পিঠাৰ মেল— অংকুৰণ, পঞ্চম শ্ৰেণী

পিঠাৰ মেল

পিঠাৰ মেল

পাঠভিত্তিক ক্ৰিয়া


১৷ পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া
২৷ দলত ভাগ হৈ পদ্যটো আবৃত্তি কৰা
— পিঠাৰ মেল কবিতাটিৰ দলগত আবৃত্তিৰ এটি অ'ডিঅ' তলত আগবঢে়াৱা হৈছে‍৷ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ জৰি‍য়তে উপকৃত হব...



৩৷ পিঠাৰ মেল পদ্যটো কাহিনী আকাৰে কোৱা

উত্তৰ:  

পিঠাৰ মেল 

   এখন গাঁৱত অকমানি নামৰ এজনী ছোৱালী আছিল। তাইৰ মাকে বিহু উপলক্ষ্যে পিঠা লাৰু আদি বনাইছিল। পিঠাবোৰ এটা পাচিত ভৰাই সিহঁতৰ ভঁৰালীকোঠাত থৈ দিছিল। সেইদিনা আছিল উৰুকাৰ ৰাতি। পিঠাবোৰে পাচিত বহি কথাপাতি আছিল। তেনেতে হঠাৎ চুঙা পিঠাই খোলাচাপৰীয়া পিঠাক বাই বুলি সম্বোধন কৰি তেওঁ দেশৰ কথাবোৰ শুনিছেনে নাই সুধিছিল। আৰু অতি দূখেৰে কৈছিল যে এই দেশত আৰু বেছি দিন পিঠা লাৰুবোৰ জীয়াই নাথাকে। সিহঁতৰ মৰণকাল চমু চাপি আহিছে। সেই কথা শুনি সুতুলী পিঠাই দুখ মনেৰে তেনে কথা নবলৈ কৈছিল।  তেতিয়া ফেনিপিঠাই ফেন উলিয়াই উলিয়াই চুঙাপিঠাৰ কথাত হয়ভৰ দি কৈছিল যে চুঙাপিঠাই মিছা কথা কোৱা নাই। আজিকালি অকমানিয়ে পিঠা লাৰুৰ সলনি লুচি, বিস্কুত, চাহ, ৰসগোল্লা এইবোৰহে খাবলৈ ভাল পায়। পিঠা, লাৰুবোৰৰ ফালে ঘিণৰ চকুৰেহে চায়। তেওঁ পুনৰ দুখ মনেৰে কৈছিল যে পিঠাৰ যিমান অপমান হলেও কোনেও তালৈ মন-কাণ নিদিয়ে। শেষত ফেনিপিঠাই কৈছিল যে এইদৰে পিঠা লাৰুৰ আদৰ কমি আহিলে এটা সময়ত পিঠা লাৰুবোৰ এই দেশৰ পৰা নোহোৱা হৈ যাব। সকলোৱে পিঠা, লাৰুক পাহৰি পেলাব।  

৪৷ কোনে, কাক, কি প্ৰসংগত কৈছে?
(ক) ‘‘এই দেশত আৰু বেছি দিন
         নাই আমাৰ ভাত’’
উত্তৰ: 

‘‘এই দেশত আৰু বেছি দিন

 নাই আমাৰ ভাত’’
   উৰুকাৰ ৰাতি যেতিয়া অকমানিহঁতৰ ভঁৰালীকোঠাত পিঠাবোৰে পাচিত বহি কথা পাতি  আছিল, তেতিয়া চুঙাপিঠাই খোলাচাপৰীয়া পিঠাক উক্ত কথাষাৰ কৈছিল। কাৰণ আজিকালি মানুহে লুচি, বিস্কুত, ৰসগোল্লা আদিহে‍খাবলৈ বিচাৰে। মানুহৰ মাজত লাৰু-পিঠাৰ আদৰ কমি আহিবলৈ ধৰিছে। সেয়েহে চুঙাপিঠাই উক্ত কথাষাৰ কৈছে

