অসমৰ ভূগোল— সমাজ বি‍জ্ঞান, দশম শ্ৰেণী


অনুশীলনীৰ প্ৰশ্ন


১। অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।
২৷ অসমৰ শিক্ষিতৰ হাৰ কি দৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা৷
৩। ২০১১ চনৰ তথ্য মতে‍অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?
৪। ১৯০১ চনৰ পৰা ২০১১ চনলৈ তসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা।
৫। ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা।
৬। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা।
৭। ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।
৮। অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ কাৰণবোৰ চমুকৈ‍ আলোচনা কৰা।
৯৷ অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্ৰমে উল্লেখ কৰা৷
১০। অসমৰ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰা।
১১। পৰিবহণ ব্যৱস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা।
১২। অসমৰ জলপৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা৷
১৩। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ উল্লেখ কৰা।
১৪। সম্পদ বুলিলে কি বুজায়? অসমৰ প্রধান প্ৰাকৃতিক সম্পদবোৰ কি কি?
১৫। অসমৰ প্রধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা৷
১৬। অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।
১৭। অসমৰ প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি?
১৮। বৰ্ধিত জনসংখ্যাই প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্রভাৱ পেলাইছে?
১৯। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা (সমস্যা) নে সম্পদ? আলোচনা কৰা।
২০। অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে?
২১। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা।
২২। অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।
২৩। অসমত কি কি ধানৰ খেতি কৰা হয়? এইকেইটাৰ বিষয়ে চমুকৈ লিখা।
২৪। ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে?
২৫। অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়?
২৬। অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা৷
২৭। ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্রধান লক্ষ্যবোৰ কি কি?
২৮। সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? উদাহৰণ দি বুজাই লিখা।
২৯। অসমৰ প্রধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি?
৩০৷ অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা৷
৩১। অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা কেনেকুৱা?
৩২। অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা।
৩৩। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।
৩৪। অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা।
৩৫ ৷ অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি?



