মোৰ মাতৃমুখ দৰ্শন (প্ৰথম আধ্যা)


—  লক্ষ্মীনাথ বেজবৰুৱা
প্ৰথম আধ্যা

    ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দৰ্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিৰে বাহিৰে কটায়েই বুঢ়া কৰিলোঁ। কাৰ্যটো নিশ্চয় আপচু। কিন্তু কিয় যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ মই দিব নোৱাৰোঁ। মহাপুৰুষৰ কীৰ্তনঘোষাত আছে
‘‘নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ।
ইটো মাথাপোট মোৰ ভৈল মহাভাৰ।।”
    ইত্যাদি পদবোৰো মোৰ বিষয়ে খটাই চলাই দিব পাৰি; মাথোন মাধৱৰ ঠাইত মাতৃ শব্দটো বহুৱাই দিলেই হ’ব। সিদিনা শিৱসাগৰত বহা এখন সভাত মোৰ ডেকা বন্ধু এজনে মোৰ এনে আচৰণৰ বিষয়ে কাৰণ এটা দিছিল; মই হেনো গপ বা ওফোন্দ পাতিহে এনে কৰি আছিলোঁ। মই অৱশ্যে তেওঁক তেতিয়াই কৈ দিবলৈ নহ’ল, যে ‘ৰামশ্চন্দ্ৰ! সেইবোৰ একো নহয় দেওহে। গপো নহয় ওফৌন্দো নহয়। হয় যদি ই এটা শাওপাতহে৷’ শাওপাতত পৰিলে মানুহে পানীত এডিঙিলৈকে নামিও পিয়াহত শুকাই মৰে। মহাত্মা কবীৰে কৈছিল

  ‘‘পানীমে মীন পিয়াসী৷  মোক শুনত শুনত লাগে হাসি!’’

   শাওপাতসন্নিপাতে পোৱা দুটা প্রাণীয়ে নৈখনৰ ইপাৰে এটা আৰু  সিপাৰে আনটো থাকি একেলগ হ’বলৈ নাপায়, ওৰেৰাতি চিঞৰি কান্দি মৰে। এনেকুৱা শাওপাততে পৰিয়েই একঠা মাটিৰ নিমিত্তে দুই ভায়ে কিলাকিলি মৰামৰি গোচৰ ফৰিয়াদ কৰি সৰ্বস্বান্ত হৈ মৰে, তথাপি আপোচে মিতমাত কৰি মিলিজুলি পৈতৃক সম্পত্তি খাইমেলি থাকিব নোৱাৰে। এনে শাওপাতৰ নিমিত্তেই দুৰ্যোধনে পাঁচ পাণ্ডৱক পাঁচখন গাঁও দিয়ক ছাৰি বেজীৰ আগটোৱে‍ ঢাকিব পৰা মাটিকণ পৰ্যন্ত নিদিওঁ বুলি যুঁজ কৰি মৰিল। শাওপাত বা খোদাৰ গজপত পৰি দুই ভাই হিন্দু মুছলমানে ফুটুকাৰ ফেন সোপা বা নকটা খেৰৰ নশ-মুঠিৰ ভাগ বিচাৰি, মিছাতে দ্বন্দ্ব-হাই কটাকটি কৰি মৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ হ'ব লাগিছে, তথাপি তেওঁলোকৰ গালৈ চেতন অহা নাই। মথুৰা আৰু বৃন্দাবনৰ মাজত ব্যৱধান ছমাইল কি দহ মাইল। বিধিৰ এনে বিধানতে পৰিয়েই বৃন্দাবনচন্দ্ৰই এইফেৰাকে ডেই, মথুৰাৰ পৰা গৈ বৃন্দাবনত মাক-বাপেক আৰু গোপীসকলক দেখা দিব পৰা নাছিল। সাঁতোৰা বিদ্যাত পানীৰ পোক যেন একোজন নিয়তিৰ হাতত পৰি একাঁঠু পানীত পৰি বুৰি মৰে। বিধিলিপি আগ্ৰাহ্য কৰিব নোৱাৰিয়েই অমুক লক্ষপতিয়ে ধন খৰচৰ ভয়ত লঘোনে থাকি আঁঠুমূৰীয়া চুৰি‍য়া পিন্ধি জীৱন কটায়৷ এনে শাওপাতৰ পাকত পৰিয়েই অমুক মাৰোৱাৰী মহাজনে ডাক্তৰক ভিজিট দিবৰ ভয়ত, ধন আৰু নোটেৰে খুন্দা খাই থকা লোৰ পেৰাৰ সঁচাৰকাঠীটো নিজৰ গাৰুৰ তলত থৈ ডাক্তৰক নামাতি লেকেটীয়া নৰিয়াত ভুগি মৰি যায় আৰু এনে গঢ়ৰ শাওপাতত পৰিয়েই ছশ ৰূপ দৰ্মহা পোৱা অমুক ছব্‌জজে খৰচৰ ভয়ত জাৰকালি মাথোন ফটা কঁথা এখন গাত মেৰিয়াই লৈয়েই চালপীৰাত বহি জজমেণ্ট্ লেখি জীৱন কটায়। সেইদেখি মুঠতে কওঁ যে মোৰ এই কাৰ্য গপ, অহংকাৰ, অভিমান বা ওফোন্দৰ শাৰীৰ নহয়। ই বিধিৰ বিতং বিধানং অদৃষ্টৰ ফল; বলৱন্ত নিয়তিৰ নিয়মিত। ৰাৱণে কৰিবলৈ পাঙি থোৱা স্বৰ্গৰ জখলাটো কৰিব নোৱাৰিলে, লোণ সাগৰখন বুলিলেও, সিঁচি পেলাই, লংকাৰ চাৰিওফালে গাখীৰৰ সাগৰখন বোৱাই আনিব নোৱাৰিলে, ঠিক এনেকুৱা দৈৱৰ বলতেই।

    কোনো মানুহক সবাহলৈ নিমন্ত্ৰণ কৰা আৰু তাক টেকেলা লগাই ধৰাই লৈ যোৱা, এই দুটাৰ ভিতৰত প্ৰভেদ বিস্তৰ। নিমন্ত্ৰণ পাওঁতাজনৰ সবাহলৈ যাবৰ মন থাকিলেও আৰু সবাহত তেওঁৰ অপাৰ আনন্দ লাভৰ সম্পূৰ্ণ আগন্তুক থাকিলেও, অনেক সময়ত এলাহ, ভাগৰ, থেৰোগেৰো ইত্যাদি এশ এটা মনে-গঢ়া আহুকাল তাৰ ভিতৰত সোমাই সেইবোৰে জুমুৰি দি ধৰি গোটেইখন খেলিমেলি লগাই তাত ব্যাঘাত জন্মায়। কিন্তু তেওঁক ধৰি লৈ যাবলৈ অহা টেকেলাৰ লাখুটিৰ লগত সেই মকৰা জালবোৰ আৰু থাকিব নোৱাৰে। যাম, যোৱাটো উচিত, গ’লে ভাল, নোযোৱাটো বেয়া ইত্যাদিবোৰ যদিও ধুনপেচ মৰা গাভৰুৰ দলৰ দৰে তথাপি হামি, হেকটি, ভাগৰ, খৰচৰ ভয় প্ৰভৃতি নিগনি, শলিয়া, বিছা, চেলা, পঁইতাচোৰাৰ হঠাৎ তেওঁলোকৰ আগত আৱিৰ্ভাৱ হ’লে, সেই দলটি সম্ভৱতঃ ছেদেলি-ভেদেলি হ’ব। ‘আহিবই লাগিব, এৰণ নাই’ এইষাৰ ‘আহক, অহা উচিত’তকৈ নিশ্চয় বলী। মাতৃভূমিয়ে এই চিৰপ্রৱসুৱাক সদায় মাতি আছিল, কিন্তু সেই মতা ৰাজহুৱা ডাক। এই ডাক যদিও বিৰাট তথাপি সি নির্দিষ্ট