(খ) ‘‘কিয় কৱ তেনে দুখ লগা কথা
উত্তৰ:  ‘‘কিয় কৱ তেনে দুখ লগা কথাউক্ত কথাষাৰ সুতুলী পিঠাই চুঙাপিঠাক কৈছিল
 চুঙাপিঠাই পিঠা-লাৰুৰ মৰণকাল চমু চাপি অহা বুলি ভয় কৰি এই  দেশত আৰু বেছি দিন আমাৰ ভাত নাই বুলি কোৱা কথাত মনত দুখ পাই সুতুলী পিঠাই কথাষাৰ কৈছিল

(গ) ‘‘লাৰু আৰু পিঠাবোৰক হায়
     ঘিণৰ চকুৰে চায়
উত্তৰ: 
‘‘লাৰু আৰু পিঠাবোৰক হায়
ঘিণৰ চকুৰে চায়

   উক্ত কথাষাৰ ফেনিপিঠাই আন পিঠাবোৰক কৈছিল। চুঙাপিঠাই পিঠাবোৰৰ মেল চলি থাকোঁতে যেতিয়া  এই দেশত আৰু বেছি দিন পিঠাবোৰৰ ভাত নাই বুলি কৈছিল,  তেতিয়া চুঙাপিঠাৰ কথাত হয়ভৰ দি ফেনিপিঠাই কথাষাৰ কৈছিল

 ৫৷ তলৰ খালী ঠাইবিলাক বাকচত থকা উপযুক্ত শব্দৰে পূৰোৱা—

 ভঁৰালীকোঠা  উৰুকা  পাচি  ঘপৰাই   
ঘোৰ অপমান    হঠাৎ    ঘিণ  

উদাহৰণ— অতি অসন্মান/ অৱমাননা   ঘোৰ অপমান 
অকস্মাৎ
বিহুৰ আগদিনা
শস্য আদি থবৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি   
লৰালৰিকৈ কৰা কাৰ্য 
ঘৃণা,  ভাল নোপোৱা 
বস্তু সামৰি থোৱা কোঠা

উত্তৰ: 

অকস্মাৎহঠাৎ
বিহুৰ আগদিনাউৰুকা
শস্য আদি থবৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলিপাচি
লৰালৰিকৈ কৰা কাৰ্য ঘিণ
বস্তু সামৰি থোৱা কোঠাভঁৰালীকোঠা

৬৷ পদ্যটোত উল্লেখ থকা পিঠাৰ নামবোৰ পাচিৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা—
উদাহৰণ:  চুঙাপিঠা
উত্তৰ: সুতুলী পিঠা 
      ফেনিপিঠা
      খোলাচাপৰীয়া পিঠা

উত্তৰ লিখা:
(ক) খোলাচাপৰীয়া পিঠাক কোনে, কি বুলি সম্বোধন কৰিছিল?
উত্তৰ: খোলাচাপৰীয়া পিঠাক চুঙাপিঠাই বাইবুলি সম্বোধন কৰিছিল
(খ) কি কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল?
উত্তৰ: চুঙাপিঠা, সুতুলীপিঠা, ফেনিপিঠা আৰু খোলাচাপৰীয়া পিঠাই  পিঠাৰ মেলত ভাগ লৈছিল
(গ) অকমানিয়ে পিঠা, লাৰুৰ সলনি কি কি খাবলৈ বিচাৰে?
উত্তৰ: অকমানিয়ে পিঠা, লাৰুৰ সলনি  লুচি, বিস্কুত, চাহপানী, ৰসগোল্লা আদি খাবলৈ বিচাৰে



ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

‘‘চুঙাপিঠাই মাতিলে ঘপৰাই খোলাচাপৰীয়া বাই
ঘপৰাই শব্দটোৰ দৰে টপৰাইশব্দটোৱেও ততালিকেঅৰ্থ প্ৰকাশ কৰে
উদাহৰণ:
(ক) ৰাজুৱে সকলো কথাতে ঘপৰাই মাতে
(খ) সি টোপনিৰ পৰা ঘপৰাই উঠিল
(গ) সকলো প্ৰশ্নৰ উত্তৰ ঘপৰাই দিয়া সহজ কথা নহয়

