সাধুটো ভালদৰে পঢ়া আৰু নিজৰ কথাৰে কোৱা৷
উত্তৰ:
পখী আৰু মানুহ
এখন ৰাজ্যত এজন ৰজা
আছিল। তেওঁৰ নাম আছিল সৰ্বধনু। ৰজা সৰ্বধনুৱে চৰাইৰ মঙহ খাই বৰ ভাল পাইছিল। তেওঁ
প্ৰত্যেক সাঁজতে চৰাইৰ মঙহ খাইছিল। সেয়ে তেওঁ প্ৰায় প্ৰতিদিনেই নিজে ধনু-কাঁড় লৈ
শালিকা, বগলী,কপৌ আদি চৰাই চিকাৰ কৰি আনিছিল।
এদিনাখন সেই
ৰাজ্যৰে মধুকৰ নামৰ এজন সাধাৰণ যুৱকে ৰজা সৰ্বধনুক চৰাই চিকাৰ কৰি থকা দেখিলে।
মধুকৰে ৰজাক সন্মানপূৰ্বকভাৱে ক’লে যে কেৱল জুতি লগাই খাবৰ বাবেই প্ৰতিদিনে চৰাই
চিকাৰ কৰা কথাটো মহাৰাজৰ উচিত হোৱা নাই। কাৰণ চৰাইবোৰ মানুহৰ বাবে অতি উপকাৰী।
চৰাইবোৰে খেতি অনিষ্ট কৰা পোক-পতংগবোৰ খাই খেতি-বাতি ৰক্ষা কৰে। এইদৰে মহাৰাজক
বুজাই-বঢ়াই মধুকৰে পুণৰ চৰাই নামাৰিবৰ বাবে মহাৰাজক অনুৰোধ কৰিলে। কিন্তু মধুকৰৰ
কথাত মহাৰাজ মান্তি নহ’ল। তেওঁ আগৰ দৰে চৰাই চিকাৰ কৰিয়েই থাকিল। প্ৰতিদিনে চৰাই
চিকাৰ কৰোঁতে কৰোঁতে ৰাজ্যত থকা সকলোবোৰ চৰাই ভয় খাই আন ঠাইলৈ গুচি গ’ল। মধুকৰ মনত
বৰ দুখ পালে। তেওঁ দুখতে আন এখন ৰাজ্যলৈ গুচি গ’ল। সেই ৰাজ্যৰ ৰজাজনৰ একমাত্ৰ
সন্তান আছিল এজনী ছোৱালী। তাইৰ নাম মাধৱী। মধুকৰৰ সজ আচৰণত মুগ্ধ হৈ ৰজাজনে নিজৰ
একমাত্ৰ জীয়ৰীক মধুকৰলৈ বিয়া দি মধুকৰক সেই ৰাজ্যৰ ৰজা পাতিলে।
সিফালে আকৌ
সৰ্বধনুৰ ৰাজ্যত চৰাইবোৰ নোহোৱা হ’লত কীট-পতংগৰ সংখ্যা বাঢ়ি গ’ল। কীট-পতংগবোৰে
খেতি-বাতি, গছ-গছনিৰ পাত খাই নোহোৱা কৰিলে। ফলত ৰাজ্যত বৰষুণ নোহোৱা হ’ল আৰু
ৰাজ্যৰ মানুহবোৰে খাবলৈ নাপাই ভিক্ষা কৰিবলৈ বাধ্য হ’ল। ৰজা সৰ্বধনুৰো একে দশা হ’ল।
এদিন ৰজাই ভিক্ষা মাগি মাগি মধুকৰৰ ৰাজ্য পালেগৈ। মধুকৰে ৰজা সৰ্বধনুক চিনি পাই আদৰ-সাদৰ কৰি ৰাজ-কাৰেঙলৈ লৈ গ'ল। তাৰ পাছত নিজৰ পৰিচয় দি ৰজা মধুকৰে সৰ্বধনুক আগৰ কথাবোৰ সোঁৱৰাই দি ক'লে যে সৰ্বধনুৱে চৰাই চিকাৰ কৰাৰ বাবেই আজি গোটেই ৰাজ্যখনে এই বেয়া দিনবোৰ দেখিব লগা হ'ল।মধুকৰৰ কথা মানি আগতেই যদি ৰজাই চৰাই চিকাৰ কৰা বাদ দিলেহেঁতেন, তেতিয়া ৰাজ্যত এই দুৰ্ভিক্ষ নহ'লহেঁতেন। কথাবোৰ মধুকৰে সৰ্বধনুক বুজাই দি এজাক চৰাই উপহাৰ দিলে আৰু নিজৰ সন্তানৰ দৰে চৰাইজাকক লালন-পালন কৰিবলৈ উপদেশ দিলে। সৰ্বধনুৱে চৰাইজাক আনি নিজ ৰাজ্যৰ মুকলি আকাশত মেলি দিলে।
উত্তৰ দিয়া
(ক) সৰ্বধনু কেনেকুৱা
প্ৰকৃতিৰ ৰজা আছিল?
