ৰঘুনাথ চৌধাৰী
নিচিনো তোমাক ক'ত আছা প্রভু
আমি অতি সৰু ল’ৰা,
চিঞৰি চিঞৰি মাতিলে তোমাক
নামাতা দূৰৈৰ পৰা।
নাজানো তোমাক মিনতি কৰিব
আমি অতি সৰু ল’ৰা।
আছা নেকি প্রভু সৰগত তুমি
হই জোন-বেলি-তৰা !
নুবুজোঁ তোমাৰ মৰমৰ মাত
আমি অতি সৰু ল’ৰা।
ৰিণিকি ৰিণিকি সুৰ এটি আহে
জানো ক'ৰবাৰ পৰা।
তথাপি তোমাক ভাল পাওঁ প্রভু
আমি অতি সৰু ল’ৰা,
তোমাৰ চেনেহ দয়াৰে আমাৰ
বুকুখনি থাকে ভৰা।
নোৱাৰোঁ বুজিব তোমাৰ মহিমা
আমি অতি সৰু ল’ৰা,
বিলোৱা হিয়াত মৰম জেউতি
নিতে আঁতৰৰ পৰা।