ওপৰত ঘপৰাইশব্দটো ব্যৱহাৰ কৰি লিখাৰ নিচিনাকৈ টপৰাইশব্দটো ব্যৱহাৰ কৰি তিনিটা বেলেগ বেলেগ বাক্য লিখা
উত্তৰ:  
(ক) শিক্ষকৰ প্ৰশ্নত যদুৱে টপৰাই উত্তৰ দিয়ে
(খ) ডাঙৰৰ কথাৰ মাজত সৰুৱে টপৰাই মাত মাতিব নালাগে
(গ) কথাৰ মাজত টপৰাই কথা কোৱা লোকক সকলোৱে ভাল নাপায়

দলত আলোচনা কৰি শব্দবোৰৰ পাৰ্থক্য উলিয়াই একোটাকৈ বাক্য ৰচনা কৰা
উদাহৰণ: পাঁতি (শাৰী) তামোলৰ পুলিবোৰ পাঁতি পাঁতিকৈ ৰুবা
পাটী (এবিধ আসন) পাটীত বহি কণমইনাই সাধু শুনি আছে
(ক) কথা   কঠা 
(খ) পানী   পাণি 
(গ) মাটি  মাতী
(ঘ) দিন  দীন
(ঙ) কালি   কালী
(চ) খালি  খালী

উত্তৰ: 
(ক) কথা (মুখেৰে প্ৰকাশ কৰা মনৰ ভাব)—  মানুহে চাই-চিটি কথা'ব লাগে
কঠা (মাটিৰ জোখৰ এটা একক)— মই মাটি দুকঠা কিনো বুলি ভাবিছোঁ
(খ) পানী (জল)— পানী জীৱৰ প্ৰাণ
পাণি (হাত)— ভগৱান বিষ্ণুৰ পাণিত চক্ৰ থাকে বাবে তেওঁক চক্ৰপাণি বোলে
(গ) মাটি (পৃথিৱীৰ উপৰিভাগ)— দ মাটিত ধানখেতি ভাল হয়
মাতী (মাইকী জন্তু)— মাতী হৰিণীজনীয়ে পোৱালিটোক গাখীৰ খুৱাইছে
(ঘ) দিন (সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে সময়ছোৱা)— দিনত আমি তৰাবোৰ নেদেখোঁ
দীন (দুখীয়া)— মানুহজন আৰ্থিকভাৱে দীন'লেও মনৰ চহকী
(ঙ) কালি (আজিৰ আগৰ দিনটো)— কালি মই মামাহঁতৰ ঘৰলৈ গৈছিলোঁ
কালী (এগৰাকী দেৱী)— কালীপূজা আৰু দেৱালী একেলগে অনুষ্ঠিত হয়
(চ) খালি ( কলপটুৱাৰে সজা এবিধ পাত্ৰ)— আগৰ দিনত সেৱা-সকামত জা-জলপান দিবলৈ খালি ব্যৱহাৰ কৰিছিল
খালী (উদং)— আমি খালী চকুৰে বীজাণুবোৰ নেদেখোঁ



জানো আহা

‘‘লাৰু আৰু পিঠাবোৰক হায় 
ঘিণৰ চকুৰে চায়’’

ওপৰৰ আৰু শব্দৰ দৰে আন কিছুমান শব্দ আছে যিবোৰৰ কোনো পুৰুষ, বচন আৰু বিভক্তিতেই ৰূপৰ সলনি নহয়। যেনে— এতেকে, বা, নতুবা,  নাইবা,  কিন্তু,  অথচ আদি এনে ধৰণৰ শব্দ। এই শব্দবোৰকে অব্যয় পদ বোলা হয়

নাওখনত দিয়া অব্যয় পদেৰে তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা—
  এতেকে গতিকে নাইবা যিহেতু দেখোন কিন্তু আৰু বা


