বাখৰ- (লক্ষ্মীনাথ বেজবৰুৱা)


চৰিত্ৰ (character) মানুহৰ জীৱনৰ ভেটি৷ এই ভেটিটো দৃঢ় হ’ব লাগে, নতুন জীৱনৰ বৃহত অট্টালিকাটো সংসাৰৰ হেঁচাত পৰি চুৰমাৰ হৈ যাব৷ জীৱন মানে মানুহৰ পূৰ্ণ-মনুষ্যত্ব বিকশিত হোৱা জীৱন; মাথোন খোৱা, শোৱা আৰু ধন ঘটি ইন্দ্ৰিয়ৰ বৃত্তি চৰিতাৰ্থ কৰা জীৱন নহয়,- কাৰণ এনে জীৱন পশুৰ জীৱনতকৈ এখাপৰহে ওপৰৰ৷ চৰিত্ৰ-মন্দিৰত ঈশ্বৰৰ সন্তান মনুষ্যৰ ঐশ্বৰিক গুণবোৰৰ মূৰ্তি প্ৰতিষ্ঠিত থাকে, এতেকে সেই মন্দিৰ টান, শকত, নফটা, নভগা আৰু নুৰুখা হ’ব লাগে৷ বাহিৰৰ শত্ৰুৰ আক্ৰমণ ব্যৰ্থ কৰি চিৰকাল আত্মৰক্ষা কৰি, মূৰৰ ওপৰৰ সোণৰ কলচীটি জগত-কৰ্তাৰ ফালে পোন কৰি থৈ আত্ম-প্ৰসাদ লাভ কৰিব পৰা হ’ব লাগে এই চৰিত্ৰ মন্দিৰটি৷

প্ৰতিৰোধ-শক্তি (Resistance) চৰিত্ৰ-মন্দিৰৰ ভেটি হ’ব লাগে৷ জীৱন এটা ধাৰাবাহিক প্ৰতিৰোধৰ ফল৷ নৰিয়াৰ প্ৰতিৰোধ, নৈসৰ্গিক আক্ৰমণৰ প্ৰতিৰোধ, হিংসাকুৰীয়া জন্তুৰ আক্ৰমণৰ প্ৰতিৰোধ, কুসঙ্গজনিত কুভাবৰ প্ৰতিৰোধ, স্বাৰ্থপৰ, বিদ্বেষী আৰু খলৰ আক্ৰমণৰ প্ৰতিৰোধ, নীহ, কুট, নিন্দক আদি নিষ্কাৰণ বৈৰীৰ আঘাতৰ প্ৰতিঘাত, জীৱন ৰক্ষাৰ নিমিত্তে আৱশ্যক৷ প্ৰতিঘাতৰ শক্তি বা বলে মানুহক সকলো অৱস্থাতে পোন হৈ থাকি কৰ্তব্য পালন কৰিবলৈ বল দি যোগ্য কৰে৷ এই শক্তিৰে অনুপ্ৰাণিত হৈ মানুহে স্বচ্ছন্দে জীৱিকা উপাৰ্জন কৰিব পৰা ক্ষমতা লাভ কৰে, আৰু নিজক সততে বিপদৰ পৰা মুক্ত আৰু ৰক্ষা কৰি তেওঁ কৰ্তব্য-কাৰ্য সম্পাদন কৰিব পৰা হয়৷ ব্যায়াম, বিশুদ্ধ বায়ু, বিশুদ্ধ আহাৰে শৰীৰলৈ এই ক্ষমতা আনে আৰু ওখ চিন্তা, পৰোপকাৰ চিন্তা, ঈশ্বৰ-চিন্তা, জীৱৰ প্ৰতি দয়া, প্ৰেম আৰু ঈশ্বৰৰ প্ৰতি একান্ত ভক্তিয়ে মনলৈ এই ক্ষমতা আনে৷

প্ৰতিৰোধ-শক্তি যেনেকৈ বাহিৰৰ আততায়ীৰ পৰা চৰিত্ৰ-মন্দিৰ ৰক্ষাৰ নিমিত্তে আৱশ্যকীয়, ভিতৰৰ মন্দিৰত সেইদৰে প্ৰাণ প্ৰতিষ্ঠা কৰি তাক সজীৱ-সবল কৰি ৰাখিবলৈ constructiveness নিৰ্মাণ বা গঠন-শক্তি আৱশ্যক৷ বাহিৰৰ বিপৰীত ধৰ্মাৱলম্বী পদাৰ্থ ভিতৰলৈ সোমাব নিদিয়াকৈ জানিবা ভিতৰখন ৰাখিলা, কিন্তু সিতো খালি নাথাকে, nature