৌতে খৰ মাৰি আমাৰ ফালে এপাক আহিবাচোন৷

৩৩৷ তেজক পানী কৰ (কঠোৰ পৰিশ্ৰম কৰ): ল’ৰাটোৰ চিকিৎসাৰ বাবে দেউতাকে তেজক পানী কৰি চিকিৎসাৰ খৰচ গোটাইছে৷

৩৪। দাঁতে ওঁঠে নলগা (সমূলি দন্দ-কাজিয়া নালাগ): ভাই-ককাইহালৰ মাজত আজিলৈকে‍ দাঁতে‍ ওঁঠে লগা নাই৷

৩৫৷ দুই নাৱত দুই ভৰি হ (দোধোৰ-মোধোৰত পৰ): টকাৰ অভাৱৰ বাবে জীয়েকৰ বিয়াখনক লৈ‍ মানুহজনৰ দুই নাৱত দুই ভৰি অৱস্থা হৈছে৷ 

৩৬। ধোদৰ পচলা (অকামিলা, এলেহুৱা): ধোদৰ পচলা লোকে জীৱনত উন্নতি কৰিব নোৱাৰে৷

৩৭। নোম টেঙৰ (অতি টেঙৰ): নোম টেঙৰ মানুহ সহজে বিপদত নপৰে৷

৩৮। পেটে ভাতে খা (কোনোমতে খাই থাক্): বিধৱা মানুহগৰাকীয়ে আধি খেতিৰে কোনোমতে পেটে ভাতে খাই আছে৷

৩৯। পানী কৰ (নষ্ট কৰ): দুৰ্ঘটনাটোৱে মানুহজনৰ সকলো পৰিকল্পনা পানী কৰি পেলালে৷

৪০৷ পানীত পৰ্‌ (অথলে যা): ভাৰতত হোৱা বিমুদ্ৰাকৰণৰ ফলত বহু লোকৰ সাঁচতীয়া ধন পানীত পৰি‍ছিল

৪১। বুক ডাঠ (সাহিয়াল): লাচিত বৰফুকন এগৰাকী বুকু ডাঠ ব্যক্তি আছিল৷

৪২। বুকুৰ কুটুম (অতি আপোন): মণিৰাম আইতাকৰ বুকুৰ কুটুম

৪৩৷ মন পুতি (মনোযোগ দি): যিকোনো বিষয়ৰ জ্ঞান অৰ্জন কৰিবলৈ‍ মন পুতি পঢ়িব লাগে৷ 

৪৪। মাটি কৰ (নষ্ট কৰ): ট্ৰেইনখন নাপাই তেওঁ যাত্ৰাটোকে‍ মাটি কৰিলে

৪৫৷ মূৰে ভৰি কাঢ় (বিপৰীতভাৱে কাৰ্য কৰ): মূৰে ভৰি কঢ়া স্বভাৱটোৱে ৰাতুলৰ জীৱনলৈ বিপৰ্যয় আনিলে৷

৪৬। ঢৌটোকে ৰৌটো কৰ (বঢ়াই কৰ):  ঢৌটোকে ৰৌটো কৰি কথা কোৱাটো ভাল স্বভাৱ নহয়৷

৪৭। সাত ঘাটৰ চেঙেলী (টেঙৰ): ন-বোৱাৰীজনী দেখাতহে আঁজলী; ভিতৰি সাত ঘাটৰ চেঙেলী

৪৮। সোণৰ সোলেং (বহুমূলীয়া বস্তু): সোণৰ সোলেং হেন মাটিখিনি বিক্ৰী কৰিবলগীয়া হোৱাত বুবুলে অন্তৰত বৰ আঘাত পালে৷

৪৯৷ হাত লৰ (চোৰ স্বভাৱৰ): মানুহজনৰ হাত লৰ স্বভাৱৰ বাবে কোনেও সহজে তেওঁক বিশ্বাস নকৰে৷

৫০। হাত দীঘল (ক্ষমতাশালী): হাত দীঘল মানুহে যিকোনো কাম সহজে কৰিব পাৰে৷


উদাহৰণত দিয়াৰ দৰে তলৰ বাক্যবোৰত থকা জতুৱা ঠাঁচটো বিচাৰি উলিয়াই অৰ্থ লিখা।

(ক) ল’ৰা-ছোৱালীহঁতক অথাই সাগৰত পেলাই থৈ ইহলীলা সামৰিলে।

উত্তৰ: অথাই সাগৰ— ডাঙৰ বিপদ।

(খ) ডেকা ল’ৰা-ছোৱালীবোৰে আকাশত চাং পাতি সময় নষ্ট কৰাতকৈ কাম-কাজত ধৰাহে যুগুত।
উত্তৰ:
আকাশত চাং পাত— অস্বাভাৱিক কল্পনা কৰ৷

(গ) খাই পাত ফলা মানুহক কোনেও বিশ্বাস নকৰে।

উত্তৰ: খাই পাত ফাল— উপকাৰ স্বীকাৰ নকৰা৷

(ঘ) মানুহজনৰ বিপদৰ কথাটো শুনিয়েই মই তৰা-নৰা ছিঙি দৌৰ দি আহিলোঁ।

উত্তৰ: তৰা-নৰা ছিঙি— থৰকাচুতি এৰি‍৷

(ঙ) একমাত্ৰ নাতিয়েকটো ককাক-আইতাকৰ হিয়াৰ আমঠু৷

উত্তৰ: হিয়াৰ আমঠু— অতি মৰমৰ৷

(চ) জয়ন্ত আৰু পংকজ দুয়ো নলে গলে লগা বন্ধু।

উত্তৰ: নলে গলে লগা— পৰম বন্ধু৷

(ছ) ঋষভৰ জয়দেউ কাকুতিয়েও ৰূপান্তৰৰ অন্তৰ গলাব নোৱাৰিলে।

উত্তৰ: জয়দেউ কাকুতি— একাগ্ৰভাৱে কৰা মিনতি‍৷

(জ) প্ৰত্যেকটো কামতে গাই বাই চাই আগবাঢ়িলে সহজেই সফলতা লাভ কৰিব পাৰি।

উত্তৰ: গাই বাই চা— যত্ন কৰি চা৷

৩। উপযুক্ত জতুৱা ঠাঁচ ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা:

বিধি পথালি, কাণসাৰ কৰা, পাবত গজা, ধোদৰ পচলা

(ক) আজিকালি         নেতাবোৰেৰে সমাজখন ভৰি পৰিছে।

উত্তৰ: আজিকালি পাবত গজা নেতাবোৰেৰে সমাজখন ভৰি পৰিছে।

(খ)         মানুহে কোনো কাম ভালকৈ কৰিব নোৱাৰে।

উত্তৰ: ধোদৰ পচলা মানুহে কোনো কাম ভালকৈ কৰিব নোৱাৰে।

(গ) সজ কথাৰ প্রতি সকলোৱে         উচিত।

উত্তৰ: সজ কথাৰ প্রতি সকলোৱে কাণসাৰ কৰা উচিত।

(ঘ) ক’ৰবালৈ যাবৰ সময়ত         দিলে খং উঠে।

উত্তৰ: ক’ৰবালৈ যাবৰ সময়ত বিধি পথালি দিলে খং উঠে।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