অৰণ্যযাত্ৰা, দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্নাৱলী

অতি চমু প্রশ্নাৱলী 

(মূল্যাংক:  ১ নম্বৰকৈ)

১। 'অৰণ্যযাত্ৰা’ নামৰ পাঠটোৰ লেখক কোন?
২। শ্ৰেণী শিক্ষকে কি ঘোষণা কৰাৰ দিনৰেপৰা  অষ্টম আৰু নৱম দুয়োটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত উখল-মাখল পৰিবেশ হৈছিল?
৩। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক  কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
৪। অৰণ্যযাত্ৰাত সৰ্বমুঠ কিমানগৰাকী শিক্ষক-ছাত্ৰ-ছাত্ৰী গৈছিল?
৫। পাহিৰ ককায়েকৰ নাম কি?
৬। পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে?
৭। অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী  বঁটা লাভ কৰিছিল?
অনুৰাধা শৰ্মা পূজাৰীয়ে কি বিষয়ৰ স্বীকৃতিস্বৰূপে ৰেনেছাঁ অসম বঁটা লাভ কৰিছিল?
৯। অৰণ্যযাত্ৰা'ত পাহি আৰু বিদিশাক কি দায়িত্ব দিয়া হৈছিল?
১০। অৰণ্যযাত্ৰা’ত সৌৰভ আৰু আফতাবক কি দায়িত্ব দিয়া হৈছিল?
১১। অৰণ্যযাত্ৰা’ৰ দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল?
১২৷ ‘চন্তৰীমানে কি?
১৩। আদ্যোপান্ত’ শব্দৰ অর্থ লিখা।
১৪৷ ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
১৫। নিগনা চিকাৰীৰ প্রকৃত নাম কি?
১৬। কাজিৰঙাৰ প্রথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়াজন কোন?
১৭। কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিজন কোন?
১৮। কাজিৰঙা অৰণ্য সংৰক্ষণ কৰিবলৈ ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনক কোনে অনুৰোধ কৰিছিল?


 চমু প্রশ্নাৱলী

 (মূল্যাংক: ২/৩ নম্বৰকৈ)

১। অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?
২। অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসসমূহৰ নাম উল্লেখ কৰা।
৩। অনুৰাধা শৰ্মা পূজাৰীৰ আত্মজীৱনীমূলক প্রৱন্ধ সংকলনকেইখনৰ নাম কি?
৪৷ অনুৰাধা শৰ্মা পূজাৰীৰ গল্প সংকলনকেইখনৰ নাম উল্লেখ কৰা ।
৫। গৰম বন্ধ আৰম্ভ হোৱা দিনটোৰ পৰাই পলৰ কি অভ্যাস গঢ়ি উঠিছিল?
৬। “মইতো ল’ৰা।এইবোৰ ছোৱালীৰ কামতোমালোকে কৰা । মইতো দেউতাক এইবোৰ কাম কৰা দেখা নাই!' —  কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিলতুমি এইষাৰ কথা সমৰ্থন কৰানে?
৭। পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?
৷ পাহিৰ গ্ৰীষ্মবন্ধৰ অৰণ্যযাত্ৰাৰ প্রস্তুতি সম্পৰ্কে আভাস দিয়া ।
৯। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
১০। ‘‘তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছাঅৰণ্যৰপৰা শিকিব লগা বহুত কথা আছে।” — কোনখন অৰণ্যৰ কথা কোৱা হৈছেএই অৰণ্যৰ কি যশস্যা  আছে?
১১। মনে-মনে থাকা৷ ছাৰ-বাইদেৱে শুনিলে দিব মজাপালি।’ কথাষাৰ কোনে কাককিয় কৈছিল?
১২। ‘‘ঠিক আছেভালকৈ যাবাআৰু আগলৈ নজনা কামত মৰ সাহস নেদেখুৱাবা।’’ — কোনে কাক কি উদ্দেশ্য কৰি কথাষাৰ কৈছিল?
১৩। অৰণ্যযাত্ৰাৰ বাবে পাহিয়ে নিজৰ বেগত কি কি বস্তু ভৰাই লৈছিল?
১৪। ‘‘মই বাৰু পাহৰিলোঁতই মোৰ বস্তুকেইটাও লগতে বেগত ভৰাই সাজু কৰি দিব নোৱাৰিলি। অ’ মামা...’’ — কথাষাৰ কোনে,কাক,কিয়  কৈছিল?
১৫। শুনিছা দাদা,মায়ে কি কৈছেতুমি যে বিপদত পৰিবা এদিনসেয়া খাটাং। — কথাষাৰ কোনেকাককি প্ৰসংগত কৈছিল?
১৬। ‘‘তেতিয়া নিজে কৰিম নহয়নহ'লে তোক লৈ আহিম,তই কৰিবি!’’  — কথাষাৰৰ বক্তাগৰাকী কোন?কাক আৰু কি প্ৰসংগত  বক্তাই কথাষাৰ কৈছিল?
১৭৷ কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
১৯। ‘‘শিক্ষকৰ লগ নেৰিবাযি কথা কয়সেইমতে চলিবা। মই  খবৰ লৈ থাকিম।’’ — কথাষাৰৰ বক্তাগৰাকী কোনকাক আৰু কি প্রসংগত বক্তাই কথাষাৰ কৈছিল?
২০। ‘‘পাহি আৰু বিদিশাই খাদ্য বিলাওকআমি সিহঁতক দিয়া কামটো কৰোঁ।’’ — কথাষাৰ কোনেকাককি প্ৰসংগত কৈছিল?
১৬৷ ‘‘আমি মৰিলোঁ আজি৷ মই সাঁতুৰিব নাজানো।’’  — কথাষাৰ কোনে কাককি প্ৰসংগত কৈছিল?
২১৷ বাইদেউতোমালোকক কেনেকৈ ধন্যবাদ জনাম?'  কাক,কোনেকি কাৰণে ধন্যবাদ জনোৱাৰ কথা কৈছে?
২৩৷ মহীচন্দ্ৰ মিৰি কোন?
২৪৷ লৰ্ড কাৰ্জন কোন?
২৫। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিলএই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
২৬৷ মহীচন্দ্ৰ মিৰি কোনকাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি   কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
২৭। নিগনা চিকাৰীৰ প্রকৃত নাম কিতেওঁ কাক প্ৰথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
২৮। চমুটোকা লিখা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
অম্লজান
ইয়াণ্ডাবু সন্ধি
মানৰ  আক্ৰমণ 
লৰ্ড কাৰ্জন 


ৰচনাধৰ্মী প্ৰশ্নাৱলী

(মূল্যাংক: ৪/৫ নম্বৰকৈ) 

৷ অনুৰাধা শৰ্মা পূজাৰীৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা।
২। পাহিয়ে মাকক ল'ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি কি কৈছিলমাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?
প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
৷ ‘‘কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।’’ — এই কথাষাৰৰ বক্তা কোনতেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা।
৫। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিলইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা ।
৬। কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল?
১০। অসমীয়া বিষয় শিক্ষক তপন বৰুৱাই অম্লজান গেছে জীৱজগতত পেলোৱা প্রভাৱৰ বিষয়ে কিদৰে ছাত্ৰ- ছাত্ৰীসকলক বুজাইছিল পাঠৰ আধাৰত লিখা।

১১৷ ব্যাখ্যা কৰা।

(ক) একোখন অৰণ্য মানুহৰ হাওঁফাওঁৰ দৰে।
 (খ) গছ হ'ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধুআমি গছ নহ'লে জীয়াই থাকিব নোৱাৰিম।

 পাঠভিত্তিক ব্যাকৰণ
 মূল্যাংক ১/২ নম্বৰকৈ

১৷ বাক্য ৰচনা কৰা।

ককাই-ভনী
টুলুং-ভুটুং
চিঞৰ-বাখৰ
মানুহ-দুনুহ
তিতি-বুৰি

২৷ মূৰ্ধন্য   হোৱাৰ কাৰণ দৰ্শোৱা।

অৰণ্য
অৰ্পণ
 কণ্ঠ
ওৰণি
পোৰণি
আড়ম্বড়পূৰ্ণ


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