অ’ পৃথিৱী, শিল্পীক তই
মৰমকে কৰা নাই
আদিৰ পৰা অনাদিলে’
শিপ্লীদলেই
মনে প্ৰাণে
আশাশুধীয়া চেনেহৰে
তোক যে ভাল পায় ৷
নিজৰ তেজত বৰণ মাৰি
সাধনাৰে মন্ত্ৰ জাৰি
ভোক পিয়াহো কাতি কৰি
তোৰ মুখনি ধুনীয়া কৰি যায় ৷
আন আশা তাৰ কি আছে বাৰু
সি হৈ থাকে সৰুৰো সৰু
তোক, শুৱনী কৰাৰ আনন্দৰেই জীৱন ওপচায়
৷
জীৱনাজীৱন মৰম বিচাৰি
দুৱাৰে দুৱাৰে ফুৰে
অনীহা অৱহেলাকো নেউচি তোৰ
মৰমতে মৰে ৷
মন্বন্তৰৰ মাজেদি আহিলোঁ
কত কথা কলো মোৰ
ভগা নাই কিয় বৰ্ব্বৰ
তন্দ্ৰা তোৰ ?
অ’ পৃথীৱী তোৰ
ভুলৰে ওপৰে ভুল
সেইহে হৈয়ো ইমান শুৱনী
শান্তি বিচাৰি বলিয়া বিয়াকুল ৷
অতদিনে তই কতনাজনৰ
শুনিলি বতৰা, যেয়ে যি জানে
আজি শুন তই
হৃদয় মনৰে
কি কথা কয়
ঘোষে কাৰ জয়
নৱতম মোৰ শিল্পী প্ৰাণে ৷