মোৰ মাতৃমুখ দৰ্শন (তৃতীয় আধ্যা)

—  লক্ষ্মীনাথ বেজবৰুৱা
তৃতীয় আধ্যা

     আমি ডিবুৰুগড় পোৱাৰ দি‍নাই, ৰাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰবুণ চেলেংপেটেং বিধৰ নহয়; ভালকৈয়ে গা সৰকি যোৱা৷ সেই লেলপেল বৰষুণ পোন্ধৰ দিনমানলৈকে চলি‍ সি আমাৰ তেজ-মঙহ, হাড়-মগজু সোপাকে সেঙেটা লগাই পেলাইছিল৷ বৰষুণৰ দৌৰাত্ম্যত আমি ক’লৈকো হৃষ্টচিত্তেৰে ফুৰিবলৈ ওলাই যাব নোৱাৰিছিলোঁ। ফলত আমি ৰাজনৈতিক বন্দীৰ দৰে একে ঠাইতে বন্দী হৈ ৰ’লোঁহঁক; অৱশ্যে আজিকালি চৰকাৰ বাহাদুৰে শ্ৰেণীবিভাগ কৰাৰ দৰে এ-শ্ৰেণীৰ বা বি-শ্ৰেণীৰ বন্দী নহয়, ৰাজবন্দীহে। কাৰণ চাৰিবেৰৰ ভিতৰতে আমাৰ আহাৰ-বিহাৰ আৰু নিদ্ৰাসুখ নিৰ্বিঘ্নে‍ সম্পাদিত হৈছিল, এই নিমিত্তে‍ যে সেইবোৰ বিষয়ৰ জইণ্ট-ছুপাৰিণ্টেণ্ডেণ্ট অৰ্থাৎ যুটীয়া তত্ত্বাৱধায়ক আছিল আমাৰ জী-জোঁৱাই। বেটীয়ে বাঢ়নীৰ ওপৰত খং সৰাদি, দিনৌ আমাৰ মূৰৰ ওপৰত পানী বৰষা মেঘৰ ওপৰত আমি শাও বৰষি‍ আমাৰ খং সাৰিছিলোঁ। কাইলৈ অ’ত ফুৰিবলৈ যাম, পৰহিলৈ ত’ত চিকাৰ কৰিবলৈ যাম, তাৰ পিছদিনা নাৱত উঠি গৈ ব্ৰহ্মপুত্ৰৰ বালিত বালিভাত খাম ইত্যাদি কথাৰ সাতহাল ৰাতি মাৰি থাকি কটাইছিলোঁ; কিন্তু পুৱা বৰষুণে বিধি-পথালি কৰি আমাক এহালো মাৰিবলৈ নিদিছিল। স্বৰ্গৰ খবৰ অৱশ্যে নাজানো৷ শুনিছোঁ তাত হেনো এজন ৰজা আছে, তেওঁৰ নাম ইন্দ্ৰ৷ তেওঁ থকা পুৰীখনো হেনো সুন্দৰ আৰু তাৰ নাম অমৰাৱতী। ৰজা থাকিলেই ৰাজসভা থকাটো দস্তুৰ। পাত্ৰমন্ত্ৰী, সভাসদ আৰু টেকেলা-বেঙেনা এইবোৰো তেওঁৰ থাকিবলগীয়া কথা। আৰু শুনিছোঁ স্বৰ্গৰ ৰজাই স্বৰ্গতো ৰাজত্ব কৰে আৰু পৃথিৱীৰ নৰমনিচবোৰৰ ওপৰতো তেনেকুৱা কিবা এটাকে কৰে৷ তোমাৰ মন গ’লে তাক ৰাজত্বও বুলিব পাৰা৷ Rule বা শাসনো বুলিব পাৰা। শাসিত নৰমনিচে সদায় ইবাৰ এইটো সিবাৰ সেইটো আমাক দিয়া বুলি ৰাজাধিৰাজ ইন্দ্ৰক আমনি‍ কৰি থকাটোও জানো। বোধকৰোঁ নৰমনিচৰ বৰ আমনিত তত নাপাই ৰাজাধিৰাজে এইবাৰ তেওঁৰ সভাসদবোৰ গোটাই বৰ ডাঙৰকৈ মেল এখন পাতিছিল। তাত আলোচ্য বিষয় আছিল, পৃথিৱীৰ নৰমনিচক তেওলোকে কি দিব পাৰিব, কি দিব নোৱাৰিব, কি দিয়াটো উচিত আৰু কি দিয়াটো অনুচিত। অথবা দিবলগীয়াটোও কি উপায়েৰে নিদিয়া হ'ব পাৰে। কোনে জানে কিজানি এইবাৰ সাতোখন স্বৰ্গৰ পৰা প্রতিনিধি নমাই মেলুৱৈসকলক মাতি আনি মে‍লখন ডাঙৰকৈ‍য়ে পাতিছিল। শুনিছোঁ সুৰপুৰীৰ সুৰেশ্বৰসকলৰ পেটত সুৰা আৰু সৰুসুৰা নোহোৱা গুৰুভোজন পৰিলে, তেওঁলোকৰ ভাৱনা-চিন্তাবোৰত খেলিমেলি লাগি পৰে, মুখ ভালকৈ মেল নাখায় আৰু মেল খালেও জিভা ভালকৈ দোৰোল নাখায়। আমাৰ ভাতৰ পাতত কথা নিষিদ্ধ; কিন্তু তেওঁলোকৰ ভাতৰ পাততহে বৰমঙহৰ বৰমেলখন সিদ্ধ হয়। সেইদেখি ইন্দ্ৰ মহাৰাজে, আমি ডিবুৰুগড় পোৱা সময়তে সুৰপুৰীৰ মেলুৱৈসকলৰ নিমিত্তে বৰভোজৰ আয়োজন কৰিছিল যেন পাওঁ। আমাৰ ডিবুৰু গমন আৰু ইন্দ্ৰৰ ভোজৰ আয়োজন এই দুটা একে সময়তে পৰাটো কাকতালী সংযোগ বুলিয়েই ধৰিব পাৰি। স্বৰ্গখনৰ আয়তন কিমান, ক’ব নোৱাৰোঁ আৰু সেই বৰভোজৰ কোন বস্তু ক’ত থৈছিল, তাকো ক’ব নোৱাৰোঁ। আমি তাহানি কলিকতাত থাকোঁতে দেখিছিলোঁ, ডাঙৰ বিয়া-সবাহত নিমন্ত্ৰিতসকলক খুৱাই-বুৱাই সুকলমে কাৰ্য সমাধা কৰিবৰ নিমিত্তে কৰ্মকৰ্তাই আহল-বহল ডাঙৰ ঘৰ ভেৰোণীয়াকৈ লৈ ডাঙৰ ৰভা পাতি সভা কৰে। ডিবুৰুগড়ত বৰযুণৰ কোব দেখি অকস্মাতে মোৰ মনত খেলাইছিল যে ইন্দ্ৰ দেৱৰাজে তেওঁৰ ভোজত ব্যৱহাৰ্য পানীৰ বৰজকাটো ডিবুৰুগড়তে পাতিছিল। ইন্দ্ৰৰ কেইকুৰি পানীভাৰী আছে, সম্ভেদ নাজানো। কিন্তু কাৰ্য দেখি কুৰিৰ কথাই নাই, লাখচেৰেকৰ ওপৰেহে থকা যেন লাগে। যদি‍ এই অনুমান সঁচা, তেন্তে কি ক’ম, কি শুনিবা! গুৰিপৰুৱাৰ লানি যেন হৈ সেই ভাৰীবোৰে ভাৰে ভাৰে‍ অবিৰাম পানী আনি সেই ডিব্ৰুগড়ত বহুৱা জকাত ঢালিছিল! অৱশ্যে এইবোৰ অনুমানৰহে কথা। এনে শাৰীৰ কথা সঁচা-মিছা কোনো বাপৰ পোৱে প্রমাণ কৰিব নোৱাৰে।

