উভতি নহাৰ কবিতা


উভতি নহাৰ কবিতা
নৱকান্ত বৰুৱা

মই নাহোঁ মই নাহোঁ
এবাৰেই আহি গুচি গ’লোঁ মই
উভতি অহাৰ কথা নাই
মই জানো মই নাহোঁ
মই জানো কোনো নাহে
মাথোন এই পৃথিৱীখনক ভাল পাই গ’লোঁ
এই কথাটোকে কিমানবাৰ যে ক’লোঁ
       কিমান ভাৱেৰে ক’লোঁ
যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
       সেই মন্ত্ৰকে গালোঁ
জীয়াই থকাৰ ধেমালিটো মই
      এবাৰেই খেলি গ’লোঁ।
আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল
এবাৰেই তুলি ল’লোঁ।

কোনোবা আহিব মোৰ দৰে কোনো দিনা?
মোৰ সুৰতেই বাজিব নতুন বীণা?
ওহোঁ সেয়া হ’ব নতুন মানুহ
সেই দিনো হ’ব নতুন দিন
মোৰ তাত একো নাথাকে চিন।

বকুল তলত পৰি ৰ’ব
মইতো নহয়, কোনোবাই বুটলিব
মই নাহোঁ, মই নোৱাৰোঁ আহিব, নাহোঁ
হেৰাই যোৱাৰ ৰঙতেইচোন অকলে অকলে হাঁহোঁ
    মই নাহোঁ মই নাহোঁ
    পৃথিৱী, তোমাক ভাল পাই গ’লোঁ
    তথাপিও মই নাহোঁ।


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