জোনাকৰ জেউতি— অংকুৰণ, পঞ্চম শ্ৰেণী

জোনাকৰ জেউতি

📖 শব্দাৰ্থ

শব্দ 
অৰ্থ
মনৰ আকাশ
মনৰ দিগন্ত
মনৰ পৰিসৰ
বিভিন্ন দিশৰ
বেলেগ বেলেগ বিষয়ৰ
কিতাপৰ পোক
অধ্যয়নত ব্যস্ত লোক
অধ্যয়নশীল
উদ্বোধনী
মুকলি
ভাষণ
বক্তৃতা
পৰ্যায়
শ্ৰেণীস্তৰ
গ্ৰাম্য
গাঁৱলীয়া
উপলব্ধি কৰি
বুজিঅনুমান কৰি
গ্ৰন্থমেলা
কিতাপৰ ৰাজহুৱা প্ৰদৰ্শনী 
আৰু 
বিক্ৰীৰ ব্যৱস্থা
জোনাক
পোহৰউজ্জ্বলতা
জোনৰ পোহৰ
জেউতি
পোহৰ

📝পাঠটোৰ সাৰাংশ

   
   'জোনাকৰ জেউতি' পাঠটো মুকুট নামৰ ল'ৰা এটাই তাৰ বন্ধু নিয়ৰলৈ লিখা এখন চিঠি৷ মুকুটে তাৰ বন্ধু নিয়ৰলৈ চিঠিত জনাইছে যে সিহঁতৰ গাঁৱত ‘জোনাক’ নামৰ এটি পুথিভঁৰাল স্থাপন কৰা হৈছে। পুথিভঁৰালত বহুতো কিতাপ থাকিব আৰু সেইবোৰ পঢ়ি গাঁৱৰ ল’ৰা-ছোৱালীয়ে বহুতো ভাল কথা শিকিব পাৰিব, তাৰ পৰা জ্ঞান লাভ কৰি সিহঁতৰ মনবোৰ বহল হৈ পৰিব। অধ্যয়নত ৰাপ থকা নীলকান্ত নামৰ ডেকা এজনক পুথিভঁৰালী পতাৰ কথাও চিঠিখনত লিখিছে। গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মাণিকচন্দ্ৰ বৰুৱাই পুথিভঁৰালটো মুকলি কৰি তেখেতৰ ভাষণত কোৱা কথাখিনিও চিঠিৰ জৰিয়তে জনাইছে। তেখেতে কৈছিল যে ল’ৰা-বুঢ়া সকলোৰে বাবে পুথিভঁৰাল দৰকাৰী। সেইবাবে চৰকাৰে গাঁৱত গ্ৰাম্য পুথিভঁৰাল, জিলাত জিলা পুথিভঁৰাল আৰু ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক পুথিভঁৰাল স্থাপন কৰি দিয়ে। প্ৰসঙ্গক্ৰমে তেখেতে প্রাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ কথাও উল্লেখ কৰিছিল

   উদ্বোধনী অনুষ্ঠানতে অৱসৰপ্রাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী দহখন কিতাপ পুথিভঁৰালটোলৈ দান দিয়াৰ কথাও লিখিছে। "বিজ্ঞানৰ সৰু সৰু কথা-১’ নামৰ এখন কিতাপ তাৰ ভিতৰত পাই মুকুটে পঢ়ি ভাল পাই কিতাপখনৰ ২য় খণ্ডও সংগ্ৰহ কৰিবলৈ পুথিভঁৰালীক অনুৰোধ জনাইছেনিয়ৰকো কিতাপ দুখন পঢ়াৰ কথা চিঠিখনত লিখিছে

   শেষত নিয়ৰহঁতৰ গাঁৱত গ্ৰন্থমেলা বহাৰ কথা সুধিছে আৰু কিবা নতুন কিতাপ কিনিছে নেকিও সুধিছে। নিয়ৰৰ পঢ়া-শুনাৰ খবৰ লৈছে আৰু চিঠি পালে উত্তৰ দিবলৈ কৈছে। চিঠিৰ শেষত বন্ধুলৈ মৰম যাচি চিঠিখনৰ সামৰণি মাৰিছে

