ৰাক্ষস পণ্ডিত


    সত্যকালত এক ৰাক্ষস আছিল৷ সি মানুহৰ বেশ ধৰি “পণ্ডিত” নাম লৈ এক ৰজাৰ নগৰত পঢ়াশালি পাতিলেহি৷ ৰাক্ষস পণ্ডিতে তাত সকলোৰে ল’ৰা পঢ়ায়, কেৱল বাঁৰী মানুহৰ ল’ৰা হে নপঢ়ায়৷ সেই নগৰতে আকৌ এজনী বাঁৰীৰ এটি ল’ৰা আছিল৷ পুতেকক পঢ়াবলৈ বাঁৰীৰ বৰ মন গৈছিল; কিন্তু পণ্ডিতৰ কথা শুনি মন ভোটা হ’ল৷ মন্ত্ৰীৰে সৈতে বাঁৰী মানুহজনীৰ চিনাকি আছিল৷ সেই নিমিত্তে বাঁৰীয়ে মন্ত্ৰীৰ ওচৰলৈ গৈ তাইৰ ল’ৰাটো মন্ত্ৰীৰ বুলি পঢ়াশালিত পঢ়ুৱাবলৈ পণ্ডিতক দিবলৈ মন্ত্ৰীক খাটনি ধৰিলে৷ মন্ত্ৰীয়েও বাঁৰীৰ কথাত লাগি সেই ল’ৰাটো পণ্ডিতৰ হাতত তেওঁৰ নিজৰ পুতেক বুলি পঢ়াবলৈ দিলে৷ ল’ৰাটিয়ে পণ্ডিতৰ লগতে থাকি লেখা-পঢ়া শিকিবলৈ ধৰিলে৷ পণ্ডিতে অলৈ-তলৈ গ’লে তেওঁৰ তন্ত্ৰ-মন্ত্ৰ থকা পেৰাটো, মছা ঘৰ এখোটালিত থৈ ল’ৰাটোক ছুবলৈ হাক দি যায়৷ এদিন ল’ৰাটোৱে পণ্ডিত আঁতৰি গ’লত সেই পেৰাটোত নো কি আছে মনে মনে মেলি চালে৷ সি পেৰাটো মেলিলত তাত এটা মানুহৰ মূৰ আৰু কিছুমান পুথি-পাঁজি দেখিবলৈ পালে৷ সেই পুথিবিলাকত ৰাক্ষসৰ বিদ্যা অৰ্থাৎ নানান ৰূপ ধৰিব পৰা,মায়া হ’ব পৰা, সৰ্ব্বজান, ইত্যাদি বিদ্যা লিখা আছিল৷ তেতিয়া বাঁৰীৰ ল’ৰাই পণ্ডিতক ৰাক্ষস বুলি চিনিবলৈ আৰু বাকী নাথাকিল৷ সি দিনৌ পণ্ডিত ঘৰলৈ উভতি অহাৰ আগেয়েই লৰালৰিকৈ সেই পুথিবোৰ পঢ়ে আৰু পণ্ডিতে চিন ধৰিব নোৱাৰাকৈ আকৌ আগৰদৰে পেৰাত থৈ দিয়ে৷ এইদৰে পঢ়ি সি সেই বিদ্যাত খুব কাটন হৈ পৰিল৷ পণ্ডিতে কিন্তু এই কথাৰ গমকে ধৰিব পৰা নাছিল৷ এদিন পণ্ডিতে ল’ৰাবিলাকক তেওঁৰ ঘৰ দেখুৱাবলৈ নিবলৈ ইচ্ছা কৰি মাতিলত সকলোবোৰে মাক-বাপেকহঁতক কৈ যি যি পাৰিলে শক্তি অনুসৰি ভাৰ-ভেটি বান্ধি লৈ পণ্ডিতৰ ঘৰলৈ যাবলৈ ওলাল৷ সিহঁত ওলোৱা দেখি পণ্ডিতৰ আনন্দৰ সীমা নোহোৱা হ’ল আৰু মনে মনে ভাবিবলৈ ধৰিলে “ইহঁতক নি জ্ঞাতি-কুটুমেৰে সৈতে ভোজ ৰান্ধি খামগৈ৷” ইয়াকে ভাবি পণ্ডিতে ছাতৰবোৰৰ সৈতে তেওঁৰ ঘৰলৈ খোজ ললে৷ কিছুমান বেলিৰ বাট যোৱাৰ পাছত তেওঁলোকে গৈ এখন নৈ পালেগৈ৷ নৈ দেখি