abhors a vacuum অৰ্থাৎ প্ৰকৃতিত অৰ্থাৎ সৃষ্টিত কোনো ঠাই খালি থকা নিয়ম নাই৷ তুমি যদি তোমাৰ মাল-গুদামত বাহিৰৰ বস্তু নুসুমাই তাক খালি কৰি পেলাই থোৱা, তেন্তে ভিতৰত সি ভেঁকুৰা লাগি পচা গোন্ধ-ভাপ আৰু কাঠফুলা জেকনিৰে লাহে লাহে পুৰ হৈ উঠিব, সেইদেখি তাক ভাল, সজ বস্তুৰে পুৰাব লাগিব৷ সজ-চিন্তা, সজ-স্বভাৱ, সজ-কাৰ্যৰ সমল প্ৰস্তুত কৰি সেইবাবে তোমাৰ চৰিত্ৰ-মন্দিৰৰ ভিতৰখন পুৰাই থ’বা৷

পৰ্যবেক্ষণ (observation) চৰিত্ৰ-মন্দিৰৰ গাঁথনিৰ গুৰিডোখৰৰ ইটা৷ তোমাৰ চাৰিওফালে দিনৌ কি ঘটিছে, তাৰ গঢ়-গতি কেনে, স্বভাৱ কি, ফল কি, ইত্যাদি তন্ন-তন্নকৈ চাই জুকিয়াই যাবা৷ ওপৰে ওপৰে চেলেং-পেতেংকৈ চালে নহয়৷ প্ৰথমতে তোমাৰ এই পৰ্যবেক্ষণৰ শক্তি দুৰ্বল থাকিলেও, তাক ব্যৱহাৰ কৰোঁতে কৰোঁতে তাৰ শক্তি মহা প্ৰবল হৈ উঠিব নিশ্চয়; আৰু শেহত সি ইমান তীক্ষ্ণ হ’ব, ইমান প্ৰবল হ’ব, যে তুমি নিজেই আচৰিত মানিবা এইটো কথাত, যে এশজনৰ ভিতৰত নিৰান্নবৈজনৰ চকুত নপৰা কথা তোমাৰ চকুত পৰিছে৷ যি পৰ্যবেক্ষণে তোমাৰ মন উন্নত কৰে, তেনে পৰ্যবেক্ষণত তোমাৰ শক্তি আৰু সময় সৰহকৈ ব্যয় কৰিবা৷ পৰ্যবেক্ষণ-শক্তিয়ে ঘ্টনা আৰু পদাৰ্থৰ জটিলতাৰ আঁহ ফঁহিয়াই বেলেগ কৰি দি তাৰ আচল প্ৰকৃতি উলিয়াই দিয়ে, আৰু তেতিয়া তোমাৰ বিবেচনা জ্ঞানে সেই বস্তুৰ ভাল অংশ সামৰি লৈ বেয়া অংশ দলিয়াই পেলাব৷
পৰ্যবেক্ষণতে শেষ নকৰি তাৰ ফল কামত লগাব লাগে৷ অনেকে অনেক কথা দেখে, জানে আৰু ভাবে; কিন্তু কামত সেইবোৰ লগাব নোৱাৰে বা লগাবলৈ যত্ন নকৰে৷ এনে মানুহ জানি-শুনি, শিকি-বুজিও অকৰ্মণ্য হয়৷ তোমাক নিজকে তুমি ভালকৈ চলাবলৈ শিকা, তেহে লোকক চলাব পাৰিবা; নিজক শাসনৰ তললৈ আনিলেহে লোকক তোমাৰ শাসনৰ তললৈ আনিব পাৰিবা৷ নিজৰ ওপৰত তুমি গৰাকী হ’ব পাৰিলে, অৰ্থাৎ তোমাৰ স্বভাৱ-চৰিত্ৰক তোমাৰ সম্পূৰ্ণ তলতীয়া কৰি ল’ব পাৰিলে, তুমি পৰিৱেষ্টিত থকা বাহিৰৰ মনুষ্য-সমাজ আৰু অৱস্থাকো লাহে লাহে তোমাৰ তলতীয়া কৰিব পাৰিবা৷