(ক) ৰমলা       ৰহিমলা দুয়ো বাই-ভনী
(খ) বিদ্যাই পৰম ধন        মনোযোগেৰে পঢ়া-শুনা কৰিব লাগে
(গ) এটা ঘৰ     এখন চকীৰ ছবি আঁকা
(ঘ) কাহিনী শুনিও        ৰস পোৱা যায়
(ঙ) মই আজি খেলিবলৈ নাযাওঁ        কাইলৈ মোৰ পৰীক্ষা আছে

উত্তৰ:
(ক) ৰমলা  আৰু  ৰহিমলা দুয়ো বাই-ভনী
(খ) বিদ্যাই পৰম ধন  এতেকে  মনোযোগেৰে পঢ়া-শুনা কৰিব লাগে
(গ) এটা ঘৰ  বা  এখন চকীৰ ছবি আঁকা
(ঘ) কাহিনী শুনিও  কিন্তু  ৰস পোৱা যায়
(ঙ) মই আজি খেলিবলৈ নাযাওঁ  যিহেতু  কাইলৈ মোৰ পৰীক্ষা আছে



জ্ঞান সম্প্ৰসাৰণ

আকস্মিক বক্তৃতাঅনুষ্ঠান পাতি তলৰ বস্তুবোৰৰ বিষয়ে কোৱা

চুঙাপিঠা উৰুকা ৰসৰ গোল্লা (ৰসগোল্লা) বিহুৱান ফেনিপিঠা বিহু নাৰিকলৰ লাৰু
উত্তৰ: 
  চুঙাপিঠা: নমস্কাৰ, আজি আকস্মিক বক্তৃতাত মোৰ ভাগত বিষয় হিচাপে  এনে এটা বস্তু পৰিছে যিটো বস্তু মাঘৰ বিহুৰ সময়ত অসমীয়াৰ ঘৰে ঘৰে পোৱা যায়। সেই বস্তুটো হৈছে চুঙাপিঠা। চুঙাপিঠা বৰা চাউলেৰে তৈয়াৰ কৰা হয়। তাৰ বাবে প্ৰথমে বৰা চাউলখিনি ভালদৰে ধুই কেই ঘণ্টামান তিয়াই থোৱা হয়। তাৰ পাছত বৰা চাউলবোৰ বাঁহৰ চুঙাত পানীৰে সৈতে ভৰাই খেৰৰ সোপাৰে চুঙাৰ মুখখন বন্ধ কৰি দিয়া হয়। চুঙাপিঠা পুৰিবলৈ সকলো বাঁহৰ চুঙা উপযুক্ত নহয়। কোটোঁহা বাঁহৰ চুঙা চুঙাপিঠাৰ বাবে উপযুক্ত।  কিছুমান ঠাইত চাউলৰ উপৰি বৰা চাউলৰ পিঠাগুডি়ৰেও চুঙাপিঠা বনোৱা হয়। তাৰ পাছত চাউল ভৰ্তি চুঙাবোৰ পোৰা হয়। চাউল ভালদৰে সিজিলে নমাই থোৱা হয়। ঠাণ্ডা হলে চুঙাবোৰ ফালি  পিঠাবোৰ  সৰু সৰুকৈ টুকুৰা কৰি দৈ, ক্ৰীম বা এঁৱা গাখীৰ আৰু গুৰৰ লগত খোৱা হয়। 

