ড˚ বাণীকান্ত কাকতি— অংকুৰণ, পঞ্চম শ্ৰেণী


˚বাণীকান্ত কাকতি‍ পাঠটোৰ সাৰাংশ

বাণীকান্ত কাকতি
   বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী পোৱাৰ পিছত কেইজনমান কৌতুকপ্ৰিয় মানুহে ডাক্তৰ বিচাৰি ফুৰা বেমাৰী মানুহ কেইজনমানক নতুন ডাক্তৰ বুলি কাকতিৰ ঘৰ দেখুৱাই দিছিল। ডক্টৰেট আৰু ডাক্তৰৰ পাৰ্থক্য নুবুজা মানুহে চিকিৎসাৰ বাবে ˚ বাণীকান্ত কাকতিৰ ওচৰলৈ আহিব ধৰাত জোকৰ মুখত চূণ দিবলৈ তেখেতে ডাক্তৰ হ'বৰ বাবে হোমিও চিকিৎসাৰ কেইখনমান পুথি আনি অধ্যয়ন কৰি ৰোগীক বিধি অনুসৰি চিকিৎসাৰ বিধান দিবলৈ ধৰিলে। কাকতিৰ মনৰ দৃঢ়তাত কৌতুক কৰাসকলেও তবধ মানিছিল।

   ˚ বাণীকান্ত কাকতিয়ে ‘আছামিজ, ইট্‌চ্‌ ফৰ্মেচন এণ্ড ডেভেলপমেণ্ট’ (অসমীয়া ভাষাৰ গঠন আৰু বিকাশ) গৱেষণা গ্ৰন্থৰ বাবে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট্‌ ডিগ্ৰী লাভ কৰিছিল। কাকতিয়ে তেখেতৰ ৰিহাবাৰীৰ ঘৰত থাকি‍ কটন কলেজত অধ্যাপনা কৰিছিল। কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ বাতৰি উলহ-মালহকৈ প্রচাৰ হোৱাত বহুতে আনন্দ আৰু গৌৰৱবোধ কৰিছিল। এচাম চকু চৰহা আকৌ জ্বলি-পুৰি মৰিছিল।

   “যি মূলা বাঢ়ে তাৰ দুপাততে চিন”— এই কথাৰ প্ৰমাণ আমি বাণীকান্ত কাকতিৰ জীৱনত পাওঁ। তেওঁ সৰুৰে পৰাই সকলো বিষয় আঁতি-গুৰি মাৰি জনাৰ যত্ন কৰিছিল। তেখেতে ওৰেটো জীৱন জ্ঞান অৰ্জনত নিয়োগ কৰাৰ ফলতে আমি তেখেতৰ পৰা কেবাখনো মূল্যৱান গ্ৰন্থ লাভ কৰিছোঁ৷ সেইবিলাকৰ ভিতৰত তেখেতৰ অসমীয়া ভাষাৰ গৱেষণা গ্ৰন্থখন বিশেষভাৱে‍ উল্লেখযোগ্য।

   ভাষাৰ আঁতি-গুৰি বিচাৰি ভাষা চৰ্চা কৰাসকলক ভাষা-বিজ্ঞানী বোলে৷ ডক্টৰ বাণীকান্ত কাকতি এজন অগ্ৰণী ভাষা-বিজ্ঞানী আছিল।

˚বাণীকান্ত কাকতি পাঠটোৰ শব্দাৰ্থ


শব্দ

অৰ্থ

আত্মসন্মানবোধসম্পন্ননিজৰ সন্মান বুজা লোক
পৰিস্থিতিঅৱস্থাপৰিবেশ
হাৰ মনাপৰাজয় স্বীকাৰ কৰা
আয়ত্তআহৰণ কৰা
বিধিমতেনিয়ম মতে
নিয়ম অনুসৰি
বিধানব্যৱস্থা
তবধআচৰিত
গৱেষণাকোনো বিষয়ৰ পুংখানুপুংখ অধ্যয়ন
 আঙুলিৰ আগত লেখিব পৰাঅতি কম সংখ্যক,
তাকৰীয়া
নগণ্যতাকৰীয়াঅলপীয়া
অধ্যাপনাশিক্ষকতা
ৰৌজাল-বৌজালঅতি উলহ-মালহেৰে
বিস্তাৰিতভাৱে
চকু চৰহাআনৰ ভাল দেখিব নোৱৰা,
হিংসাকুৰীয়া স্বভাৱৰ
জ্বলি-পুৰি মৰাসহিব নোৱৰা হোৱা,
মানসিক কষ্ট পোৱা
নিষ্ঠাএকাগ্ৰতা
সুখ্যাতিভাল গুণৰ বাবে বিখ্যাত হোৱা
যি মূলা বাঢ়ে তাৰ দুপাততে চিনসৰুতেই চিন ওলোৱা
কাপকলম
নিগৰি অহালাহে লাহে বৈ অহা
ভাণ্ডাৰভঁৰাল
বিস্তৃতবহল
বিশ্লেষণব্যাখ্যা কৰাবহলভাৱে আলোচনা কৰা
ভাষা-বিজ্ঞানীভাষাৰ বিষয়ে গৱেষণা কৰোঁতা
অগ্ৰণীআগৰণুৱা




