অৰূপৰ আৱেদন— অংকুৰণ, পঞ্চম শ্ৰেণী


অনুশীলনীৰ প্ৰশ্নোত্তৰ

উত্তৰ দিয়া-

(ক) অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল?

উত্তৰ: অৰূপে গাঁৱৰে এঘৰত ভোজ খোৱাৰ পাছতে পেট-চলা ৰোগ হৈছিল। সেইবাবে অৰূপ কেইবাদিনো স্কুলত অনুপস্থিত আছিল।

(খ) অৰূপৰ পেট-চলা ৰোগ কিয় হৈছিল?

উত্তৰ: গাঁৱৰে‍ এঘৰত ভোজ খোৱাৰ ফলত অৰূপৰ পেট-চলা ৰোগ হৈছিল।

(গ) অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল?

উত্তৰ: অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল— ‘‘অৰূপ, তুমি লিখিত ভাৱে জনোৱাৰ বাবে ভাল পাইছোঁ। কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰীৰ বাবে আৱেদনহে কৰিব লাগে। আৱেদনক দৰ্খাস্ত বুলিও কোৱা হয়। চিঠি আৰু আৱেদন একে নহয়৷ মই তোমালোকক শিকাই দিছোঁ ৰ’বা৷ ভৱিষ্যতে তোমালোকে এনে ধৰণেৰে আৱেদন লিখিবা৷’’

(ঘ) আৱেদনক আৰু কি বুলি কোৱা হয়?

উত্তৰ: আৱেদনক দৰ্খাস্ত বুলিও কোৱা হয়।

(ঙ) অৰূপে পঢ়া স্কুলখনৰ নাম কি?

উত্তৰ: অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়।

(চ) অৰূপে কি বিচাৰি আৱেদন কৰিছিল?

উত্তৰ: অৰূপে ছুটী বিচাৰি আৱেদন কৰিছিল।

শব্দবোৰৰ অৰ্থ লিখোঁ আহা।

ব্যস্ত, খতি, পেট-চলা, ছুটী, মঞ্জুৰ, একান্ত, শৈলী, শিৰোনাম

উত্তৰ:

শব্দ অৰ্থ
ব্যস্ত কোনো এটা কামত লাগি থকা।
খতি কাম বন্ধ থকা, চলি নথকা, হানি, শৰীৰৰ কোনো অংগত থকা দোষ।
পেট-চলা বেছিকৈ শৌচ কৰা ৰোগ।
ছুটী অৱসৰ, কামৰ পৰা লোৱা সাময়িক অব্যাহতি।
মঞ্জুৰ অনুমোদন, সন্মতি, স্বীকৃতি, মান্তি, গ্ৰহণ।
একান্ত একে ঠাইতে বা বস্তুতে‍ মন লগোৱা, একাগ্ৰ।
শৈলী ৰীতি, প্ৰণালী, ভংগী।
শিৰোনাম চিঠিৰ ওপৰত লিখা নাম, ঠিকনা আদি।

‘‘অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল খতি কৰিলা, কিবা অসুখ-বিসুখ হৈছিল নেকি?’’— এই প্ৰশ্নটো কোনে, কেতিয়া, কাক কৈছিল?

উত্তৰ: ‘‘অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল খতি কৰিলা, কিবা অসুখ-বিসুখ হৈছিল নেকি?’’— এই প্ৰশ্নটো শি‍ক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেৱে কৰিছিল৷ শ্ৰেণীকোঠত সোমাই যেতিয়া বাইদেৱে বহু দিনৰ মূৰত স্কুললৈ যোৱা অৰূপক দেখা পাইছিল, তেতিয়া অৰূপক ৰেহেনা খাতুন বাইদেৱে উক্ত প্ৰশ্নটো সুধি‍ছিল।

স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আৱেদন কৰিব লাগে?