  উৰুকা: নমস্কাৰ, আজি আকস্মিক বক্তৃতাত মোৰ ভাগত বিষয় হিচাপে এনে এটা বস্তু পৰিছে যিটো সকলো অসমীয়াৰে বৰ হেঁপাহৰ। সেইটো হৈছে উৰুকা। বিহুৰ আগদিনাখনক উৰুকা বোলে। উৰুকাৰ দিনা সকলো অসমীয়া জীয়ৰী- বোৱাৰীয়ে পিঠা-পনা, জা-জলপান আদি তৈয়াৰ কৰি বিহুটিক  আদৰিবলৈ সাজু হয়। আমাৰ অসমীয়াৰ বাপটি সাহোন বিহু তিনিটা। সেই অনুসৰি উৰুকাও তিনিটা। তাৰ ভিতৰত মাঘৰ বিহুৰ উৰুকা আটাইতকৈ জনপ্ৰিয়। কাৰণ মাঘৰ বিহুৰ উৰুকাৰ নিশা ভেলাঘৰত গাঁৱৰ ডেকাসকলে ভোজ-ভাত খোৱা নিয়ম পৰম্পৰাগতভাবে চলি আহিছে। তাৰ বাবে ডেকাসকলে কেইবাদিনো আগৰ পৰা পথাৰত নৰা কাটি, ইঘৰ-সিঘৰৰ পৰা বাঁহ কাটি আনি পথাৰৰ মাজত ভেলাঘৰ সাজে। ভেলাঘৰত উৰুকাৰ নিশা চুবুৰীয়াৰ ঘৰৰ পৰা হাঁহ-পাৰ, খৰি-খেৰ আদি চুৰ কৰি আনি আনন্দেৰে ভোজ-ভাত খাই গোটেই ৰাতি উজাগৰে থাকে। পাছদিনা দোকমোকালিতে গা ধুই মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰে।  এনেদৰে অসমীয়াই উৰুকা উদ্‌যাপন কৰে

ৰসগোল্লা: নমস্কাৰ, আজি আকস্মিক বক্তৃতাত মোৰ ভাগত বিষয় হিচাপে এনে এটা বস্তু পৰিছে যিটো বস্তুৰ নাম শুনিলেই সকলোৰে জিভাৰ পানী পৰে। সেই বস্তুটো হৈছে ৰসগোল্লা। ৰসগোল্লা সকলোৰে বৰ প্ৰিয় মিঠাই। উৎসৱ-পাৰ্বণ, বিয়া-সবাহ আদিত অতিথি আপ্যায়নৰ বাবে খাদ্যতালিকাত ৰসগোল্লা থাকেই। ৰসগোল্লা বনাবলৈ সৰহীয়াকৈ গাখীৰ আৰু চেনিৰ প্ৰয়োজন। প্ৰথমে গাখীৰখিনি গৰমাই নেমু বা ভিনেগাৰ অকণমান দি ফালি লোৱা হয়। তাৰ পাছত গাখীৰখিনি এখন পাতল কাপোৰত বান্ধি ওলোমাই ৰাখি পানীখিনি পৃথক কৰা হয়। তাৰ পাছত চানাখিনিত সামান্য ময়দা মিহলাই মথি লৈ সৰু সৰু বল বনোৱা হয়। তাৰ পাছত চেনিপানীত বলবোৰ উতলাই লোৱা হয়। সেইবোৰ সিজিলে  নমাই থৈ চেনিপানীত দুবাই ৰখা হয়। এনেদৰে ৰসগোল্লা তৈয়াৰ কৰা হয়

বিহুৱান:  নমস্কাৰ, আজি আকস্মিক বক্তৃতাত মোৰ ভাগত এনে এটা বিষয় পৰিছে যিটো ৰঙালী বিহুৰ লগত জড়িত। সেই বস্তুটো হৈছে বিহুৱান। 
   ৰঙালী বিহুত জ্যেষ্ঠজন আৰু প্ৰিয়জনক বিহুৱান যচা হয়। তাৰ বাবে আগৰে পৰাই শিপিনীসকলে তাঁতশালত গামোচা লগাই বিভিন্ন ৰকমৰ বুটা বাছি বিহুৱান বৈ উলিয়া। বিহুত জ্যেষ্ঠ লোক আৰু আলহী-অতিথিক বিহুৱানেৰে সন্মান যচা পৰম্পৰা আগৰে পৰাই প্ৰচলিত। বিহুৱান ববৰ বাবে প্ৰথমে সূতা লৈ তাঁতবাতি কৰি হয়। তাৰ পাছত ব তুলি লৈ তাঁত বোৱা হয়। ফুল বাছিবৰ বাবে চানেকিৰ পৰা বিভিন্ন আৰ্হি গোটাই লোৱা হয়। বিহুৱান ববলৈ সাধাৰণতে বগা আৰু ৰঙা ৰঙৰ সূতা ব্যৱহাৰ কৰে। 
  বিহুৱান কেৱল এখন কাপোৰ নহয়, ইয়াত শিপিনীগৰাকীৰ মৰম আৰু শ্ৰদ্ধা সোমাই থাকে। ই অসমীয়া মানুহৰ আটাইতকৈ সন্মানৰ সম্পদ। 

বিহু: আজি আকস্মিক বক্তৃতাত মোৰ ভাগত এনে এটা বিষয় পৰিছে যি অসমীয়াৰ বাপটি- সাহোন। সেইটো হৈছে বিহু। বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহু তিনিটা— বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। চত আৰু বহাগ মাহৰ দোমাহীৰ দিনা বহাগ বিহু আৰম্ভ হয়। এই বিহু সাতদিনীয়াকৈ পালন কৰা হয়। প্ৰথম দিনা গৰু বিহু। সেইদিনা পুৱাই মাহ-হালধিৰে গৰুক গা ধুৱাই পথাৰত এৰি দিয়ে। গধূলি নতুন পঘাৰে বান্ধে। গোহালিত জাগ দিয়ে। দ্বিতীয় দিনা মানুহ বিহু। সেইদিনা সকলোৱে পিতৃ-মাতৃ আৰু জ্যেষ্ঠজনক সেৱা কৰে আৰু বিহুৱান দিয়ে। এইদৰে সাত দিনলৈ বিভিন্ন নিয়মেৰে এই বিহু পালন কৰা হয়। বহাগ বিহুত ঘৰে ঘৰে হুচৰিও গোৱা হয়। 
   দ্বিতীয় বিহুটো হৈছে কাতি বিহু। এই বিহুত প্ৰতিঘৰ অসমীয়াই তুলসীৰ তল, ভঁৰাল আৰু পথাৰত চাকি জ্বলায়। 
   তৃতীয় বিহুটো হৈছে মাঘ বিহু। এই বিহুত উৰুকাৰ ৰাতি গাঁৱৰ ডেকাসকলে ভেলাঘৰত ভোজ-ভাত খায়। বিহুৰ দিনা পুৱাই মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰে। সেইদিনা চিৰা, পিঠা, জা-জলপান আদি খোৱা হয়। 
  এনেকৈয়ে অসমীয়াই বিহু পালন কৰে

নাৰিকলৰ লাৰু: নমস্কাৰ, আজি আকস্মিক বক্তৃতাত মোৰ ভাগত বিষয় হিচাপে এনে এটা বস্তু পৰিছে যিটো বস্তু সকলোৰে প্ৰিয়। সেই বস্তুটো হৈছে নাৰিকলৰ লাৰু। নাৰিকলৰ লাৰু সাধাৰণতে বিহুত বনোৱা হয় যদিও আন সময়তো কেতিয়াবা বনোৱা হয়। নাৰিকলৰ লাৰু বনাবলৈ প্ৰথমে নাৰিকলখিনি ৰুকি লৈ তাত প্ৰয়োজন অনুসৰি চেনি‍ সানি ১ঘণ্টামানৰ বাবে ঢাকি ৰাখিব লাগে। তাৰ পাছত এখন পৰিষ্কাৰ কেৰাহীত  মিশ্ৰিণখিনি লৈ একেবাৰে কম জুইত ভাজিব লাগে। যেতিয়া নাৰিকলখিনিত আঠা উঠিব, তেতিয়া নমাই আনি গৰমে গৰমে লাৰুৰ আকাৰ দিব লাগে। ঠাণ্ডা হ'লে লাৰুবোৰ তান হৈ পৰিব। নাৰিকলৰ লাৰু খাবলৈ বৰ সোৱাদ