আকৃতি গ্ৰহণ কৰি মোৰ আগত দেখা দিয়া নাছিল দেখি তাৰ শক্তি মোৰ পক্ষে বিক্ষিপ্ত আৰু দুৰ্বল হৈ আছিল। বিষ্ণু সৰ্বব্যাপী সৰ্বস্থিত ব্যাপ্ত অৱস্থাত এই বিভুৰ শক্তি যদিও বিৰাট মহান, তথাপি সৰ্বসাধাৰণ বিষয়ী সংসাৰীৰ পক্ষে সি ক্ষীণ। কিন্তু যেতিয়া তেওঁ ভক্তৰ আহ্বানত নিদিষ্ট মূৰ্তি পৰিগ্ৰহ কৰি বাহিৰ হয়, তেতিয়া সি ঘোৰ নৰসিংহৰূপী, হিৰণ্যকশিপুৰ কালান্তক আৰু প্ৰহ্লাদৰ প্ৰশান্ত পুৰুষ তেতিয়া সেই শক্তি অগ্ৰাহ্য অমান্যৰ স্ফটিকৰ স্তম্ভৰ বাহিৰত। মাতৃৰ ব্যাপ্ত অশৰীৰী ডাকে যেতিয়া মূৰ্তি পৰিগ্ৰহ কৰি বাজ হ’ল, তেতিয়া আৰু এই অধম সন্তানৰ মূৰ তেওঁৰ চৰণত ভক্তি গদগদভাৱে স্বভাৱতে নত হৈ পৰিল। তেতিয়া এলাহ, অমনোযোগ, শৈথি‍ল্য, সকলোবোৰ নৃসিংহৰ আগত দৈত্যেন্দ্ৰৰ নিচিনা ক্ষুদ্ৰাতি‍ক্ষুদ্ৰ হৈ পৰিল৷
‘‘নেদেখিয় দৈত্যেন্দ্ৰক নৃসিংহৰ পাশে‍
লুকাই পতঙ্গ যেন অগনিত জাসে।।”

    দুৰ্গা পূজাৰ বন্ধত ৰে’ল কোম্পানীয়ে যাত্ৰীক ভেৰোণৰ সুবিধা কৰি দিয়া সুবিধাকে লৈ ১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্টেম্বৰত অসমলৈ বুলি যাত্ৰা কৰি আমি সম্বলপুৰ এৰিলোঁ। লগত মোৰ সহধৰ্মিণী আৰু সৰুটি কন্যা। মানুহৰ মুখে মুখে প্রচলিত একাষাৰ সংস্কৃত শ্লোক আছে যে ‘পথে নাৰী বিবৰ্জিতা’৷ ক’ব নোৱাৰোঁ সেই শ্লোক কোনে কৰিছিল। মই কিন্তু তাৰ অনুশাসন মানি নচলোঁ। নিশ্চয় শ্লোক কৰোঁতাই তিৰোতাক গলগ্ৰহ ভাবি সেই শ্লোক ৰচনা কৰিছিল। হ’ব পাৰে, নানা কাৰণত শ্লোক ৰচকৰ তেনে অৱস্থাত দুৰৱস্থা ঘটিছিল। সেইদেখি শ্লোক ৰচক পুতৌৰহে যোগ্য, খঙৰ নহয়। মই কওঁ মোৰ বহুদৰ্শনত ‘পথে নাৰী বিবৰ্জিতা’ নহয় সম্পূজিতাহে। বয়বস্তু দেখাশুনা, লাগিলে ৰে'লৰ টিকট পৰ্যন্ত কিনা, ঘণ্টাই ঘণ্টাই ফলটো, পিঠাখন, চাহপানীটোপা যতনাই খুৱাই বাটৰ ভোকক ৰে’লৰ খোঁটালীৰ ভিতৰৰ পৰা গতিয়াই উলিয়াই দিয়া, শুবলৈ পাটীখন পাৰি দিয়া, গাৰুটো মূৰৰ তলত গুজি দিয়া, আৱশ্যক হ’লে বিচনীৰে মূৰৰ ওপৰত বিচি ঘামৰ কণকঠীয়া মৰা ইত্যাদি এশ এটা সৰু-বৰ কাম ৰে’লৰ পথত আমাৰ তেওঁৰ দ্বাৰাই সুসম্পাদিত হৈ যাত্ৰা সুখাতিসুখকৰ মোৰ পক্ষে সদায় হয়। সেইদেখি মই ক’বলৈ বাধ্য যে মোৰ পক্ষে নাৰী পথত যে গলগ্ৰহ নহয়েই বৰং গলৰ মালাহে হৈ পৰে আৰু কবিতা কৰি ক'লে, সিয়ো মালতীৰ মালা।