পাঠভিত্তিক ক্ৰিয়া 


📝 উত্তৰ দিয়া:
(ক) ‘জোনাকৰ জেউতি’ পাঠটোত কোনে কালৈ চিঠি লিখিছিল?
উত্তৰ: ‘জোনাকৰ জেউতি’ পাঠটোত মুকুটে নিয়ৰলৈ চিঠি লিখিছিল
(খ) চিঠিখনত লিখা ভাল খবৰটো কি?
উত্তৰ: চিঠিখনত লিখা ভাল খবৰটো হৈছে মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰালৰ প্ৰতিষ্ঠা হোৱা
(গ) পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল?
উত্তৰ: পুথিভঁৰালটোৰ নাম ৰখা হৈছিল ‘জোনাক’
(ঘ) পুথিভঁৰালীজনৰ নাম কি? 
উত্তৰ: পুথিভঁৰালীজনৰ নাম নীলকান্ত
(ঙ) পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল?
উত্তৰ: গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই পুথিভঁৰালটো উদ্বোধন কৰিছিল
(চ) পুথিভঁৰাললৈ দহখন কিতাপ কোনে দান কৰিছিল?
উত্তৰ: অৱসৰ প্রাপ্ত শিক্ষক শ্ৰীযুত কমল চন্দ্ৰ বৰুৱাই পুথিভঁৰাললৈ দহখন কিতাপ দান কৰিছিল
(ছ) মুকুটে নিয়ৰক যেনেতেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি?
উত্তৰ: মুকুটে নিয়ৰক যেনেতেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম— বিজ্ঞানৰ সৰু সৰু কথা-১’ আৰু বিজ্ঞানৰ সৰু সৰু কথা-২’
(জ) প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি?
উত্তৰ: প্রাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম ‘নালন্দা বিশ্ববিদ্যালয়’

📝 পুথিভঁৰালৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনাই নিজ নিজ বন্ধু-বান্ধৱীলৈ চিঠি লিখা৷

উত্তৰ: 

ছিপাঝাৰ দৰং (অসম)
২৬/০৪/২০২০

মৰমৰ 
       ৰুবুল
         প্ৰথমে মোৰ মৰম ল'বা আৰু তোমাৰ মা-দেউতাৰাক মোৰ শ্ৰদ্ধা জনাবা। আশা কৰোঁ তোমালোক ভালে আছা। মোৰো বৰ্তমান ভালেই৷ এটা ভাল খবৰ পাই তোমালৈ লিখিব ওলাইছো। সিদিনা বাতৰি কাকতত তোমালোকৰ অঞ্চলত এটা পুথিভঁৰাল স্থাপন কৰাৰ বাতৰি পাই বৰ ভাল লাগিল। পুথিভঁৰাল সকলোৰে বাবে বৰ দৰকাৰী ৷ ইচ্ছা থাকিলেও আমি সকলো মানুহে সকলো কিতাপ কিনি পঢ়িব নোৱাৰোঁ৷ কিন্তু ওচৰত পুথিভঁৰাল থাকিলে তাৰ পৰা আনি আমি বহুতো কিতাপ পঢ়াৰ সুবিধা পাওঁ৷ কিতাপ পঢ়িলে মানুহে বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰিব পাৰে। তোমালোকে নিয়মীয়াকৈ পুথিভঁৰালৰ পৰা কিতাপ নি পঢ়াৰ অভ্যাস কৰিবা। মই সুবিধা পালে তোমালোকৰ ঘৰলৈ যাম আৰু তোমাৰ লগত তোমালোকৰ পুথিভঁৰাল চাবলৈ যাম। আৰু বিশেষ নিলিখো। আশা কৰোঁ তোমাৰ পঢ়া-শুনা ভালেই চলিছে। চিঠি পালে উত্তৰ দিবা বুলি আশা থাকিল। 
  আজিলৈ সামৰিছোঁ। শেষত তোমালৈ বহুত মৰম আৰু তোমাৰ মা-দেউতালৈ শ্ৰদ্ধা জনালোঁ। 
ইতি       
তোমাৰ বন্ধু    
     কখগ       