     মই ডিবুৰুগড়ত দুদিন থকাৰ পিছতে গুৱাহাটীত টেপা খাই থকা আৰু এৰি অহা জ্বৰ আকৌ মোৰ গাত লম্ভিল। সি তাৰ কৰ্পটি‍কো মোৰ গাত চৰিবলৈ এৰি থৈ গৈছিল বুলি মই আগৰ প্রবন্ধত (অৰ্থাৎ দ্বিতীয় আধ্যাত) কৈ আহিছোঁ। কোনে জানে হয়তো, পাপিষ্ঠ কৰ্পটিয়ে মোৰ গাত চৰি সুবিধা দেখি গুৱাহাটীতে এৰি থৈ অহা সেই তাৰ জ্বৰ বন্ধুক বিজুলী-বাতৰি দি মাতি আনিলে? দ্বিৰা-গমনৰ দিনবোৰ চোৱাৰ দস্তুৰ এই জ্বৰৰ নাই। তাক ওঁচ বুলিলেই হ'ল আৰু সি লৰি আহি গা জুৰি বহেহি। জী-জোঁৱায়ে আমাক তেওঁলোকৰ মাজত পাই আনন্দৰ প্ৰেৰণাত দিনৌ আমালৈ হাঁহ মাৰি ভাত খুৱাবৰ আয়োজন কৰিছিল। সংগীসকলে তাৰ সদ্ব্যৱহাৰ কৰে, কিন্তু মই বেচেৰাই কোনোদিনা এটেপা-আদটেপা খাওঁ, কোনো দিনা ভাতৰ পাতৰ আগত বহি টোপালি বাওঁ, সেপ ঢোকোঁ আৰু তৎপশ্চাৎ উঠি গৈ শয়ন কৰোঁ। বন্ধু-বান্ধৱ, মিতিৰ-কুটুম্বৰ পৰাও সততে ভোজনৰ সাগ্রহ নিমন্ত্ৰণ পাওঁ, কিন্তু মোৰ দ্বাৰাই নিমন্ত্ৰণ ৰক্ষণহে হয়, ভক্ষণ নহয়, কাৰণ মই যে অক্ষম অৰ্থাৎ Hors do combat. থেৰোগেৰোকৈ কোনোদিনা তেনে নিমন্ত্ৰণলৈ যাওঁ, কোনোদিনা নাযাওঁ আৰু গ’লেও আহাৰৰ আয়োজনৰূপী নৈৰ পাৰতে বহি তাৰ ফেনফোটোকা চাই থাকোঁ; নহ’লে কেতিয়াবা তাৰ দুচলু-এচলু পানী পান কৰোঁ। নাইবা শিৰত লওঁ আৰু মোৰ আগতে সেই ওফোন্দা নৈয়ে মোৰ Patronage অৰ্থাৎ অনুগ্ৰহ নিগ্ৰহলৈ Care নকৰি অৰ্থাৎ অপেক্ষা নাৰাখি বেগেৰে দুয়োপাৰ ছাদি বৈ গৈ থাকে। এনেকুৱা অৱস্থা হৈছিল মোৰ।

     দুৰ্গা পূজাৰ দিনচেৰেকৰ আগতে আমি ডিবুৰু পাইছিলোঁ। ডিবুৰুগড়ীয়া ৰাঘজৰ উছাহ-আনন্দৰ কল্লোলৰ মাজত থিয়েটাৰ, গান-বাজনা ইত্যাদিৰে পূজা মহাসমাৰোহেৰে সম্পাদিত হৈ গ’ল। নৰিয়া গাৰেই দুদিন-এদিন মই তেওঁলোকৰ আনন্দৰ ভাগ লৈছিলোঁ, কিন্তু গাত নৰিয়াৰ বাজে গজালি মেলি মোক বিকল কৰি পেলাইছিল। চৌদিশে উৰি ফুৰা আনন্দৰ ফুটুকা পখিলাবোৰৰ লগতে নিৰানন্দৰ মহকেইটাই মোৰ গাত শুং ফুটাই কুণকুণাই ফুৰিছিল। যি হওক হৰ্ষ-বিষাদৰ সান-মিহলিতে মোৰ ডিবুৰুগড়ীয়া দিনকেইটা একপ্রকাৰে কাটি গ’ল।

