তিনিটা মাছৰ কাহিনী— (অংকুৰণ, পঞ্চম শ্ৰেণী)

* পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(ক) "তিনিটা মাছৰ কাহিনী"ত থকা মাছকেইটাৰ নাম কি কি?

উত্তৰ: "তিনিটা মাছৰ কাহিনী"ত থকা মাছকেইটাৰ নাম অনাগতবিধাতা, প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্য।

(খ) অনাগতবিধাতা কিয় শংকিত হৈছিল?

উত্তৰ: কেইজনমান  মাছমৰীয়াই পিছদিনা বিলত মাছ মৰাৰ কথা আলোচনা কৰা শুনি অনাগতবিধাতা শংকিত হৈছিল।

(গ) অনাগতবিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল?

উত্তৰ: অনাগতবিধাতাৰ কথা প্ৰত্যুৎপন্নমতিয়ে সমৰ্থন কৰিছিল।

(ঘ) কোনে বিপদৰ কথা নাভাবি আকোঁৰগোজ হৈ থাকি মৃত্যুক সাবতি ল'লে?

উত্তৰ: যদভৱিষ্যই বিপদৰ কথা নাভাবি আকোঁৰগোজ হৈ থাকি মৃত্যুক সাবতি ল'লে।

(ঙ) মাছমৰীয়াকেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে?

উত্তৰ: মাছমৰীয়াকেইজনে    পুখুৰীত মাছ মাৰিলে।

 * কোৱা আৰু লিখা।

তলৰ কথাকেইষাৰ কোনে, কি উদ্দেশ্যেৰে, কাক কৈছিল?

(ক) "আপুনি সচাঁ কথাকেই কৈছে। ময়ো এই বিল এৰি ওচৰত থকা আন খাল-বিললৈ যোৱাটো উচিত বুলি ভাবোঁ।"

উত্তৰ: উক্ত কথাষাৰ প্ৰত্যুৎপন্নমতিয়ে অনাগতবিধাতাক কৈছিল।

(খ) "মই মুখৰ কথাতেই পিতৃ-পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ।" 

উত্তৰ: উক্ত কথাষাৰ যদভৱিষ্যই প্ৰত্যুৎপন্নমতি আৰু অনাগতবিধাতাক কৈছিল।

(গ) "কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছ মাৰি শেষ কৰিব।"

উত্তৰ: উক্ত কথাষাৰ

* সাধুটো নিজৰ কথাৰে কোৱা আৰু লিখা।

উত্তৰ:

* সাধুটোত মাছকেইটাই কোৱা কথাখিনি সহজ কথাৰে লিখা।

উত্তৰ:

* তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানৰ পৰা চাই লিখা।

অনাগতবিধাতা   প্ৰত্যুৎপন্নমতি   যদভৱিষ্য   এখন্তেক  ঘোদালি   নিঃশেষ    বিনাশ    সুৰক্ষিত    বজ্ৰসদৃশ   আকোঁৰ-গোজ   উচ্চস্বৰে   হাত-সাৱতি

উত্তৰ:   শব্দ       অৰ্থ

অনাগতবিধাতা   প্ৰত্যুৎপন্নমতি   

যদভৱিষ্য

এখন্তেক

ঘোদালি

নিঃশেষ

বিনাশ

সুৰক্ষিত

বজ্ৰসদৃশ

আকোঁৰ-গোজ

উচ্চস্বৰে

হাত-সাৱতি

* তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা।

(ক) মাছমৰীয়াহঁতৰ কথা শুনি অনাগতবিধাতাই লগৰীয়া মাছবোৰক কি ক'লে?

উত্তৰ: মাছমৰীয়াহঁতৰ কথা শুনি অনাগতবিধাতাই লগৰীয়া মাছবোৰক ক'লে যে 

(খ) অনাগতবিধাতাই কোৱা কথাটো প্ৰত্যুৎপন্নমতিয়ে কিয় সমৰ্থন কৰিলে?

উত্তৰ:

(গ) যদভৱিষ্যই কিয় মৃত্যুক সাৱতি ল'ব লগা হ'ল?

