পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
(ক) অমলপ্রভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল?
উত্তৰঃ অমলপ্ৰভা দাসৰ পিতৃৰ নাম ডা° হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম হেমপ্ৰভা।
(খ) অমলপ্রভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল?
উত্তৰঃ অমলপ্ৰভা দাসে ১০ বছৰ বয়স পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল।
(গ) তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল ?
উত্তৰঃ তেখেতে শৰণীয়া পাহাৰত তেলপেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদিৰ উদ্যোগ পাতিছিল।
(গ) এই উদ্যোগবােৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল?
উত্তৰঃ এই উদ্যোগবোৰে সেই সময়ৰ ডেকা-ডেকেৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি ভাবিছিল।
(ঙ) চৰকাৰে অমলপ্রভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল ?
উত্তৰঃ চৰকাৰে অমলপ্ৰভা দাসক 'পদ্মবিভূষণ' সন্মান দিবলৈ বিচাৰিছিল।
*তলৰ কথাখিনি কোনে , কাক , কিয় , কৈছিল কোৱা আৰু লিখা।
প্ৰশ্নঃ '‘মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ, তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ। কিন্তু মই এই সন্মান ল'ব নােৱাৰিম, কিয়নাে ই মােৰ মনলৈ অহংকাৰ ভাব আনি দিব। তাৰ বাবে মােক অনুগ্রহ কৰি মার্জনা কৰে যেন।''
উত্তৰঃ ১৯৫৫ চনত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজহিতকৰ কামৰ স্বীকৃতিস্বৰূপে 'পদ্মবিভূষণ' সন্মান প্ৰদান কৰিছিল। কিন্তু সেই সন্মান গ্ৰহণ নকৰি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ উক্ত কথাষাৰ চিঠিযোগে অমলপ্ৰভা দাসে কৈছিল।
প্ৰশ্নঃ স্কুলীয়া জীৱনত অমল প্রভা দাসে পঢ়াৰ উপৰি মাক, দেউতাকক কি কি কামত সহায় কৰিছিল?
উত্তৰঃ স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে মাক দেউতাকক ঘৰুৱা কামত সহায় কৰাৰ লগতে ফুলনিত ফুল ৰোৱা, গছ পুলিত পানী দিয়া আদি কামত সহায় কৰিছিল।
প্ৰশ্নঃ কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল?
উত্তৰঃ সেই সময়ত কটন কলেজত কেৱল ল'ৰাইহে পঢ়িব পাৰিছিল, ছোৱালীয়ে নোৱাৰিছিল। সেয়েহে অমলপ্ৰভা দাসক কটন কলেজত পঢ়িবলৈ দিয়া নাছিল।
প্ৰশ্নঃ শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল?
উত্তৰঃ অসমৰ ডেকা-ডেকেৰীসকলক আত্মনিৰ্ভৰশীল কৰাই আছিল শৰণীয়া পাহাৰত উদ্যোগ স্থাপন কৰাৰ মূল উদ্দেশ্য।
জানো আহা-
শব্দ - অৰ্থ
পৰম্পৰা - অবিচ্ছেদ্য ধাৰা, এটাৰ পাছত আন এটা।
নম্ৰ - নত, দো খাই থকা।
নিষ্ঠা - শ্ৰদ্ধা, দৃঢ় ভক্তি।
থমকি - ৰৈ যোৱা, আগ নবঢ়াকৈ থকা।