ল’ৰাবিলাকে “কেনেকৈ পাৰ হ’ম?” বুলি যেতিয়া পণ্ডিতক সুধিলে, পণ্ডিতে ক’লে, “তাৰ উপায় আছে, বাৰু তহঁতে চকু মুদহঁক৷ এটাই মোৰ গাত ধৰ, আন এটাই তাৰ গাত ধৰ, এইদৰে আটাইবিলাকে ইটোৰ গাত সিটোৱে ধৰাধৰিকৈ মোৰ পাছে পাছে আহি থাকহঁক, আৰু যেতিয়ালৈকে মই তহঁতক চকু মেল নোবোলো তেতিয়ালৈকে চকু নেমেলিবিহঁক; যদিহে মেল তেনেহলে এই পানীতে ৰবিহঁক৷” পণ্ডিত আগ বাঢ়িল৷ পণ্ডিতৰ গাত বাঁৰীৰ ল’ৰাই ধৰিলে, তাৰ গাত আন এটা ল’ৰাই ধৰিলে, সেইটোৰ গাত আন এটা ল’ৰাই ধৰিলে, আৰু বাকীবিলাকেও সেইদৰে এটাৰ গাত আনটোৱে ধৰি লানি লাগি পৰিল৷ সকলোৱে চকু মুদিলে কিন্তু বাঁৰীৰ ল’ৰাই চকু নুমুদিলে৷ সি পণ্ডিতে নো কি কৰে তাকে চাই থাকিল৷ পণ্ডিতে দুটা চুঙা উলিয়ালে; উলিয়াই প্ৰথমটো চুঙাৰে সোহা-মাৰি নদীখন শুহি পেলাই সিপাৰ হ’লগৈ, আৰু দ্বিতীয়টো চুঙাৰে ফু-মাৰি আকৌ আগৰদৰে নৈখন কৰি পেলালে৷ তাৰ পিছত সিহঁতক চকু মেলিবলৈ কৈ আকৌ আগৰদৰে পণ্ডিত যাবলৈ ধৰিলে৷ কিছুদূৰ বাট যোৱাৰ পাছত সিহঁতে আকৌ এখন নৈ পালেগৈ৷ এইখনো আগৰদৰে পণ্ডিতে সিহঁতক পাৰ কৰিলে৷ কিন্তু এইবাৰ পণ্ডিতে চুঙা দুটা বালিতে পুতি থৈ তাৰ পিছতহে সিহঁতক চকু মেলিবলৈ কৈছিল৷ এইবাৰো বাঁৰীৰ ল’ৰাই আগৰদৰেই চাই আছিল৷ ঘৰ পাবলৈ অলপমান বাট থাকোতেই পণ্ডিতে সিহঁতক ক’লে, “বোপাইহঁত, তহঁত ইয়াতে অলপ ৰ, মই ঘৰৰপৰা আহোঁগৈ, তেহে তহঁতক নিব পাৰিম৷ মোৰ বৰ দৰকাৰ এটাত বেগাই আগবাঢ়ি যাওঁ, উভতি আহি তিলকতে তহঁতক লৈ যামহি৷” সিহঁতে সিহঁতৰ গুৰুৰ কথা খুব শুনিছিল; সেই দেখি সিহঁত পণ্ডিতৰ আজ্ঞামতে তাতে ৰ’ল৷ পণ্ডিত আহি জ্ঞাতিক ভোজ দিবৰ নিমিত্তে ঠিক-ঠাক কৰিবলৈ ধৰিলে৷ ল’ৰাবিলাকে পণ্ডিত আহিব বুলি বাট চাই থাকিল, কিন্তু ভালেখিনি বেলি হ’ল, পণ্ডিত নাই৷বাঁৰীৰ ল’ৰাই “ভাইহঁত, মই পণ্ডিতৰ ঘৰৰপৰা লৰি আহোঁগৈ, তহঁতে ইয়াতে থাক, তেওঁ নো কি কৰিছে মই বেগতে গৈ চাই আহোঁচোন” বুলি কৈ একে লৰেই পণ্ডিতৰ ঘৰ ওলালগৈ৷ সেই সময়ত পণ্ডিত ঘৰত নাছিল, দিহিঙে দিপাঙে থকা ৰাক্ষসবোৰ মাতিবলৈ আৰু পাত-পচলা গোটাবলৈ গৈছিল৷ ৰাক্ষসৰ ঘৰৰ বেৰত আঁৰি থোৱা মানুহৰ মূৰ দুটাই বাঁৰীৰ পুতেকক দেখি ক’লে, “হেৰঔ তই কলৈ আহিছ? তোক ৰাক্ষসে খাব, এতিয়াই এই গাঁৱৰপৰা পলা, বেগতে পলা৷” সি মূৰ দুটাৰ এই কথা শুনি তাৰপৰা তুৰন্তে পলাই একে কোবেই লগৰীয়াহঁতৰ লগ পালেহি, পাই সিহঁতক সকলো কথা ভাঙি ক’লে৷ সিহঁতে শুনি ভয়ত থৰ্ থৰ্ কৰে কঁপিবলৈ ধৰিলে৷ বাঁৰীৰ ল’ৰাই “কোনো ভয় নাই, মই আছোঁ, বলহঁক আমি আমাৰ ঘৰলৈ উভতি যাওঁগৈ৷” এই বুলিকৈ ঘৰৰফালে খোজ ললে৷ এনেতে সিফালৰ পৰা ৰাক্ষসটো লৰি আহি ল’ৰাবোৰক থোৱা ঠাইত নাপাই, অহা বাটেদি লৰিবলৈ ধৰিলে৷ বাঁৰীৰ ল’ৰাই, ৰাক্ষসে যেনেকৈ সিহঁতক চকু মুদাই লৈছিল সেইদৰে লৈ, বালিত ৰাক্ষসে পুতি থোৱা চুঙা দুটা উলিয়াই লৈ, এটাই ফু মাৰি নৈৰ পানী শুহি আৰু আনটোত ফু মাৰি পানী উলিয়াই থৈ দুইখন নৈ পাৰ হৈ গ’ল৷ ৰাক্ষসে খেদি আহি বাঁৰীৰ ল’ৰাক দূৰৰ পৰা দেখি চিঞৰি চিঞৰি ক’লে, “বাৰু ভাল বুকু চাই কামোৰ মাৰিলি তই! যা,যা,মইও গৈছোঁ পাছতে৷” এই কথা কৈ ৰাক্ষস উভতি গ’ল৷ বাঁৰীৰ ল’ৰাই মাকৰ ওচৰত সকলো কথা ভাঙি ক’লেহি, আৰু সি ধন আৰ্জ্জিবৰ মনেৰে মাকক ক’লে, “আই মই এটা ছাগলি হৈ থাকিম, তই মোক বজাৰত বেচিবলৈ নিবি; আৰু কোনোবাই আহিলে তাক মোৰ পঘাডাল নিদি মোক বেচি দিবি৷ মই তোৰ পাছতে ওলামহি৷” মাকে তাৰ এই কথা শুনি “বাৰু” বুলি শলাগি থাকিল৷ পুতেক ছাগলি এটা হ’ল৷ পাছদিনা মাকে তাক হাটত বেচিবলৈ লৈ গ’ল৷ পাছে সেই ৰাক্ষসেই ভেশচন ধৰি আহি ছাগলিটোত বাঁৰীয়ে যিমান বেচ বুলিলে সিমান দি ছাগলিটো লৈ গুচি গ’ল৷ বাঁৰীয়ে ঘৰ পালত বাঁৰীৰ পিছতে পুতেক আহি ওলালহি৷ সি পাছদিনা আকৌ এটা ৰাজহাঁহ হৈ থাকিল৷ মাকে তাক বেচিবলৈ টোম এটাত ভৰাই লঠ গ’ল৷ সেই ৰাক্ষসেই বাঁৰীৰ ল’ৰাক খাবলৈ বুলি আন এটা মানুহ হৈ আহি ৰাজহাঁহটো কিনিলে৷ এইবাৰো মাকে টোমটো নিদি ৰাখিলে৷ হাঁহ বেচি মাক ঘৰ পালেহি, সিও পিছে পিছে ঘৰ ওলালহি৷ ৰাক্ষসৰ মনত মহা খং উঠিল, আৰু “এইবাৰ কিনিব পাৰিলে তাক যিহতে আন বা যিহৰে ধৰি বেচিবলৈ আনে সেই বস্তুটো নিদিওঁ” বুলি সি ঠিক