পৰিমিত-ব্যয় চৰিত্ৰ-মন্দিৰৰ আন এটি লাগতিয়াল সঁজুলি৷ বিবেচনাৰে সৈতে সময়, শক্তি, পৰিশ্ৰম, বুদ্ধি আৰু অৰ্থৰ সদ্ব্যৱহাৰ কৰাৰ মানেই মিতব্যয় বা বিবেকব্যয়(economy)৷ বিবেকব্যয়ীক বহুতে বুজিব নোৱাৰি কৃপণ বুলি ভাবে, কিন্তু বিবেকব্যয় কৃপণতা নহয়৷ ঘৰুৱা অসমীয়া কথাত কিৰ্পিণক বান্ধকানি বোলে৷ কিন্তু ভৱিষ্যতলৈ চকু ৰাখি অৰ্থৰ নিয়মিত সদ্ব্যৱহাৰ কৰাক বান্ধকানি নোবোলে৷ স্বৰূপাৰ্থত মিতব্যয়ী মানুহহে প্ৰকৃত উদাৰ আৰু পৰোপকাৰী হ’ব পাৰে৷ প্ৰায়ে দেখা যায় যে অতিপাতকৈ খৰছ কৰি দাতাকৰ্ণ হ’ব খোজাজনৰ শীঘ্ৰে কঁকাল পৰে; সেইদেখি তেওঁ যেতিয়া য’ত অৰ্থেৰে প্ৰকৃত সহায় কৰিব লাগে, তেতিয়া ত’ত কৰিব নোৱাৰা হয়৷ সেই নিমিত্তে তোমাৰ সুসময়তে ভৱিষ্যত দুঃসময়লৈ সাঁচিবা৷ অকল বিত্তৰ বিষয়তহে যে এই কথা খাতে এনে নহয়; পৰিশ্ৰম, স্বাস্থ্য, বুদ্ধি ইত্যাদিতো এই কথা খাটে৷ সেই দেখি ইংৰাজী ইকনমি (economy) শব্দটোৰ আচল প্ৰতিশব্দ বিবেকব্যয়৷ ডেকাকালৰ সুলভ স্বাস্থ্যৰ অপব্যয়, অপব্যৱহাৰ কৰি শেষ বয়সত ভগ্নদেহ, ৰুগ্নস্বাস্থ্য লৈ অনুতাপ কৰি জীৱন কটোৱা মানুহৰ লেখ বৰ কম নহয়৷ মুঠতে, শক্তি সঞ্চয় কৰা আৰু তাক আৱশ্যকমতে ব্যয় কৰা, তুমি সংসাৰত বিজয়ী হ’বা৷ তুমি মনত দৃঢ়ভাৱে ভাবিবা, যে তোমাৰ অৰ্থ, তোমাৰ শক্তি-সামৰ্থ, তোমাৰ শৰীৰ, তোমাৰ মন, বুদ্ধি, তুমি তোমাৰ নিজৰ প্ৰতিবাসীৰ, দেশৰ, মনুষ্য-সমাজৰ উপকাৰৰ অৰ্থে আৰু ঈশ্বৰৰ প্ৰীতিৰ অৰ্থেহে সঞ্চয় কৰিছা; তেনেহ’লে নিশ্চয় তুমি নিজেও উন্নত হ’বা আৰু পৰোপকাৰ কৰিব পাৰিবা আৰু তোমাৰ অভীষ্ট সাধনো হ’ব৷

চৰিত্ৰ-মন্দিৰৰ ভিতৰত উজ্জ্বল অথচ মিঠা বন্তি হৈছে আনন্দ৷ আনন্দই শৰীৰ-মন আনন্দিত কৰি সুমধুৰ কৰি ৰাখে৷ কোনো দুখ-বিপদৰ বাবে মনলৈ নিৰানন্দ অহাটো স্বাভাৱিক; কিন্তু সেই নিৰানন্দকে মনত পাগি-পুৰি নাথাকিবা; মনত বেজাৰ থাকিলেও মুখেৰে আনন্দ কৰিবা; তেনেকৈ আনন্দৰ কথা কৈ থাকোঁতে আৰি লোকে কোৱা আনন্দৰ কথা শুনি থাকোঁতে তোমাৰ নিৰানন্দক আনন্দই লাহে লাহে জয় কৰি ভিতৰৰ পৰা উলিয়াই খেদি দিব৷ এইটো নাপাহৰিবা যে, মুখৰ শব্দৰ বৰ ক্ষমতা; সি উচ্চাৰিত হৈ হৈ ইমান শক্তিমন্ত হয়গৈ যে শেহত তোমাৰ চিন্তাৰ ওপৰতো সি প্ৰভাৱ বিস্তাৰ কৰে৷ শব্দক empty, খালি বুলি বহুতে তাক শূন্য যেন দেখে; কিন্তু সেই শূন্য ব্যোম (ether), যাৰ স্পন্দনত ব্ৰহ্মাণ্ডৰ শিপা পৰ্যন্ত লৰে; যাৰ কম্পনত সৃষ্টি, স্থিতি, লয় ঘটে, মনৰ ভাব সলোৱাটোতো তাৰ এটা ক্ষুদ্ৰ কাম মাথোন৷ দুখত ব্যথিত নহৈ তাক অগ্ৰাহ্য কৰিবলৈ সেইদেখি জ্ঞানী সাধুসকলে উপদেশ দিয়ে৷ দুখক, কষ্টক অগ্ৰাহ্য-অৱহেলা কৰিলে বাস্তৱিকতে সি দুৰ্বল হৈ মৃত্যুৰ মুখত পৰে; আৰু তাকে লৈ তাৰে গুণ-মহিমা বখানি আৰু চিন্তা কৰি থাকিলে সি ফাপি উঠি ক্ৰমাত ডাঙৰ হৈ যায়৷ এইদেখি অদৃষ্টক হাঁহি উৰাই দিয়া ভাল৷ বাধা-বিঘিনিক তুচ্চ কৰি থোৱা, দেখিবা সি আপোনা-আপুনি খোৰাকৰ অভাৱত মৰি যাব৷ প্ৰত্যেক দিনত ওলোৱা সুবিধাবোৰ তুমি আনন্দ মনেৰে গ্ৰহণ কৰি তাক কামত লগাই যাবা৷ তুমি ভাবা, – যে বিপদ জয় কৰি উঠিব পাৰিবা, কাৰণ তোমাৰ ক্ষমতা আছে; আৰু তুমি জয় লাভ কৰিব পাৰিবা, কাৰণ তুমি ইচ্ছা আৰু সংকল্প কৰিছা৷ “You can, therefore you will, You will, therefore you will, You shall, therefore you realize.” এই ধাৰণাই তোমাৰ মন আনন্দেৰে পৰিপূৰ্ণ কৰিব৷ তুমি যে জয়ী হ’বা, এই দৃঢ় বিশ্বাস তুমি মনত পোষণ কৰিছা; ফলত তোমাৰ ক্ষমতা বৃদ্ধিপ্ৰাপ্ত হৈছে; এই ধাৰণা যে প্ৰকৃত, ই নিশ্চয় তোমাৰ মনলৈ আনন্দ আনিবই আনিব৷
আনন্দই মুখ উজ্জ্বল কৰে৷ শোকে অন্তৰ ধ্বংস কৰে৷৷
আনন্দময়ী কোনো কাৰ্যত নিমগন হোৱা, দেখিবা চাৰিওফালৰ পৰা আনন্দৰ সোঁতে তোমাৰ মন বুৰাই পেলাবহি৷ ৰঙিয়াল মানুহৰ সঙ্গ লোৱা, সঙ্গগুণত তোমাৰ মনো ৰঙিয়াল হ’ব৷৷ হাঁহা, খুব হাঁহা, তোমাৰ মনৰ গ্লানি কাটি যাব৷ হাঁহি তোলা মানুহৰ লগ লোৱা, তেওঁৰ হাঁহিয়ে তোমাৰ মন প্ৰফুল্লিত কৰিব৷ হাঁহি খোচৰা বস্তু, ৰং হাঁহিৰ কথা কোৱা মানুহৰ ওচৰলৈ আহিলে তোমাৰ মনো তেনে গুণীয়া হ’ব নিশ্চয়৷ তোমাৰ অন্তৰত আনন্দময় পৰমেশ্বৰ আছে, ভয় কি? সংশয় কি? তেওঁৰ আনন্দ ভিক্ষা কৰা, পাবা; পাই তুমিও আনন্দময় হ’বা৷ দুখৰ ঢাকোনেৰে আৰু শোকৰ মিছা ভাবনাৰ আঁৰ-কাপোৰেৰে আনন্দময়ক নাঢাকিবা, তেওঁ নিভৃত কোণত আনন্দস্বৰূপে