ভাৰতীয় সংস্কৃতি (প্ৰশ্নাৱলী, দশম শ্ৰেণী, অসমীয়া পাঠ্যবিষয়ৰ)



অতি চমু উত্তৰৰ প্ৰশ্নাৱলী  
মূল্যাংক:  ১ নম্বৰকৈ

১. ভাৰতীয় সংস্কৃতিৰ প্রাণ কি? 
২. ভাৰতীয় জীৱনৰ মূল সম্পদ কি?
৩. আৰ্যসকলৰ আদিম বাসভূমি কি আছিল?
৪. এসময়ত আফগানিস্তান যে ভাৰতবৰ্ষৰ লগত সংলগ্ন আছিল তাৰ প্রমাণ কিহৰ পৰা পোৱা যায়?
৫. কান্দাহাৰ আৰু ভাৰতক এক কৰাৰ চেষ্টা কোনে চলাইছিল?
৬. আৰ্যসকলৰ নতুন সংস্কৃতিৰ ভেটি কি আছিল? 
৭. কালিয় দমনৰ ব্যাখ্যা কৰা পণ্ডিতজনা কোন? 
৮. হিন্দুৰ শ্ৰাদ্ধবিধি কোন গোষ্ঠীৰ অৱদান?
. শিৱ আৰ্য নে অনাৰ্য দেৱতা? 
১০. কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল? 
১১. মহেঞ্জোদাৰো আৰু হৰপ্পাৰ  সংস্কৃতিয়ে কোন যুগৰ নিদৰ্শন দাঙি ধৰে?
১২. মোগল ৰাজত্বত ভাৰতৰ কোন অঞ্চলত কাব্য-সাহিত্যই যথেষ্ট উৎকৰ্ষ লাভ কৰিছিল? 
১৩. ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ লেখকে কোনছোৱা সময় বুলি কৈছে?
১৪. কালি বা দুৰ্গাক কোন অনাৰ্য দেৱীৰ ৰূপান্তৰ হিচাপে আৰ্যসকলে গ্ৰহণ কৰিছে?
১৫. উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্রাদৰ্ভাব সৰহ? 
১৬. নামঘোষা কোনে ৰচনা কৰিছিল?
১৭.  কীৰ্তন পুথিখনৰ কবিজনাৰ নাম কি?
১৮. কামাখ্যা মন্দিৰত ব্ৰাহ্মণ পুৰোহিতৰ আগতে কোন পূজাৰী আছিল?
১৯. ধ্যানৰত শিৱৰ কল্পনা কোন সংস্কৃতিৰ অৱদান? 
২০. গ্ৰীকসকলৰ সৈতে যুঁজত পৰাজিত হোৱা জাতিটোৰ নাম কি আছিল? 
২১. ছুফীবাদৰ মূল কি?
২২. দাক্ষিণাত্যৰ কোনটো মন্দিৰত কমেও এহেজাৰটা স্তম্ভ আছে?
২৩. উত্তৰ ভাৰতৰ মন্দিৰত কোন ভাস্কৰ্যৰ প্ৰভাৱ পৰিছে?
২৪. “লাখ লাখ যুগ হিয় হিয় ৰাখুন”- কবিতাফাঁকিৰ ৰচক কোন?
২৫. পুৰণি ভাৰতীয় সাহিত্য কিহেৰে সমৃদ্ধশালী?
২৬. নতুন যুগৰ ভাৰতীয় সংস্কৃতিক কোনে সমন্বয়ৰ বস্তু হ’ব লাগে বুলি কৈছে? 
২৭. ব্যক্তিৰ মুক্তি বাণীয়ে কোন ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিল?
২৮. হিন্দু আৰু মুছলমানৰ সমন্বয়ৰ অপূৰ্ব সৃষ্টি বুলি কোন ভাস্কৰ্যক ক'ব পাৰি?
২৯. অজন্তাৰ চিত্ৰ কলাই কোন যুগৰ কথা সোঁৱৰায়?
৩০. হিন্দুসকলৰ মনত পোনতে কি কাৰণত বিপ্লৱৰ সৃষ্টি হৈছিল?
৩১. লিংগ পূজাৰ প্ৰচলন হিন্দু ধৰ্মত কোন গোষ্ঠীৰ পৰা সোমায়?
৩২. তুলসীদাসে ৰচনা কৰা পুথিখনৰ নাম কি?
৩৩. ভাৰতীয় ‘সভ্যতা’ আৰু ‘সংস্কৃতি'— এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছেনে?
৩৪. ভাৰতবৰ্ষৰ কোন অঞ্চলৰ ভাস্কৰ্যত বহিৰাগতৰ পোনপটীয়া প্ৰভাৱ পৰা নাছিল?
৩৫. ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? 
৩৬. মোগল আৰু ৰাজপুত আৰ্টৰ প্রধান লক্ষণ কি?
৩৭. নতুন সংস্কৃতি কেনে জীৱনৰ সম্পদ হ’ব লাগে বুলি ' ভাৰতীয় সংস্কৃতি ' পাঠটোৰ লেখকে মত প্ৰকাশ কৰিছে?
B. চমু প্রশ্নাৱলী  মূল্যাংক ঃ ২/৩/৪ নম্বৰকৈ
১৷ পঁচিছটামান শব্দৰ ভিতৰত হেম বৰুৱাৰ সাহিত্য কৰ্মৰ পৰিচয় দিয়া।
২। সকলো আৰ্টৰ ভিতৰত ভাস্কৰ্যকলা কিয় অধিক গুৰুত্বপূৰ্ণ?
৩৷ আৰ্যসকল কিদৰে ক্ৰমে ক্ৰমে নিভাঁজ অসমীয়াত পৰিণত হ'? 
৪। ভাৰতীয় সংস্কৃতি প্রাচীন কালত কোন কোন অঞ্চললৈ বিয়পি আছিল? ভাৰতীয় সংস্কৃতি যে বিস্তৃত আছিল তাৰ কিবা প্ৰমাণ আছেনে?
৫। “ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী” - লেখকে কিয় এই কথাষাৰ কৈছে?
৬। আৰ্যসকলে অনাৰ্যসকলৰ পৰা উপাসনাৰ কি কি উপাদান আহৰণ কৰিছিল?
অজন্তাৰ  চিত্ৰসমূহৰ বৈশিষ্ট্য কি?
৮। মোগল চিত্র শিল্পৰ বিশেষত্বসমূহ কি কি?
৯। পুৰণি ভাৰতীয় সাহিত্যৰ বিশেষত্ব কি আছিল?
১০। পোন প্রথমে হিন্দুৰ সৈতে মুছলমানৰ সংঘৰ্ষৰ পাছত হিন্দুসকলৰ মনস্তত্বত কি প্ৰভাৱ পৰিছিল? 
১১। “জীৱনৰ ওপৰত যাৰ আস্থা নাই বিপ্লৱৰ ওপৰতো তাৰ আস্থা নাই” - কি প্রসঙ্গত উল্লিখিত কথাখিনি কোৱা হৈছে?