কৰিলে৷ এইবাৰ বাঁৰীৰ পুতেক ঘোৰা এটা হৈ থাকিল৷ মাকে তাক ধৰি লৈ সেই নগৰৰ বজাৰত বেচিবলৈ লৈ গ’ল৷ ৰাক্ষসেও সিফালৰ পৰা আহি ঘোৰাৰ গৰাকিয়নীয়ে যিমান দাম ক’লে সিমান দামকে দি ঘোৰাই লেকামে লৈ গুচি গ’ল৷বাঁৰীয়ে কত ক’লে লেকামডাল তাইক সি ওভোতাই দিবলৈ, কিন্তু সি নিদি লৈ গুচি গ’ল৷ ৰাক্ষসে সেই নগৰৰ নদী এখনৰ কাষতে কোনো এটা ঘাটত ঘোৰাটো খাবলৈ মনতে ঠিক কৰিলে৷ তেতিয়া ভৰ দুপৰীয়া৷ ঘোৰাটোৱে এবাৰ চল পাই ৰাক্ষসৰ হাতৰপৰা এৰাই পানীত পৰি মাছ এটা হ’ল৷ ৰাক্ষসে তাক শিহু এটা হৈ খেদি নিবলৈ ধৰিলে৷ সেই সময়ত ৰজাৰ জীয়েকে গা ধুবলৈ সেই নৈলৈকে আহক৷ ৰজাৰ জীয়েকে গা ধোওঁতে অলঙ্কাৰ পাতিবোৰ সোলোকাই এটা বাটিত থৈছিল৷ বাৰীৰ জীয়েকৰ অলঙ্কাৰৰ লগত মিহলি হৈ গ’ল৷ ৰজাৰ জীয়েকে গা ধুই উঠি সেই মণিটো দেখি সেইটো ক’ৰপৰা তালৈ আহিল, কি কথা, কি বতৰা ইত্যাদি ভাবি-চিন্তি ঠিক কৰিব নোৱাৰি, মণিটো ঘৰলৈ লৈ আহিল৷ ৰাক্ষসে এটা মানুহ হৈ ৰজাৰ আগত গোচৰ দিলেহি যে ৰজাৰ জীয়েকে তাৰ মণিটো বাটত পাই আনিছে আৰু এতিয়া তাক নিদিব কি বুলি? ৰজাই ৰাক্ষসক “বাৰু তোমাৰ মণিটো যদি ছোৱালীয়ে আনিছে, মই কলেই দিব; তাই সৰু ছোৱালী, সেইবোৰৰ ভু নাপাই, অলপ পৰ ৰ’বা” বুলি কৈ জীয়েকক মতাই আনি মণিটো দিবলৈ ক’লে৷ ৰজাৰ জীয়েকে বাপেকৰ কথা শুনি মণিটো মানুহটোৰ আগত পেলাই দিলে৷ মণিটো মাটিত পৰিয়েই এটা সৰিয়হ হ’ল৷ সৰিয়হ খাবৰ নিমিত্তে মানুহ হৈ থকা ৰাক্ষসটো এটা কপৌ হ’ল৷ বাঁৰীৰ ল’ৰাই তৎক্ষণাৎ সৰিয়হ গুচি শেন এটা হৈ কপৌটোৰ বুকুখন ফালি পেলালে৷ তেতিয়া ৰাক্ষসে নিজ মূৰ্ত্তি ধৰি এটা ভয়ানক চিঞৰ মাৰি মৰি থাকিল৷ ৰজাই এইবোৰ চকুৰ আগতে সপোন যেন দেখি ভেবা লাগি ৰ’ল৷ আন আন মানুহেও তবধ লাগিল৷ তেতিয়া বাঁৰীৰ ল’ৰাই মানুহ হৈ সকলো কথা ৰজাক ভাঙি ক’লত, ৰজাই সন্তোষ পাই জীয়েকক তালৈ বিয়া দি তাক বহি-ৰজা পাতিলে৷ বাঁৰীৰ ল’ৰাই মাককো তাৰ লগলৈ তুলি নি খাই-বৈ সুখেৰে থাকিল৷


লক্ষ্মীনাথ বেজবৰুৱা




অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