— লক্ষ্মীনাথ বেজবৰুৱা
দ্বিতীয় আধ্যা
একৈশ
ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ ষ্টেশ্যন এৰি বাইশ তাৰিখে গুৱাহাটী পালোঁগৈ।
ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোৰ অতি
প্রিয় দুজন মানুহৰ মুখত হাঁহিমুখ দেখি আমাৰো মুখত হাঁহি বিৰিঙিবলৈ ধৰিলে। সেই
হাস্যবদন দুখনৰ গৰাকী ‘মাজিউ’ আৰু ‘জ্ঞান’। তেওঁলোকে আগেয়েই আমি অহা খবৰ পাই আমাক
লৈ যাবলৈ আহিছিল। ‘মাজিউ’ আৰু ‘জ্ঞান’ এই দুটা গুৱাহাটীৰ দুজন প্রখ্যাত লোকৰ নাম—
অৱশ্যে সুকীয়াকৈ মোৰ নিমিত্তে। মই তেওঁলোকক সেই সেই নামেৰে মাতি সুখ পাওঁ দেখি
তেওঁলোকৰ জননাজাত ডাঙৰ নামে তাত ব্যাঘাত নজন্মায়। মাজিউ নামটো সুকবি সুবিখ্যাত
চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াৰ আৰু জ্ঞান নামটো আৰ্ল ল
কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল, উদাৰহৃদয় মিষ্টাৰ জে. বণবা বেৰিষ্টাৰ এট্-লৰ। এই
দুটি উজ্জ্বল তৰাই মোৰ নিমিত্তে গুৱাহাটীখন পোহৰাই ৰাখিছে। সেইদেখি গুৱাহাটীৰ ফালে
মুখ কৰিলেই মোৰ মনত সুখৰ লহৰী উঠে। তেওঁলোকৰ ঘৰ মোৰ নিজৰ ঘৰ হৈ পৰে। তেওঁলোকৰ আদৰ,
যত্ন আৰু মৰমে মোৰ জঁয় পৰা জীৱনটোত জীপ দি ঠন ধৰায়।
আৰু
অনেক কাৰণত গুৱাহাটীক মোৰ ভাল লাগে। তাৰে গোটাদিয়েক হৈছে এই— (১)
প্রাকৃতিক সৌন্দৰ্য, (২) ঐতিহাসিক উৎকৰ্ষ, (৩) প্রাচীন জ্ঞান-গৌৰৱৰ গৰিমা।
অসমীয়াৰ জীৱন-বেদৰ পাত এইবোৰে প্ৰথমতে গুৱাহাটীতেই মুকলি কৰি দেখুৱায়। কালৰ
পীড়নত আজিৰ অসম জীৰ্ণ-শীৰ্ণ-দীৰ্ণ৷ তথাপি গুৱাহাটীৰ বুকুত সেইবোৰ অবিলুপ্ত।
অসমযাত্ৰী বিদেশীয়ে অসমীয়াৰ ঢকুৱাৰ বেৰ গুৱাহাটীত নেদেখে, বৰং যিমানকৈ চকু মেলে সিমানলৈ
বৰচুৰিয়াৰ ফেৰহে দেখিবলৈ পাব। ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, পাৰৰ কামাখ্যা,
অশ্বক্ৰান্ত আদি অলেখ অতুলনীয় প্রাকৃতিক সৌন্দৰ্যই সেই বিদেশীৰ চকুত জলক লগাব।
তীৰ্থযাত্ৰীৰ প্ৰাণৰ তীৰ্থস্পৃহা গুৱাহাটীয়ে পলুৱাব। পৰিশ্ৰমী প্ৰত্নতাত্ত্বিকক
প্ৰাচীন জ্ঞানৰ দুৱাৰ গুৱাহাটীয়ে মুকলি কৰি মনত বিস্ময় লগাই দিব। কবিৰ হৃদয়ৰ
কোমল কুসুমকলি গুৱাহাটীয়ে ফুলাই দি তেওঁৰ জীৱন আমোলমোল কৰি দিব আৰ পিছত সেই কবিৰ
ৰচনাই কাব্যৰসৰ মন্দাকিনী নমাই বোৱাই আনি কাব্যমোদীসকলৰ অন্তঃকৰণ সজীৱ সচেতন কৰি
দিব। তত্ত্ব আৰু তথ্যানুসন্ধিৎসুৰ আগত বৰভঁৰালৰ বৰদুৱাৰ মেলি দি অক্ষয় ৰত্নৰাজি
প্রকাশ কৰি দিব গুৱাহাটীয়ে। এনেকুৱা গুৱাহাটীয়ে যে অসমৰ আন সকলোবোৰ জিলাতকৈ এই
লেখকৰ মনত বেছি প্রভাৱ বিস্তাৰ কৰিব, তাত আশ্চৰ্য কি?
সম্বলপুৰতে
মোৰ গাত ঘুঘুয়া জ্বৰে বাহ লৈছিল। ডাক্তৰৰ দ্বাৰা তাৰ নামকৰণ হৈছিল ‘মেলেৰিয়া’।
সকলোৱে জানে যে এই লেখক বেজবৰুৱাৰ ঘৰৰ ল’ৰা। মই মোক ল’ৰা বোলাত আশা কৰোঁ পাঠকসকলে
নাহাঁহিব। ল’ৰা শব্দটোৰ মানে এইখিনিত কি, সেইটো কোৱাই বাহুল্য। লেখকৰ পিতৃদেৱতা
ৰাজঘৰীয়া বেজ আছিল। আয়ুৰ্বেদ শাস্ত্ৰত যে তেওঁৰ জ্ঞান সুপৰিপক্ক আছিল, এই কথা
আগৰ তৰপৰ অসমীয়াই জানে। তেওঁৰ মুখত মেলেৰিয়া জ্বৰ কথাটো মই কেতিয়াও শুনা
নাছিলোঁ। মেলেৰিয়া কথাটো আয়ুৰ্বেদৰ অবিদিত, ইংৰাজী সভ্যতা আৰু ডাক্তৰী শাস্ত্ৰৰ
দ্বাৰাই আনীত। এই কলীয়া চাবোন, চুৰট, চেলেউৰ দৰে যদিও সি বিদেশৰ আমদানি তথাপি সি
আজিকালি আমাৰ ঘৰৰে এটা হৈ পৰিছে; সেইদেখি তাক অগ্রাহ্য কৰিবৰ উপায় নাই। দিনৌ
আবেলিৰ পৰা মোৰ গাত অলপ অলপ জ্বৰ উঠি সেই জ্বৰ প্রায় আদখিনিমান ৰাতিলৈকে থাকিছিল।
কিন্তু মই গুৱাহাটী পালতে, বৰ আনন্দৰ হেঁচাত বোধকৰোঁ মেলেৰিয়া টেপা খাই পলৰীয়া
হ’ল; যদিও সি তাৰ লগৰীয়া কৰ্পটিক মোৰ গাত চৰিবলৈ এৰি থৈ যাবলৈ পাহৰা নাছিল। কটন
কলেজৰ মোৰ ছাত্ৰ-বন্ধুসকলে সেইদিনাই গধূলি সভা পাতি মোক অভিনন্দন দি সন্মানিত
কৰিলে। সভালৈ যাওঁতে মোৰ গাত জ্বৰ নাছিল যদিও তাৰ বাবে মোৰ গাত বন্ধ খাই থকা ডাঠ
কৰপাৰ অভাৱ নাছিল। কিন্তু আগ্ৰহ, সমাদৰ আৰু অনুৰোধ অমান্য কৰিবৰ শকতি ইশ্বৰে মোক
দিয়া নাই; গতিকে ‘যথা নিযুক্তোহস্মি তথা কৰোমি’। সভালৈ গৈ দেখিলোঁ, মোৰ ছাত্ৰ-বন্ধুসকলৰ
কি উৎসাহ! কি আনন্দ! মই সমাজিকতো ভবা নাছিলোঁ যে তেওঁলোকৰ হৃদয়ৰ এছোৱা এই অকামিলা
এলাবাদু লেখকে কেনেবাকৈ এইদৰে অধিকাৰ কৰি থৈছিল! একো একোটি ডেকা ল’ৰাৰ গঢ়িত
প্রফুল্ল মুখ দেখি সঁচাকৈয়ে মই উৎফুল্ল হৈ, মোৰ বৃদ্ধত্ব জ্বৰত্ব পৰিহাৰ কৰি তেওঁলোকৰ
লগতে ডেকা হৈ পৰিছিলোঁ। তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা
দিছিল৷ জনচেৰেকে সুললিত কণ্ঠেৰে সংগীত গাইছিল আৰু জনচেৰেকে ওজাপালি হৈ সুন্দৰ
অংগী-ভংগীৰে হাস্যৰসপূৰ্ণ বিয়াহ গাই আমাক নথৈ আনন্দ দিছিল আৰু লগে লগে নুমাওঁ
মুমাওঁ হোৱা মোৰ সৰুকালৰ আনন্দৰসৰ বন্তিগছত তেল দি তাৰ শলাকানি বঢ়াই দিছিল।
নিশ্চয় গুৱাহাটীত কলেজ আৰু শিক্ষাৰ কেন্দ্ৰ হোৱাৰ নিমিত্তে যে এনে সুফল ফলিছে,
তাক নক’লেও হ’ব। মোৰ মনত বৰ ৰং লাগিছে যে তাহানি গুৱাহাটীত কলেজ হোৱা উচিত নে
কলিকতাত চৰকাৰী বৃত্তিৰ সংখ্যা বঢ়াই দি বেছিসংখ্যক অসমীয়া ছাতৰক পঢ়িবলৈ দিয়া
উচিত, এই আন্দোলনত এই লেখকে গুৱাহাটীত কলেজ হোৱাৰ সপক্ষে যথাসাধ্য চেষ্টা কৰিছিল।
২৩
তাৰিখে গুৱাহাটী এৰি ডিবুৰুমুৱা হৈ ২৪ তাৰিখে পুৱা ন মান বজাত ডিবুৰুগড় পালাঁগৈ।
ষ্টেশ্যনত অনেক চিনা-জনা মানুহেৰে সৈতে সাক্ষাৎ হ’ল আৰু তাৰ ভিতৰত মোৰ মাজুজনী
ছোৱালী আৰু মাজু জোঁৱাইক আৰু মোৰ সৰু ভাইক দেখি মনত বৰ আনন্দ মিলিল। মই আগৰটো
প্রবন্ধত (অৰ্থাৎ ‘প্রথম আধ্যা’ত) ৰাজহুৱা ডাকতকৈও টেকেলাৰ ডাকৰ প্ৰবল প্রভাৱৰ কথা
কৈছিলোঁ, কিন্তু সেইটোনো কোন টেকেলা, কাৰ টেকেলা, কেনে টেকেলা, তাৰ আঁতিগুৰিৰ
বিষয়ে নকৈ কথাৰ তাঁতখনত খৰকৈ মাকো চলাই গ’লোঁ। কাৰণটো আন একো নহয়, মাথোন এই ভাবি
যে সি যথাস্থানত প্রকাশ পাব। এতিয়া কওঁ যে সেই প্রবল পৰাক্ৰমী টেকেলাটো হৈছে— মোক ডিবুৰুলৈ
নিবলৈ মোৰ মাজু জী-জোঁৱাইৰ আহ্বানৰ আগ্ৰহাতিশয্য। বোধকৰোঁ অনেকে জানে যে মোৰ মাজু
ছোৱালীজনীক ডিবুৰুগড়ৰ সম্ভ্ৰান্ত পৰিয়ালৰ এঘৰৰ সুশিক্ষিত ডেকা এজনলৈ বিয়া
দিছোঁ। প্রায় দুবছৰ হ’ব লগা হ’ল, মোক মোৰ মাজু জী-জোঁৱায়ে ডিৱুৰুলৈ মাতি আছিল,
কিন্তু মই নানা লেঠাত পৰি আজি যাম, কালি যামকৈ যাব পৰা নাছিলোঁ। এইবাৰ সেইদেখি তেওঁলোকৰ
তাবেদাৰ ৰোহ, ঠেহ, অভিমান— এই তিনিও আদালতৰ টেকেলা