অতি চমু উত্তৰৰ প্রশ্ন

মূল্যাংক -১ 

১৷ ভাৰতৰ কোন প্ৰান্তত অসম ৰাজ্য অৱস্থিত?
২৷ অসম ৰাজ্য ভাৰতৰ আন কেইখন ৰাজ্যৰে পৰিৱেষ্টিত?
৩৷ অসমৰ গাতে লাগি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা৷
৪৷ কোনখন ৰাজ্যক উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়?
৫৷ অসমৰ মুঠ মাটিকালি কিমান?
৬৷ অসমৰ মাটিকালি ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ?
৭৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
৮৷ অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ?
৯৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?
১০৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত পুৰুষ-মহিলাৰ অনুপাত কিমান?
১১৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গাঁও অঞ্চলত বাস কৰা লোক কিমান শতাংশ?
১২৷ কোনবিলাক নগৰক প্ৰথম শ্ৰেণীৰ নগৰ হিচাপে ধৰা হয়?
১৩৷ কোনবিলাক নগৰক দ্বিতীয় শ্ৰেণীৰ নগৰ হিচাপে ধৰা হয়?
১৪৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা কিমান?
১৫৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ দ্বিতীয় শ্ৰেণীৰ নগৰৰ সংখ্যা কিমান?
১৬৷ অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন?
১৭৷ অসমৰ দ্বিতীয় জনবহুল নগৰ কোনখন?
১৮৷ অসমৰ তৃতীয় জনবহুল নগৰ কোনখন?
১৯৷ দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰ কোনখন?
২০৷ জনসংখ্যাৰ পৰিৱৰ্তনৰ কাৰককেইটা লিখা৷
২১৷ কেতিয়াৰ পৰা অসমৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে?
২২৷ কোনখন চুবুৰীয়া দেশৰ পৰা হোৱা জনপ্ৰব্ৰজনে অসমৰ জনসংখ্যা বৃদ্ধিত বহুল প্ৰভাৱ পেলাইছে?
২৩৷ জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা?
২৪৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
২৫৷ কোনবোৰ অঞ্চলৰ বসতি সেৰেঙা?
২৬৷ কোনবোৰ অঞ্চলৰ বসতি ঘন?
২৭৷ অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰে?
২৮৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে বসবাস কৰে?
২৯৷ ২০১১ চনৰ লোকপিয়ল মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত জনসংখ্যাৰ ঘনত্ব কিমান?
৩০৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে বসবাস কৰে?
৩১৷ ২০১১ চনৰ লোকপিয়ল মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অংশত জনসংখ্যাৰ ঘনত্ব কিমান?
৩২৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে বসবাস কৰে?
৩৩৷ ২০১১ চনৰ লোকপিয়ল মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অংশত জনসংখ্যাৰ ঘনত্ব কিমান?
৩৪৷ বৰাক উপত্যকাত থকা জিলাকেইখনৰ নাম লিখা৷
৩৫৷ ২০১১ চনৰ লোকপিয়ল মতে বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিমান?
৩৬৷ ২০১১ চনৰ লোকপিয়ল মতে বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে বসবাস কৰে?
৩৭৷ পাৰ্বত্য অঞ্চলৰ জিলা দুখনৰ নাম লিখা৷
৩৮৷ ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে পাৰ্বত্য অঞ্চলৰ জিলা দুখনৰ মুঠ জনসংখ্যা অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ?
৩৯৷ ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে পাৰ্বত্য অঞ্চলৰ জিলা দুখনৰ জনসংখ্যাৰ ঘনত্ব কিমান?
৪০৷ ২০০১ চনৰ লোকপিয়ল মতে অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা কোনখন আছিল?
৪১৷ ২০০১ চনৰ লোকপিয়ল মতে অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলা কোনখন আছিল?
৪২৷ ২০১১ চনৰ লোকপিয়ল মতে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক?
৪৩৷ ২০১১ চনৰ লোকপিয়ল মতে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন?
৪৪৷ ২০০১ চনৰ লোকপিয়ল মতে নগাঁও জিলাত জনসংখ্যাৰ ঘনত্ব কিমান?
৪৫৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশৰ কোন দুখন জিলাৰ জনসংখ্যাৰ ঘনত্ব অসমৰ গড় ঘনত্বতকৈ বেছি?
৪৬৷ অসমত উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ কাৰণ লিখা৷
৪৭৷ সমাজ বি‍জ্ঞানীসকলৰ মতে অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত কোন জনগোষ্ঠীৰ?
৪৮৷ সমাজ বি‍জ্ঞানীসকলৰ মতে অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্ৰোত কোন জনগোষ্ঠীৰ?
৪৯৷ অষ্ট্ৰিকসকল অসমলৈ ক’ৰ পৰা আহিছিল?
৫০৷ খাছীয়া আৰু জয়ন্তীয়াসকল কোন জনগোষ্ঠীৰ লোক?
৫১৷ মংগোলীয়সকল অসমলৈ ক’ৰ পৰা আহিছিল?
৫২৷ খাছীয়া লোকলকলৰ বাদে অসমৰ জনজাতীয় লোকসকল কোন জনগোষ্ঠীৰ লোক?
৫৩৷ অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ দুটা জনজাতিৰ নাম লিখা৷
৫৪৷  অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ দুটা ভৈয়ামৰ জনজাতিৰ নাম লিখা৷
৫৫৷ অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ দুটা পাহাৰীয়া জনজাতিৰ নাম লিখা৷
৫৬৷ অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ বৃহৎ জনজাতি কোনটো?
৫৭৷ অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ দ্বিতীয় বৃহৎ জনজাতি কোনটো?
৫৮৷ বড়ো জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
৫৯৷ মিচিং জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
৬০৷ ৰাভা জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
৬১৷ তিৱা জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
৬২৷ দেউৰী জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
৬৩৷ সোণোৱাল কছাৰী জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
৬৪৷ মেছ কছাৰী জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
৬৫৷ কাছাৰৰ বৰ্মন জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
৬৬৷ কাৰ্বি জনজাতিৰ বসতি থকা অসমৰ জিলা দুখনৰ নাম লিখা৷
৬৭৷ জনসংখ্যাৰ লেখেৰে অসমৰ তৃতীয় বৃহৎ জনজাতি কোনটো?
৬৮৷ ডিমাছা কছাৰী জনজাতিৰ বসতি থকা অসমৰ জিলা দুখনৰ নাম লিখা৷
৬৯৷ গাৰো জনজাতিৰ বসতি থকা অসমৰ জিলা দুখনৰ নাম লিখা৷
৭০৷ কুকি জনজাতিৰ বসতি থকা অসমৰ জিলাখনৰ নাম লিখা৷
৭১৷ মাৰ জনজাতিৰ বসতি থকা অসমৰ জিলাখনৰ নাম লিখা৷