প্ৰতি শ্ৰী কখগ
প্ৰযত্নে‍/কখগ
গাঁও: কৰতিপাৰ
জিলা: বিশ্বনাথ (অসম)

📝 ‘‘ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ।’’— এই বাক্যশাৰী কোনে, কাক, কি প্ৰসঙ্গত কৈছে? বহলাই লিখা৷
উত্তৰ: ‘জোনাকৰ জেউতি’ নামৰ পাঠত মুকুটে তাৰ বন্ধু নিয়ৰলৈ এখন চিঠি লিখিছে। গাঁৱত থকা মুকুটে সিহঁতৰ গাঁৱত ‘জোনাক’ নামেৰে এটি পুথিভঁৰাল স্থাপন কৰাৰ বাতৰি নগৰত থকা নিয়ৰক জনাইছে। পুথিভঁৰালটিয়ে গাঁৱৰ মানুহৰ জ্ঞান বৃদ্ধি কৰি মনবোৰ মুকলি কৰাৰ প্ৰসঙ্গত মুকুটে কথাষাৰ কৈছে

📝 বৰ্তমান সময়ত দেশ-বিদেশৰ বা-বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ-বিদেশৰ খা-খবৰ পোৱা সেইবোৰৰ নাম লিখা
উত্তৰ: আমি চিঠি-পত্ৰ, বাতৰি-কাকত, আলোচনী, ৰেডিঅ’, দূৰদৰ্শন আৰু মোবাইল ফ', ইণ্টাৰনেট আদি যোগে দেশ-বিদেশৰ বাতৰি পাওঁ। বৰ্তমান দেশ-বিদেশৰ খা-খবৰ পোৱা আটাইতকৈ জনপ্ৰিয় মাধ্যম হৈছে ম'বাইল ফ'ন। 

📝 কি কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল?
উত্তৰ: পঢ়া-শুনাৰ প্ৰতি অধিক ৰাপ থকা আৰু কিতাপ-পত্ৰ পৰিপাটিকৈ ৰখা গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল

📝 গামোচাখনত সিঁচৰতি হৈ থকা শব্দবোৰ শিতান অনুসৰি ভগোৱা

        গ্ৰন্থ গ্ৰন্থকাৰ গ্ৰন্থাগাৰ
        পাঠক পুথি পুথিভঁৰাল
        লিখক প্ৰণেতা পঢ়ুৱৈ‍ পুস্তক


উত্তৰ: 

কিতাপ
লিখোঁতা
পঢ়োঁতা
ভঁৰাল
পুথি
প্ৰণেতা
পাঠক
পুথিভঁৰাল
পুস্তক
লিখক
পঢ়ুৱৈ‍
গ্ৰন্থাগাৰ
গ্ৰন্থ
গ্ৰন্থকাৰ
পাঠক
গ্ৰন্থাগাৰ