বৰ্তমান; মায়াৰ কপট ঢাকোন পেলাই দি তেওঁৰ কাষ চাপা, তোমাৰ মনতো মহানন্দ মিলিব৷ প্ৰেম বহুমূলীয়া বস্তু৷ প্ৰেমবিহীনে প্ৰেমময়ক নেপায়৷ ঈশ্বৰ প্ৰেমময়৷ পৰোপকাৰ, জীৱৰ প্ৰতি দয়া, কৰুণা, প্ৰেমময়ৰ প্ৰেমোপহাৰ৷ তাৰ সদ্ব্যৱহাৰ কৰা; শঙ্কা নকৰিবা; ভয় নকৰিবা; প্ৰেম বিলোৱা, প্ৰেম লোৱা, তোমাৰ মন-ভঁৰাল প্ৰেম-সমলেৰে পূৰ হ’ব৷ পৰৰ মঙ্গল চিন্তা কৰা, দেখিবা তোমাৰ মন মঙ্গলেৰে পৰিপূৰ্ণ হ’ব; আৰু মঙ্গলে পৰৰ যে উপকাৰ কৰিবই, তোমাৰো পৰম উপকাৰ অনিবাৰ্য৷ তোমাৰ মন যেতিয়া ডাঙৰ হ’ব, আৰু সি সুমধুৰ প্ৰেমৰসেৰে পৰিপূৰ্ণ হ’ব, তেতিয়া চাৰিওফালে অসীম আনন্দ৷ লোকৰ ভাল কৰিবলৈ গ’লে তোমাৰ ভাল কৰা শক্তি দিনে দিনে বৃদ্ধি পাব, তুমি পৰম প্ৰেমময় ঈশ্বৰৰ সমীপৱৰ্তী হ’বা, আৰু সকলো এক ঈশ্বৰৰ সন্তান, সকলো তোমাৰ নিজৰ সম্বন্ধীয়, এই মহান সত্য তোমাৰ মনত প্ৰতিভাত হ’ব৷ সকলোকে সদায় উছাহ বাক্য প্ৰদান কৰিবা, সাহ দিবা, বল দিবা, সহায় কৰিবা৷ এনে কৰিলে দুগুণ উপকাৰ, – নিজৰো, পৰৰো৷ কোনো এনে দুখীয়া নহয়, যে তেওঁ ধনেৰে লোকক সহায় কৰিব নোৱাৰিলে বুলিও, ভাল মাত এষাৰেৰেও যে সহায় কৰিব নোৱাৰিব৷ আপদত ভাল মাত, উছাহৰ মাত এষাৰেই লাখটকীয়া৷ যি তেনে মাত অন্তৰেৰে সৈতে দিছে, আৰু যি অন্তৰেৰে সৈতে গ্ৰহণ কৰিছে, সিহে তাৰ প্ৰকৃত মোল বুজে৷ তুমিও জানিবা ভাল মাতষাৰেৰে লোকৰ কোনো উপকাৰ কৰিব নোৱাৰিলাই, তথাপি তাৰ দ্বাৰাই এইটো প্ৰমাণ হ’ল যে, মনুষ্য-জাতিৰ প্ৰতি দয়া-কৰুণা আৰু সহানুভূতিৰ ভাব প্ৰত্যেক মানুহৰ অন্তৰতে আছে৷ আন একো নহ’লেও তুমি ঈশ্বৰৰ সৃষ্টিৰ মূল সত্য কৰুণা, সহানুভূতি আৰু ন্যায়ৰ সন্মান ৰক্ষা কৰি তোমাৰ কৰ্তব্য পালন কৰিলাতো ! কিন্তু এইটো জানিবা যে পৃথিৱীত ন্যায় আৰু প্ৰেম এই দুটাই ঘাই পদাৰ্থ৷