উত্তৰ: স্কুলত অনুপস্থিত থাকিলে শ্ৰেণীশিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আৱেদন কৰিব লাগে৷

অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আৱেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা? কোৱা আৰু লিখা৷

উত্তৰ: 

অৰূপে লিখা পত্ৰ বাইদেৱে শিকোৱা আৱেদন
অৰূপে লিখা পত্ৰখন যি ঠাইৰ পৰা লিখা হৈছিল, সেই ঠাইৰ নাম (নামশালা) উল্লেখ আছে৷ বাইদেৱে শিকোৱা আৱেদনখন যি ঠাইৰ পৰা লিখা হৈছিল, সেই ঠাইৰ নামৰ উল্লেখ নাই।
অৰূপে লিখা পত্ৰখন পোনে পোনে বাইদেউলৈ দিয়া হৈছে৷ বাইদেৱে শিকোৱা আৱেদনখন শ্ৰেণীশি‍ক্ষকৰ জৰিয়তে প্ৰধান শি‍ক্ষকলৈ দিয়া হৈছে৷
অৰূপে লিখা পত্ৰখনত সম্বোধনৰ ওপৰৰ অংশত বিষয়ৰ স্পষ্ট উল্লেখ নাই৷ বাইদেৱে শিকোৱা আৱেদনখনত সম্বোধনৰ ওপৰৰ অংশত বিষয়ৰ স্পষ্ট উল্লেখ আছে৷
অৰূপে লিখা পত্ৰখনৰ কথাখিনি সত্য বুলি অভিভাৱকে‍ চহী কৰা নাই৷ বাইদেৱে শিকোৱা আৱেদনখনত কথাখিনি সত্য বুলি অভিভাৱকে‍ চহী কৰিবলৈ‍ দিয়া আছে৷


পাঠটিত থকা অতীত কাল বুজোৱা ক্রিয়া পদবোৰ বিচাৰি উলিয়াই লিখা৷

উত্তৰ: পাঠটিত থকা অতীত কাল বুজোৱা শব্দবোৰ হৈছে—

(১) গৈছিলোঁ

(২) হৈছিল

(৩) খুৱাইছিল 

(৪) নাছিলোঁ

(৫) নোৱাৰিলোঁ 

(৬) জনালোঁ৷

তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে। তাৰে এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা চিন ‘’ দিয়া। তাৰ পাছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখা।

উদাহৰণ: মণিকা কালি স্কুললৈ আহিব
আহি‍ছিল
— মণিকা কালি স্কুললৈ আহিছিল৷

ক) মই কাইলৈ গুৱাহাটিলৈ যামগৈছিলোঁ
খ) সৌৱা, চৰাইবোৰ আকাশত উৰিছে‍উৰিছিল
গ) যোৱাবেলি আমাৰ ইয়াত বানপানী হ'বহৈছিল
ঘ) আহা, আমি ঘৰলৈ যাওঁগৈছিলোঁ
ঙ) মই কিতাপ পঢ়োঁপঢ়ে‍
চ) তুমি কি কৰিছে‍কৰিছা
ছ) তেওঁ ধান দাইছাদাইছে‍
জ) আমি ছবি আঁকি‍ছিলোঁআঁকি‍ছিল
ঝ) তোমালোকে গীত গাইছিলগাইছিলা
ঞ) তেওঁলোকে বল খেলিছিলখেলিছিলা
ট) দেউতা আজি আহি পামপাব
ঠ) সিহঁতে কাইলৈ চিনেমা চাবচাম
ড) আমি বৰশী বামবাব

উত্তৰ:

ক) মই কাইলৈ গুৱাহাটিলৈ যামগৈছিলোঁ
— মই কাইলৈ গুৱাহাটিলৈ যাম৷
খ) সৌৱা, চৰাইবোৰ আকাশত উৰিছে‍উৰিছিল
— সৌৱা, চৰাইবোৰ আকাশত উৰিছে‍৷
গ) যোৱাবেলি আমাৰ ইয়াত বানপানী হ'ব
হৈছিল
— যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল৷
ঘ) আহা, আমি ঘৰলৈ যাওঁগৈছিলোঁ
— আহা, আমি ঘৰলৈ যাওঁ৷
ঙ) মই কিতাপ পঢ়োঁপঢ়ে‍
— মই কিতাপ পঢ়োঁ৷
চ) তুমি কি কৰিছে‍
কৰিছা
— তুমি কি কৰিছা?
ছ) তেওঁ ধান দাইছা
দাইছে‍
— তেওঁ ধান দাইছে৷
জ) আমি ছবি আঁকি‍ছিলোঁআঁকি‍ছিল
— আমি ছবি আঁকি‍ছিলোঁ৷
ঝ) তোমালোকে গীত গাইছিল
গাইছিলা
— তোমালোকে গীত গাইছিলা৷
ঞ) তেওঁলোকে বল খেলিছিলখেলিছিলা
— তেওঁলোকে বল খেলিছিল৷
ট) দেউতা আজি আহি পাম
পাব
— দেউতা আজি আহি পাব৷
ঠ) সিহঁতে কাইলৈ চিনেমা চাবচাম
— সিহঁতে কাইলৈ চিনেমা চাব৷
ড) আমি বৰশী বাম বাব
— আমি বৰশী বাম৷

তোমালোকে লিখা শুদ্ধ বাক্যবোৰ কাল অনুসৰি শ্ৰেণী বিভাজন কৰি‍ লিখা।

উদাহৰণ:

অতীত কাল বৰ্তমান কাল ভৱিষ্যৎ কাল
মণিকা কালি স্কুললৈ আহিছিল৷ মই কিতাপ পঢ়োঁ মই কাইলৈ গুৱাহাটীলৈ যাম৷

উত্তৰ:

অতীত কাল বৰ্তমান কাল ভৱিষ্যৎ কাল
মই কাইলৈ গুৱাহাটিলৈ যাম৷ সৌৱা, চৰাইবোৰ আকাশত উৰিছে‍৷ দেউতা আজি আহি পাব৷
যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল৷ আহা, আমি ঘৰলৈ যাওঁ৷ সিহঁতে কাইলৈ চিনেমা চাব৷
আমি ছবি আঁকি‍ছিলোঁ৷ মই কিতাপ পঢ়োঁ৷ আমি বৰশী বাম৷
তোমালোকে গীত গাইছিলা৷ তুমি কি কৰিছা?
তেওঁলোকে বল খেলিছিল৷ তেওঁ ধান দাইছে৷

তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পূৰোৱা।

(ক) যোৱাবেলি আমি বনভোজ খাবলৈ ________

উত্তৰ: যোৱাবেলি আমি বনভোজ খাবলৈ  গৈছিলোঁ 

Θ আমাৰ লগত ছাৰ-বাইদেউসকলো ________

উত্তৰ: আমাৰ লগত ছাৰ-বাইদেউসকলো গৈছিল।

Θ বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা ________

উত্তৰ: বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা  কৈছিল 

Θ মাজে মাজে আমি গান ________, স্ফূৰ্তি ________ আৰু কৌতুক শুনি ________

উত্তৰ: মাজে মাজে আমি গান গাইছিলোঁ, স্ফূৰ্তি কৰিছিলোঁ আৰু কৌতুক শুনি হাঁহিছিলোঁ।

(খ) পছোৱা বতাহ বলিছে। সৌৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি  ________। তেওঁলোকৰ কেইজনমানে হাউগুদু  ________। আন কেইজনমানে চিলা  ________। এজনে আকৌ গছৰ তলত বহি বাঁহী  ________। আন এজনে আঁহতৰ পাতেৰে টুপী  ________

উত্তৰ: পছোৱা বতাহ বলিছে। সৌৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি  আছে । তেওঁলোকৰ কেইজনমানে হাউগুদু  খেলিছে । আন কেইজনমানে চিলা  উৰুৱাইছে । এজনে আকৌ গছৰ তলত বহি বাঁহী  বজাইছে । আন এজনে আঁহতৰ পাতেৰে টুপী  সাজিছে 

