কাৰ কি মাত


নৱকান্ত বৰুৱা

বাঘ সিংহই       গোজৰ মাৰে
পাৰই দিয়ে ৰুণ,
ভোমোৰা আৰু    মৌ মাখিয়ে 
কৰে গুন্ গুন্।
শিয়ালে কৰে      হোৱা হোৱা
কুকুৰবোৰে ভুকে,
মেকুৰীয়ে      মিউ মিউ কৈ
ফুৰে চুকে চুকে।
ছাগলীবোৰে      বেবাই ফুৰে
গৰুৱে হেম্বলিয়ায়,
কাউৰীবোৰে     গছৰ আগত
থাকে মলিয়াই।
চিৰিক চিৰিক্‌      কৰি মাতে
ঘৰচিৰিকা জাকে।
সোণ মইনাই     কি কৰেনো?
কলকলাই থাকে!

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