সহ-শিক্ষা - ল'ৰা ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰা।
ভাষা অধ্যয়ন
(ব্যাৱহাৰিক ব্যাকৰণ)
তলৰ যুক্তাক্ষৰকেইটাৰে একোটাকৈ শব্দ লিখা।
ব্ৰু - ডিব্ৰুগড়।
ষ্ট্ৰ - ৰাষ্ট্ৰ।
স্ব - স্বাৱলম্ভী।
ণ্ঠ - কণ্ঠ।
ষ্ণ - কষ্টসহিষ্ণু।
ম্ৰ -নম্ৰ।
ন্থ - গ্ৰন্থ।
শ্ৰ - আশ্ৰয়।
ন্ম - সন্মান।
প্ল - প্লাৱন।
এটা শব্দত প্ৰকাশ কৰোঁ আহা
(ক) সমাজত সেৱা কৰা লোক - সমাজসেৱক।
(খ) দেশক ভালপোৱাৰ মানুহ - দেশপ্ৰেমিক।
(গ) বিপ্লৱ কৰোঁতাজন - বিপ্লৱী।
(ঘ) দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক - শ্বহীদ।
(ঙ) নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক - আত্মনিৰ্ভৰশীল।
উদাহৰণৰ দৰে শব্দ গঠন কৰা।
উদাহৰণ - নম্ৰ - নম্ৰতা
(ক) সাধু - সাধুতা।
(খ) ভদ্ৰ - ভদ্ৰতা।
(গ) দৃঢ় - দৃঢ়তা।
(ঘ) শিক্ষক - শিক্ষকতা।
(ঙ) সাৰ্থক - সাৰ্থকতা।
(চ) মূৰ্খ - মূৰ্খতা
(ছ) সৰল - সৰলতা
(জ) উজ্জ্বল - উজ্জ্বলতা
প্ৰশ্নঃ অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা।
উদাহৰণ- কথা - অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ'ব লাগে।
কঠা - পাঁচ কঠাই এবিঘা মাটি হয়।
পাত:- গছৰ পাতত পত্ৰহৰিৎ থাকে।
পাট:- শুৱালকুছি পাট-মুগাৰ কাপোৰৰ বাবে বিখ্যাত ।
হাত:- আমি হাতেৰে কাম কৰোঁ।
হাট:- আমাৰ ঘৰৰ কাষতে বুধবৰীয়া হাট বহে।
ল'ৰা:- ল'ৰাবোৰে পথাৰত বল খেলিছে।
লৰা:- স্কুললৈ যাবলৈ দেৰি হোৱাত লৰালৰিকৈ ভাত খাই ওলালো।
ছুটী:- এইবছৰ বিহুত ছুটী নোপোৱাৰ বাবে দেউতা ঘৰলৈ আহিব নোৱাৰিলে।
চুটি:- স্নেহাৰ চুলি চুটি।
গাঁও:- আমাৰ গাঁওখনত নতুনকৈ এটা পুথিভঁৰাল স্থাপন কৰা হৈছে।
গাওঁ:- মই গীত গাওঁ।
গড়:- আমাৰ দেশৰ মানুহৰ গড় আয় কম।
গঁড়:- অসমৰ এটা খড়্গ থকা গঁড় পৃথিৱী বিখ্যাত ।
ভাব বহলাই লিখোঁ আহাঁ ।
'যত্ন কৰিলে ৰত্ন পায় '
উত্তৰ:- অসমীয়া সমাজত প্ৰচলিত এইটো এটা প্ৰবচন। প্ৰবচনটোৰ দ্বাৰা, মানুহে নিজ চেষ্টাৰ বলত অসাধ্য সাধন কৰাতো সম্ভৱ হৈ উঠে তাকে বুজোৱা হয়।
যত্ন কৰিলে মূল্যৱান ৰত্ন লাভ কৰিব পাৰি । ইয়াত ৰত্ন শব্দই সফলতাৰ কথা বুজাইছে। অৰ্থাৎ মানুহে যত্ন বা চেষ্টা কৰিলে সকলো কামতে সফলতা অৰ্জন কৰিব পাৰে।
তলৰ দফাটো পঢ়া আৰু উদাহৰণত দিয়াৰ দৰে বাকচত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদ লিখা।
সৰুৰে পৰাই অমলপ্ৰভা দাস পঢ়া-শুনাত বৰ চোকা আছিল। সেইবুলি তেখেত অনবৰতে কিতাপ পঢ়ি থকা বিধৰো নাছিল। স্কুল ছুটিৰ পিছত ঘৰলৈ গৈ মাক-দেউতাকক কামত সহায় কৰি দিছিল। ফুলনিত গছপুলি ৰোৱা, শাক-পাচলিত পানী দিয়া আদি কাম কৰি তেখেতে বৰ ভাল পাইছিল। পঢ়া-শুনাৰ লগতে খেলা-ধূলা, গান-নাচতো তেখেত পাৰ্গত আছিল।
উদাহৰণ-
বিশেষ্য বিশেষণ সৰ্বনাম
অমলপ্ৰভা পাৰ্গত তেখেত
স্কুল ভাল
কিতাপ
ফুলনি