(গ) মা কাইলৈ মামাহঁতৰ ঘৰলৈ ________। তাত তেওঁ কেইদিনমান ________। মাহীদেউৰ বিয়াৰ পাছতহে উভতি ________। আহোঁতে মোলৈ লাৰু-পিঠা ________

উত্তৰ: মা কাইলৈ মামাহঁতৰ ঘৰলৈ  যাব । তাত তেওঁ কেইদিনমান  থাকিব । মাহীদেউৰ বিয়াৰ পাছতহে উভতি  আহিব । আহোঁতে মোলৈ লাৰু-পিঠা  আনিব 


শব্দ সাজি বাক্য ৰচনা কৰা।

ৰূপ অৰূপ অৰূপৰ পেট-চলা অসুখ হৈ‍ছিল৷
সহ্য অসহ্য
খাদ্য অখাদ্য
সুখ অসুখ
মিল অমিল








উত্তৰ:

ৰূপ অৰূপ অৰূপৰ পেট-চলা অসুখ হৈ‍ছিল৷
সহ্য অসহ্য অসহ্য গৰমত তেওঁ অচেতন হৈ পৰিছিল৷
খাদ্য অখাদ্য অখাদ্য খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷
সুখ অসুখ অসুখত পঢ়া-শুনাৰ ক্ষতি হয়৷
মিল অমিল প্ৰাচ্য সভ্যতা আৰু পাশ্চাত্য সভ্যতাৰ মাজত বহুত অমিল দেখা যায়৷









সমূহীয়া ভোজ-ভাত খালে তলত দিয়া কোনবোৰ কাৰণত আমাৰ পেটৰ অসুখ হ’ব পাৰে?

— সোৱাদ পাই সৰহকৈ খালে 

— আঞ্জাত বেছি জ্বলা-মছলা হ'লে

— অসময়ত খোৱাৰ বাবে

উত্তৰ: সমূহীয়া ভোজ-ভাত খাওঁতে‍ আঞ্জাত বেছি জলা-মছলা হোৱা বাবে আৰু অসময়ত খোৱা বাবে আমাৰ পেটৰ অসুখ হ’ব পাৰে৷

তলৰ চিঠিখনৰ উত্তৰ দিয়া

ৰণাকুছি
ডাকঘৰ: দীঘেলী
তাং: ০১-০৬-২০১৩

কল্যাণীয় প্ৰণৱ,

পোনপ্ৰথমে মোৰ হিয়াভৰা মৰম আৰু শুভাশিস ল’বা৷ ভালেমান দিন তোমাৰ পৰা চিঠি-পত্ৰ নাপাই চিন্তা লাগিছে৷ সৰুবাপু পোনাকণৰ অসুখ ভাল হ’ল নে? দেউতাৰ কাম-কাজ (ব্যৱসায়) কেনে চলিছে? চিঠি পোৱাৰ লগে লগে সবিশেষ জনাই উত্তৰ দিবা৷

ছমহীয়া পৰীক্ষা ওচৰ চাপিছে নিশ্চয়? মন দি পঢ়া-শুনা কৰিবা৷ ছাত্ৰ জীৱনত পঢ়াটোৱেই হৈছে প্ৰধান কাম৷ এতিয়া প্ৰতিযোগিতাৰ যুগ৷ পৰীক্ষাত ভাল ফল দেখুৱাবলৈ যত্ন কৰিবা৷ পোনাকণক মোৰ মৰম আৰু মাৰা-দেউতাৰাক মোৰ কুশল বাতৰি জনাবা৷ বিশেষ নাই৷ তোমাৰ মংগল কামনাৰে, ইতি—

তোমাৰ আইতাৰা
দময়ন্তী

শ্ৰীমান প্ৰণৱ বৰবৰা
মাৰফৎ— প্ৰধান শিক্ষক,
         ধাই আলি এম.ই.স্কুল
ডাকঘৰ— শিৱসাগৰ (অসম)
পিন নং— ৭৮৫০০১