মোৰ আগত হাজিৰ হ’লহি। কাজেই এইবাৰ উপায় গৈ নিৰুপায়ৰ পদূলিমূৰ পালেগৈ। তাহানি হেনো
এদিন পাৰ্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল, যে মহাদেৱে ভাং, ধতুৰা খাই বহি থাকে,
গৃহস্থৰ কাম-কাজ একো নকৰে। আনকি ঘৰতে বৃষভটো আছে, সি ঘাঁহ-পানী খাই নোদোকাটো হৈ
পৰিছে, তাৰেই হাল বাই খেতি-বাতি কৰি এগাল ধানকে নাৰ্জে। ঘৈণীয়েকৰ এনে ককৰ্থনা
শুনি মহাদেৱৰ মনত বৰ বেজাৰ লাগিল। তেওঁ তেতিয়াই খেতি কৰিবলৈ যাবলৈ দৃঢ়সংকল্প
কৰি বৃষভটোৰ ওপৰত উঠি টুক টুক কৰে গৈ খেতি কৰিবলৈ লাগি গ’ল। তেখেত হ’ল দেৱাদিদেৱ
মহাদেৱ, তেখেতে খেতিত ধৰিলে আৰু ৰাইখ কি? খেতি কৰি উভৈনদী কৰি পেলালে। তেওঁৰ খোৱা-শোৱা
গুচিল। আনকি ঘৰলৈ আহিবলৈকো তেওঁ পাহৰিলে। পাৰ্বতীয়ে দেখিলে যে মহা মস্কিলখন
হ’ল। গিৰীয়েক অঁকৰা মৈত উঠিল আৰু মৈৰ পৰা ননমাই হ’ল। গিৰীয়েকক মাতি আনিবলৈ পাৰ্বতীয়ে
নন্দী-ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়ায়হে পঠিয়ায়, গিৰীয়েক নাহে। একোকে
উপায় নাপাই পাৰ্বতীয়ে নাৰদক ৰিপুৱা ধৰিলে। নাৰদে উভতি আহি ক’লে, যে মহাদেৱে
কাৰো কথা নুশুনে, কোনো তেওঁৰ ওচৰকে চাপিব নোৱাৰে। অন্তত অনেক ভাবি-চিন্তি
পাৰ্বতীয়ে অসংখ্য ডাঁহ, মহ, চেৰেপা-চৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিলে।
তাৰ পিছতো হেনো হাহা হুহু নামৰ মানসপুত্ৰ দুটা চৰ্জি পঠিয়াইছিল। হাহা হুহুৱে কি
কৰিলেগৈ আমাক নালাগে, কাৰণ আমাৰ আখ্যানৰ নিমিত্তে মহ, ডাঁহ, চেৰেপাই যথেষ্ট। আমাৰ
আখ্যানত অৱশ্যে মহ, ডাঁহ, চেৰেপা সৃষ্টিকাৰণী পাৰ্বৰ্তীস্বৰূপিনী আমাৰ ঘৰৰ ঘৈণী
নহয়; সেইজনা আমাৰ আদৰৰ দুহিতাহে। যি হওক, হাহা হুহুলৈ মই বাটকে নাচালোঁ, কাৰণ
সিহঁতৰ অগ্ৰজ ডাঁহ, মহ, চেৰেপাই মোৰ পক্ষে যথেষ্ট হৈ পৰিছিল। লৰুৱাই ডিবুৰুগড়ত
পেলাই দিলেগৈ।