গছপুলি
শাক-পাচলি
গ- জ্ঞান সম্প্ৰসাৰণ
জানো আহাঁ।
চন্দ্ৰপ্ৰভা শইকীয়ানী:- চন্দ্ৰপ্ৰ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল ১৯০১ চনৰ ১৬ মাৰ্চত। বজালীৰ দৈশিঙৰি গাঁৱত তেখেতে জন্ম লাভ কৰিছিল। তেখেতৰ পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম গংগাপুৰীয়া মজুমদাৰ।
সেই সময়ত ছোৱালী শিক্ষাৰ প্ৰচলন নাছিল বুলিয়েই ক'ব পাৰি। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ গাঁও দৈশিঙৰিটো পঢ়াশালি নাছিল।কিন্তু তেখেতৰ পঢ়াৰ প্ৰতি অদম্য হেঁপাহ আছিল। সেইকাৰণে তেখেতে মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰিছিল। প্ৰাথমিক শিক্ষাৰ পাছত আৰু শিক্ষা ল'বলৈ ওচৰতে এম.ই. স্কুল নাছিল। কিন্তু তেখেতে ঘৰতে বহি দিন নকটাই এটা ভাল কাম কৰিবলৈ সিদ্ধান্ত ল'লে। সেইমতে তেখেতে দৈশিঙৰি গাঁৱৰ আন ছোৱালীবিলাকৰ বাবে এখন প্ৰাথমিক স্কুল আৰম্ভ কৰিলে। এই সুযোগতে গাঁৱৰ ছোৱালীবিলাকে অকণমান হ'লেও শিক্ষাৰে আলোকিত হ'ল। এদিন বিদ্যালয় উপ-পৰিদৰ্শকে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ স্কুলখন পৰিদৰ্শন কৰিলে। উপ-পৰিদৰ্শকে কম বয়সীয়া মানুহগৰাকীৰ সমাজসেৱাৰ মনোভাৱ দেখি আচৰিত হ'ল। তেখেতে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে যাতে পুণৰ পঢ়া-শুনা আৰম্ভ কৰিব পাৰে তাৰ বাবে জলপানি পোৱাৰ সুবিধা কৰি দিলে।
চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নগাঁৱৰ মিছন স্কুলত পুনৰ পঢ়া-শুনা আৰম্ভ কৰিলে। তাৰ পৰাই তেখেতে নৰ্মাল পাছ কৰি শিক্ষকতাৰ জীৱন আৰম্ভ কৰিলে। এইগৰাকী মহিলাই পাছলৈ নাৰীসকলক সমাজলৈ উলিয়াই আনিবলৈ মহিলা সমিতি গঠন কৰিলে। দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী সু-লেখিকাও আছিল।
উত্তৰ দিয়া।
*চন্দ্রপ্রভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?
উত্তৰ:- চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ১৯০১ চনৰ ১৬ মাৰ্চত বজালীৰ দৈশিঙৰি গাঁৱত হৈছিল।
*তেখেতে প্রাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল?
উত্তৰঃ তেখেতে প্ৰাথমিক শিক্ষা মাহীয়েকৰ ঘৰত থাকি লাভ কৰিছিল।
*চন্দ্রপ্রভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছােৱালীবিলাকৰ বাবে কি কৰিছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে প্ৰাথমিক স্কুল আৰম্ভ কৰিছিল।
*তেখেতক পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল?
উত্তৰ:- বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকে তেখেতক পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ বাবে সুবিধা কৰি দিছিল।
*তেখেতে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল?