ৰচনাধৰ্মী প্ৰশ্নাৱলী 

মূল্যাংক: ৫/৬/৭/৮ নম্বৰকৈ

১। ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ মূল কথাখিনি লিখা।
২। ‘ভাৰতীয় সংস্কৃতি’ পাঠটো পঢ়ি তুমি কি কি উল্লেখযোগ্য কথা শিকিলা তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা। 
৩৷ ' ভাৰতীয় সংস্কৃতিত সমন্বয় ' কেনেদৰে সাধন হৈছে পাঠৰ সহায়ত নিজৰ ভাষাৰে লিখা ।
৪৷ ব্যাখ্যা কৰা।
(ক) “সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰি থকা দেখা যায়"। 
(খ) “ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।"
(গ) “সাহিত্য সম্পদৰ পিনৰপৰা ভাৰতীয় সংস্কৃতিবিশেষভাৱে চহকী ।"
(ঘ) “ভাৰতীয় সংস্কৃতিক সমৃদ্ধ কৰা কলাসমূহৰ বিশেষত্বসমূহ বৰ্ণনা কৰা৷"

পাঠভিত্তিক ব্যাকৰণ 

মূল্যাংক: ১/২ নম্বৰকৈ

১৷ তলৰ পদসমূহৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখা।
উপসোঁত
সভ্যতা সংস্কৃতি 
জলপথ
কলা নিদৰ্শন 
চিত্ৰশিল্প 
অবিচ্ছিন্ন 
দেৱ-দেৱী 
সাধুকথা
পদদলিত 
ভঙা-গঢ়া 
শ্ৰাদ্ধ-বিধি 
নামঘোষা
সৌষ্ঠৱপূৰ্ণ 

২। তলৰ শব্দবোৰৰ বিপৰীতাৰ্থক শব্দ লিখা।
প্ৰকাশ; স্বীকাৰ; ব্যক্তিগত, কল্পনা; আৰম্ভ; অধীন; সম্পদ; উদাৰ মুক্তি; আস্থা; স্থবিৰতা।