তিল পিঠা: নমস্কাৰ,  আজি আকস্মিক বক্তৃতাত  মোৰ ভাগত বিষয় হিচাপে এনে এটা বস্তু পৰিছে যিটো বস্তু বিহুৰ লগত ওতপ্ৰোতভাৱে জড়িত। সেইটো হৈছে তিলপিঠা। তিলপিঠা বনাবলৈ বৰাচাউলৰ পিঠাগুড়ি, তিল আৰু গুৰ লাগে। প্ৰথমে বৰাচাউলখিনি কিছু সময় তিয়াই ৰখা হয়। তাৰ পাছত টুকি থৈ পানীখিনি যাবলৈ দিয়া হয়। তাৰ পিছত ঢেঁকীত খুন্দি লোৱা হয়। তিল ভাজি গুড়ি‍ কৰি গুৰৰ লগত সানি লোৱা হয়।  তাৰ পিছত টেৱা বা কেৰাহীত পিঠাগুড়ি অলপ অলপকৈ দি বহলাই মেলি দিয়া হয়। তাৰ ওপৰত তিল, গুৰৰ মিশ্ৰিণখিনি দি মেৰিয়াই দিয়া হয়। এনেদৰে বিহুৱে-সংক্ৰান্তিয়ে অসমীয়া মানুহে তিলপিঠা বনায় 

দলত আলোচনা কৰি লিখোঁ আহা—

(ক) তোমালোকৰ ঘৰত বিহু আৰু আন আন উৎসৱত কি কি পিঠা ভাজে আৰু পোৰে?
উত্তৰ: আমাৰ ঘৰত বিহু আৰু আন আন উৎসৱত তিলপিঠা, বৰপিঠা, জেংপিঠা, ঘিলা পিঠা আদি পোৰে
(খ) পদ্যটোত থকা পিঠাবোৰৰ বাহিৰে কি কি  পিঠা আৰু জলপানৰ নাম জানা?
উত্তৰ: পদ্যটোত থকা পিঠাবোৰৰ বাহিৰে আন কিছুমান পিঠাৰ নাম হ’ল— কলপিঠা,  তিলপিঠা, ঘিলা পিঠা, বৰ পিঠা, টেকেলি পিঠা, জেং পিঠা আদি

জলপানৰ নাম— 
বৰা চাউলৰ জলপান,  কোমল চাউলৰ জলপান,  চিৰা দৈ, সান্দহ,  কৰাই গুডি়, ভজা পিঠাগুডি় আদি

(গ) তুমি দেখা আৰু খোৱা কিছুমান পিঠা আৰু লাৰুৰ ছবি আঁকি তাৰ তলত নামবোৰ লিখা

যিকোনো এবিধ লাৰু বা পিঠাৰ প্ৰস্তুত প্ৰণালী সম্পৰ্কে ঘৰত সুধি টোকা বহীত লিখা

উত্তৰ: 
নাৰিকলৰ লাৰুৰ প্ৰস্তুত প্ৰণালী
উপকৰণ: নাৰিকল আৰু চেনি‍

প্ৰণালী: প্ৰথমে নাৰিকলখিনি ৰুকি লৈ তাত প্ৰয়োজন অনুসৰি চেনি‍ সানি ১ ঘণ্টাৰ বাবে ঢাকি ৰাখিব লাগে। তাৰ পাছত এখন পৰিষ্কাৰ কেৰাহীত  মিশ্ৰিণখিনি লৈ একেবাৰে কম জুইত ভাজিব লাগে। যেতিয়া নাৰিকলখিনিত আঠা উঠিব, তেতিয়া নমাই আনি গৰমে গৰমে লাৰুৰ আকাৰ দিব লাগে। ঠাণ্ডা হ'লে লাৰুবোৰ টান হৈ পৰিব। নাৰিকলৰ লাৰু খাবলৈ বৰ সোৱা




প্ৰকল্প 

পদ্যটিৰ কথাখিনি নাটকৰ ৰূপত লিখি অভিনয় কৰা
উত্তৰ:   