উত্তৰঃ তেখেতে নাৰীসকলৰ বাবে মহিলা সমিতি গঠন কৰিছিল।
অমলপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কি কি দিশত মিল আৰু কি কি দিশত অমিল দেখিছা লিখা।
উত্তৰ:- অমলপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মাজত বহুতো মিল আছে।
ক) দুয়ো গৰাকী নাৰীয়েই ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল।
খ) দুয়ো গৰাকীৰে পঢ়া-শুনাৰ প্ৰতি অদম্য হেঁপাহ আছিল আৰু উচ্চ শিক্ষা লাভ কৰিছিল ।
গ) দুয়ো গৰাকীয়ে মানৱ সেৱাৰ বাবে নিজকে উচৰ্গা কৰিছিল।
অমলপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মাজত থকা অমিলবোৰ হৈছে-
ক) অমলপ্ৰভা দাসে বিভিন্ন উদ্যোগ স্থাপন কৰি নিজৰ লগতে আন বহুতকে স্বাৱলম্ভী হোৱাত সহায় কৰিছিল। আনহাতে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে শিক্ষকতাৰে সমাজত সেৱা আগবঢ়াইছিল।
খ) অমলপ্ৰভা দাসে ১০ বছৰ বয়সৰ পৰাই যঁতৰত সূতা কাটিছিল। আনহাতে চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী সু-লেখিকা আছিল।
গান্ধীজীয়ে যতঁৰত সূতা কাটিছিল। যতঁৰৰ উপৰি আৰু কিহেৰে সূতা কাটিব পাৰি।
উত্তৰ:- যতঁৰৰ উপৰি টাকুৰিৰেও সূতা কাটিব পাৰি। আজিকালি বিভিন্ন যন্ত্ৰৰ সহায়ত সূতা কটা হয়।
কবিতাটো আবৃত্তি কৰিবলৈ শিকা।
অক্কণমানিৰ গান
মা, মই আজি
সোণ বৰণৰ
সপোন দেখিলোঁ।
তোৰ আঙুঠিৰ ৰঙা বাখৰ
পাখি পিন্ধি উৰা দেখিলোঁ।
মা, অ' মা
তোৰ যে মা
ৰঙা বগা হালধীয়া
কেচৰছীয়া
ৰিহা এখন আছিল
তাৰ নিচিনা
চৰাই এটাই
মোৰ কাষলৈ আহিল।
মা, অ' মা
মই টুক বুলিলে
সি কুতুক কুতুক কৰে
আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ-ফুৰকৈ উৰে
বুইছ' মা , তাৰ চকু দুটা
ঠিক তোৰ আঙুঠিৰ বাখৰ
আৰু গোটেই গাতে অঁকা বঁকা
সোণ-ৰূপৰ আখৰ।
কবি- জ্যোতিপ্ৰসাদ আগৰৱালা।
আমাৰ ৰাজ্যৰ বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা মহিলাসকলৰ নাম শিক্ষক/ অভিভাৱকৰ সহযোগত তলত লিখা।
নৃত্য
গীত
বাদ্য
খেল- হিমা দাস, লাভলীনা বৰগোহাঞি ।
কবিতা ৰচনা
গল্প লিখা
সাঁতোৰা
ঘ- প্ৰকল্প
পাঠত থকা বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰেৰে তলৰ তালিকাৰ দৰে এখন তালিকা তৈয়াৰ কৰা।
বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদৰ তালিকা
বিশেষ্য বিশেষণ সৰ্বনাম
অমলপ্ৰভা নম্ৰ তেখেত
মহাত্মা গান্ধী বিনয়ী এৱেঁই
ডিব্ৰুগড় দৃঢ়তাসম্পন্ন মই
গুৱাহাটী চোকা মোৰ
কলিকতা পাৰ্গত মোক
ডা° হৰেকৃষ্ণ দাস ব্যথিত
হেমপ্ৰভা দাস টনকিয়াল
শৰণীয়া পাহাৰ স্বাৱলম্ভী
কস্তৰবা আশ্ৰম মহীয়সী
জৱাহৰলাল নেহৰু দেশপ্ৰেমিক
অহংকাৰ
সৰলমনা
অমায়িক