📝 দলত আলোচনা কৰি চমু টোকা লিখা৷
  (ক) পুথিভঁৰাল 
  (খ) গ্ৰন্থমেলা 
উত্তৰ:
(ক) পুথিভঁৰাল: পুথিভঁৰালত বহুতো কিতাপ থাকে। পুথিভঁৰাল ব্যক্তিগত, ৰাজহুৱা বা চৰকাৰী হ’ব পাৰে। অধ্যয়নপিপাসু কিছুমান মানুহে কিতাপ কিনি নিজৰ ঘৰতে একোটা পুথিভঁৰাল সজাই লয়। গাওঁ আৰু নগৰত ৰাইজৰ উদ্যোগত পুথিভঁৰাল স্থাপিত হয়। আজি-কালি তেনে পুথিভঁৰালক চৰকাৰে আৰ্থিক বা কিতাপৰ সাহায্য দিয়ে। ইয়াৰ উপৰি মহকুমা, জিলা আৰু ৰাজ্যিক পৰ্যায়ত চৰকাৰে পুথিভঁৰাল স্থাপন কৰি দিয়ে। পুথিভঁৰাল ল’ৰা-বুঢ়া সকলোৰে বাবেই প্রয়োজনীয় ৷ সকলো মানুহে পঢ়িব খোজা সকলো কিতাপ কিনিব নোৱাৰে। পুথিভঁৰালে যিকোনো কিতাপ পঢ়াৰ সুবিধা দিয়ে। কিছুমান পুথিভঁৰালৰপৰা কিতাপ ঘৰলৈ নি পঢ়িব পাৰি। অৱশ্যে তাৰবাবে কিছুমান নিয়ম বন্ধা থাকে৷ আন কিছুমান পুথিভঁৰালত অধ্যয়ন কোঠা থাকে। পুথিভঁৰালতে কিতাপ পঢ়িব পাৰি

(খ) গ্ৰন্থমেলা: বিবিধ বিষয়ৰ কিতাপ বা গ্ৰন্থৰ মুকলি প্রদৰ্শনীৰ যোগে বিক্ৰী কৰা ব্যৱস্থাই গ্ৰন্থমেলা ৷ গ্ৰন্থমেলাৰ পৰা কিতাপ কিনা সুবিধাজনক। একোখন দৰকাৰী কিতাপ বিচাৰি কেতিয়াবা বহু দোকানত চলাথ কৰি বিচাৰিও পোৱা নাযায়। কিন্তু গ্ৰন্থমেলাত বিপণীসমূহ ওচৰা-উচৰিকৈ সজোৱা থাকে বাবে ইখনৰ পিছত সিখন বিপণী চাই নিজৰ প্ৰয়োজনৰ কিতাপ কিনিবলৈ সুবিধা হয়। আজি কালি নগৰ-চহৰ সকলোতে গ্ৰন্থমেলা অনুষ্ঠিত কৰে। এনে ব্যৱস্থাই পঢ়ুৱৈসকলক যথেষ্ট উপকাৰ কৰিব আৰু উদ্যোক্তাসকলো লাভৱান হ’ব পাৰিব

📝  'জোনাকৰ জেউতি' পাঠৰ পৰা বহুবচন আৰু একবচন বুজোৱা শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে লিখা৷
উদাহৰণ:

একবচন
বহুবচন
মোৰ
আমাৰ

উত্তৰ:
একবচন
বহুবচন
তোমাৰ
তোমালোকৰ
তোমালৈ
তোমালোকলৈ
তোমাক
তোমালোকক
অনুষ্ঠান
অনুষ্ঠানবিলাক
শিশু
শিশুসকল

📝 তোমালোকক শিক্ষকে নাইবা মাৰা-দেউতাৰাই আদেশ, উপদেশ বা অনুৰোধ কৰি কোৱা পাঁচটা বাক্য লিখা
উত্তৰ:  আমাৰ শিক্ষকে নাইবা মা-দেউতাই আদেশউপদেশ বা অনুৰোধ কৰি কোৱা পাঁচটা বাক্য হ’ল
(ক) তোমালোকে নিয়মীয়াকৈ বিদ্যালয়লৈ আহিবা
(খ) তুষাৰ, তুমি ব'ৰ্ডখন মচি দিয়াচোন
(গ) অবাবত সময় নষ্ট নকৰিবা
(ঘ) ঘৰত কৰিবলৈ দিয়া কামবোৰ নিয়াৰিকৈ কৰিবা
(ঙ) সমনীয়াৰ লগত কাজিয়া নকৰি মিলা-প্ৰীতিৰে থাকিবা

📝 তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া
(ক) বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া
উত্তৰ: বিদ্যালয়ত হৰিৰ উপস্থিতি কেনেকুৱা?
(খ) গছজোপাত লমা-লমে আম লাগিছে। 
উত্তৰ: গছজোপাত আম কেনেকৈ লাগিছে?
(গ) বেবীয়ে পঢ়িবলৈ ভাল পায়। 
উত্তৰ: বেবীয়ে কি কৰিবলৈ ভাল পায়?
(ঘ) ৰিজু গৰমৰ বন্ধত ঘৰলৈ আহিব। 
উত্তৰ: ৰিজু গৰমৰ বন্ধত ঘৰলৈ আহিবনে?

