বৰগীত— দশম শ্ৰেণী, অসমীয়া (প্ৰশ্নাৱলী)


অতি চমু প্ৰশ্নাৱলী  

মূল্যাংক ১ নম্বৰকৈ

১৷ তোমাৰ পাঠপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?
২। তোমাৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত শ্ৰী শ্ৰী  মাধৱদেৱ বিৰচিত বৰগীতটো কি ৰাগৰ? 
৩৷ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

চমু প্রশ্নাৱলী

মূল্যাংক ২/৩ নম্বৰকৈ

১। বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা। 
২। চমুটোকা লিখা
   ব্ৰজাৱলী ভাষা 
৩। ‘‘... নেৰিবা বান্ধৱ মোক জীৱনে মৰণে”— কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? 
৪। বৰগীতৰ লক্ষণসমূহ কি কি?
৫। ‘‘সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা 
    অধমে জানিবো কেনে তোমাৰ মহিমা।— অন্তৰ্নিহিত অর্থটি বুজাই লিখা।
৬৷ মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটা লিখা। 
৭। “সনক সনন্দ যোগী যাহাকু ধিয়ায়।
     সকল নিগমে যাক বিচাৰি নাপায়।”ইয়াত কবিয়ে কি প্রসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে? 

অতি চমু প্ৰশ্নাৱলী

মূল্যাংক ১ নম্বৰকৈ

১। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কোনে ৰচনা কৰিছিল?
২। ‘মোহ-পাশ’ মানে কি?
৩। মাধৱদেৱৰ জন্ম ক’ত হৈছিল?
৪। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান?
৫। “কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ”— ‘ছোড়’ শব্দৰ অৰ্থ কি?
৬৷ মাধৱদেৱৰ কত মৃত্যু হৈছিল?
৭। মাধৱদেৱ বিৰচিত কাব্যখনৰ নাম কি?
৮। মহাপুৰুষ মাধৱদেৱে শিক্ষা জীৱন ক’ত আৰম্ভ কৰে?
৯। মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিল?
১০। মাধৱদেৱে ক’ত সত্ৰ স্থাপন কৰে?
১১৷ ‘নামঘোষা’-ক আৰু কি নামেৰে জনা যায়?
১২৷ অৰ্জুন-ভঞ্জন’ নাটখন কোনে ৰচনা কৰিছিল?
১৩। তোমাৰ পাঠ্যপুথিত থকা মাধৱদেৱৰ বৰগীতটিৰ মাজেৰে কি ভক্তিৰ ভাব প্ৰকাশ পাইছে?
১৪। কবি কিহত আতুৰ হোৱা বুলি কৈছে?
১৫। বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ ল’ব বিচাৰিছে?
১৬ “সনক সনন্দ যোগী যাহাকু ধিয়ায়?’’  সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
১৭। শব্দাৰ্থ লিখা।
যাহাকু
ধিয়ায়
নিগমে
বয়নে
বিষয় বিকলে
শৰণ
কমলে
ছোড় 
মোহ-পাশ


চমু প্রশ্নাৱলী

মূল্যাংক ২/৩ নম্বৰকৈ

১। মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?
২। মাধৱদেৱে ক’ত ক’ত ধৰ্ম প্ৰচাৰ কৰিছিল?
৩। মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
৪। মাধৱদেৱে ৰচনা কৰা তত্ত্বগধুৰ ৰচনাসমূহ কি কি?
৫। বৰগীতৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।
৬। “আতুৰ ভৈলোহো হৰি বিষয় বিকলে।”— ইয়াত বিষয় বিকল মানে কি বুজাইছে?
৭। “তোমাৰ চৰণ দুই মোৰ মহা ধন।”— ইয়াত উল্লেখ কৰা মহাধন মানে কি?
৮৷ কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ।”— ইয়াত কি মোহ-পাশৰ কথা কোৱা হৈছে ?
ঌ। ‘‘কৃপা কৰা নাৰায়ণ ছোড় মোহ-পাশ।
     কহয় মাধৱ হৰি দাসকু দাস।।” — পদফাঁকিৰ  জৰিয়তে বক্তাৰ কেনে মনোভাব প্ৰকাশ পাইছে?
১০। শংকৰদেৱ আৰু মাধৱদেৱে কিমানটাকৈ বৰগীত ৰচনা কৰিছিল?


ৰচনাধৰ্মী প্রশ্নাৱলী

মূল্যাংক ৪/৫ নম্বৰকৈ

১। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
২। বৰগীতটিৰ মূলভাৱ লিখা।
৩। বৰগীতটিৰ সাৰাংশ লিখা।
৪। বৰগীতৰ সংজ্ঞা দাঙি ধৰি ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
৫।. “সনক সনন্দ যোগী যাহাকু ধিয়ায়।
 সকল নিগমে যাক বিচাৰি নপায়৷৷” — তাৎপৰ্য বিচাৰ কৰা।
৬। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
 (ক) সনক সনন্দ যোগী যাহাকু ধিয়ায়।
     সকল নিগমে যাক বিচাৰি নপায়।।
(খ) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
    অধমে জানিবো কেনে তোমাৰ মহিমা।।
(গ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
     কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।
ঘ) তোমাৰ চৰণ দুই মোৰ মহা ধন। 
    ভকতজনেৰ নিজ তুমিসে জীৱন ।।
(ঙ) কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ।
    কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ।।
(চ) কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ।
    কহয় মাধৱ হৰি দাসকু দাস।।

পাঠভিত্তিক ব্যাকৰণ

মূল্যাংক: ১/২ নম্বৰকৈ

১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা।
 নপাৱন্ত
কেনে
ভৈলোহো
তুমিসে
জনেৰ
কহয়
২৷ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