চৰিত্ৰ-মন্দিৰৰ আন এটা উপাদান ওখ-আদৰ্শ৷ ওখ-আদৰ্শ মনত লৈ সংসাৰত বাট বুলিলে তুমিও ওখ হ’বা৷ ক্ষুদ্ৰ আদৰ্শ বা আদৰ্শ বিহীন হৈ চলিলে তোমাৰ উন্নতি মৰুভূমিত পানী বিচৰাৰ নিচিনা৷ উন্নত হ’ব নোৱাৰিলে নিশ্চয় অধঃপাত, কাৰণ সংসাৰত একে ঠাইতে থাকিব কোনেও কেতিয়াও নোৱাৰে৷ হয় তুমি আগবাঢ়িব লাগিব, নহয় পিছপৰি যাবলৈ বাধ্য হ’বা৷ ডাঙৰ ভাব, ওখ-চিন্তা, ওখ-আৰ্হি লৈ বাট বুলা, ভয় নকৰিবা, তুমি দিনক দিনে উন্নতিৰ বাটত নিশ্চয় আগুৱাবা৷ ওখ-আদৰ্শ, ওখ-চিন্তা মানে শূন্যত অট্টালিকা নিৰ্মাণ নহয়৷ সম্পূৰ্ণক আগত ৰাখি চলিলে লাহে লাহে সম্পূৰ্ণৰ অংশবিলাক তোমাৰ ক্ষমতাৰ আয়ত্তাধীন হ’ব৷ সুন্দৰক আৰাধনা কৰা, তুমিও সুন্দৰ হ’বৰ ফালে যাবা৷ ঈশ্বৰ সত্যম শিৱম সুন্দৰম৷ এই বাটে আগবঢ়া, তুমিও সৌন্দৰ্য, সুমঙ্গল আৰু সত্যৰ অধিকাৰী হ’বা, তুমি ঈশ্বৰৰ অংশ জীৱ, ভয় কি? তুমি দিনৌ এইকেইটা মন্ত্ৰ মাতিবা-
(১) মই অসত আৰু অমঙ্গলৰ প্ৰতিৰোধ কৰিম৷ (২) মই মঙ্গলকাৰ্য কৰি নিজক মঙ্গলময় কৰি গঢ়িম৷ (৩) মই সকলো তন্ন-তন্নকৈ পৰ্যবেক্ষণ কৰিম৷ (৪) মই সকলো কাৰ্য ফঁহিয়াই তাৰ ভাল-বেয়া উলিয়াম৷ (৫) মই কৰ্তব্য-কাৰ্য যথাসাধ্য ভালকৈ কৰিম৷ (৬) মই মিতব্যয় কৰিম৷ (৭) মোৰ মনক আনন্দময় কৰি ৰাখিম৷ (৮) মই বন্ধুৰ সমাদৰ কৰি বন্ধুতা বৃদ্ধি কৰিম৷ (৯) মই পৰোপকাৰ মোৰ ব্ৰত কৰি ল’ম৷ (১০) মই মোৰ আগত ওখ-আদৰ্শ ৰাখিম৷

তুমি যি কামকে কৰা তাত মন-প্ৰাণ সমৰ্পণ কৰি কৰিবা৷ তাৰ উন্নতিৰ নিমিত্তে দিনে-ৰাতিয়ে চিন্তা কৰিবা, তেনেহ’লে নিশ্চয় তুমি কৃতকাৰ্য হ’বা৷ মাকে যেনেকৈ ল’ৰা তোলে, তুমি সেইদৰে তোমাৰ ব্যৱসায় তুলিব লাগিব, নতুবা সি বেয়া হ’ব৷ যেতিয়া যি কৰিব লাগে সেইটো কৰি যাবা, পেলাই নথ’বা৷ নিজৰ স্বাৰ্থ নিজে দেখিলেহে সি ৰক্ষা পৰিব; লোকে দেখিলে সি কেতিয়াও তুমি নিজে দেখাৰ নিচিনা নহয়৷ বনৰীয়া বোন্দাই পহু মাৰি নিদিয়ে বুলি আমাৰ বুঢ়ালোকে কয়৷ সকলো কামৰ ভিতৰত প্ৰৱেশ কৰিবা৷ তোমাৰ কামৰ বিষয়ে সকলো তন্ন-তন্নকৈ জানি ল’বা৷ লোকৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰিবা৷ প্ৰশ্ন কৰিবা জানিবলৈ আৰু শিকিবলৈ, যাক প্ৰশ্ন কৰা তাক ঠগাবলৈ বা জব্দ কৰিবলৈ নহয়৷ পিছৰষাৰত কোৱা বাটে প্ৰশ্ন কৰিলে তাৰে তোমাৰ উপকাৰৰ কোনো কথা কাৰো পৰা উলিয়াব নোৱৰা, বৰং তেওঁ তোমাৰ মতলব বুজি লৈ তোমাৰ উদ্দেশ্য বিফল কৰি দিব; কাৰণ আত্মৰক্ষাৰ অৰ্থে যত্ন কৰা সকলোৰে স্বভাৱ৷

