বংগ বিভাজন আৰু স্বদেশী আন্দোলন—সমাজ বি‍জ্ঞান (X), চমু প্ৰশ্নোত্তৰ



চমু উত্তৰ দিয়া:

১। বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৰা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।
উত্তৰ: বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্রধান তিনিটা ভৌগোলিক সংমণ্ডল হ’ল— ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী।
২। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
উত্তৰ: বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল—
(ক) ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বাঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশত সংখ্যালঘুত পৰিণত কৰা।
(খ) ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক কিছু সুবিধা দি তেওঁলোকক ইংৰাজসকলৰ অনুগত কৰা।
(গ) ভাৰতত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি হিন্দু আৰু মুছলমানসকলৰ মাজত বিভাজন ঘটাই ইংৰাজসকলৰ স্বাৰ্থ সিদ্ধি কৰা।

৩। বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।
উত্তৰ: ১৯০৩ চনৰ ৬ নৱেম্বৰত সেই সময়ৰ ভাৰতৰ ভাইচ্‌ৰয় লৰ্ড কাৰ্জনে বংগদেশক দ্বিখণ্ডিত কৰাৰ প্রস্তাৱ গ্ৰহণ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্রকাশ কৰালৈকে বংগৰ বিভিন্ন ঠাইত এই বিভাজনৰ প্রতিবাদকল্পে বহুতো সভা-সমিতি অনুষ্ঠিত হৈছিল। জাতি-বৰ্ণ নিৰ্বিশেষে সকলোৱে এই প্রতিবাদত যোগদান কৰে। প্রতিবাদকাৰীসকলে বিদেশী বস্তু, অর্থাৎ ইংৰাজসকলে ইংলণ্ডৰ পৰা আমদানি কৰা পণ্য বস্তু বৰ্জন আৰু স্বদেশত প্রস্তুত কৰা বস্তু গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেয়ে বংগ ভংগ বিভাজনবিৰোধী আন্দোলনক ‘স্বদেশী আন্দোলন’ বুলি কোৱা হয়।

৪৷ স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা৷
উত্তৰ: ভাৰতত ইংৰাজ ভাইচৰয় লৰ্ড কাৰ্জনৰ বংগ ভংগ সিদ্ধান্তৰ সময়ৰ পৰাই ভাৰতত স্বদেশী আন্দোলন আৰম্ভ হয়। এই আন্দোলনত বিদেশী দ্রব্য-সামগ্ৰী বৰ্জন কৰাৰ লগতে স্বদেশী শিক্ষা ব্যৱস্থাৰ হকেও জনসাধাৰণ সজাগ হৈ উঠে। ১৯০৫ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে ‘বংগ জাতীয় বিদ্যালয়’ নামৰ প্রতিষ্ঠানৰ জন্ম দিয়ে। ১৯০৫ চনৰ নৱেম্বৰ মাহত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন কৰে। দেশীয় ছাত্ৰসকলে চৰকাৰী বিদ্যালয়সমূহ ত্যাগ কৰি জাতীয় বিদ্যালয়ত ভৰ্তি হোৱাৰ প্রৱণতা বৃদ্ধি পোৱাত ১৯০৬ চনৰ ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ এখন অনুষ্ঠানৰ জন্ম হয়। সেই চনতে বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হয়। মুঠতে স্বদেশী আন্দোলন চলি থকা সময়খিনিত ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। অৰবিন্দ ঘোষৰ অধ্যক্ষতাত কলিকতাত জাতীয় কলেজ স্থাপন হয়। জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত ‘সমৰ্থ বিদ্যালয়’ আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয়’ প্রতিষ্ঠা কৰা হৈছিল।

৫। স্বদেশী আন্দোলনৰ সময়ছোৱাৰ বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?
উত্তৰ: স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত বংগদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল৷ সেই সময়ছোৱাত ভাৰতবৰ্ষত স্বদেশী বস্তু ব্যৱহাৰৰ প্রতি জনসাধাৰণ সচেতন হৈ উঠিছিল। ফলত স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, তাঁতশাল উদ্যোগ, সৰিয়হ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদি কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগে লগে জাতীয় বেংক, স্বদেশী বীমা কোম্পানী আদিও গঢ়ি উঠে। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা ‘স্বদেশী ভাণ্ডাৰ’ নামৰ বস্ত্ৰ প্ৰতিষ্ঠান গঢ়ি তুলিছিল৷ যোগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্রচেষ্টাত কলকাতাৰ বউবজাৰত ‘ইণ্ডিয়ান ষ্টোৰ্চ’ নামৰ প্ৰতিষ্ঠান গঢ়ি উঠে। নীলৰতন সৰকাৰৰ উদ্যোগত ‘বংগলক্ষ্মী কটন মিল’, আচাৰ্য প্রফুল্ল চন্দ্ৰ ৰায়ৰ উদ্যোগত ‘বেংগল কেমিকেল্‌ছ’, জামছেদজী টাটাৰ উদ্যোগত ‘টাটা লৌহ কাৰখানা’ আদি গঢ়ি উঠে। বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতৰ বিভিন্ন ঠাইত আধুনিক শিল্প-উদ্যোগ গঢ়ি উঠিছিল৷ এনেদৰে স্বদেশী আন্দোলনে দেশত স্বদেশী শিল্প উদ্যোগৰ বিকাশ ঘটাইছিল।

৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?
উত্তৰ: স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ইংৰাজ চৰকাৰে বিভিন্ন দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। যেনে—

(ক) চৰকাৰে আইন প্রণয়ন কৰি জনমত প্রকাশত বাধা দিয়াৰ উদ্দেশ্যে দেশীয় সংবাদপত্ৰৰ স্বাধীনতা খৰ্ব কৰিছিল।
(খ) ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছিল।
(গ) মুছলমান সম্প্ৰদায়ক হিন্দুসকলৰ বিৰুদ্ধে উচটাই দি মুছলমানসকলক চৰকাৰী সুবিধা দিয়াৰ পন্থা গ্ৰহণ কৰিছিল।
(ঘ) স্বদেশী আন্দোলনৰ শীৰ্ষস্থানীয় নেতৃবৃন্দক আটক কৰিছিল। কিছুমান নেতাক নিৰ্বাসন দণ্ড বিহিছিল।
(ঙ) জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকক চৰকাৰ-আৰোপিত বিভিন্ন উপাধি, পদক আৰু পদ দান কৰিছিল৷ চৰকাৰে তেওঁলোকক উচ্চ ন্যায়ালয়ৰ বিচাৰপতৰি পজ, ব্ৰিটিছ সংসদৰ সদস্য পদ, ভাইচ্‌ৰয় পৰিষদৰ সদস্য পদ নাইবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ দান কৰিছিল৷

৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।
উত্তৰ: স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ’ল—

(ক) স্বদেশী আন্দোলনে বংগদেশত সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল৷ স্বদেশী আন্দোলনৰ পটভ‍ূমি‍ত বিভিন্ন সংবাদপত্ৰ, আলোচনা, গ্ৰন্থ, গাত-মাত, নাটক, প্ৰবন্ধ আদিৰ সৃষ্টি হৈছিল৷
(খ) স্বদেশী আন্দোলনে ভাৰতবাসীৰ মনত জাতীয়তাবাদৰ জোৱাৰ তুলিছিল। জনসাধাৰণে বিদেশী পণ্য বৰ্জন কৰিবলৈ লৈছিল৷ ফলত স্বদেশী শিল্পই গা কৰি উঠিছিল।
(গ) দেশত স্বদেশী শিক্ষা, অৰ্থাৎ জাতীয় শিক্ষাৰ ঢৌ উঠিছিল। বহুতো জাতীয় বিদ্যালয়, কলেজ আদি গঢ় লৈ‍ উঠিছিল।
(ঘ) স্বদেশী আন্দোলনৰ ফলস্বৰূপে পুৰুষৰ লগতে নাৰীয়েও জাতীয়তাবাদৰ ভাবধাৰাৰে উদ্বুদ্ধ হৈছিল।

৮৷ স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।
উত্তৰ: স্বদেশী আন্দোলনে ভাৰতীয় ৰাজনীতি, অৰ্থনীতি আৰু সাংস্কৃতিক জগতত সুদূৰপ্রসাৰী অৱদান আগবঢ়াইছিল। যেনে—
(ক) স্বদেশী আন্দোলনে জনসাধাৰণৰ মনত জাতীয় ভাবধাৰাৰ জন্ম দিছিল। মানুহে স্বদেশী পণ্য-সামগ্ৰী গ্ৰহণ কৰিবলৈ লৈছিল। ফলত ইংৰাজসকলৰ ব্যৱসায় বিপৰ্যস্ত হ’বলৈ আৰম্ভ কৰিছিল।
(খ) স্বদেশী আন্দোলনৰ জৰিয়তে ভাৰতীয় নেতৃবৃন্দৰ কাম-কাজ আৰু চিন্তা-চৰ্চাৰ পৰিৱৰ্তন ঘটাইছিল। তেওঁলোকে‍ বুজি পাবলৈ ধৰে যে এক গণসংগ্ৰামৰ যোগেদিহে ভাৰতৰ সাৰ্বিক উন্নয়ন সম্ভৱ।
(গ) স্বদেশী আন্দোলনে ভাৰতবাসীৰ অনাগত স্বাধীনতা সংগ্রামৰ বাবে মানসিকতা গঢ়ি তোলাত ইন্ধন যোগাইছিল।
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