উত্তৰ: সৰ্বধনু
এজন চিকাৰপ্ৰিয় ৰজা আছিল আৰু চৰাইৰ মঙহ নহ’লে তেওঁ ভাতকে নাখাইছিল৷
(খ) সৰ্বধনু ৰজাৰ
প্ৰিয় খাদ্য কি আছিল?
উত্তজ: সৰ্বধনু
ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মঙহ৷
(গ) সাধুটোত মানুহৰ
উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে?
উত্তৰ: সাধুটোত
মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাইক কোৱা হৈছে৷
(ঘ) মধুকৰে বিয়া
কৰোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰ: মধুকৰে
বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী৷
(ঙ) মধুকৰে ৰজাক
ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল?
উত্তৰ: মধুকৰে
ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ কৰাটো বাদ দিবলৈ উপদেশ দিছিল৷
কোনে, কাক, কেতিয়া
আৰু কিয় কৈছিল বহলাই লিখা৷
(ক) ‘‘আচলতে চৰাইবোৰ
খেতিয়কৰ পৰম বন্ধু৷ গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক৷’’
উত্তৰ: ‘‘আচলতে
চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু৷ গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি
পেলাওক৷’’— এই কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল৷
সৰ্বধনু ৰজা চিকাৰপ্ৰিয়
আছিল আৰু তেওঁ চৰাইৰ মঙহ নহ’লে ভাতকে নাখাইছিল৷ মানুহৰ উপকাৰী এই চৰাই নামৰ প্ৰাণীবিধক
অবাধে হত্যা কৰা কাৰ্যই দেশত ভৱিষ্যতে অমঙল সাধন কৰিব বাবে মধুকৰে সৰ্বধনু ৰজাক ৰাইজৰ
মঙলৰ হেতু চৰাই চিকাৰ কৰা কাৰ্য বাদ দিবলৈ এনেদৰে কৈছিল৷
(খ) ‘‘এই চৰাইজাক
আপুনি লৈ যাওক৷ ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব৷’’
উত্তৰ: ‘‘এই চৰাইজাক
আপুনি লৈ যাওক৷ ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব৷’’— এই কথাষাৰ মধুকৰে
সৰ্বধনু ৰজাক কৈছিল৷
সৰ্বধনুৰ ৰাজ্যত
দুৰ্ভিক্ষই দেখা দিয়াত ৰজাই ভিক্ষা খুজি খুজি এদিন মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিলগৈ৷
তেতিয়া মধুকৰে সৰ্বধনুক চিনি পাই নিজৰ ৰাজকাৰেঙলৈ আদৰি-সাদৰি নি নিজৰ পৰিচয় দিছিল আৰু
সৰ্বধনুৰ ৰাজ্যত পুনৰ ৰাইজৰ মংগলৰ হেতু এজাক চৰাই উপহাৰ দি এই কথাষাৰ কৈছিল৷
কাৰণ দৰ্শাই লিখা৷
(ক) সৰ্বধনু ৰজাৰ
ৰাজ্যত কিয় বৰষুণ নোহোৱা হ’ল?
উত্তৰ: সৰ্বধনু
ৰজাই অবাধে চৰাই চিকাৰ কৰাৰ ফলত ৰাজ্যত দিনে দিনে চৰাই-চিৰিকটিৰ সংখ্যা কমি গ’ল৷ ফলত
কীট-পতংগৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিলে আৰু সেইবোৰে পথাৰৰ শস্য খাই শেষ কৰিলে৷ গছ-গছনিৰ
সংখ্যাও কমি যোৱাৰ ফলত ৰাজ্যত বৰষুণ নোহোৱা হৈছিল৷
(খ) কীট-পতংগৰ
সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে?
উত্তৰ: সৰ্বধনুৰ
ৰাজ্যত কীট-পতংগৰ সংখ্যা বাঢ়ি যাবলৈ ধৰাত আৰু সেইবোৰে পথাৰৰ শস্য খাই শেষ কৰিলে৷ গছ-গছনিৰ
সংখ্যাও কমি যোৱাৰ ফলত ৰাজ্যত বৰষুণ নোহোৱা হ’ল৷ ফলত দেশত দুৰ্ভিক্ষই দেখা দিলে
আৰু ৰজা-প্ৰজা সকলোৱে ভিক্ষা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল৷
(গ) মধুকৰে সৰ্বধনুক
কেনেদৰে সহায় কৰিছিল?
উত্তৰ: সৰ্বধনুৰ
ৰাজ্যত দুৰ্ভিক্ষই দেখা দিয়াত ৰজাই ভিক্ষা খুজি খুজি এদিন মধুকৰৰ ৰাজ্যত উপস্থিত
হৈছিলগৈ৷ তেতিয়া মধুকৰে সৰ্বধনুক চিনি পাই ৰাজকাৰেঙলৈ আদৰি-সাদৰি নি নিজৰ পৰিচয় দিছিল
আৰু সৰ্বধনুৰ ৰাজ্যত পুনৰ ৰাইজৰ মংগলৰ হেতু এজাক চৰাই উপহাৰ দিছিল৷ এনদৰে মধুকৰে সৰ্বধনু ৰজাক সহায় কৰিছিল৷
ৰজা সৰ্বধনুৱে ভিক্ষা খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল? বুজাই লিখা৷
উত্তৰ: সৰ্বধনুৰ ৰাজ্যত দুৰ্ভিক্ষই দেখা দিয়াত ৰজাই ভিক্ষা খুজি খুজি এদিন মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিলগৈ৷ তেতিয়া ৰজা মধুকৰে সৰ্বধনুক চিনি পাই ৰাজকাৰেঙলৈ আদৰি-সাদৰি নি আত্মপৰিচয় দিছিল আৰু সৰ্বধনুৰ ৰাজ্যত পুনৰ ৰাইজৰ মংগলৰ হেতু নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই সজাত ভৰাই সৰ্বধনুক উপহাৰ দিছিল আৰু সিহঁতক নিজৰ সন্তানৰ দৰে লালন-পালন কৰিবলৈ উপদেশ দিছিল৷ সৰ্বধনুৱেও মধুকৰৰ কথামতে চৰাইজাক নিজ ৰাজ্যলৈ নি মুকলি আকাশত মেলি দিছিলগৈ৷
তলৰ বাক্যবোৰ
পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা৷
(ক) সৰ্বধনু নামৰ
ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল৷
উত্তৰ: সৰ্বধনু
নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল৷
(খ) ৰজা সৰ্বধনুৱে
মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল৷
