পাৰস্যত এভুমুকি, দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্নাৱলী

অতি চমু প্রশ্নাৱলী 

(মূল্যাংক: ১ নম্বৰকৈ)


১। ইৰাণৰ ৰাজধানীৰ নাম কি? 
২৷ 'তটৰেখা ' কি ?
৩। পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল? 
৪। ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? 

চমু প্ৰশ্নাৱলী


১। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ চমু বিৱৰণ দিয়া। 
২। শ্বিৰীণ ইবাডিৰ এটি চমু পৰিচয় দিয়া। 
৩। ‘পাৰস্যৰ এটা কথাই মোক সদাই আকৰ্ষণ কৰিছিল?’ লেখকক কি এটা কথাই আকৰ্ষণ কৰিছিল?
৪। বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে? 
৫। জীগ্রছপৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা৷ 
৬। বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা ।
৭। ইৰাণৰ শাসক নাদিৰ শ্বাহৰ ৰাজত্বই ভাৰতবৰ্ষত কি বিভীষিকাৰ সৃষ্টি কৰিছিল? 
৮। তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি? 


অতি চমু প্রশ্নাৱলী

মূল্যাংক  ১ নম্বৰকৈ

১। লিখক সকলে তেওঁলোকৰ ৰিগটোৰ পৰা আহি ক’ত অৱতৰণ কৰে?
২। লেখকে উল্লেখ কৰামতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত?
৩৷ বুশ্বেৰ কি?
৪। বুশ্বেৰৰ তাপমাত্ৰা কিমান ডিগ্ৰী ছেণ্টিগ্ৰেড আছিল বুলি লিখকে কৈছে?
৫। মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?
৬৷ মেহদি আৰু ঘাছেম কোন  ?
৭। ভেংকি ক’ত থাকে?
৮। মেহদি আৰু ঘাছেম ক'ত থাকে?
 ঌ। বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল  ?
১০৷ লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
১১৷ লেখকে বুশ্বেৰৰ পৰা টেহৰাণলৈ যাওঁতে কোনে দোভাষীৰ কাম কৰিছিল  ?
১২। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ কি? 
১৩ . ভেংকিয়ে কি কৰে?
১৪। অবুজাৰ কোন?
১৫৷ 'আগা ' শব্দৰ অৰ্থ কি ?
১৬৷ ইৰাণী সকলৰ জনপ্ৰিয় খাদ্য কি?
১৭। বুশ্বেৰৰ কি ফল বিখ্যাত?
১৮৷ ভাৰতৰ পৰা যোৱা ইৰাণত জনপ্রিয় মলমটো কি?
১৯ । ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে ?
২০৷ ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
২১। ইৰাণৰ দোকানৰ ছাইনবোৰ্ডবোৰ কি ভাষাত লিখা?
২২। কাৰ শাসনকালত জোৰষ্ট্ৰিয়ান ধৰ্মই ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰে  ?
২৩৷ কোন কোম্পানীৰ বিমানৰ ছিট লিখকসকলৰ বাবে সংৰক্ষিত?
২৪৷ ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল  ?
২৫। ইৰাণত হোৱা ভূমিকম্পৰ বাবে দায়ী কি?
২৬। লিখকে ইৰাণৰ পৰা ক’লৈ আহিছে?
২৭। ইৰাণৰ কণ্ট্ৰিমেনেজাৰ জনৰ নাম কি?
২৮৷ টেহৰাণক কাৰ লগত তুলনা কৰা হয়  ?
২৯ টেহৰাণত বিমান বন্দৰ কেইটা  ?
৩০। লেখকে থকা টেহৰাণৰ হোটেলখনৰ নাম কি?
৩১৷ ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত  অৱস্থিত  ?
৩২৷ ইৰাণ আৰু ইৰাকৰ মাজৰ যুদ্ধ কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল  ?
৩৩। ইৰাণৰ সৈতে কোন কোন দেশৰ ব্যৱসায়িক সম্পৰ্ক আছে?
৩৪। ইলেক্ট্ৰনিক সামগ্ৰীৰ বজাৰ কোন দুটা কোম্পানীয়ে দখল কৰিছে  ?

চমু প্ৰশ্নোত্তৰ

মূল্যাংক ২/৩ নম্বৰকৈ

১৷ কোনজন ইৰাণ শাসকে কেনেদৰে  ভাৰতবৰ্ষত বিভীষিকাৰ সৃষ্টি কৰিছিল  ?
২। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
৩। স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত ক’ত আছে ?
৪। তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি ?
৫৷  ইৰাণীসকলে বছৰৰ শেষ বুধবাৰটোত কি কৰে?
৬৷ ন’ ৰোজৰ নৈবেদ্যৰ সাতবিধ উপাচাৰ কি কি?
৭। বিশ্বযুদ্ধই ইৰাণীসকলৰ ওপৰত কেনে প্রভাব পেলাইছিল লিখা ।
৮। মিবৰীন ইৰাডি কোন? তেওঁৰ সংগ্ৰামৰ বিৰুদ্ধে পাঠ্যপুথিৰ সহায়ত লিখা 
ঌ। ইৰাণৰ  ভূতত্ত্বৰ বিষয়ে লিখা।
১০। বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।
১১৷ ইৰাণী মহিলাৰ সাজ-পাৰ সম্পৰ্কত লিখা।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

মূল্যাংক ৪/৫ নম্বৰকৈ

১। ইৰাণীসকলৰ খাদ্যাভাসৰ এক আভাস দাঙি ধৰা।
২। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
৩৷ পাৰস্যত এভুমুকি’ পাঠটোৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাৰে চমুকৈ লিখা ।

পাঠভিত্তিক ব্যাকৰণ

 মূল্যাংক ১/২ নম্বৰকৈ

১৷ তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা।
কেঁচি
দোৱাত
চিয়াঁহী
চেঁচা
কেন্দি

২৷ তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা।

খেলে মামনুন
মিৰচি ছালাম

৩। তলত দিয়া শব্দকেইটাৰ প্রতীকী অর্থ কি?

চবজে
ছামানু
ছিব
জেনেজেভ
ছিৰ
ছমাক
ছেৰকেহ


৪। তলত দিয়া শব্দকেইটাত ‘ষ’ আৰু ‘ণ’ কিয় প্রয়োগ হৈছে লিখা ।

সম্ভাষণ
অন্বেষণ
গৱেষণা
অৱতৰণ

৫। তলৰ শব্দকেইটাত কি প্রত্যয় প্রয়োগ হৈছে লিখা।

ইৰাণী
আবাসিক
বাণিজ্যিক
শেহতীয়া
সোণালী
খৰচী।

x
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