গোটেইটো জীৱনতে এহাশুধীয়া (sincere) হ’বা৷ মুখে এটা পেটে এটা হৈ চলিলেই তোমাৰ সৰ্বনাশ৷ তেনে স্বভাৱেৰে তুমি একো কাম সিদ্ধি কৰিব নোৱৰা৷ পোনতে, অৰ্থাৎ তুমি ধৰা নপৰালৈকে, দুই-এটা কথাত তুমি সিদ্ধি লাভ কৰিলেও, পিছ্ত ধৰা পৰি থিতাতে তুমি মাটি হ’বা৷ তোমাক কোনেও বিশ্বাস নকৰা হ’ব; তাৰ বাহিৰেও তোমাৰ মনৰ অধোগতি হ’বই হ’ব, নিশ্চয় নিশ্চয়৷ বহুতে “Honesty is the best policy” অৰ্থাৎ নিষ্কপটতা সকলোতকৈ ভাল নীতি বুলি তাৰ আশ্ৰয় লৈ কাম কৰে৷ কিন্তু যদিও সেইটো ভাল তথাপি সি সদায় নিৰাপদ নহয়; কাৰণ policy বা নীতিৰ হিচাপত মাথোন নিষ্কপট হৈ চলিলে, এনেকুৱা অৱস্থা কেতিয়াবা তোমাৰ হ’ব যে সি কেতিয়াবা কোনো কামত খাপ নোখোৱা হ’লে কপটতা (dishonesty) অৱলম্বন কৰিবলৈ তোমাৰ মন যাব৷ আৰ্জব (uprightness) সত্য বস্তু, এই হিচাপত আৰ্জবৰ (honesty) আশ্ৰয় লোৱাটোহে উচিত৷ ঈশ্বৰৰ আগত তোমাৰ business policy অৰ্থাৎ ব্যৱসায়াত্মিকা কুট-বুদ্ধি গ্ৰাহ্য নহয়৷

সাহ চৰিত্ৰ গঠনত বৰ দৰকাৰ৷ কিন্তু সৎ সাহহে (moral courage)৷ আমাক এনে সাহ লাগে যাক ইংৰাজী ভাষাত Fortitude বোলে৷ এই সাহে মনলৈ এনে বলে আনে, যাৰ দ্বাৰাই ক্ৰোধ, ভয় ইত্যাদিৰ ওপৰত আমাৰ কৰ্তৃত্ব হয়৷ সমুখত উপস্থিত হোৱা বিপদ এই সাহৰ আগত কোঁচ খাই যায়৷ যদি সেই বিপদ একেকুৱা হয় যে সি দুৰ্নিবাৰ, অদম্য, তথাপি এই সৎসাহসে আমাক বীৰৰ নিচিনাকৈ সেই বিপদৰ সমুখ হৈ তাৰ আক্ৰমণ সহ্য কৰিবলৈ শিকাব৷ যি বিপদৰ কোনো প্ৰতিকাৰ নাই তাক বুকু পাতি নিৰ্ভয়ে সহ্য কৰাটোও সাহৰেহে কাম৷ মানুহৰ জীৱনত বিপদ আহিয়েই থাকে, সেইদেখি সাহক জীৱনৰ এৰিব নোৱাৰা লগৰীয়া কৰি ল’ব লাগে৷ বিপদ যেনেকুৱাই হওক সি আহি আগত পৰিলে, থিৰ হৈ মুখত মিচিকিয়া হাঁহিৰে তাৰ সমুখ হ’ব লাগে৷