উত্তৰ: ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল৷
(গ) কীট-পতংগবোৰে
খেতি-বাতি ৰক্ষা কৰে৷
উত্তৰ: কীট-পতংগবোৰে
খেতি-বাতি নষ্ট কৰে৷
(ঘ) ৰজা মধুকৰে
সৰ্বধনু ৰজাক চিনি নাপালে৷
উত্তৰ: ৰজা মধুকৰে
সৰ্বধনু ৰজাক চিনি পালে৷
যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
ন্ব = | ন + | ৱ | ||
নই | ৱই | ন্ব | অন্বেষা | অন্বেষণ |
ব্জ = | ব + | জ | ||
বই | জই | ব্জ | অব্জ | কুব্জ |
গ্ব = | গ + | ৱ | ||
গই | ৱই | গ্ব | দিগ্বিজয় | দিগ্বিদিগ্ |
ক্ব = | ক + | ৱ | ||
কই | ৱই | ক্ব | পক্ব | পক্বান্ন |
যুক্তাক্ষৰ গঠন কৰোঁ আহা
ন + ৱ | নই ৱই ন্ব |
ব + জ | বই জই ব্জ |
গ + ৱ | গই ৱই গ্ব |
ক + ৱ | কই ৱই ক্ব |
পঢ়োঁ আহা
দুৱাৰত কব্জা লগোৱা হয়৷
কুব্জ মানে কুঁজা৷
পদুম ফুলৰ আন এটা নাম অব্জ৷
সমন্বয় শব্দই একগোট হোৱা বুজায়৷
একলব্য ধনুৰ্বিদ্যাত পৰিপক্ব আছিল৷
সীতাৰ অন্বেষণত ৰাম আৰু লক্ষ্মণ হাবিয়ে-বননিয়ে ঘূৰি ফুৰিছিল৷
বিপৰীত লিংগ বুজোৱা
শব্দ লিখা৷
উদাহৰণ— ৰজা ৰাণী
ল’ৰা—
বন্ধু—
যুৱক—
দৰা—
উত্তৰ:
ল'ৰা | ছোৱালী |
বন্ধু | বান্ধৱী |
যুৱক | যুৱতী |
দৰা | কইনা |
শব্দবোৰ ভাঙি দেখুওৱা৷
পদ | শব্দ | বিভক্তি | |
---|---|---|---|
উদাহৰণ | মধুকৰে | মধুকৰ | + এ |
যুৱকে | যুৱক | + এ | |
মানুহে | মানুহ | + এ | |
চৰাইজাকক | চৰাইজাক | + ক | |
ৰজাক | ৰজা | + ক | |
কাঁড়েৰে | কাঁড় | + ৰে | |
দেশলৈ | দেশ | + লৈ |
পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা৷
বিশেষ্য | বিশেষণ | সৰ্বনাম |
---|---|---|
পখী | সজ | তেওঁ |
মানুহ | চিকাৰপ্ৰিয় | তাই |
সৰ্বধনু | উপকাৰী | সেই |
ৰজা | সন্তুষ্ট | সেইবোৰে |
মঙহ | একমাত্ৰ | সকলোৱেই |
ভাত | উচিত | আপুনি |
বিপৰীত অৰ্থবোধক শব্দ লিখা৷
প্ৰিয় | ভয় | বন্ধু |
সুফল | অনুচিত | পুৰস্কাৰ |
অপকাৰী | অমংগল | অনুপস্থিত |
উত্তৰ:
শব্দ | বিপৰীত শব্দ |
---|---|
প্ৰিয় | অপ্ৰিয় |
সুফল | কুফল |
অপকাৰী | উপকাৰী |
ভয় | সাহস |
অনুচিত | উচিত |
অমংগল | মংগল |
বন্ধু | শত্ৰু |
পুৰস্কাৰ | শাস্তি |
অনুপস্থিত | উপস্থিত |
বাক্য ৰচনা কৰা৷