উত্তৰ:

ধাইআলি
ডাকঘৰ: ধাইআলি
তাং: ১১/০৬/২০১৩

পূজনীয়া আইতা,

প্ৰথমে মোৰ সেৱা আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব৷ আপোনালৈ চিঠি এখন লিখাৰ কথা ভাবি থাকোেঁতই আপোনাৰ পৰা চিঠিখন পাই অতি আনন্দিত হৈছোঁ৷ মা-দেউতাকো আপোনাৰ কথা জনাইছোঁ৷ ভাল পাইছে শুনি৷ পোনাকণৰ অসুখটো অলপ ভাল পাইছে যদিও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই৷ ভগৱানে কৃপা কৰিলে হয়তো আৰু অলপ দিনতে সম্পূৰ্ণ সুস্থ হৈ উঠিব৷ দেউতাৰ ব্যৱসায় ঠিকেই চলি আছে৷

আমাৰ ছমহীয়া পৰীক্ষা অহা মাহত হ’ব৷ ভালদৰে পঢ়া-শুনা কৰিছোঁ৷ পৰীক্ষা ভালেই হ’ব বুলি আশা কৰিছোঁ৷ এই প্ৰতিযোগিতাৰ যুগত মই সফলতা অৰ্জন কৰিবলৈ আপোনাৰ আশীৰ্বাদ বিচাৰোঁ৷ চিঠিৰ জৰিয়তেই মা-দেউতায়ো আপোনালৈ সেৱা জনাইছে৷ শেষত পুনৰ আপোনালৈ সেৱা জনাই, ইতি—

আপোনাৰ মৰমৰ
প্ৰণৱ

শ্ৰীযুতা দময়ন্তী বৰবৰা
গাঁও: ৰণাকুছি
ডাকঘৰ: দীঘেলী
জিলা: দৰং (অসম)

দলত আলোচনা কৰি লিখা।

(ক) বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই প্ৰধান শিক্ষক মহোদয়লৈ আৱেদন পত্ৰ লিখা৷

উত্তৰ: 

প্ৰতি,

নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়

বিষয়: বিদ্যালয়ত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাৰ বাবে আৱেদন৷ 

তাৰিখ: ০৩/০৩/২০২১ 

মহোদয়, 

বিনীত নিৱেদন এই যে আমাৰ বিদ্যালয়ত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকাত ছাত্ৰ-ছাত্ৰীসকলৰ অত্যন্ত অসুবিধা হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰা খোৱাপানী আনে যদিও সেয়াই পৰ্যাপ্ত নহয়; কিয়নো সেয়া শেষ হৈ যোৱাৰ পাছত আমাৰ পিয়াহ লাগিলে অসুবিধাত পৰোঁ৷ বিদ্যালয়ত থকা দমকলটোৰ পানী অত্যন্ত আইৰনযুক্ত বাবে খোৱাৰ উপযোগী নহয়৷ হয়তো আমাৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰীসকলেও কেতিয়াবা বিদ্যালয়ত খোৱাপানীৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ 

গতিকে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ হৈ মই প্ৰধান শিক্ষক মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ জনাওঁ যে যথাসম্ভৱ সোনকালে আমাৰ বিদ্যালয়ত পানী ফিল্টাৰৰ ব্যৱস্থা কৰি আমাৰ খোৱাপানীৰ সমস্যাটো দূৰ কৰে যেন৷ ইতি— 

আপোনাৰ একান্ত ব্যাধ্য ছাত্ৰ
শ্ৰী প্ৰণৱ বৰবৰা
পঞ্চম শ্ৰেণী
ৰোল নং ১

(খ) নৱাগত আদৰণী সভাৰ অভি‍জ্ঞতা বৰ্ণাই বন্ধু-বান্ধৱীলৈ চিঠি লিখা৷

উত্তৰ:

মৰমৰ জ্ঞানদীপ,

প্ৰথমে মোৰ মৰম ল’বা৷ আশা কৰোঁ তোমাৰ ভাল৷ তোমাৰ মা-দেইতাৰাৰ আৰু ভণ্টিৰো ভালেই নিশ্চয়৷ মোৰ আৰু মোৰ পৰিয়ালৰ সকলো কুশলেই আছোঁ৷ কালি আমাৰ বিদ্যালয়ত নৱাগত আদৰণী সভা হৈ গ'ল৷ নতুন বিদ্যালয়ৰ নতুন অভি‍জ্ঞতাৰ বিষয়ে জনাবলৈকে তোমালৈ চিঠি লিখিছোঁ৷

আগৰ বছৰবোৰৰ দৰে এইবাৰো আমাৰ স্কুলত নতুনকৈ বিভি‍ন্ন শ্ৰেণীত নামভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাবলৈ নৱাগত সভা অনুষ্ঠিত কৰা হৈছিল৷ নতুনকৈ পঞ্চম শ্ৰেণীত নাম লগোৱা বাবে ময়ো নৱাগতৰ শাৰীতে পৰিলোঁ৷ কালিৰ সভাখনত প্ৰধান শি‍ক্ষক মহোদয়ে‍ সভাপতিত্ব কৰিছিল৷ ওচৰৰে বিদ্যালয়খনৰ প্ৰধান শি‍ক্ষকো বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল৷ বিদ্যালয়খনত পঢ়ি থকা পুৰণা ছাত্ৰ-ছাত্ৰীসকেল নৱাগতসকলক উদ্দেশ্যি বক্তৃতা দিছিল৷ নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰো দুই-একে বিদ্যালয়খনত এতিয়ালৈকে হোৱা অভি‍জ্ঞতা সম্পৰ্কে দুই-এষাৰ কৈছিল৷ বিদ্যালয়ৰ সহকাৰী শি‍ক্ষয়িত্ৰী জুৰি‍ বাইদেৱে আমাৰ সকলোকে বিদ্যালয়খনৰ নীতি‍-নিয়মসমূহ ভৱিষ্যতে পালন কৰি যাবলৈ কৈছিল৷ বিদ্যালয়ৰ শি‍ক্ষক-শি‍ক্ষয়িত্ৰীৰ তৰফৰ পৰা আমাৰ নৱাগতসকলক বৰ ধুনীয়া একো একোটা কলম উপহাৰ দিছিল৷ লিখিবলৈ বৰ ভাল লাগে৷ সভাত নাচ-গানো হৈছিল৷ ময়ো এটা গান গাইছিলোঁ৷ সকলোৱে ভাল হৈছে বুলি কৈছিল৷

সভাৰ শেষৰ ফাললৈ প্ৰধান শি‍ক্ষক মহোদয়ে আমাৰ ন-পুৰণি সকলো ছাত্ৰ-ছাত্ৰীকে মিলি-জুলি থাকি বিদ্যালয়ৰ গৌৰৱ বঢ়াবলৈ উপদেশ দিছিল৷ সভাৰ শেষত শি‍ক্ষক-শি‍ক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে একেলগে মিলি প্ৰীতিভোজ খাইছিলোঁ৷ খাই-বৈ আমি‍ সকলো ঘৰমুৱা হৈছিলোঁ৷ কালিৰ দিনটো বিদ্যালয়ত বৰ ভাল লাগিছিল৷

আজিলৈ আৰু নিলিখোঁ৷ চিঠিখন পালে তোমাৰ খা-খবৰ জনাই মোলৈ চিঠি লিখিবা৷ ইতি

তোমাৰ মৰমৰ
দেৱ

(গ) চিঠি আৰু আৱেদনৰ মূল ভাগ কেইটা আৰু কি কি? কোনটো ভাগত কি লিখিব লাগে?