৩৷ শব্দাৰ্থ লিখা।
 অবিচ্ছিন্ন
অসামঞ্জস্য
সংমিশ্ৰণ
সমন্বয়
ক্ৰমবৰ্দ্ধমান
শিখৰ
প্রব্ৰজন
ভাৰাক্ৰাস্ত
সম্ভাৰ
স্থাপত্য
ভাস্কৰ্য
অভিভূত
সংকীৰ্ণ
বাহ্যিক
সামন্তশ্ৰেণী
অনাগত
তৰংগ
বিৰল
অনন্তকাল
অখণ্ডতা
আনন্দাপ্লুত
বৰ্হিজাগতিক
পদদলিত

৪। তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা ।
মাপকাঠি
বৰঙণি
ভঙা-গঢ়া
কাৰুকাৰ্য
চিনচাব
টুটি অহা


HSLC পৰীক্ষাৰ প্ৰশ্নসমূহ

অতি চমু প্ৰশ্নাৱলী 

মূল্যাংক: ১ নম্বৰকৈ

১। অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে? 
২।. কোনগৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰ-শিল্পৰ নতুন ধাৰা পোনপ্রথমে ভাৰতত প্রৱেশ কৰে?
৩। ফ্ৰম ভল্গা টু গংগা’ নামৰ কিতাপখনৰ লেখক কোন?
৪। ‘ভাৰতীয় সংস্কৃতি’ নামৰ প্রবন্ধটোৰ লেখক কোন?
৫। ‘মধ্য এচিয়াকা ইতিহাস’ কোনে, লিখিছিল?
৬। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন? 

চমু প্রশ্নাৱলী
মূল্যাংক: ২/৩/৪ নম্বৰকৈ

১। সকলো আৰ্টৰ মূলতে কি কি দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়? 
২। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ বিষয়ে এটি চমুটোকা যুগুত কৰা।
৩। দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বৈশিষ্ট্য কেনে ধৰণৰ, চমুকৈ লিখা।
৪। ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু’ বুলি লেখকে কিয় কৈছে? 
 ৫। লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী বুলি কৈছে?
৬। অজন্তাৰ ছবিবোৰত কি: কি ভাববস্তু প্ৰকাশ পাইছে?
৭। ‘সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।  
৮। সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় ।
ইয়াত উল্লেখ কৰা বিপৰীত পন্থা  দুটাৰ বিষয়ে লিখা।
৯। “পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিমানৰ বুৰঞ্জী
 তেনেকৈয়ে সমন্বয়ৰো বুৰঞ্জী” 
 - কথাষাৰ মুকলিকৈ বুজাই লিখা৷ 

 ৰচনাধৰ্মী প্ৰশ্নাৱলী 

মূল্যাংক: ৫/৬/৭/৮ নম্বৰকৈ

১। “ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু?” কথাষাৰৰ যুক্তিযুক্ততা ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত চমুকৈ বিশ্লেষণ কৰা। 
২। স্থানীয় সংস্কৃতিৰ লগত বহিৰাগত সংস্কৃতিৰ যুগে যুগে মিলন ঘটি অহাৰ বাবে ভাৰতীয় সংস্কৃতিয়ে এক মহীয়ান ৰূপ লৈছে।” - কথাষাৰ তোমাৰ পাঠ্যপুথিৰ আধাৰত বুজাই লিখা। 
৩। প্রাক্‌ মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ  বিষয়ে এটি আলচ আগবঢ়োৱা৷ 
৪। “অজন্তাৰ ছবিবোৰত দুটা ভাৱ-বস্তু প্রকাশ পাইছে।”
_ এই দুটা ভাৱ-বস্তু কি কি, পাঠৰ আধাৰত বুজাই লিখা।
৫। ‘ভাৰতীয় ভৌগলিক জীৱন বৈচিত্ৰময়’— কথাষাৰ মুকলিকৈ বুজাই লিখা। 
৬। ‘সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।-তাৎপৰ্য বিচাৰ কৰা। 
৭। 'লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল?'
-কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল,বুজাইলিখা৷ 

8. ব্যাখ্যা কৰা।

(ক) “ভাৰত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্রমাণো অলেখ আছে।”.
খ) “সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ” 
(গ) সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা।
(ঘ) ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।

পাঠভিত্তিক ব্যাকৰণ

মূল্যাংক: ১/২ নম্বৰকৈ

1. সন্ধি ভাঙা:
সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত 

2. বিশেষ্য বা বিশেষণলৈ নিয়া।
বৈচিত্ৰ্য, ভৌগোলিক, বিস্তৃতি, নৈৰাশ্য,  বিপ্লৱ
যুগুতালে: বাব্‌লি দেৱীয়ে‍ 


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