📝 দলত আলোচনা কৰি শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা
পৰিপাটিনতুনউপযোগী,আশা
উত্তৰ:
শব্দ
বিপৰীত শব্দ
পৰিপাটি
অপৰিপাটি
নতুন
পুৰণা
উপযোগী
অনুপযোগী
আশা
নিৰাশা

📝 তলৰ শব্দবোৰেৰে বাক্য সাজা:
সংগ্ৰহ, উপযোগী, পুথি, কিতাপ, গ্ৰন্থমেলা
উত্তৰ:
সংগ্ৰহ: বলেৰে চান্দা সংগ্ৰহ কৰা উচিত নহয়
উপযোগী: 'বুঢ়ী আইৰ সাধু' কিতাপখন শিশুৰ বাবে উপযোগী
পুথি: শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষা পুথিখন ৰচনা কৰিছিল
কিতাপ: কিতাপ আজৰি সময়ৰ ভাল বন্ধু
গ্ৰন্থমেলা: গ্ৰন্থমেলাত বহুতো কিতাপ পোৱা যায়। 

📝 গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য লিখা৷ 
উত্তৰ: গ্ৰন্থমেলাত কিতাপ বা গ্ৰন্থৰ মুকলি প্ৰদৰ্শনী কৰা হয় আৰু তাৰ পৰা কিতাপ কিনিব পাৰি। কিন্তু তাত কিতাপ পঢ়াৰ ব্যৱস্থা নাথাকে৷ তাৰ বিপৰীতে পুথিভঁৰালত পুঢ়ুৱৈৰ বাবে কিতাপ জমা ৰখা হয়। তাৰপৰা কিতাপ কিনিব নোৱাৰি। বিশেষ নীতি-নিয়মেৰে কিতাপ পঢ়াৰ বাবে ঘৰলৈ নিব পাৰি। কিছুমান পুথিভঁৰালত কিতাপ পঢ়াৰ বাবে সুকীয়া কোঠাও থাকে। কিতাপ ঘৰলৈ নানি পঢ়ুৱৈসকলে পুথিভঁৰালতে কিতাপ পঢ়িব পাৰে

📝 তোমালোকৰ নিজ অঞ্চলত বা বিদ্যালয়ত থকা পুথিভঁৰালৰ বিষয়ে লিখা
উত্তৰ: আমাৰ অঞ্চলত প্ৰতিখন গাঁৱতে সৰুকৈ হ’লেও একোটা ৰাজহুৱা পুথিভঁৰাল আছে। এই পুথিভঁৰালবোৰ ৰাইজৰ উদ্যোগতে স্থাপন কৰা হৈছে। ছাত্ৰ-ছাত্ৰী আৰু গাঁৱৰ যি কোনো ইচ্ছুক মানুহে এই পুথিভঁৰালবোৰৰ পৰা কিতাপ নি পঢ়িব পাৰে। পঢ়ুৱৈসকলক কিতাপ দিয়াৰ বাবে পুথিভঁৰালবোৰত একোজন অবৈতনিক পুথিভঁৰালী থাকে। প্ৰতি বছৰে এই পুথিভঁৰালী পদ সলনি কৰা হয়

   আমাৰ বিদ্যালয়তো এটা ভাল পুথিভঁৰাল আছে। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে পুথিভঁৰালৰ পৰা কিতাপ ঘৰলৈ নি পঢ়িব পাৰে। এজন শিক্ষকক পুথিভঁৰালীৰ দায়িত্ব দিয়া হয়। তেখেতে প্রতি দিনে জিৰণিৰ পিছত পুথিভঁৰালৰ কিতাপ দিয়ে। 