৭২৷ হাজং জনজাতিৰ বসতি থকা অসমৰ জিলা দুখনৰ নাম লিখা৷
৭৩৷ ৰেংমা নগা জনজাতিৰ বসতি থকা অসমৰ জিলাখনৰ নাম লিখা৷
৭৪৷ জেমি নগা জনজাতিৰ বসতি থকা অসমৰ জিলাখনৰ নাম লিখা৷
৭৫৷ আৰ্যমূলীয় লোকসকল অসমলৈ ক’ৰ পৰা আহিছিল?
৭৬৷ আৰ্যমূলীয় লোকসকল কোন নৃ-গোষ্ঠীৰ লোক?
৭৭৷ অসমত বসবাস কৰা অধিক সংখ্যক অজনজাতীয় লোক কোন জনগোষ্ঠীৰ?
৭৮৷ অসমত বসবাস কৰা দুটা ককেছীয় জনগোষ্ঠীৰ নাম লিখা৷
৭৯৷ সিন্ধু-আৰ্যমূলীয় ইছলাম ধৰ্মাৱলম্বী লোকসকল অসমলৈ ক’ৰ পৰা আহিছিল?
৮০৷ সিন্ধু-আৰ্যমূলীয় ইছলাম ধৰ্মাৱলম্বী লোকসকল অসমলৈ কেতিয়া আহিছিল?
৮১৷ সিন্ধু-আৰ্যমূলীয় ইছলাম ধৰ্মাৱলম্বী লোকসকল অসমলৈ কাৰ নেতৃত্বত আহিছিল?
৮২৷ আহোমসকল কোন জনগোষ্ঠীৰ লোক?
৮৩৷ আহোমসকল অসমলৈ ক’ৰ পৰা আহিছিল?
৮৪৷ কাৰ নেতৃত্বত আহোমসকল অসমলৈ আহিছিল?
৮৫৷ আহোমসকল‍ে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
৮৬৷ আহোমসকলৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
৮৭৷ কোচ ৰাজবংশী লোকৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
৮৮৷ কাৰ নেতৃত্বত ‘গোহাঁই কমল আলি’ নিৰ্মাণ কৰা হৈছিল?
৮৯৷ ‘গোহাঁই কমল আলি’ ক’ৰ পৰা ক’লৈ নিৰ্মাণ কৰা হৈছিল?
৯০৷ ব্ৰিটিছে কি উদ্দেশ্যে নেপালৰ লোকসকলক অসমলৈ আনিছিল?
৯১৷ চাহ জনজাতিৰ লোকসকল কোন জনগোষ্ঠীৰ?
৯২৷ চাহ জনজাতিৰ লোকসকল ক’ৰ পৰা অসমলৈ আহিছিল?
৯৩৷ বাংলাদেশৰ পুৰণি নাম কি?
৯৪৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান কঠিত ভাষা কি?
৯৫৷ বৰাক উপত্যকাৰ প্ৰধান কঠিত ভাষা কি?
৯৬৷ অসমৰ ৰাজ্যভাষা কি?
৯৭৷ অসমৰ আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থা কোনটো?
৯৮৷ পথ পৰিবহণ ব্যৱস্থাৰ দুটা সুবিধা উল্লেখ কৰা৷
৯৯৷ অসমৰ পথ পৰিবহণ ব্যৱস্থাত কেই প্ৰকাৰৰ পথ আছে?
১০০৷ ২০১৫-১৬ চনৰ তথ্য মতে অসমৰ মুঠ পথৰ দৈৰ্ঘ্য কিমান?
১০১৷ ২০১৫-১৬ চনৰ তথ্য মতে অসমৰ মুঠ পকী পথৰ দৈৰ্ঘ্য কিমান?
১০২৷ ২০১৫-১৬ চনত অসমত মুঠ কেইটা ৰাষ্ট্ৰীয় ঘাইপথ আছিল?
১০৩৷ ৰে’ল পৰিবহণ ব্যৱস্থাৰ দুটা সুবিধা লিখা৷
১০৪৷ অসমৰ ৰে’ল পৰিহবণ ব্যৱস্থা কোন মণ্ডলৰ দায়িত্বত আছে?
১০৫৷ উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
১০৬৷ ২০১২-১৩ চনৰ তথ্য অনুসৰি অসমৰ ৰে’লপথৰ মুঠ দৈৰ্ঘ্য কিমান?
১০৭৷ ২০১২-১৩ চনৰ তথ্য অনুসৰি অসমৰ ব্ৰডগজ ৰে’লপথৰ মুঠ দৈৰ্ঘ্য কিমান?
১০৮৷ ২০১২-১৩ চনৰ তথ্য অনুসৰি অসমৰ মিটাৰগজ ৰে’লপথৰ মুঠ দৈৰ্ঘ্য কিমান?
১০৯৷ শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ নৱ্য জলপথটোৰ দৈৰ্ঘ্য কিমান?
১১০৷ বৰাকৰ জলপথৰ দৈৰ্ঘ্য কিমান?
১১১৷ অসমত জলপৰিবহণ ব্যৱস্থাৰ হকে কাম কৰা সংস্থা দুটাৰ নাম লিখা৷
১১২৷ ব্ৰহ্মপুত্ৰ নদীৰ দুটা ঘাটৰ নাম লিখা৷
১১৩৷ অসমৰ অভ্যন্তৰীণ জলপৰিবহণ ব্যৱস্থাৰ দুটা সুবিধা লিখা৷
১১৪৷ অসমত কেইটা বিমান বন্দৰ আছে?
১১৫৷ গুৱাহাটীত অৱস্থিত বিমান বন্দৰটোক কি নামেৰে জনা যায়?
১১৬৷ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম লিখা৷
১১৭৷ সম্পদ বুলিলে কি বুজা?
১১৮৷ সম্পদক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
১১৯৷ প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা?
১২০৷ মানৱসৃষ্ট সম্পদ বুলিলে কি বুজা?
১২১৷ প্ৰাকৃতিক সম্পদৰ দুটা উদাহৰণ দিয়া৷
১২২৷ মানৱসৃষ্ট সম্পদৰ দুটা উদাহৰণ দিয়া৷
১২৩৷ নৱীকৰণযোগ্য সম্পদ বুলিলে কি বুজা?
১২৪৷ অনৱীকৰণযোগ্য সম্পদ বুলিলে কি বুজা?
১২৫৷ নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷
১২৬৷ অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷
১২৭৷ জীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷
১২৮৷ অজীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷
১২৯৷ মানৱ সম্পদ বুলিলে কি বুজা?
১৩০৷ প্ৰচুৰ প্ৰাকৃতিক সম্পদ থকা সত্ত্বেও অসম পিছ পৰি ৰোৱাৰ মূল কাৰণ কি?
১৩১৷ পলসুৱা মাটি কেই প্ৰকাৰৰ আৰু কি কি?
১৩২৷ ২০০৯-১০ চনৰ তথ্যমতে অসমৰ মুঠ মাটিৰ কিমান শতাংশত খেতি কৰা হৈছে?
১৩৩৷ ২০১১ চনৰ তথ্যমতে অসমৰ মুঠ মাটিৰ কিমান শতাংশ বনাঞ্চল?
১৩৪৷ অসমৰ মুঠ বনাঞ্চলৰ কিমান শতাংশ সংৰক্ষিত বনাঞ্চল?
১৩৫৷ অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে?
১৩৬৷ অসমত অভয়াৰণ্য কেইখন আছে?
১৩৭৷ ‘পনীয়া সোণ’ বুলি কিহক কোৱা হয়?
১৩৮৷ অসম তথা ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখনৰ নাম কি?
১৩৯৷ অসম প্ৰধান তৈলক্ষেত্ৰ কেইখন?
১৪০৷ অসমৰ দুখন তৈলক্ষেত্ৰৰ নাম লিখা৷
১৪১৷ ভাৰতৰ মুঠ উৎপাদনৰ কিমান শতাংশ প্ৰাকৃতিক গেছ অসমত উৎপাদন হয়?
১৪২৷ কয়লা পোৱা অসমৰ দুখন ঠাইৰ নাম লিখা৷
১৪৩৷ চূণশিল কি কামত ব্যৱহাৰ কৰা হয়?
১৪৪৷ চূণশিল পোৱা অসমৰ দুখন ঠাইৰ নাম লিখা৷
১৪৫৷ লোৰ আকৰৰ সন্ধান পোৱা অসমৰ অঞ্চলকেইটাৰ নাম লিখা৷
১৪৬৷ অসমৰ ক’ত ফেল্‌স্পাৰ পোৱা গৈছে?
১৪৫৷ অসমত পুৰুষৰ শিক্ষিতৰ হাৰ কিমান?
১৪৬৷ অসমত মহিলাৰ শিক্ষিতৰ হাৰ কিমান?
১৪৭৷ অসমৰ নগৰ অঞ্চলত শিক্ষিতৰ হাৰ কিমান?
১৪৮৷ অসমৰ গাঁও অঞ্চলত শিক্ষিতৰ হাৰ কিমান?
১৪৯৷ কৃষিভূমিৰ প্ৰাকৃতিক গুণ কেনেদৰে নষ্ট হৈছে?
১৫০৷ অসমৰ অধিকাংশ লোক কি বৃত্তিৰ সৈতে জড়িত?
১৫১৷ ২০১০-১১ চনৰ তথ্যমতে‍ অসমৰ মুঠ কৃষি-উপযোগী মাটিৰ কিমান অংশত খেতি কৰা হৈছে?
১৫২৷ অসমক কেইটা কৃষি-জলবায়ৱীয় অঞ্চলত ভাগ কৰ‍া হৈছে?
১৫৩৷ অসমৰ কোনটো জলবায়ৱীয় অঞ্চলত সৰ্বাধিক পৰিমাণৰ ভূমিত কৃষিকাৰ্য কৰা হৈছে?
১৫৪৷ অসমৰ কোনটো জলবায়ৱীয় অঞ্চলত আটাইতকৈ কম পৰিমাণৰ ভূমিত কৃষিকাৰ্য কৰা হৈছে?
১৫৫৷ অসমৰ কোনটো জলবায়ৱীয় অঞ্চলত এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ শতকৰা হাৰত সৰ্বাধিক?
১৫৬৷ অসমৰ কোনটো জলবায়ৱীয় অঞ্চলত এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ শতকৰা হাৰত সৰ্বনিম্ন?
১৫৭৷ অসমৰ প্ৰধান খাদ্যশস্য কি?
১৫৮৷ ২০১০-১১ বৰ্ষৰ তথ্য অনুসৰি অসমৰ মুঠ কিমান পৰিমাণৰ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়?
১৫৯৷ ২০১১-১২ বৰ্ষৰ তথ্য অনুসৰি অসমৰ মুঠ কিমান পৰিমাণৰ মাটিত ধানখেতি কৰা হয়?
১৬০৷ অসমত কোনবিধ ধানৰ খেতি সৰ্বাধিক পৰিমাণে কৰা হয়?