উত্তৰ: 

উত্তৰ: চিঠিৰ মূল ভাগ চাৰিটা আৰু সেইকেইটা হৈছে‍ (১) শিৰোনাম, (২) সম্বোধন, (৩) মূল অংশ আৰু (৪) বিদায় সম্ভাষণ/ সামৰণি৷ 

আৱেদনৰ মূল ভাগ তিনিটা আৰু সেইকেইটা হৈছে‍ (১) সম্বোধন, (২) মূল অংশ আৰু (৩) বিদায় সম্ভাষণ/ সামৰণি৷ 

তলত কোনটো ভাগত কি লিখিব লাগে সেয়া উল্লেখ কৰা হৈছে‍

(১) শিৰোনাম: চিঠি লিখোঁতাই যি ঠাইৰ পৰা চিঠিখন লিখে, সেই ঠাইখনৰ নাম একেবাৰে ওপৰভাগত সোঁকাষে লিখা হয়৷ লগতে চিঠি লিখাৰ তাৰিখটোও এই শিৰোনাম অংশত লিখা হয়৷ সাধাৰণতে আৱেদনত এই অংশ নাথাকে৷

(২) সম্বোধন: চিঠিৰ ক্ষেত্ৰত শিৰোনামৰ তলতে বাঁওকাষলৈ পূজনীয়/ পূজনীয়া, শ্ৰদ্ধেয়/ শ্ৰদ্ধেয়া, মৰমৰ/ প্ৰিয় আদি সম্বোধন লিখা হয়৷ আৱেদনৰ ক্ষেত্ৰত মহোদয়/ মহোদয়া লিখা হয়৷

(৩) মূল অংশ: চিঠিৰ ক্ষেত্ৰত সম্বোধনৰ তলতে শ্ৰদ্ধা/ মৰম জনাই মূল অংশ প্ৰকাশ কৰিব লাগে৷ ইয়াতে নিজৰ খা-খবৰ, সুখ-দুখ, আনন্দ-বেদনা আদি প্ৰকাশ কৰা হয়৷ আৱেদনৰ ক্ষেত্ৰত এই অংশত অভাৱ-অভিযোগ আদি লিখা হয়৷

(৪) বিদায় সম্ভাষণ/ সামৰণি‍: চিঠিৰ এই অংশটোত সিটো পক্ষৰ উত্তৰ কামনা কৰি লিখোঁতাই নিজৰ কথাৰ সামৰণি মাৰে৷ সৰ্বশেষত ‘ইতি’ বুলি লিখি নিজৰ নাম লিখিব লাগে৷

আৱেদনৰ ক্ষেত্ৰত এই অংশটোত অভাৱ-অভিযোগ পূৰণৰ বাবে বিনম্ৰ অনুৰোধ জনাই সৰ্বশেষত ‘ইতি’ বুলি লিখি নিজৰ নাম-ঠিকনা লিখিব লাগে৷

প্ৰকল্প

স্থানীয় ডাকঘৰত হোৱা কাম-কাজৰ বুজ লৈ তলৰ বিষয়বোৰৰ চমু টোকা লিখা৷ 

ডাক-টিকট, পোষ্টকাৰ্ড, খাম ,মনি অৰ্ডাৰ/ বৈদ্যুতিন মনি অৰ্ডাৰ, ক্ষুদ্ৰ সঞ্চয়/ ডাক বীমা, পিন ক’ড

উত্তৰ: 

 ডাক-টিকট: ডাকঘৰৰ জৰিয়তে চিঠি‍-পত্ৰ প্ৰেৰণ কৰোঁতে‍ খামৰ ওপৰত ডাকঘৰত এক ধৰণৰ টিকট লগোৱা হয়৷ ইয়েই হৈছে ডাক-টিকট৷ এই টিকটবিলাক ডাকঘৰত কিনিবলৈ পোৱা যায়৷ ডাক-টিকটবিলাকত বিভিন্ন ছবি থকা দেখা যায়৷

