তেলীয়াসাৰেং আৰু ফেচু

    লক্ষ্মীনাথ বেজবৰুৱা

    টোকোৰাই বিশ্বাসঘাতকতা কৰাৰ পিছত চৰাইবিলাকে দেখিলে যে সিঁহতক এজন ৰজা লগা হ’ল, নহ’লে আৰু নচলে৷ ইমানবিলাক চৰাইৰ ভিতৰত যেতিয়াই যাৰে যিহকে মন যায় সি তাকে কৰে, কাৰো হাক-বচন কোনেও নুশুনে৷ কোনেও নেমানে৷ চুৰি-ডকাইতি, মিছা কোৱা আদি অধৰমৰ কাম সিঁহতৰ ভিতৰত ইমান বাঢ়ি আহিবলৈ ধৰিলে আৰু সকলো ইমান উদণ্ড হৈ উঠিল যে ৰজাৰ শাসন লগা হ’ল৷ সেই দেখি সিঁহতক ধৰমমতে শাসন-পালন কৰিবলৈ সিঁহতে সিঁহতৰ ভিতৰতে এজনক ৰজা পাতিবলৈ থিৰ কৰি সকলোকে জাননী দিলে৷ ৰজাৰ লক্ষণ গাত থকা তেলীয়াসাৰেঙকে ৰজা পাতিবলৈ মন কৰি, ভাল দিন-বাৰ চাই, শুভ ক্ষণত ৰাজপাটত বহুৱাবলৈ থিৰ কৰিলে৷ এই বাতৰি লৈ গৈ তেলীয়াসাৰেঙক দি আহিবলৈ কাউৰীৰ গাত বাব পৰিল৷ কাউৰীয়ে তেলীয়াসাৰেঙৰ ওচৰ পাই ওলগ লৈ ক’লে – “আপোনাৰ ওচৰলৈ ৰাইজে মোক পঠিয়াই দিছে৷” তেলীয়াসাৰেঙে ঘৈনীয়েকক মাত দিলে – “শুনিছানে হয় ! শুনিছ, ক’লৈ গ’লি, ওলাই আহচোন, আলহীক বহিবলৈ ঢৰা এখনকে পেলাই দেহি৷ তামোলৰ বটাটোও লৈ আহিবি৷ গিৰিয়েকে মতা শুনি তেলীয়াসাৰেঙনীয়ে লচ্‌পচ্‌কৈ আনি তামোলৰ বটটো মাটিত , বাৰত আৰি থোৱা মেৰঢৰা এখনি পাতি দিলত কাউৰী তাতে বহিল৷ কাউৰীয়েনো ৰাইজৰ পৰা কি আজ্ঞা আনিছে, এই কথা তেলীয়াসৰেঙে কাউৰীক সোধাত কাউৰীয়ে পোনতে আষাৰচেৰেক ‘কা’ ‘কা’ কৰি ডিঙিটো খৰিকাই লৈ মাত লগালে – ‘ৰাইজ বুলিলে ৰজা, ৰাইজৰ হুকুমত পিথপি ফাট মেলে৷ এতেকে কা-কা-কা; ৰাইজৰ হুকুম শিৰত লৈ মই আহিছোঁ৷ বৰ ভাল বতৰা, কা-কা-কা কিবা বোলে নে খবৰ৷ ৰাইজে আপোনাক সকলো চৰাইৰ ওপৰত ৰজা পাতিবলৈ মনোগত কৰি মোক পঠিয়াই দিলে৷ বগলী বাপুৱে পুথি-পাঁজি চাই কৈছে – কাইলে হেনো দিনটো ভাল আৰু পুৱা ঠিক দেৰপৰ বেলি যোৱাত আপুনি ৰজাৰ খাটলত উঠিব লাগে৷ সেই সময়তে হেনো শুব লগ্ন বহিছে৷ এতেকে আপুনি আজিৰে পৰা সাজু হ’ব লাগে৷”তেলীয়াসাৰেঙে এই বাতৰি শুনি তাৰ হাতত কোনোবাই সোনৰ সালেং এটা তুলি দিয়া যেন পালে৷ আৰু তাৰ ঘৈনীয়েকৰ আনন্দৰ সীমা নোহোৱা হ’ল আৰু অনন্দৰ লগে লগে তেলীয়াসৰেঙে ভাবিলে যে এতিয়া ৰজাৰ যোগ্য ভাব-গতিৰে তাৰ চলা উচিত৷ ইয়াকে ভাবি সি উত্তৰ দিলে – “বঢ়িয়া কথা, ৰাইজৰ হুকুমত নমৰিলেও চকু মুদিব লাগে বুলি কয়৷ ৰাইজে যেতিয়া হুকুম দিছে, মই হ’ম ৰজা৷”গহীনভাৱে কথাকেইষাৰ কৈ তেলীয়াসাৰেঙে মৌন হৈ ৰ’লত কাউৰীয়ে মাত লগালে – “আৰু এতা কথা আছে৷ বগলী পণ্ডিতদেৱে ব্যবস্থা দিছে যে আপুনি ৰজাৰ খাটোলত উঠাৰ আগেয়ে বিধিমতে গা ধুই শুধ হৈ ল’ব লাগিব৷ সেইদেখি এজকা তেল ওচৰতে জুইত উতলাই ৰখা হ’ব আৰু আপুনি সেই তেলতে প্ৰথমতে জোবোৰা এটা মাৰিহে খাতোলত উঠিব লাগিব৷”কথাষাৰ শুনি তেলীয়াসাৰেঙে ভাবিলে – “কী সৰ্বনাশ ! তপত তেলত জোবোৰা মৰিবলৈ গ’লে যে গাৰ ছাল যাব!” গিৰিয়েকে অলপ ভাবি থকা দেখি ঘৈণীয়েকে ক’লে – “আপুনি একো চিন্তা নকৰিব৷ মই আপোনাৰ গাত ভালকৈ মাহ-হালধি ঘঁহি দিম৷ তপত তেল আপোনাৰ গাত পিছলি যাব, নালাগেই৷” 