১৬১৷ অসমত প্ৰধানকৈ কেই প্ৰকাৰৰ ধানখেতি কৰা হয়?
১৬২৷ অসমত হোৱা দুবিধ খাদ্যশস্যৰ নাম লিখা৷
১৬৩৷ অসমৰ ক’ত ক’ত ঝুম খেতি কৰা হয়?
১৬৪৷ ঝুমখেতি কি?
১৬৫৷ ঝুমখেতিৰ পৰিৱৰ্তে কি পদ্ধতিৰ কৃষি জনপ্ৰিয়কৰণৰ প্ৰচেষ্টা হাতত লোৱা উচিত?
১৬৬৷ ক্ষুদ্ৰ উদ্যোগত কেনে উদ্যোগসমূহ সামৰি লোৱা হৈছে?১৬৭৷ উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ নীতি কেতিয়া ঘোষণা কৰা হৈছিল?
১৬৮৷  অসমত ৰাজ্যিক ঔদ্যোগিক নীতি কেতিয়া ঘোষণা কৰা হয়?
১৬৯৷ কেন্দ্ৰীয় আৰু ৰাজ্যিক উদ্যোগ নীতিৰ অধীনত বৰ্তমান অসমত কিমানখন বাণিজ্যিক পাম আৰু কিমানখন উদ্যোগ পাম আছে?
১৭০৷ অসমত উদ্যোগ বিকাশ কেন্দ্ৰ ক’ত ক’ত আছে?
১৭১৷ অসমত কেইটা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ আছে?
১৭২৷ অসমত কেইখন উদ্যোগ পাৰ্ক আছে?
১৭৩৷ অসমত কিমান ঔদ্যোগিক বিকাশ কেন্দ্ৰ আছে?
১৭৪৷ অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি কেতিয়া ঘোষণা কৰা হয়?
১৭৫৷ অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ দুটা লক্ষ্য উল্লেখ কৰা৷
১৭৬৷ অসমৰ উদ্যোগসমূহক কেই প্ৰকাৰত ভাগ কৰা হৈছে?
১৭৭৷ কৃষিভিত্তিক উদ্যোগ বুলিলে কি বুজা?
১৭৮৷ অসমৰ দুবিধ খনি উদ্যেগৰ নাম লিখা৷
১৭৯৷ অসমৰ দুবিধ হস্তশিল্প উদ্যেগৰ নাম লিখা৷
১৮০৷ অসমৰ দুবিধ কৃষিভিত্তিক উদ্যেগৰ নাম লিখা৷