পিঠাৰ মেল 

(উৰুকাৰ দুপৰ নিশা। চাৰিওফালে নিৰ্জনতা। দূৰত জিলিৰ চি-চিয়নিৰ বাহিৰে আন একো শব্দ নাই। মঞ্চৰ আঁৰকাপোৰ উঠাৰ লগে লগে অকমানিহঁতৰ ভঁৰালীকোঠাত এটা পাচিত বহুতো পিঠাক একেলগে বহি থকা দেখা যাব। পিঠাবোৰে ভুন্‌ভুনাই কথা পাতি থাকিব।) 

চুঙাপিঠা:  (খোলাচপৰীয়াৰ ফালে চাই) খোলাচপৰীয়া বাই, দেশৰ কথাবোৰ কিবা গম পাইছানে নাই?
(খোলাচপৰীয়াই একো নুবুজাৰ দৰে চাব)
চুঙাপিঠা: (দুখমনেৰে) এই দেশত আৰু বেছি দিন আমি জীয়াই থাকিবলৈ নাপাওঁ বুজিছা
(পিঠা, লাৰুৰ মাজত পুনৰ ভুন্‌ভুননি উঠিব)
সুতুলী পিঠা: তেনেকুৱা কথানো কিয় কৈছা? আমি মৰিবলৈ আমাৰনো কি হ? কিবা মহামাৰী অহাৰ খবৰ পাইছা নেকি?
ফেনিপিঠা: মহামাৰী অহা নাই। কিন্তু আমাৰ চুঙা বোপাই কোৱা কথাষাৰো মিছা নহয়।  তোমালোকে অকমানিলৈ মন কৰিছানে? তাই আজিকালি কোনোবা দিনা লাৰু, পিঠাৰ বাবে মাকক খাটনি ধৰা দেখিছা জানো? তাই কেৱল লুচি, বিস্কুত, চাহ, ৰসগোল্লা এইবোৰহে খাবলৈ বিচাৰে। আমাৰ ফালে কেনেকৈ নাক কোঁচাই ঘিণৰ চকুৰে চায়, দেখা নাই?
খোলাচপৰীয়া পিঠা: অঁ, কথাটো ময়ো মন নকৰা নহয়। সিদিনা মাকে পিঠা খোৱাৰ কথা কওঁতে তাই যিহে কলে, মোৰ মনটো একেবাৰে সেমেকি গ'
সুতুলী পিঠা: কি কলেনো অ’, মই নুশুনিলোঁ নহয়, কচোন। 
খোলাচপৰীয়া পিঠা: পিঠা, লাৰুবোৰ হেনো খাবলৈ বেয়া। সেইবোৰলৈ হেনো আজিকালি তাইৰ ঘিণহে‍ লাগে। 
সুতুলী পিঠা: কি? আমা ইমান অপমান?
ফেনিপিঠা: আমাৰ যিমান অপমান হলেও কোনেও তালৈ কাণ নকৰে

(ইমান সময় মনে বহি থকা সকলোতকৈ বয়োজ্যেষ্ঠ লাৰুৱে মাত লগালে)
লাৰু: হয় অ’, আজিকালি মানুহবোৰৰ যে কি হ? নিজৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা, খাদ্যাভাস চব পাহৰি পেলালে। এতিয়া কেৱল কিছুমান বিজতৰীয়া বস্তুহে  মানুহে আদৰি লৈছে। 
ফেনিপিঠা: এনেকৈ পিঠা লাৰুৰ আদৰ কমি আহিলে এটা সময়ত আমিবোৰ যে এই দেশৰ পৰা নোহোৱা হৈ যাম সেইটো নিশ্চিত। 
(সকলোৱে দুখ মনেৰে বহি থাকিল)


[নাটকৰ কাহিনীভাগ মনোগ্ৰাহী কৰিবলৈ  পদ্যটোৰ মূল কথাখিনি বিকৃত নকৰাকৈ কেইটামান সংলাপ অতিৰিক্তভাৱে সংযোজন কৰা হৈছে।]
যুগুতালে: বাব্‌লি দেৱীয়ে‍

আমাৰ YouTube চেনেলটো ছাব্‌স্ক্ৰাইব কৰক

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