   ইয়াৰ পিছত কাউৰী গুচি আহিল৷ তেতিয়াৰে পৰা তেলীয়াসাৰেঙ ৰজা হ’লোঁয়েই বুলি ভাবি কথা-বতৰা, উঠা-বহা, ফুৰা-চকা আদি গধুৰকৈ কৰিবলৈ ধৰিলে৷ পিছদিনা পুৱাই সি হাত মুখ ধুই নাপিত মতাই আনি ডাঢ়ি-মুৰ খুৰুৱাবলৈ বহিল৷ ৰজাৰ গঢ়েৰে গধুৰকৈ লাহে-ধীৰে তেলীয়াসৰেঙে ডঢ়ি-মূৰ খুৰাই থাকোঁতেই সিফালে ডেৰপৰ হৈ শুভলগ্ন উকলি যাবলগীয়া হ’লগৈ৷ ম’ৰা, শগুণ, চিলনী, কাউৰী, বগলী, হাঁহ, মইনা, শালিকা, ভাটৌ, আদি চৰাইবোৰ বাট চাই আছে, তেলীয়াসাৰেং আহিব, আহি সি তপত তেলত জোবোৰা মাৰিব; মাৰি ৰজাৰ খাটোলত উঠিব আৰু সিঁহতে তাক ৰজা বুলি আঠু লৈ সেৱা কৰিব৷ কিন্তু ইফালে তেলীয়াসাৰেঙে তেতিয়াও ডাঢ়ি-মূৰ খুৰোৱা শেষেই নহ’ল৷ যোৰা-যোৰে চৰাই তেলীয়াসাৰেঙক মাতিবলৈ আহিছে, সিফালে লগ্ন উকলি যায়; তথাপি তাৰ গয়েই নলৰে৷ শেহত চৰইবোৰে নিৰুপায় হৈ মূৰে-কপালে হাত দি বহি আছে৷ এনেতে সমজুৱাৰ মাজৰ পৰা ফেচুৱে একে দোপেই উঠি হাতযোৰকৈ ক’লে – “ ৰাইজসকল! তেলীয়াসাৰেং নাহিল নাই৷ ময়েই ৰজা হ’ম৷” এইবুলি সি ৰাইজৰ অনুমতিলৈ বাট নাচাই দলিটো যোৱাদি গৈ তপত তেলজকাত জোবোৰা মাৰি থিতাতে খাটোলত উঠিলগৈ৷ 

   সকলো সভাসদে কামটো কি হ’ল প্ৰথমতে ভালকৈ তৰ্কিবই নোৱাৰিলে৷ ক্ষন্তেকৰ পিছতে তেওঁলোকে ফেচুৰ পৰম বিক্ৰম আৰু সাহ দেখি হৈ-ধ্বনি দি তাক শলাগিবলৈ ধৰিলে আৰু নিজৰ ৰজা বুলি সকলোৱে ফেচুৰ আগত আঁঠু ল’লে৷ তেলীয়াসাৰেং ডাঢ়ি-মূৰ খুৰোৱা ঠাইতে থাকিল৷ ইয়াৰ আগেয়ে হেনো ফেচুৰ বৰন বগা আছিল৷ কিন্তু সেই তপত তেলত জোবোৰা মাৰিবৰ দিনৰে পৰা তাৰ বৰণ ক’লা হ’ল বুলি বুঢ়ালোকে কয়৷ 

“শুভ কাৰ্য শীঘ্ৰ কৰি কৰিবা সোনাই৷ 
বিলম্বত কাৰ্যনাশ জানিবা সদায়৷৷” 
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