📝 তলত উল্লেখ কৰা সাহিত্যিকসকলৰ নামৰ পৰা শিশু-সাহিত্যিকসকলৰ নাম বিচাৰি লিখা
  ✪  লক্ষ্মীনাথ বেজবৰুৱা 
  ✪  জ্যোতিপ্ৰসাদ আগৰৱালা 
  ✪  ৰজনীকান্ত বৰদলৈ
  ✪  মিত্ৰদেৱ মহন্ত 
  ✪  অতুল চন্দ্ৰ হাজৰিকা 
  ✪ আব্দুল মালিক 
  ✪  নৱকান্ত বৰুৱা 
  ✪  মহেশ্বৰ নেওগ
  ✪  নিৰ্মল প্ৰভা বৰদলৈ
  ✪  বন্দিতা ফুকন
  ✪  ভবেন্দ্ৰ নাথ শইকীয়া 
  ✪  গগণ চন্দ্ৰ অধিকাৰী
উত্তৰ: শিশু সাহিত্যিকসকল হ'ল:
 ➯ লক্ষ্মীনাথ বেজবৰুৱা 
 ➯ জ্যোতিপ্ৰসাদ আগৰৱালা 
 ➯ অতুল চন্দ্ৰ হাজৰিকা
 ➯ নৱকান্ত বৰুৱা 
 ➯ ভবেন্দ্ৰ নাথ শইকীয়া
 ➯ গগণ চন্দ্ৰ অধিকাৰী
 ➯ নিৰ্মল প্ৰভা বৰদলৈ

প্ৰকল্প 


⏺ দলত আলোচনা কৰি তলৰ বিষয়সমূহ লৈ এটি টোকা প্রস্তুত কৰা। 
(ক) 
এখন শিশু আলোচনীৰ নাম
— সম্পাদকৰ নাম
— তোমাৰ ভাল লগা শিতান 
— আলোচনীখন তোমাৰ কিয় ভাল লাগে? 

উত্তৰ: 
এখন শিশু আলোচনীৰ নাম: সঁফুৰা 
— সম্পাদকৰ নাম: ৰূপম বৰুৱা 
— মোৰ ভাল লগা শিতান: বিজ্ঞান বিচিত্ৰা
— আলোচনীখন মোৰ ভাল লগাৰ কাৰণ: বহুতো নতুন কথা জানিব পাৰি

(খ) দুজন শিশু-সাহিত্যকাৰৰ নাম৷ 
    — তেখেতসকলে লিখা পুথিৰ নাম লিখা৷
উত্তৰ:
দুজন শিশু-সাহিত্যিকৰ নাম
(১) অতুল চন্দ্ৰ হাজৰিকা
(২) নৱকান্ত বৰুৱা৷

অতুল চন্দ্ৰ হাজৰিকাই লিখা পুথি‍ ‘মাণিকী মধুৰী’, ৰুণুক জুনুক’ , ফেঁহুজালি’
নৱকান্ত বৰুৱাই লিখা পুথি‍ এখুদ ককাইদেউ’, নতুন ককাইদেউসপোন ককা’

গ) তিনিখন বাতৰি কাকতৰ নাম
— সম্পাদকৰ নাম
— শিশু-চৰাৰ নাম
উত্তৰ: তিনি‍খন বাতৰি কাকতৰ নাম হ’ল— অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি আৰু নিয়মীয়া বাৰ্তা
সম্পাদকসকল ’ল: 
    অসমীয়া প্ৰতিদিন নিত্য বৰা
    দৈনিক জনমভূমি— উৎপল বৰুৱা
    নিয়মীয়া বাৰ্তা— নৰে‍শ কলিতা

শিশু-চৰাৰ নামবোৰ ’ল: 
    অসমীয়া প্ৰতিদিন ওমলা ঘৰ
    দৈনিক জনমভূমি— মইনামেল
    নিয়মীয়া বাৰ্তা— অকণি‍


যুগুতালে‍: বাব্‌লি‍ দেৱীয়ে‍
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