 


১৮১৷ অসমৰ দুবিধ শক্তি উদ্যেগৰ নাম লিখা৷
১৮২৷ অসমৰ দুবিধ সেৱা খণ্ডৰ উদ্যেগৰ নাম লিখা৷
১৮৩৷ খাদ্য উদ্যান থকা অসমৰ দুখন ঠাইৰ নাম লিখা৷
১৮৪৷ অসমত পৰম্পৰাগতভাৱে কেই প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয়?
১৮৫৷ ভাৰতৰ মুঠ এৰী উৎপাদনৰ কিমান শতাংশ অসমত উৎপাদন হয়?
১৮৬৷ ‘সোণালী সূতা’ বুলি কিহক কোৱা হয়?
১৮৭৷ ভাৰতৰ মুঠ মুগা উৎপাদনৰ কিমান শতাংশ অসমত উৎপাদন হয়?
১৮৮৷ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কি?
১৮৯৷ অসমৰ মুঠ কিমান মাটিত চাহখেতি কৰা হয়?
১৯০৷ ২০১১-১২ চনৰ তথ্যমতে অসমত পঞ্জীয়নভুক্ত বিলৰ সংখ্যা কিমান?
১৯১৷ ২০১১-১২ চনৰ তথ্যমতে অসমত সৰ্বাধিক মাছৰ পোনা উৎপাদনকাৰী জিলা কোনখন?
১৯২৷ ২০১১-১২ চনৰ তথ্যমতে অসমত সৰ্বাধিক মাছ উৎপাদনকাৰী জিলা কোনখন?
১৯৩৷ অসমত প্ৰথমবাৰৰ বাবে কেতিয়া তৈলক্ষেত্ৰৰ খননকাৰ্য কৰা হৈছিল?
১৯৪৷ অসমৰ দ্বিতীয়টো তৈলক্ষেত্ৰ ক’ত আৱিষ্কাৰ হয়?
১৯৫৷ নাহৰকটীয়া তৈলক্ষেত্ৰত কেতিয়াৰ পৰা তেল উৎপাদন আৰম্ভ হয়?
১৯৬৷ অসমত মুঠ কেইটা তেল শোধনাগাৰ আছে?
১৯৭৷ অসম তথা ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো?
১৯৮৷ অসমৰ দুটা কৃষি সমস্যা উল্লেখ কৰা৷
১৯৯৷ অসমত ঔদ্যোগিকৰণ প্ৰক্ৰিয়া মন্থৰ হোৱাৰ দুটা কাৰণ লিখা৷
২০০৷ বৰ্তমান অসমত মধ্যমীয়া উদ্যোগৰ সংখ্যা কিমান?
২০১৷ বৰ্তমান অসমত ক্ষুদ্ৰ উদ্যোগৰ সংখ্যা কিমান?
২০২৷ অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি?
২০৩৷ অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ কি কি?
২০৪৷ অসমৰ অৰ্থনীতি মূলতঃ কিহৰ ওপৰত নিৰ্ভৰশীল?
২০৫৷ অসমৰ মুঠ কৰ্মনিয়োজিত লোকৰ কিমান শতাংশ লোক কৃষি খণ্ডত নিয়োজিত?
২০৬৷ অসমৰ সাৰ কাৰখানা ক’ত আছে?
২০৭৷ অসমৰ মৰাপাটৰ কল ক’ত আছে?
২০৮৷ অসমৰ চিমেণ্ট উদ্যোগ ক’ত আছে?
২০৯৷ অসমৰ কাগজ উদ্যোগ ক’ত আছে?