    বি. এন. আৰ. অর্থাৎ বেংগল-নাগপুৰ ৰে’লৰ ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা ৩১ মাইল দূৰত। গধূলি চাৰে পাঁচ বজাত সম্বলপুৰত ৰে’লত উঠি দুঘণ্টামানৰ মূৰত ঝাৰচোগোড়া পোৱাগৈ যায়। তাত চাৰে সাত বজাত কলিকতাৰ ফালে যোৱা বোম্বাই মেইল গাড়ীত উঠিব লাগে। কিন্তু সেইদিনা আমাৰ কপালত দুৰ্গতি‍ লেখা আছিল, গতিকে ডাকগাড়ীৰ সৈতে আমাৰ ৰাহি নাহিল। আমি ঝাৰচোগোড়া পোৱাৰ আগতে বোম্বাই, মেইলে আমাৰ বুকুত বিৰহৰ অগনি জ্বালি দি গুচি গ’ল। ডাকগাড়ী হেৰুৱাই আমি না-জল না-স্থলত পৰিলোঁ। আমাৰ সম্বলপুৰৰ গাড়ীয়ে যে পলম কৰি আহি মেইল ধৰিব নোৱাৰিলে, তাকে গুণি-গাথি আমাৰ বিলাই-বিপত্তিৰ কাৰণে সম্বলপুৰৰ গাড়ীক পাৰোঁ মানে গালি পাৰি ঝাৰচোগোড়া ষ্টেশ্যনতে বহি আছোঁহঁক। এনেতে কোনোবাই ক’লে যে ৰাতি দুই কি তিনিমান বজাত এখন পেছেঞ্জাৰ গাড়ী ঝাৰচোগোড়াৰ পৰা কলিকতালৈ যায়, সেইখনতে আমাৰ যোৱা উচিত। নিৰুপায় হৈ টোপনি ক্ষতি কৰি খাপ দি সেই শেহৰাতীয়া গাড়ীখনতে উঠিলোঁহঁক। ফলত, ৰাতি বাকীডোখৰ আৰু পিছদিনাৰ গোটেইটো দিন, সেই ঢেকেৰ ঢেকেৰ পেছেঞ্জাৰ গাড়ীতে খপি কুৰি তাৰিখে ৰাতি আঠমান বজাত কলিকতা পালোঁগৈ। বাটত আমাৰ অনাহাৰ বুলিলেও, সৰহকৈ বঢ়াই কোৱা নহয়। যাওঁতে মনত খেলাইছিল যে হিচাপৰ বহীত ইমান বছৰৰ বাকী পৰি থকা আঁউসী, একাদশীবোৰে সিহঁতৰ পাওনা ৱাচিল কৰিবলৈ যেন হাতত ৰামটাঙোন লৈ কাবুলীৰ দৰে আমাৰ গাড়ীৰ খোঁটালীৰ দুৱাৰমুখত থিয় দি আছে আৰু লাখুটিৰ আগেৰে বাকী পাওনা আদায় কৰি লৈহে উভতি যাব। আচলতে মেইল গাড়ীত মাথোন ৰাতিটো গৈ পুৱাই কলিকতা পামগৈ বুলি আমি লগত খাবলৈ প্রায় একোকে নিয়া নাছিলোঁ। প্ৰায় এইবাবে বুলিছোঁ যে দিনৌ চাৰি সাজকৈ খাই বদঅভ্যাসত পৰা আমাৰ লগত যি আছিল, সি নিঃ + ৰস সন্ধিৰ ‘ৰ’ৰ আগৰ পৰা বিসৰ্গ লোপ হৈ নীৰস হোৱাৰ দৰে এসাজতে নীৰস হৈ লুপ্ত হৈ গ’ল। পেছেঞ্জাৰ গাড়ীত ডাইনিং কাৰ নাথাকে। বাটৰ দুঠাইত-এঠাইত যি ‘ৰিফ্ৰে‍ছমেণ্ট ৰূম’ আছে, সেইবোৰে পেছেঞ্জাৰ গাড়ীৰ অধীনতা স্বীকাৰ নকৰে। তথাপি গাৰ্ডক কৈ খৰগপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্ৰেছমেণ্ট ৰূমৰ মেনেজাৰলৈ মই টেলিগ্ৰাম কৰালোঁ, যাতে আমালৈ অলপ আহাৰৰ আয়োজন কৰি থয়। কিন্তু ক’ৰ টেলিগ্ৰাম ক’লৈ উৰি গ’ল, তাৰ কৰ্তা কৰ্ম কৰণ অধিকৰণসকলেহে জানে। সেই দুই ঠাইতে ৰিফ্ৰে‍ছমেণ্ট ৰূমৰ মেনেজাৰে আমালৈ একো আয়োজনকে নকৰি, টেলিগ্ৰাম নাই পোৱা বুলি কৈ গা সাৰিলে; যদিও আমি আমাৰ পেটৰ ভোকক তেনেকৈ কিবা এটা কৈফিয়ৎ দি গা সাৰিব নোৱাৰিলোঁহঁক। ফুটা নাৱত চিৰচিৰকৈ পানী সোমোৱাদি ওৰে দিনটো আমাৰ পেটত ভোকে চিৰচিৰাই আছিল। নাৱৰীয়াই নাৱৰ ফুটাত ফটাকানিৰ সোপা দিয়াদি, ষ্টেশ্যনত বিক্ৰী কৰা কচুৰি শিঙৰা এসোপাকৈ কিনি লৈ আমি যদিও ভোকৰ ফুটাত সোপা দিবলৈ ধৰিলোঁ, কিন্তু গাখীৰৰ হেঁপাহ ঘোলে কেনেকৈ পলুৱায়? তেনে অৱস্থাৰেই ভোকত লেকাত লাগি গৈ আমি ৰাতি কলিকতা পালোঁগৈ। য’ত উঠিলোঁগৈ, তাত লৰালৰিকৈ ভাত আৰু মাহৰ আঞ্জা ৰন্ধাই খাই পেটক প্ৰবোধ দি সেই ৰাতিৰ নিমিত্তে শুই থাকিলোঁহঁক। ক'বলৈ পাহৰিছোঁ যে বাটত আমাৰ অশান্তি বাহিৰে-ভিতৰে সমানে চলিছিল। মগনিয়াৰে বাটৰ এফালৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে মাগি পইচা বুটলি ফুৰাদি পেছেঞ্জাৰ গাড়ীয়ে প্রায় সকলো ষ্টেশ্যনতে ৰৈ ৰৈ যাত্ৰী বুটলি ফুৰে। আমি ঝাৰচোগোড়াৰ পৰা যাওঁতে আমাৰ দ্বিতীয় শ্ৰেণীৰ খৌটালীত আন কোনো নাছিল। কিন্তু লাহে লাহে আমাৰ গাড়ীখনে দুজন-এজনকৈ যাত্ৰী বুটলি আমাৰ খোঁটালী ভৰাই পেলালে। আটাইতকৈ আহুকালৰ কথা হৈছিল, বাটৰ এটা ষ্টেশ্যনত। উঠিব নোৱৰা বৰ নৰিয়া পৰা ল’ৰা এটাক মাক-বাপেকে কোলাত লৈ, দুটা-তিনিটা মানুহেৰে সৈতে আমাৰ খোঁটালীত সোমালহি। ল’ৰাটোক কলিকতাত চিকিৎসা কৰাবলৈ লৈ গৈছিল। তেওঁলোক সোমায়েই খোঁটালীটোৰ খিৰিকী-দুৱাৰবোৰ মাৰি দিলে নৰিয়াৰ গাত চেঁচা বতাহ লাগে বুলি। ফলত, যাত্ৰীৰে খুন্দ খোৱা খোঁটালীটো চিৰাজদৌলাৰ অন্ধকূপ যেন হ’ল। ভদ্ৰতা আৰু পৰহিতৰ অনুৰোধত আমি সেই জুলুম নীৰৱে সহিবলগীয়াত পৰিছিলোঁ।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