বায়ু— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

অনুশীলনীৰ প্ৰশ্ন-উত্তৰ

১৷ উত্তৰ লিখা 
(ক) বায়ুত থকা প্ৰধান গেছবোৰ কি কি?
উত্তৰ: বায়ুত থকা প্ৰধান গেছবোৰ হল— অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰ'জেন আদি।
(খ) বায়ু প্ৰদূষিত হোৱাৰ তিনিটা কাৰণ।
উত্তৰ: বায়ু প্ৰদূষিত হোৱাৰ তিনিটা কাৰণ হ’ল
 (i) গেলা-পঁচা জাবৰ-জোঁথৰ, মৰা জীৱ-জন্তু আদিৰ পৰা ওলোৱা দুৰ্গন্ধ বায়ুত মিহলি হোৱা।
 (ii) কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱা বায়ুত মিহলি হোৱা।
 (iii) অত্যাধিক পৰিমাণে গছ-গছনি কটা।

(গ) বায়ু প্ৰদূষিত নহ'বলৈ কি কি  ব্যৱস্থা ল'ব পাৰি?
উত্তৰ: বায়ু প্ৰদূষিত নহ'বলৈ ল'ব পৰা ব্যৱস্থাসমূহ হ’ল
 (i) গছ-গছনি বেছিকৈ ৰোৱা।
 (ii) মৰা জীৱ-জন্তু আদি মুকলিত নেপেলাই গাঁতত পুতি থোৱা।
 (iii) ওচৰৰ ঠাইলৈ পৰাপক্ষত খোজকাঢ়ি বা চাইকেলেৰে অহা-যোৱা কৰা।
 (iv) প্ৰদূষণ সৃষ্টি কৰা যন্ত্ৰ-পাতিৰ ব্যৱহাৰ কমকৈ কৰা।
 (v) হাঁচি, কাহ মাৰোতে নাক মুখত ৰুমাল ব্যৱহাৰ কৰা।
 (vi) ৰাসায়নিক কীটনাশকৰ সলনি জৈৱিক কীটনাশক ব্যৱহাৰ কৰা।
 (vii) জাবৰ-জোঁথৰ পেলোৱা বাকচ ঢাকি ৰখা আৰু সঘনাই চাফা কৰা।

(ঘ) ৰোগৰ বীজাণু বায়ুমণ্ডললৈ কেনেকৈ বিয়পে?
উত্তৰ: ৰোগীয়ে মুকলিকৈ হাঁচি, কাহ আদি মাৰিলে ৰোগৰ বীজাণু বায়ুমণ্ডললৈ বিয়পে।

(ঙ) বায়ুত থকা কোনবিধ গেছ আমাৰ আটাইতকৈ প্ৰয়োজনীয়?
উত্তৰ: বায়ুত থকা অক্সিজেন গেছ আমাৰ আটাইতকৈ প্ৰয়োজনীয়।

২৷ তলৰ শুদ্ধ বাক্যটোত '️' দিয়া। অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা।
(ক) জাবৰ-জোঁথৰবোৰ য'তে-ত'তে পেলাব লাগে।
শুদ্ধ বাক্য: জাবৰ-জোঁথৰবোৰ য'তে-ত'তে পেলাব নালাগে।
(খ) প্লাষ্টিকৰ বস্তু পচনসাৰৰ গাঁতত পেলাব লাগে।
শুদ্ধ বাক্য: প্লাষ্টিকৰ বস্তু পচনসাৰৰ গাঁতত পেলাব নালাগে।
(গ) গছ-গছনি বেছিকৈ ৰুই বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি।
(ঘ) কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে।
(ঙ) জাবৰ-জোঁথৰবোৰ পুৰিলে বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা বাঢ়ে।  

৩৷ '' অংশৰ লগত '' অংশ মিলোৱা 


গছ-গছনিয়ে
জুই জ্বলাত সহায় কৰে।
জাবৰ-জোঁথৰ পুৰিলে
প্ৰদূষণৰ বাবে হয়।
হাঁফাঁৰ বিভিন্ন ৰোগ
বায়ুত ৰোগৰ বীজাণু বিয়পায়।
হাঁচি, কাহ আদিয়ে
বায়ু প্ৰদূষণমুক্ত কৰি ৰখাত সহায় কৰে।
অক্সিজেন গেছে
বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা বৃদ্ধি পায়।


উত্তৰ: 


গছ-গছনিয়েবায়ু প্ৰদূষণমুক্ত কৰি ৰখাত সহায় কৰে।
জাবৰ-জোঁথৰ পুৰিলেবায়ুত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা বৃদ্ধি পায়।
হাঁফাঁৰ বিভিন্ন ৰোগপ্ৰদূষণৰ বাবে হয়।
হাঁচি, কাহ আদিয়েবায়ুত ৰোগৰ বীজাণু বিয়পায়।
অক্সিজেন গেছেজুই জ্বলাত সহায় কৰে।



৪৷ শুদ্ধকৈ লিখা:
(ক) ৰাসায়নিক কীটনাশক দ্ৰব্যই বায়ু প্ৰদূষণ কৰে/শোধন কৰে।
উত্তৰ: ৰাসায়নিক কীটনাশক দ্ৰব্যই বায়ু প্ৰদূষণ কৰে।
(খ) গছৰ পৰি থকা পাত পুৰি/ পুতি পেলাব লাগে।
উত্তৰ: গছৰ পৰি থকা পাত পুতি পেলাব লাগে।
(গ) বায়ুত থকা অক্সিজেন/ কাৰ্বন-ডাই-অক্সাইড উশাহ লোৱাত ব্যৱহাৰ হয়।
উত্তৰ: বায়ুত থকা অক্সিজেন উশাহ লোৱাত ব্যৱহাৰ হয়।
(ঘ) গছ-গছনি কটাৰ ফলত বায়ু প্ৰদূষণ ৰোধ/ বৃদ্ধি হয়।
উত্তৰ: গছ-গছনি কটাৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি হয়।
(ঙ) বায়ুত থকা কাৰ্বন-ডাই-অক্সাইডে জুই জ্বলাত/ নুমুৱাত সহায় কৰে।
উত্তৰ: বায়ুত থকা কাৰ্বন-ডাই-অক্সাইডে জুই নুমুৱাত সহায় কৰে।

অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ

১৷ দুবিধ প্ৰ'টিন থকা খাদ্যৰ নাম লিখা।
উত্তৰ : দুবিধ প্ৰ'টিন থকা খাদ্য হ’ল - ছয়াবিন আৰু মচুৰ ডাইল।
২৷ বায়ু প্ৰদূষিত হ'লে আমাৰ কি কি অসুবিধা হ'ব পাৰে?
উত্তৰ: বায়ু প্ৰদূষণৰ ফলত আমাৰ এলাৰ্জি, হাপানি, চৰ্দি, হাওঁ-ফাওঁৰ ৰোগকে ধৰি বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। বায়ু প্ৰদূষণে উদ্ভিদ আৰু আন প্ৰাণীৰো ক্ষতি কৰে। বায়ু প্ৰদূষণৰ ফলতে পৃথিৱীত গৰমৰ মাত্ৰা দিনক দিনে বাঢ়ি গৈছে। 
৩৷ জুই জ্বলাবলৈ কি গেছ লাগে?
উত্তৰ: জুই জ্বলাবলৈ অক্সিজেন গেছ লাগে।
৪৷ পৰ্বতাৰোহীয়ে পৰ্বতাৰোহণলৈ যাওঁতে কি গেছৰ চিলিণ্ডাৰ লগত লৈ যায়?
উত্তৰ: পৰ্বতাৰোহীয়ে পৰ্বতাৰোহণলৈ যাওঁতে অক্সিজেন গেছৰ চিলিণ্ডাৰ লগত লৈ যায়।
৫৷ প্ৰাণীয়ে উশাহত কি গেছ গ্ৰহণ কৰে আৰু নিশাহত কি গেছ এৰি দিয়ে?
উত্তৰ: প্ৰাণীয়ে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে।
৬৷ উদ্ভিদে প্ৰ'টিন তৈয়াৰ কৰোঁতে বায়ুত থকা কি গেছ ব্যৱহাৰ কৰে?
উত্তৰ: উদ্ভিদে প্ৰ'টিন তৈয়াৰ কৰোঁতে বায়ুত থকা নাইট্ৰ'জেন গেছ ব্যৱহাৰ কৰে।
৭৷ বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ কেনেকৈ বাঢ়ে?
উত্তৰ: গছ-গছনি কটাৰ ফলত, খৰি, জাবৰ-জোঁথৰ, গছৰ পাত, প্লাষ্টিক আদি পুৰিলে, চিগাৰেট হুপিলে, হাবি-বনত জুই লাগিলে আৰু কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ ফলত বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ে।
৮৷ 'বিশ্ব পৰিৱেশ দিৱস' কিয় পালন কৰা হয়?
উত্তৰ: পৰিৱেশ সম্পৰ্কীয় সজাগতা সৃষ্টি কৰিবলৈ প্ৰতি বছৰে ৫ জুন তাৰিখে 'বিশ্ব পৰিৱেশ দিৱস' পালন কৰা হয়।

৯৷ খালী ঠাই পূৰ কৰা—
 (ক) ছ'ডাপানী প্ৰস্তুত কৰোঁতে            ব্যৱহাৰ কৰা হয়।
 (খ)             ৰাসায়নিক সাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়।
 (গ) সাগৰৰ তললৈ যাওঁতে  ডুবাৰুসকলে           ৰ চিলিণ্ডাৰ লগত লৈ যায়।
 (ঘ) বায়ুমণ্ডলত             গেছৰ পৰিমাণ বাঢ়ি গ'লে বায়ু প্ৰদূষিত হয়।
 (ঙ)          তাৰিখে 'বিশ্ব পৰিৱেশ দিৱসপালন কৰা হয়।

উত্তৰ:
 (ক) ছ'ডাপানী প্ৰস্তুত কৰোঁতে  কাৰ্বন-ডাই-অক্সাইড গেছ  ব্যৱহাৰ কৰা হয়।
 (খ) নাইট্ৰ'জেন গেছ ৰাসায়নিক সাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়।
 (গ) সাগৰৰ তললৈ যাওঁতে  ডুবাৰুসকলে  অক্সিজেন গেছ  ৰ চিলিণ্ডাৰ লগত লৈ যায়।
 (ঘ) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বাঢ়ি গ'লে বায়ু প্ৰদূষিত হয়।

 (ঙ) ৫ জুন তাৰিখে 'বিশ্ব পৰিৱেশ দিৱসপালন কৰা হয়।



১০৷ শুদ্ধটোত '' চিন আৰু অশুদ্ধটোত '' চিন দিয়া।
 (ক) বায়ু আমি দেখা পাওঁ।
 (খ) বায়ু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ।
 (গ) জুই নুমুৱাবলৈ অক্সিজেন গেছ ব্যৱহাৰ কৰে।
 (ঘ) বায়ুত জলীয় বাষ্প আৰু ধূলিকণা মিহলি হৈ থাকে।
 (ঙ) বায়ুত থকা কাৰ্বন-ডাই-অক্সাইড গেছে চূণপানী বগা কৰে।

 যুগুতালে‍: বাব্‌লি‍ দেৱীয়ে‍


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