     ভালেমান বছৰৰ মূৰত মই অসমলৈ গৈছিলোঁ। সেইদেখিয়েই বোধকৰোঁ মোৰ স্বদেশী বন্ধু-বান্ধৰ মোলৈ আগ্ৰহ অশেষ হৈছিল। তেওঁলোকে সভা-সমিতি পাতি মোক নৰিয়া পাটীৰ পৰা টানি নি সেইবোৰত থিয় কৰি দিছিল। ময়ো মৰমৰ অত্যাচাৰ অতি হৃষ্টচিত্তেৰে সহ্য কৰিছিলোঁ। বন্ধুবৰ শ্ৰীযুত প্রভাতচন্দ্ৰ দাস ডাক্তৰে প্ৰায় দিনৌ আহি মোক অতি যতন কৰি চিকিৎসা কৰিছিল আৰু তেওঁৰ যত্নতে মই লাহে লাহে গা-টঙাই উঠিলোঁ। মোৰ কৃতজ্ঞতাৰ আঁজলিৰ বাহিৰে এই উঠি অহা মনোভিৰাম ডাক্তৰ বন্ধুজনলৈ আৰু একো নাই।

     ডিবুৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল। তাৰে দুই-এটাৰ বিষয়ে কওঁ। প্রথমতে মই আনন্দ-বিমিশ্ৰিত আচৰিত হৈ পৰিছিলোঁ ডিবুৰুগড়ৰ অসমীয়া তিৰোতাসকলৰ গঢ়গতি আৰু কাৰ্যকলাপ দেখি। তেওঁলোক মই তাহানি এৰি অহা অসমৰ, মহৰ দয়াত আৰু চেঁচুকৰ ছাঁত বঢ়া চুকৰ বোৱাৰীৰ শাৰীত আৰু নাই। শিক্ষা, দীক্ষা আৰু ৰাজহুৱা কাৰ্যাদিত তেওঁলোক অগ্রণী। সকলো সজ কাৰ্যত পুৰুষৰ সমকক্ষ হ’বলৈ তেওঁলোকৰ আগ্ৰহ প্রদীপ্ত। ৰক্ষণশীল সমাজে তেওঁলোকৰ ভৰিত পিন্ধোৱা শিকলি তেহেলৈ সেই সোণৰে হওক বা লোৰে হওক তেওঁলোকৰ ভিতৰৰ অনেকে ছিঙিছে আৰু বাকীসকলেও ছিঙিবলৈ যত্ন কৰিছে। দেশৰ সেৱাত তেওঁলোকে পুৰুষৰ শাৰীত ঠাই লৈছেহি আৰু অনেক বিষয়ত শামুকখুজীয়া পুৰুষতকৈও আগবাঢ়িছে বুলি ক’লে বঢ়াই কোৱা নহয়। ডিবুৰুগড়ত সভা-সমিতি পতাত তেওঁলোকেই আগৰণুৱা হৈ পৰিছে আৰু ৰক্ষণশীল শাৰীৰ পুৰুষ চুকত ভেঁকুৰিছে। মাজতে বিমোৰ অৱস্থাত পৰি অসমীয়া তিৰোতা শিপিনীসকলে তেওঁলোকৰ অংগৰ ভূষণ বোৱা-কটা পৰিহাৰ কৰিছিল। ডিবুৰুগড়ীয়া নতুন তৰপৰ মহিলাসকলে তাক আকৌ সাদৰেৰে হাতত তুলি লৈছে। তেওঁলোকৰ বিনন্দীয়া মুখ মলিয়ন কৰোঁতা কাণ্ডজ্ঞানহীন পৰ্দাক তেওঁলোকে পৰিহাৰ কৰিছে। আৰু বাহিৰলৈ গ’লে ওৰণিৰ সৰ্বগ্ৰাসী গ্ৰহণৰ পৰা বিমুক্ত হৈ মনোজ্ঞ আংশিক গ্ৰাস গ্রহণ বৰণ কৰিছে। নিন্দুক সমালোচকৰ সস্তা সমালোচনাবোৰ, সমালোচকৰ আজিকালি অব্যৱহাৰ্য দ’তৰ জোলোঙাত সুমাই থ’বলৈ তেওঁলোকে তেওঁলোকৰ মনৰ বলেৰে পৰোক্ষভাৱে সমালোচকক অনুজ্ঞা কৰিছে। সভা-সমিতিত তেওঁলোকে পুৰুষৰ আগত ওলাই একে শাৰীতে বা সমুখতে বহি প্ৰজাসাধাৰণৰ মঙ্গলা-মঙ্গলৰ বিষয়ত স্বাধীন মতামত প্রকাশ কৰিছে: অথচ তেওঁলোকৰ স্ত্ৰী-সুলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানকো হাস হ’বলৈ তেওঁলোকে দিয়া নাই। দুজনা-এজনাই সভাত উঠি এনে সুন্দৰকৈ বক্তৃতা কৰিছে যে অনেক নামজ্বলা বক্তা পুৰুষকো তেওঁলোকে সেই বিষয়ত চেৰ পেলাইছে। ৰামমোহন ৰায়ৰ স্মৃতিসভাত মোক সভাপতিৰ আসন দিয়া হৈছিল। তাত কল্যাণীয়া শ্ৰীমতী যোগদা দেৱীয়ে যিটি বক্তৃতা অনৰ্গলভাৱে দিলে, মই শুনি সঁচাকৈয়ে পুলকিত হৈ পৰিছিলোঁ আৰু মোৰ দেশৰ এজনা সম্ভ্ৰান্ত মহিলাৰ সেই বিষয়ত নৈপুণ্য দেখি নিজকে গৌৰৱান্বিত বিবেচনা কৰিছিলোঁ। মই ডিবুৰুগড় পোৱাৰ দ্বিতীয় কি তৃতীয়দিনা জ্বৰত শোৱাপাটীত পৰি কেঁকাই আছোঁ, এনেতে বালিকা স্কুলৰ প্ৰধান-শিক্ষয়িত্ৰী আয়ুস্মতী শ্ৰীমতী গৌৰীপ্রভা চলিহাই লগত একুৰিমান ছোৱালী ছাত্ৰী আৰু তেওঁৰ সহযোগী শিক্ষয়িত্ৰী জনচেৰেকক লৈ মোৰ আগত ওলালগৈ। তেওঁলোকৰ মোৰ প্রতি কি দয়া আৰু কি আগ্রহ! তেওঁলোকৰ মুখত অনাৱশ্যকীয় সংকোচ নাই, থোতামোজা নাই; তেওঁলোকে তেওঁলোকৰে দেশৰ এই চিৰপ্রৱসুৱাক সাক্ষাৎ কৰি সমাদৰ কৰি সন্মানিত কৰিবলৈ আহিছে আৰু পাৰিলে তেওঁক তেওঁলোকৰ স্কুললৈ আদৰি লৈ গৈ তেওঁৰ মুখৰ পৰা দুষাৰ-চাৰিষাৰ কথা শুনিবলৈ ইচ্ছা কৰিছে। কি সুখকৰ দৃশ্য! কি সুন্দৰ ব্যৱহাৰ! শ্ৰীমতী গৌৰীপ্রভা আইদেওক অৱশ্যে তেওঁ কলিকতাত কলেজত পঢ়াৰে পৰা মই জানো, আৰু মোৰ নিজৰ জীৰ নিচিনাকৈ তেওঁক স্নেহ কৰোঁ। গৌৰী চন্দ্ৰমাক মাজত লৈ তেওঁৰ সহযোগী নক্ষত্ৰৰূপিনী শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকল যেতিয়া মোৰ আগত উপস্থিত হ’লহি, জ্বৰত চেপেটা লাগি থকা মই জ্বৰৰ অত্যাচাৰলৈ খন্তেকৰ নিমিত্তে পাহৰি বিমল আনন্দ অনুভৱ কৰিছিলোঁ৷ ইয়াৰ কিছুদিনৰ পিছত তেওঁলোকৰ স্কুললৈ মই গৈ স্কুল চাই আৰু তেওঁলোকৰ কাৰ্য দেখি অতি সন্তোষ পাইছিলোঁ। স্কুলত তেওঁলোকে বাছকবনীয়া ৰূপৰ বঁটা এটিত যি কাকত এডুখৰি মোক দিছিল, সেই বঁটাটি আৰু কাকতডুখৰিয়ে সদায় মোক সন্তোষ দি থাকিব। ডিবুৰুগড়ত সম্ভ্ৰান্ত মহিলাসকলৰ সভাতো এই লেখকক যিখন অভিনন্দনপত্ৰ মুগাৰ কাপোৰৰ ওপৰত ছপাই দিছিল, সেইখনো নিশ্চয় এই লেখকৰ পক্ষে অতি আদৰৰ সমল হৈ সদায় তেওঁৰ হাতত থাকিব।