২১০. শুদ্ধ উত্তৰটো বাছি উলিওৱা:-
(i) অসম ৰাজ্যৰ উত্তৰ দিশে পৰিৱেষ্টিত হৈ থকা বিদেশী ৰাষ্টখন
  (a) চীন 
  (b) ভূটান
  (c) ম্যানমাৰ 
  (d) নেপাল
(ii) অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন
  (a) বাংলাদেশ 
  (b) ম্যানমাৰ
  (c) ত্ৰিপুৰা 
  (d) শ্ৰীলংকা
(iii) অসমৰ  খন দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰখন হৈছে
  (a) ধুবুৰী 
  (b) শিলচৰ 
  (c) ডিফু 
  (d) তেজপুৰ
(iv) ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে?
  (a) ৬৫ শতাংশ 
  (b) ৭৫ শতাংশ
  (c) ৮৫ শতাংশ 
  (d) ৯৫ শতাংশ
(v) বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে?
  (a) ২৫ শতাংশ 
  (b) ২১ শতাংশ
  (c) ১৮ শতাংশ 
  (d) ১১ শতাংশ
(vi) ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত জিলাখন
  (a) কাৰ্বিআংলং 
  (b) ডিমা হাছাও
  (c) হাইলাকান্দি 
  (d) ধেমাজি 
(vii) অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠী আছিল
  (a) অষ্টিকসকল 
  (b) মংগোলীয়সকল
  (c) মিছিংসকল 
  (d) বড়োসকল
(viii) জনসংখ্যাৰ ফালৰপৰা অসমৰ বৃহৎ জনজাতিটো হৈছে
  (a) বড়োসকল 
  (b) মিছিংসকল
  (c) ৰাভাসকল 
  (d) কাৰ্বিসকল
(ix) অসমত বৰ্তমান বাস কৰা কলিতা, কায়স্থ, ব্ৰাহ্মণ আদি অজনজাতীয় জাতিৰ লোকসকল ............. জনগোষ্ঠীৰ
  (a) অষ্টিক জনগোষ্ঠীৰ
  (b) ক’কেছীয় জনগোষ্ঠীৰ
  (c) মংগোলীয় জনগোষ্ঠীৰ 
  (d) এটাও নহয়
(x) ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্যখন
  (a) পশ্চিমবংগ 
  (b) অসম
  (c) তামিলনাডু 
  (d) এটাও নহয়
(xi) ১২২৮ খৃষ্টাব্দত কাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে?
  (a) লেংদনৰ নেতৃত্বত 
  (b) চ্যু-কা-ফাৰ নেতৃত্বত
  (c) লাচিতৰ নেতৃত্বত 
  (d) এটাও নহয়
(xiii) অসমৰ ৰে’ল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা ৰে’ল মণ্ডলটো
  (a) মধ্য ৰে’ল মণ্ডল
  (b) উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডল
  (c) দক্ষিণ-পশ্চিম সীমান্ত ৰে’ল মণ্ডল
  (d) দক্ষিণ-পূব সীমান্ত ৰে’ল মণ্ডল
(xiii) উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ মুখ্য কাৰ্য্যালয়
  (a) গোৰক্ষপুৰত 
  (b) চেন্নাইত
  (c) গুৱাহাটীৰ মালিগাঁৱত 
  (d) নতুন দিল্লীত
(xiv) অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালিৰ (আয়তন) জিলাখনৰ নাম কি?
  (a) কামৰূপ 
  (b) নগাঁও
  (c) কাৰ্বিআংলং 
  (d) শিৱসাগৰ
(xv) ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ ..............
  (a) ডিগবৈ 
  (b) বোম্বে
  (c) বাৰাউনি 
  (d) দুলীয়াজান
(xvi) অসমৰ চূণ শিল থকা ঠাই খনৰ নাম কি?
  (a) ডিলাই পাহাৰ 
  (b) বোকাজান
  (c) নামৰূপ 
  (d) ধুবুৰী
(xvii) অসমত সৰ্বপ্ৰথম কেতিয়া ৰে’লসেৱা আৰম্ভ হয়?
  (a) ১৮৭৪ চনত 
  (b) ১৮৮৩ চনত
  (c) ১৮৮৪ চনত 
  (d) ১৮৮৮ চনত
(xviii) অসমত সৰ্বপ্ৰথম কেতিয়া জাহাজ চলিবলৈ লয়?
  (a) ১৮৪৯ চনত 
  (b) ১৮৫৩ চনত
  (c) ১৮৫৫ চনত 
  (d) ১৮৫৯ চনত