উত্তৰ:

(ঘ) আঁকোৰগোঁজ মনোভাৱে মানুহক কেনেদৰে বিপদত পেলায়?

উত্তৰ:

* তলৰ আধৰুৱা বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ পাঠটো পঢ়া আৰু খালী অংশটো পূৰ কৰি লিখা।

(ক) এখন বিলত ভালেমান ................। সেই বিলতে ................ একেলগে বাস কৰি আছিল। এদিন অনাগতবিধাতাই পুখুৰীত সাঁতুৰি-নাদুৰি  ............. মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে, - " ........................ মৰা নাই, ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে। গতিকে কাইলৈ ................" এইবুলি কৈ মাছমৰীয়াসকল ঘৰা-ঘৰি গুচি গ'ল।

উত্তৰ: এখন বিলত ভালেমান ................। সেই বিলতে ................ একেলগে বাস কৰি আছিল। এদিন অনাগতবিধাতাই পুখুৰীত সাঁতুৰি-নাদুৰি  ............. মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে, - " ........................ মৰা নাই, ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে। গতিকে কাইলৈ ................" এইবুলি কৈ মাছমৰীয়াসকল ঘৰা-ঘৰি গুচি গ'ল।

(খ) যদভৱিষ্যৰ এনেকুৱা .............. । পিছদিনাখন পুৱা ............... পেলালে। তেওঁলোকে জালেৰে যদভৱিষ্যৰ ............ ঘৰলৈ লৈ গ'ল।

উত্তৰ: যদভৱিষ্যৰ এনেকুৱা .............. । পিছদিনাখন পুৱা ............... পেলালে। তেওঁলোকে জালেৰে যদভৱিষ্যৰ ............ ঘৰলৈ লৈ গ'ল।

খ - ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ)

* উদাহৰণত দেখুওৱাৰ দৰে 'অ' লগাই বিপৰীত অৰ্থ বুজোৱা শব্দ সাজা।

উদাহৰণ-

সুৰক্ষিত   অসুৰক্ষিত

সংলগ্ন 

ঘটন

বুজন

বাট

চেতন

সময় 

কৃত্ৰিম 

উত্তৰ: 

শব্দ        বিপৰীত শব্দ

সংলগ্ন   অসংলগ্ন

ঘটন       অঘটন

বুজন       অবুজন

বাট         অবাট

চেতন      অচেতন

সময়       অসময়

কৃত্ৰিম     অকৃত্ৰিম

* বাক্য ৰচনা কৰা।

হাত-বাউল দি 

সাঁতুৰি-নাদুৰি

আঁকোৰ-গোঁজ

ঘোদালি

ঘৰা-ঘৰি

অতি-শীঘ্ৰে

এখন্তেক

উত্তৰ:

হাত-বাউল দি :- নমিতাই ৰুবুলক হাত-বাউল দি মাতিছে।

সাঁতুৰি-নাদুৰি:- গৰমৰ দিনত নৈত সাঁতুৰি-নাদুৰি বৰ আমেজ লাগে।

আঁকোৰ-গোঁজ:- আকোঁৰ-গোঁজ স্বভাৱৰ লোক প্ৰায়ে বিপদত পৰে।

ঘোদালি:- মাছমৰীয়াসকলে পুখুৰীত মাছ মাৰি পানীবোৰ ঘোদালি পেলালে।

ঘৰা-ঘৰি:- সভা ভঙ্গ হোৱাত সকলো ঘৰা-ঘৰি গ'ল।

অতি-শীঘ্ৰে:- ৰেলখন অতি শীঘ্ৰে আহি পাবহি।

এখন্তেক:- বিয়াত এখন্তেক দেখা দিলে নথৈ সুখী হ'ম।

গ   জ্ঞান সম্প্ৰসাৰণ

দলত আলোচনা কৰি কি হ'ব কোৱা আৰু লিখা।

(ক) 

মাছবোৰ যদি নোহোৱা হৈ যায়? 

বিলৰ পানী যদি শুকাই যায়?

মাছ যদি উভৈনদী হয়?