     ডিবুৰুগড়ৰ থিয়েটাৰ অৰ্থাৎ ৰংগশালৰ বিষয়ে একাষাৰ কওঁ। ডেকাসকলৰ উদ্যমৰ ফলত ৰংগশালটি সুদৰ্শন হৈ পৰি সি ডিবুৰুগড়ৰ সমৃদ্ধি বৃদ্ধি কৰিছে। সভা-সমিতি, থিয়েটাৰ, যাত্ৰা, গান, ভাৱনা প্রভৃতি এই ঘৰতে হয়। থিয়েটাৰৰ চিত্ৰপটবোৰ অসমীয়া চিত্ৰবিদ ডেকাসকলৰ দ্বাৰাই অঁকা হৈছে আৰু সেইবোৰ কলিকতাৰ ব্যৱসায়, নিপুণ চিত্ৰবিদৰ চিত্ৰতকৈ কোনোগুণে হীন নহয়। নাট্যকলাত ডিবুৰুগড়ৰ সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীতভাৱে উন্নতি লাভ কৰিছে দেখি মোৰ মনত হৰ্ষ উপজিছিল। পেইণ্টিং আৰু ফটোগ্ৰাফীত স্নেহাস্পদ মুক্তানাথ বৰদলৈৰ কৃতিত্ব লেখত ল’বলগীয়া। থিয়েটাৰৰ ভালেমান দৃশ্যপট তেওঁৰ হাতৰ। তেওঁৰ ষ্টুডিঅ’লৈকো আমি গৈছিলোঁ। তাত তেওঁৰ হাতৰ চিত্ৰবোৰ দেখি বৰ সন্তোষ পালোঁ। তেওঁ যদি সেই ষ্টুডিঅ’ অৰ্থাৎ চিত্ৰশাল আনি কলিকতাত পাতি বহে, তেন্তে তেওঁক সেই কাৰ্যত চেৰ পেলোৱা লোকৰ লেখ সৰহ নহ’ব। ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাটৰ অভিনয় কৰিছিল। অৱশ্যে আটাইবোৰ দেখা মোৰ কপালত নঘটিল। কিন্তু যিকেইটা দেখিলোঁ, তাতে মোৰ অশেষ সন্তোষ লভিছিল৷ সাজ-সজ্জা, চিত্ৰপট, ভাবপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত তেওঁলোকৰ বৈশিষ্ট্য দেখা গৈছিল। কালত তেওঁলোকে যে আৰু উন্নতি কৰিব তাত সংশয় নাই। চিত্ৰকলাবিদ শ্ৰীযুত মুক্তানাথ বৰদলৈৰ কৃতিত্ব ‘কমিক এক্টিঙতো’ অৰ্থাৎ হাস্যৰসৰ ভাবতো পৰিস্ফুট। ডাক্তৰ শ্ৰীযুত প্রভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয় কলিকতাৰ থিয়েটাৰৰ বিখ্যাত অভিনেতাসকলতকৈও কোনোগুণে কম নহয়। মাথোন এটি কথা ডিবুৰুগড়ীয়া ডেকা বন্ধুসকলক জনাই থওঁ যেন তেওঁলোকৰ যত্নত মৌলিক অসমীয়া নাটৰ অভিনয় সৰহ হয়। অৱশ্যে, তেনে নাটকৰ যে আটক, সেইটো জানো। যি হওক, ভৱিষ্যতলৈ সেই আটক গুচিব বুলি আশা কৰিলোঁ। বিদেশী নাটক অসমীয়ালৈ ভাঙি অসমীয়া ৰংগশালত অভিনয় কৰাটোত অনেকে দায় ধৰে। ময়ো তেনে কাৰ্যত বৰ সম্ভোষ পাওঁ, এনে নহয়। কিন্তু বিদেশী ভাষাৰ নাটক একেবাৰেই আমাৰ ৰংগশালৰ বাহিৰ কৰি দিয়াটোৰো মই বিৰোধী। অৱশ্যে যদি তাৰ অনুবাদ প্রকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত সি জীণ যোৱা হয়। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাবসম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা, যদি সেই ভাবসম্পদক বাৰেবঙলুৱা অসমীয়া নকৰি আচল অসমীয়া কৰি দিয়া যায়। ভাৰতৰ নানা দেশৰ পৰা মানুহ আহি অসমত বসতি কৰিছে। যদি সেইবোৰে অসমক সৰ্বতোভাৱে বৰণ কৰি অসমীয়া হৈ যায় তাৰ দ্বাৰাই অসমৰ আপদ নাবাঢ়ি সম্পদহে বাঢ়িব। এনে গঢ়েৰেই পুৰণি কালৰে পৰা অসম পৰিপুষ্ট হৈ আহিছেও। কিন্তু অসমীয়াৰ বৰসবাহত যদি কোনোবাই অসমীয়াৰ দৰে চাপৰি বজাই বা তাল লৈ নাম নাগাই খোল-কৰতাল লৈ
‘‘দয়াল দয়াল, দয়াল বলে ডাকৰে ৰসনা
যাৰে ডাকলে হৃদয় শাতল হবে যাবে যম যন্ত্ৰণা।।”

এনে বঙলুৱা সংকীৰ্তন মেলি দিয়ে, তেন্তে সি অসমীয়াৰ বৰসবাহত হাঁহৰ মাজত কাউৰী হৈ পৰি খেলিমেলিহে লগাব, শোভা নকৰে। Hybrid অৰ্থাৎ এধাকেচেলুৱা গান মিহলি আহাৰে পেট গোমাই তাত বিপ্লৱৰহে সৃষ্টি কৰিব, শান্তি‍ সৃষ্টি নকৰে। এই কথা মনত ৰাখি আমাৰ নাট্যকাৰসকলে বিদেশী নাটৰ অসমীয়া ভাঙনি কৰিবলৈ গ’লে মংগল, নতুবা অমংগল। তাহানি‍ কলিকতা নিবাসী জনচেৰেক অসমীয়া ছাতৰে লগ লাগি শ্বেক্সপিয়েৰৰ Comedy of Errors অসমীয়ালৈ ভাঙি তাৰ নাম ভ্ৰমৰংগ দি অভিনয় কৰিছিল। অনুবাদকৰ লগত যদিও এই লেখক পৰা নাছিল, তথাপি তেওঁৰ হাত যে সেই অনুবাদৰ ওপৰত নুফুৰিছিল এনে নহয়। মোৰ বিশ্বাস, ইংৰাজী নাটৰ সেই অনুবাদ একেবাৰেই অসমীয়া হৈ পৰি অসমীয়া সৰ্বসাধাৰণৰ মন হৰণ কৰিব পৰা হৈছিল। এতিয়াও নতুনকৈ উঠি অহা ডেকাসকলে তেনে গঢ়েৰে বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সাজপাৰ পিন্ধাই অসমীয়া ৰংগশালত তুলি দিলে, আমাৰ আঁসোৱাহ ধৰিবলৈ একো নাথাকিব।
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