মানুহৰ দোষ ক্ষমা কৰিবা৷ ক্ষমাত মহত্ত্ব আৰু দেৱত্ত্ব আছে, আৰু সি তোমাৰ চৰিত্ৰত প্ৰতিভাত হৈ তোমাক আৰু ওখ আৰু মহত কৰিব৷ ক্ষমাই মনলৈ দয়াৰ বাট, প্ৰেমৰ বাট মুকলি কৰি ৰাখে৷ যি দোষ কৰে, তাৰ ঠাইত তোমাৰ মনতে তোমাক বহুৱাই চাবা, তেনেহ’লেও তুমি তেওঁক ক্ষমা কৰিব পাৰিবা৷ হিংসা, খিয়াল, দ্বেষ, ক্ৰোধ আদি নানা অৱস্থাত পৰি মানুহে পশুত্বপ্ৰাপ্ত হৈ পৰৰ বিৰোধ আচৰণ কৰে৷ সেইটো বুজি কৃপা কৰি, ক্ষমা কৰি, সাধুতাৰে তাৰ অসাধুতাক জয় কৰিবা৷ অনেকে বিপক্ষক ক্ষমা কৰে, কিন্তু বিপক্ষৰ দোষটো হ’লে নাপাহৰে, মনত টোপোলা বান্ধি থৈ দিয়ে৷ ক্ষমাও কৰিব লাগে, দায় পাহৰিবও লাগে, তেহে সম্পূৰ্ণ ক্ষমা কৰা হয়, নতুবা পুৰণি দোষৰ সোঁৱৰণিয়ে তোমাৰ মনত আকৌ কেতিয়াবা বিপৰীত ভাবক সাৰ পোৱাই দিব পাৰে৷ সেইদেখি দোষৰ ক্ষমাক সম্পূৰ্ণ কৰিবলৈ পাহৰণি লাগে৷
ঈশ্বৰে সৃষ্টিৰ সকলো পদাৰ্থ, সকলো কাৰ্যকে আপুনি গঢ়িছে; মাথোন এটি কাৰ্যৰ গঠন তেওঁ মানুহৰ হাতত এৰি দিছে; সেইটি মানুহৰ চৰিত্ৰ গঠন৷ ইয়াৰ কাৰণ, মানুহক তেওঁ বুদ্ধি-বিদ্যা আৰু চিন্তা-শক্তি দান কৰি ৰাখিছে৷ এইফেৰা ‘স্বৰাজ’ৰ (self-government) ক্ষমতা মানুহে ঈশ্বৰৰ পৰা লাভ কৰিছে৷ এতেকে এইফেৰি ‘স্বৰাজ’ৰ শাসন, গঠন মানুহে ভালকৈ কৰিলে ভাল হৈ তাৰ ফলাফল ভোগ কৰিবলৈ পায়, বেয়াকৈ কৰিলে বেয়া হৈ তাৰ ফল ভোগ কৰিবলৈ পায়৷ self-government municipality অৰ্থাৎ স্বায়ত্ব শাসনৰ ক্ষমতা পোৱা কোনো মিউনিচিপেলিটিয়ে ভালকৈ নিজৰ কৰ্তব্য কৰিব নোৱাৰিলে, গৱৰ্ণমেণ্টে সেই মিউনিচিপেলিটিৰ পৰা সেই ক্ষমতা কাঢ়ি নিয়া আমি চকুৰ আগতে দেখি আছোঁ৷ সেইদৰে নিজৰ চৰিত্ৰ গঠন কাৰ্যত অপাৰগ হোৱা লোককো ঈশ্বৰে তেওঁৰ হাতৰ পৰা এই ডাঙৰ ক্ষমতা কাঢ়ি নি, চৰিত্ৰ কি বস্তু তাক নজনা পশুৰ শাৰীলৈ পঠিয়ায়৷ সজ-চিন্তা, সজ-কাৰ্যৰ জনক৷ মনৰ পোহৰে তোমাৰ কাৰ্যৰ এন্ধাৰ চুকতো পোহৰ পেলায়৷ মন, বুদ্ধি, চিত্তক শুদ্ধ কৰি ৰাখা, আৰু সেই বিশুদ্ধ মন-বুদ্ধি, চিত্তৰে তোমাৰ অন্তৰ বিশুদ্ধ কৰি, জীৱনৰ কাৰ্যক্ষেত্ৰত আগবাঢ়ি যোৱা; ভয় নাই, তোমাৰ জয় নিশ্চিত৷
ঈশ্বৰত একান্ত বিশ্বাস, একান্ত নিৰ্ভৰ কৰি, তোমাৰ জীৱনত এহাশুধীয়াকৈ নিষ্কপটভাৱে কৰা কাৰ্যৰ ফলাফল তেওঁৰ চৰণত সমৰ্পণ কৰা, হে বন্ধুসকল এয়েই তোমালোকৰ প্ৰতি এই দুখীয়াৰ উপদেশ৷


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