আদৰ-সাদৰ, লালন-পালন, খেতি-বাতি, চৰাই-চিৰিকটি, গছ-গছনি, কীট-পতংগ
উত্তৰ:
আদৰ-সাদৰ: আমি
অতিথিক আদৰ-সাদৰ কৰিব লাগে৷
লালন-পালন: বুঢ়ীমাক
খেৰসুতিয়ে শংকৰদেৱক লালন-পালন কৰি ডাঙৰ-দীঘল কৰিছিল৷
খেতি-বাতি: কীট-পতংগই
খেতি-বাতি নষ্ট কৰে৷
চৰাই-চিৰিকটি:
চৰাই-চিৰিকটিবোৰ খেতিয়কৰ পৰম বন্ধু৷
গছ-গছনি: আমি
অনাহকত গছ-গছনি ধ্বংস কৰিব নালাগে৷
কীট-পতংগ: চৰাইবোৰে
কীট-পতংগ খাই খেতিয়কৰ উপকাৰ সাধন কৰে৷
চৰায়ে আমাক কি
কি উপকাৰ সাধন কৰে দলত আলোচনা কৰি লিখা৷
উত্তৰ: চৰাই নামৰ
প্ৰাণীবিধে আমাক বহু ধৰণেৰে সহায় কৰে৷ সেইবিলাকৰ বিষয়ে তলত লিখা হৈছে—
১) পৃথিৱীৰ জৈৱবৈচিত্ৰ্য ৰক্ষা কৰাত চৰায়ে বিশেষ ভূমিকা পালন কৰি আহিছে৷
২) কিছুমান চৰাইৰ সুমধুৰ কণ্ঠ, নাচ, কৰ্মপদ্ধতিয়ে আমাৰ মনত আনন্দ দিয়াৰ
লগতে পুলক জগায়৷
৩) পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত চৰাইসমূহে বিশেষ ভূমিকা পালন কৰে৷
৪) কিছুমান চৰায়ে আমাক আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত সহায় কৰে৷ চৰাইৰ কণী এবিধ
পুষ্টিকৰ খাদ্য৷ লগতে চৰাইৰ মাংসও মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে৷ কণী আৰু মাংসৰ জৰিয়তে
পোহনীয়া চৰাইবিলাকে বহুতৰে বাবে জীৱিকা নিৰ্বাহৰ বাট মুকলি কৰে৷
৫) কৃষিকৰ্মত প্ৰত্যাহ্বান সৃষ্টি কৰা অপকাৰী কীট-পতংগসমূহ চৰায়ে খাই খেতিয়কৰ
পৰম উপকাৰ সাধন কৰে৷
৬) শগুণৰ দৰে মাংসভোজী চৰাইবিলাকে মুকলি ঠাইত পৰি থকা জীৱৰ মৃতদেহ খাই
পৰিৱেশ পৰিষ্কাৰ তথা প্ৰদূষণমুক্ত কৰি ৰাখে৷
এনেদৰে চৰাইবিলাকে প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে মানুহক বহুতো উপকাৰ সাধন
কৰে৷
পশু-পক্ষী, গছ-গছনিৰ
সৈতে মানুহৰ নিবিড় সম্পৰ্কৰ কথা দলত আলোচনা কৰি লিখা৷
উত্তৰ: আদিম কালৰে
পৰাই পশু-পক্ষী, গছ-গছনিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক বৰ্তি আহিছে৷ প্ৰাচীন কালত মানুহে
খাদ্য হিচাপে কেৱল গছৰ ফল-মূল, গুটি আৰু পশু-পক্ষীৰ মাংস, কণী আদিহে গ্ৰহণ কৰিছিল৷
বাসস্থানৰ বাবেও গছৰ খোৰোং ব্যৱহাৰ কৰিছিল৷ বস্ত্ৰ হিচাপে মানুহে কিছুমান গছৰ বাকলি
আৰু পাত পৰিধান কৰিছিল৷ যাতায়ত আৰু পৰিবহণৰ ক্ষেত্ৰত মানুহে বিভিন্ন প্ৰাণী ব্যৱহাৰ