❅ পোষ্টকাৰ্ড: পোষ্টকাৰ্ডবিলাকো চিঠি‍-পত্ৰ আদি লিখা কামত ব্যৱহাৰ কৰা হয়৷ এইবিলাকো ডাকঘৰতে কিনিবলৈ পোৱা যায়৷ পোষ্টকাৰ্ডৰ এপিঠিত নিজৰ কথাখিনি লিখি ডাকঘৰৰ জৰিয়তে আনলৈ প্ৰেৰণ কৰিব পাৰি৷ পোষ্টকাৰ্ডত ডাক-টিকট লগোৱাৰ প্ৰয়োজন নাই৷

❅ খাম: চিঠি‍-পত্ৰ, টকা-পইচা আদি খামৰ ভিতৰত ভৰাই আনলৈ প্ৰেৰণ কৰা হয়, যাতে ভিতৰত চিঠি‍-পত্ৰ বা টকা-পইচাখিনি সুৰক্ষিত থাকে৷ খাম ডাকঘৰৰ লগতে‍ কিতাপ-পত্ৰৰ দোকানতো কিনিবলৈ পোৱা যায়৷ ঘৰতো খাম তৈয়াৰ কৰি ল’ব পাৰি৷ ডাকঘৰৰ জৰিয়তে চিঠি‍-পত্ৰ প্ৰেৰণ কৰোেঁত এই খামবিলাকৰ ওপৰত ডাক-টিকট লগোৱা হয়৷

❅ মনি-অৰ্ডাৰ/ বৈদ্যুতিন মনি অৰ্ডাৰ: ডাকঘৰত কম মূল্যতে মনি‍ অৰ্ডাৰ ফৰ্ম কিনিবলৈ পোৱা যায়৷ দূৰলৈ টকা-পইচা প্ৰেৰণ কৰিবলৈ মনি‍-অৰ্ডাৰত টকাৰ পৰিমাণ আৰু টকা পাবলগীয়া ব্যক্তিজনৰ নাম লিখি ডাকঘৰৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰি৷ এই ব্যৱস্থাত দীঘলীয়া সময়ৰ প্ৰয়োজন হয় বাব‍ে আজি‍-কালি বৈদ্যুতিন মাধ্যমেৰে টকা-পইচা মিনিটৰ ভিতৰতে প্ৰেৰণ কৰা হয়৷

❅ ক্ষুদ্ৰ সঞ্চয়/ ডাক বীমা: ক্ষুদ্ৰ সঞ্চয় আৰু ডাক বীমা আঁচনিৰ জৰিয়তে ডাকঘৰত টকা-পইচা জমা ৰাখিব পাৰি৷ ইয়াৰ বিনিময়ত জমা কৰোঁতাই নিৰ্দিষ্ট হাৰত সুত লাভ কৰে৷

❅ পিন ক’ড: ঠিকনাৰ সুবিধাৰ বাবে একো একোটা বৃহৎ অঞ্চল সামৰি একোটা বিশেষ নম্বৰ দি লোৱা হয়, যাতে একে নামৰ দুখন ঠাইৰ মাজতো ডাক-প্ৰেৰণৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহয়৷ এই বিশেষ নম্বৰটোকেই ডাক সূচাংক বা পিন ক’ড বুলি কোৱা হয়৷ ইয়াক ইংৰাজীত PIN হিচাপে লিখা হয় আৰু ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে‍ Postal Index Number৷

তৈয়াৰ কৰা

খাম

(ছাত্ৰ-ছাত্ৰীৰ বাবে খাম প্ৰস্তুতকৰণ সম্পৰ্কীয় তলৰ ভিডিঅ’টো দিয়া হৈছে‍)

খাম প্ৰস্তুতকৰণ


 ❅ শুভেচ্ছাপত্ৰ

(ছাত্ৰ-ছাত্ৰীৰ বাবে শুভেচ্ছাপত্ৰ প্ৰস্তুতকৰণ সম্পৰ্কীয় তলৰ ভিডিঅ’টো দিয়া হৈছে‍)

শুভেচ্ছাপত্ৰ প্ৰস্তুতকৰণ
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