স্বদেশ প্রেম



পদ্মধৰ চলিহা
ধৰেনে জনম কেৱে এই মৰতত
শিলাময় কৰি তাৰ হিয়া,
“এইয়ে মোৰ জন্মভূমি” বুলি মনে মনে
এবাৰো যি কোৱা নাইকিয়া।
আনৰ দেশৰ পৰা উলটি আহোঁতে
ফুৰি-চাকি ঘৰমুৱা হৈ;
জ্বলা নাই হিয়া যাৰ স্বদেশপ্রেমেৰে
আছেনে কোনোবা এনে ঐ?
আছে যদি এনে কোনো তেনে কাঠচিত
চিনি থ’বা তাক ভালকৈ,
তাৰ বাবে গায়কৰ উচ্ছ্বাস উথলি
নুঠে তাৰ গুণ গাবলৈ।
থাকক থাকিলে তাৰ ডাঙৰ উপাধি
জগতত ফটা-ফুটা নাম;
থাকক থাকিলে তাৰ বিভূতি-বৈভৱ
বাসনাই ঢুকি পোৱা মান।
কিন্তু তেনে স্বার্থপৰ দুৰকপলীয়া
নাপায় খ্যাতি জনমত;
দুগুণ মৰণ ভুগি ধূলিৰ মানুহ
মিলি যাব ধূলিৰ লগত।
তাৰ বাবে কেৱে নোটোকে চকুলো
কেৱে তাক নকৰে সন্মান;
কবিয়ে কবিতা ৰচি নকৰে নকৰে
কেতিয়াও তাৰ গুণগান।


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