(খ) তলৰ সমস্যাবোৰ তুমি কেনেকৈ সমাধান কৰিবা?

বিদ্যালয়লৈ গৈ থাকোঁতে উজুটি খাই পৰি তেজ ওলালে?

সন্মুখত  সাপ বা কুকুৰ দেখা পালে?

শ্ৰেণীকোঠাত দুজন ল'ৰাৰ মাজত কাজিয়া লাগিলে?

* মাছ শব্দত থকা আখৰ দুটাৰে আৰু কিমান নতুন শব্দ গঠন কৰিব পাৰা, দলত আলোচনা কৰা আৰু তলৰ তালিকাত লিখা।

মা              ছ

মাছ           ছয়

মাত           ছত্ৰ

মান            ছন্দ

মাঘ            ছ

মাহ             ছ

মাজ            ছ

মাক            ছ

মাপ             ছ

মাল             ছ

* তোমালোকে পাঠটোত পোৱা 'তৎক্ষণাত', 'প্ৰত্যুৎপন্নমতি' শব্দ দুটাত ব্যৱহাৰ হোৱা 'ৎ' টো দেখিছা। 'ৎ' থকা বিভিন্ন শব্দ লিখা।

উত্তৰ: 'ৎ' থকা কেইটামান শব্দ হৈছে - হঠাৎ,  অকস্মাৎ,  শৰৎ, উৎসৱ, চিকিৎসা, উৎস, উৎকৃষ্ট, উৎকণ্ঠা, উৎপন্ন, উৎপত্তি, উৎপাদন আদি।

* মাছৰ বিষয়ে কেইটামান বাক্য লিখা।

উত্তৰ: মাছ এবিধ জলচৰ প্ৰাণী। মাছ বিভিন্ন প্ৰকাৰৰ আছে। যেনে ৰৌ,বাহু, মিৰিকা, কান্ধুলি, গৰৈ, কাৱৈ আদি। কিছুমান মাছৰ গাত বাকলি থাকে আৰু কিছুমানৰ গাত বাকলি নাথাকে। বাকলি নথকা মাছ হ'ল- বৰালি, আঁৰি, শিঙি, শিঙৰা, পাভ আদি। আনহাতে বাকলি থকা মাছ হ'ল - ৰৌ, বাহু, চিতল,  খৰিয়া, পুঠি আদি। কিছুমান মাছ আকাৰত ডাঙৰ আৰু কিছুমান মাছ সৰু হয়। ৰৌ, বৰালি আদি ডাঙৰ মাছ আৰু পুঠি, খলিহনা আদি সৰু মাছ। মাছ মানুহৰ এবিধ পুষ্টিকৰ খাদ্য। কিছুমান চৰায়েও মাছ খায়। যেনে বগলী, মাছৰোকা, কণামুচৰি আদি।

* ছবিখন চাই কোনে কি কৰিছে কোৱা।

* তলৰ বাক্যবোৰৰ ভাব বুজাই লিখা।

(ক) সাৱধানৰ মৰণ নাই।

উত্তৰ:

(খ) বাছি খাবা, জাগি শুবা।

উত্তৰ:

ঘ  প্ৰকল্প 

* অসমত মাছৰ নামেৰে বহুতো ঠাইৰ নাম আছে। প্ৰতিটো দলে নিজাববীয়াকৈ মাছৰ নামেৰে থকা ঠাইৰ নামৰ তালিকা প্ৰস্তুত কৰা।

উদাহৰণ-  কাৱৈমাৰী ( জিলা - বৰপেটা)

উত্তৰ: 

মাছৰ নামেৰে ঠাইৰ নাম   জিলাৰ নাম

কি কাৰণে বিখ্যাত

গৰৈমাৰী   শোণিতপুৰ

শ'লমৰা        "   বায়ুসেনাৰ শিবিৰ আছে

পুঠিমাৰী      কামৰূপ (গ্ৰাম্য)

চেঙেলীমাৰি  শোণিতপুৰ

নাৰমাৰি         ঐ

বাতমাৰি         ঐ

পাভমাৰি        ঐ

চিতলমাৰি      ঐ

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