কৰিছিল৷ বাৰ্তাপ্ৰেৰক হিচাপেও পাৰ আদি চৰাই ব্যৱহাৰ কৰিছিল৷ খেতি কৰিবলৈ শিকাৰ লগে
লগে মানুহে কৃষিকৰ্মত গৰু, ম’হ আদি জীৱ-জন্তু খটুৱাবলৈ ধৰিলে৷ সাম্প্ৰতিক কালত মানুহ
বিভিন্ন ক্ষেত্ৰত যন্ত্ৰনিৰ্ভৰ হৈ পৰিছে যদিও পৰম্পৰাগতভাৱে বিভিন্ন কৰ্মত বিভিন্ন
জীৱ-জন্তু আজিও ব্যৱহৃত হৈ আছে৷ গৰু, ছাগলী, ম’হ আদিৰ পৰা পোৱা গাখীৰ মানুহে খাদ্য
হিচাপে গ্ৰহণ কৰি আহিছে৷ তদুপৰি কিছুমান জন্তুৰ মাংসও মানুহে খাদ্য হিচাপে গ্ৰহণ কৰি
আহিছে৷ চৰাই-চিৰিকটিবোৰে কীট-পতংগ খাই মানুহৰ কৃষিকৰ্মত সহায় কৰি আহিছে৷ তদুপৰি কিছুমান
চৰাইৰ পৰা পোৱা কণী আৰু মাংসৰ জৰিয়তে মানুহ আৰ্থিকভাৱেও লাভৱান হৈছে৷
শ্বাস-প্ৰশ্বাস কাৰ্যৰ বাবে মানুহকে ধৰি আন প্ৰাণীবোৰ আৰু গছ-গছনিৰ মাজত
এক এৰাব নোৱৰা সম্পৰ্ক আছে৷ কাৰণ গছ-গছনিয়ে নিশ্বাসত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড
গেছ আমি শ্বাসকাৰ্যত গ্ৰহণ কৰোঁ আৰু আমি প্ৰশ্বাসত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছ
সেই গছ-গছনিবোৰে উশাহত গ্ৰহণ কৰে৷ তদুপৰি খাদ্যৰ বাবেও সকলো প্ৰাণী প্ৰত্যক্ষভাৱেই
হওক বা পৰোক্ষভাৱেই হওক গছ-গছনিৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ নোৱাৰে৷ আমি খাদ্য হিচাপে
গ্ৰহণ কৰা প্ৰায়বোৰ বস্তুৱেই উদ্ভিদৰ পৰাই পাওঁ৷ আনকি মাংসভোজী প্ৰাণাসমূহো পৰোক্ষভাৱে
খাদ্যৰ বাবে উদ্ভিদৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হয়৷ গছ-গছনিয়ে মানুহক খাদ্য, বাসস্থান নিৰ্মাণৰ বাবে কাঠ, ঔষধ-পাতি, বস্ত্ৰ প্ৰস্তুতকৰণৰ বাবে আঁহ এই সকলো যোগান ধৰি আছে৷ গছ-গছনি আৰু চৰাই-চিৰিকটিয়ে আমাৰ
চৌপাশৰ পৰিৱেশ প্ৰদূষণমুক্ত কৰি আমাক জীয়াই থকাৰ উপযোগী কৰি তুলিছে৷ গছ-গছনি, পশু-পক্ষী
নাথাকিলে প্ৰকৃতিৰ ভাৰসাম্য নষ্ট হ’ব আৰু মানুহো জীৱাই থকাটো অসম্ভৱ হৈ পৰিব৷
দেখা যায় যে পশু-পক্ষী, গছ-গছনিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক বৰ্তি আছে আৰু
এই সম্পৰ্ক সদায় থাকিব৷
তৰ্ক প্ৰতিযোগিতা
পাতোঁ আহা৷
‘‘এটি সুস্থ-সবল পৰিৱেশৰ বাবে গছ-গছনি, চৰাই-চিৰিকটি আৰু বিভিন্ন প্ৰাণীৰ আৱশ্যকতা আছে৷’’