ৰঙৰ খেলা


নৱকান্ত বৰুৱা

ৰঙা নীলা হালধীয়া
       অকলশৰীয়া,
ৰঙা নীলা দুয়ো মিলি
     হ’ল বেঙুনীয়া।
ৰঙাৰ স’তে হালধীয়া
     পালোঁ সুমথিৰা,
হালধীয়া নীলা মিলি
    হ’ল সেউজীয়া
ৰঙা নীলা হালধীয়া
     কৰিলে মিহল,
 মটীয়া ৰংটি পাবা
      ডাঠ বা পাতল।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