চমু উত্তৰৰ প্রশ্ন

মূল্যাংক: /
. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষ আৰু মহিলাৰ সংখ্যা কিমান?
. অসমত প্রথম শ্ৰেণী আৰু দ্বিতীয় শ্রেণীৰ নগৰৰ সংখ্যা কিমান?
. অসমৰ আটাইতকৈ বেছি জনবসতি আৰু কম জনবসতি থকা জিলা দুখনৰ নাম লিখা
. অসমৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ আৰু নিম্ন ঘনত্বৰ বসতি থকা জিলা দুখনৰ নাম লিখা
. অসমত জনসংখ্যা বৃদ্ধিৰ এটা কাৰণ লিখা
. অসমত বাস কৰা দুটা ভৈয়াম জনজাতিৰ নাম লিখা 
. অসমত বাস কৰা দুটা পাৰ্বত্য জনজাতিৰ নাম লিখা
. পথ পৰিবহনৰ দুটা সুবিধা লিখা
. ৰেল পৰিবহনৰ তিনিটা সুবিধা লিখা
১০. জল পৰিবহনৰ তিনিটা সুবিধা লিখা
১১. অসমৰ ক’ত ক’ত বিমান বন্দৰ আছে?
১২. অসমৰ পৰিবহন ব্যৱস্থাৰ দুটা প্রধান সমস্যা লিখা
১৩. অসমত পোৱা তিনিবিধ খনিজ সম্পদৰ নাম লিখা
১৪. অসমত পোৱা মৃত্তিকাৰ প্রকাৰ কেইটা লিখা
১৫. অসমত পোৱা অৰণ্যৰ প্রকাৰ কেইটা লিখা
১৬. অসমত থকা তৈলক্ষেত্ৰ সমূহৰ নাম লিখা
১৭. অসমৰ ক’ত প্রাকৃতিক গেছ পোৱা যায়?
১৮. অসমৰ ক’ত কয়লা পোৱা যায়? 
১৯. অসমৰ ক’ত চূণশিল পোৱা যায়?
২০. অসমৰ ক’ত চীনা মাটি পোৱা যায়?
২১. অসমৰ ক’ত সাজি মাটি পোৱা যায়?
২২.অসমৰ প্রধান নদী দুখনৰ নাম লিখা
২৩. অসমৰ কৃষি জলবায়ৱীয় অঞ্চল কেইটাৰ নাম লিখা
২৪. অসমত কেই প্রকাৰৰ ধানৰ খেতি কৰা হয় আৰু কি কি?
২৫. অসমৰ উদ্যোগবোৰৰ প্রকাৰ সমূহ লিখা
২৬. অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ তিনিটা প্ৰধান লক্ষ্য লিখা
২৭. অসমৰ বিভিন্ন ধৰণৰ কৃষি ভিত্তিক উদ্যোগ সমূহৰ নাম লিখা 
২৮. অসমত প্ৰধানতঃ কেইধৰণৰ ৰেচম উৎপাদন কৰা হয়?
২৯. অসমত কিমানটা তেল শোধানাগাৰ আছে? এইবোৰ ক’ত ক’ত অৱস্থিত?
৩০. অসমৰ কৃষিখণ্ডত থকা দুটা অসুবিধা উল্লেখ কৰা
৩১.অসমত ঔদ্যোগিক প্রক্ৰিয়া মন্থৰ হোৱাৰ দুটা কাৰণ লিখা

ৰচনাধৰ্মী প্রশ্নাৱলী

মূল্যাংক: /
. অসমৰ মাটিকালি,জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা
. অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা৷
. ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?
. ১৯০১ চনৰপৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা
. ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা
. অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা
. ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা
. অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা
. অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি?
১০. অসমৰ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰা
১১. পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা
১২. অসমৰ জলপৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা
১৩. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা
১৪. সম্পদ বুলিলে কি বুজায়? অসমৰ প্রধান প্রাকৃতিক সম্পদবোৰ কি কি?
১৫. অসমৰ প্রধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা
১৬. অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা
১৭. অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা
১৮. বৰ্ধিত জনসংখ্যাই প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্রভাৱ পেলাইছে?
১৯. অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা (সমস্যা) নে সম্পদ? আলোচনা কৰা
২০. অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে? 
২১. অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা 
২২. অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা
২৩. অসমত কি কি ধানৰ খেতি কৰা হয়? এইকেইটাৰ বিষয়ে চমুকৈ লিখা
২৪. ধান কিয় অসমৰ প্রধান শস্য হিচাপে পৰিগণিত হৈছে?
২৫. অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়?
২৬. অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা
২৭. ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্রধান লক্ষ্যবোৰ কি কি?
২৮. সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায় ? উদাহৰণ দি বুজাই লিখা
২৯. অসমৰ প্রধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি?
৩০. অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা
৩২. অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা কেনেকুৱা?
৩২. অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা



HSLC পৰীক্ষাৰ প্ৰশ্নাৱলী

অতি চমু প্রশ্নাৱলী
মূল্যাংক:১


. শুদ্ধ উত্তৰটো বাছি উলিওৱা:
 (i) পঞ্চৰত্নৰ পৰা গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় হৈ চৈখোৱাঘাটলৈকে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল--- [HSLC '১০]
  (a) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ 
  (b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ
  (c) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
  (d) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(ii) ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা [HSLC '১১]
  (a) .৩৯ শতাংশ 
  (b) .৭৯ শতাংশ
  (c) .৫৯ শতাংশ 
  (d) .২৯ শতাংশ
(iii) মাটিকালি হিচাবে অসমৰ সৰ্ববৃহৎ জিলাখন হ’ল --[HSLC '১২]
  (a) কোকৰাঝাৰ 
  (b) ডিমা হাছাও
  (c) কাৰ্বি আংলং 
  (d) কাছাৰ
(iv) অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত-পাহাৰসমূহ--- [HSLC '১৩]
  (a) পাটকাই পৰ্বতশ্ৰেণীৰ অন্তৰ্গত -
  (b) বৰাইল পৰ্বতশ্ৰেণীৰ অন্তৰ্গত
  (c) মেঘালয় মালভূমিৰ অন্তৰ্গত _
  (d) লুছাই পৰ্বতশ্ৰেণীৰ অন্তৰ্গত
(v) গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাই (NH) পথটো হ’ল [HSLC ’১৫,’১৭]
  (a) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ
  (b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ
  (c) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
  (d) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ 
(vi) বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যাহ' [HSLC '১৮]
  (a) ১০ খন 
  (b) ৫ খন
  (c) ২০ খন 
  (d) ৬ খন
. অসমত কিমানখন প্ৰশাসনিক জিলা আছে? [HSLC '১৪]

চমু প্রশ্নাৱলী
মূল্যাংক: /
. অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন আৰু দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম উল্লেখ কৰাঁ। [HSLC ’১০]
. অসমৰ শোণিতপুৰ, মৰিগাঁও আৰু শিৱসাগৰ জিলাত অৱস্থিত তিনিখন অভয়াৰণ্যৰ নাম উল্লেখ কৰা [HSLC '১৩]
. অসম চৰকাৰৰ ২০১৪ চনত ঘোষণা কৰা ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্রধান লক্ষ্যবোৰ কি কি? [HSLC ’১৯]
. অসমৰ জল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ উল্লেখ কৰা। [HSLC '১৯]
. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ বিশ্লেষণ কৰা। [HSLC ’১৯]
. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণবোৰ উল্লেখ কৰা। [HSLC '১৯]
ৰচনাধৰ্মী প্ৰশ্নাৱলী
মূল্যাংক: //
. অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য সম্পৰ্কে চমুকৈ আলোচনা কৰা। [HSLC '১১]
. অসমৰ খনিজ সম্পদভিত্তিক শিল্প-উদ্যোগৰ এটি খতিয়ান দাঙি ধৰা। [HSLC ’১১]
. অসমৰ মানচিত্ৰৰ নক্সা আঁকি অসমৰ প্রধান ভৌগোলিক অঞ্চলকেইটা দেখুওৱা আৰু যি কোনো এটা অঞ্চলৰ চমু বৰ্ণনা দিয়া। [HSLC '১১]
. অসমৰ এখন নক্সা মানচিত্ৰ আঁকি পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান দেখুওৱা আৰু যি কোনো এখন ৰাষ্ট্ৰীয় উদ্যানৰ
চমু বিৱৰণ দিয়া। [HSLC '১২]
. অসমৰ অৰ্থনীতিত কৃষিৰ অৱদান সম্পৰ্কে আলোচনা কৰা। [HSLC '১৩]
. অসমৰ কুটিৰ উদ্যোগৰ এটি খতিয়ান দাঙি ধৰা [HSLC '১৩]
. অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তলত দিয়াবোৰ মানচিত্ৰত বহুওৱা। [HSLC ’১৩]
  (i) ব্ৰহ্মপুত্ৰ নদী
  (ii) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
  (iii) হাফলং নগৰ
. অসমৰ এখন নক্সা মানচিত্ৰ অংকন কৰি তাত তলত দিয়াবোৰ বহুওৱা: [HSLC '১০]
  (a) জাটিংগা 
  (b) মাজুলী 
  (c) মানস ৰাষ্ট্ৰীয় উদ্যান
. অসমৰ এখন নক্স আঁকা আৰু তলত দিয়াবোৰ যথাস্থানত বহুওৱা। | [HSLC ’১৫]
  (a) সোৱণশিৰি 
  (b) বৰপেটা 
  (c) চন্দ্ৰপুৰ 
  (d) মাজুলী
১০. অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য সম্পৰ্কে আলোচনা কৰা। [HSLC '১৬]
১১. অসমৰ পৰ্য্যটন উদ্যোগৰ সম্ভাৱনা সমূহৰ বিষয়ে চমুকৈ লিখা। [HSLC ’১৬]
১২. অসমৰ এখন নক্সা মানচিত্ৰ অংকন কৰি তলত দিয়াসমূহ যথাস্থানত বহুওৱা ? [HSLC '১৬]
  (a) অসমৰ প্রথম তেলশোধানাগাৰ
  (b) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান
১৩. অসমৰ প্রধান খনিজ সম্পদবোৰৰ নাম লিখা। অসমৰ তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। [HSLC ১৭]
১৪. অসমৰ প্রধান কৃষিভিত্তিক উদ্যোগ সমূহ কি কি? অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। [HSLC '১৭]
১৫. অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তলত দিয়া সমূহ যথাস্থানত বহুওৱা: [HSLC '১৭]
  (a) এখন ৰাষ্ট্ৰীয় উদ্যান
  (b) মোনাবাৰী চাহ বাগিছা 
  (c) লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ
১৬. অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ চাৰিটা কাৰণ লিখা। [HSLC '১৮]
১৭. অসমৰ পৰ্যটন উদ্যোগৰ যি কোনো চাৰিটা সমস্যা উল্লেখ কৰা। [HSLC '১৮]
১৮. অসমলৈ প্রাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্রৱজনৰ সোঁতবোৰ একাদিক্ৰমে উল্লেখ কৰা [HSLC '১৮]
১৯. অসমৰ জনসংখ্যা বিতৰণৰ তাৰতম্যৰ কাৰণবোৰ উপযুক্ত উদাহৰণসহ চমুকৈ আলোচনা কৰা। [HSLC '১৮]
২০. অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তলত দিয়া সমূহ নাম সহকাৰে বহুওৱা: [HSLC '১৮]
  (a) এখন কয়লাক্ষেত্ৰ
  (b) এটা সংহত আন্তগাঁথনি উন্নয়ন কেন্দ্ৰ
  (c) এখন চিকিৎসা মহাবিদ্যালয়
২১, অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা৷ [HSLC '১৮]
২২. অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াসমূহ নাম সহকাৰে বহুওৱা ? [HSLC '১৯]
  (a) এটা তেল শোধনাগাৰ
  (b) ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পাৰ্ক
২৩. অসমৰ প্রাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণবোৰ বৰ্ণনা কৰা [HSLC ’১৯]
২৪. অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া। [HSLC '১৯]


দেৱপল্লৱৰ দ্বাৰা যুগুত
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