পাঠভিত্তিক প্ৰশ্নোত্তৰ


উত্তৰ দিয়া:
(ক) নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে?
উত্তৰ: নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে।
(খ) বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল?
উত্তৰ: ˚ বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনৰ কামত আত্মনিয়োগ কৰিছিল ।
(গ) নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে?
উত্তৰ: ডক্টৰেট ডিগ্ৰী পোৱা বাণীকান্ত কাকতিক নতুন ডাক্তৰ বুলি কোৱা হৈছে।
(ঘ) তেখেতে কি চিকিৎসা কৰিছিল? 
উত্তৰ: হোমিওপেথিকৰ পুথি কেইখনমান কিনি আনি তাৰ প্রাথমিক কথাবোৰ আয়ত্ত কৰি তেখেতে (˚ বাণীকান্ত কাকতিদেৱে) হোমিও চিকিৎসা কৰিছিল। 
(ঙ) বাণীকান্ত কাকতিয়ে ডক্টৰেট্‌ ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰ: বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা (গৱেষণা) গ্ৰন্থখনৰ নাম “আছামিজ্‌ ইট্‌চ্‌ ফৰ্মেচন এণ্ড ডেভেলপমেণ্ট্‌” (অসমীয়া ভাষাৰ গঠন আৰু বিকাশ)।
প্রশ্ন: ৩। ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে পাঠটোৰ আলমত লিখা।
উত্তৰ: বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী পোৱাৰ পিছত কেইজনমান কৌতুকপ্ৰিয় মানুহে ডাক্তৰ বিচাৰি ফুৰা বেমাৰী মানুহ কেইজনমানক নতুন ডাক্তৰ বুলি কাকতিৰ ঘৰ দেখুৱাই দিছিল। ডক্টৰেট আৰু ডাক্তৰৰ পাৰ্থক্য নুবুজা মানুহে চিকিৎসাৰ বাবে ˚ বাণীকান্ত কাকতিৰ ওচৰলৈ আহিব ধৰাত জোকৰ মুখত চূণ দিবলৈ তেখেতে ডাক্তৰ হ'বৰ বাবে হোমিও চিকিৎসাৰ কেইখনমান পুথি আনি অধ্যয়ন কৰি ৰোগীক বিধি অনুসৰি চিকিৎসাৰ বিধান দিবলৈ ধৰিলে। কাকতিৰ মনৰ দৃঢ়তাত কৌতুক কৰাসকলেও তবধ মানিছিল।

   ˚ বাণীকান্ত কাকতিয়ে ‘আছামিজইট্‌চ্‌ ফৰ্মেচন এণ্ড ডেভেলপমেণ্ট’ (অসমীয়া ভাষাৰ গঠন আৰু বিকাশ) গৱেষণা গ্ৰন্থৰ বাবে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট্‌ ডিগ্ৰী লাভ কৰিছিল। কাকতিয়ে তেখেতৰ ৰিহাবাৰীৰ ঘৰত থাকি‍ কটন কলেজত অধ্যাপনা কৰিছিল। কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ বাতৰি উলহ-মালহকৈ প্রচাৰ হোৱাত বহুতে আনন্দ আৰু গৌৰৱবোধ কৰিছিল। এচাম চকু চৰহা আকৌ জ্বলি-পুৰি মৰিছিল।

   “যি মূলা বাঢ়ে তাৰ দুপাততে চিন”— এই কথাৰ প্ৰমাণ আমি বাণীকান্ত কাকতিৰ জীৱনত পাওঁ। তেওঁ সৰুৰে পৰাই সকলো বিষয় আঁতি-গুৰি মাৰি জনাৰ যত্ন কৰিছিল। তেখেতে ওৰেটো জীৱন জ্ঞান অৰ্জনত নিয়োগ কৰাৰ ফলতে আমি তেখেতৰ পৰা কেবাখনো মূল্যৱান গ্ৰন্থ লাভ কৰিছোঁ৷ সেইবিলাকৰ ভিতৰত তেখেতৰ অসমীয়া ভাষাৰ গৱেষণা গ্ৰন্থখন বিশেষভাৱে‍ উল্লেখযোগ্য।
প্ৰশ্ন: ৪ । ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল চমুকৈ লিখা।
উত্তৰ: বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ বতৰা ৰৌজাল-বৌজাল হৈ প্ৰচাৰ হোৱাত কিছুমানে আনন্দ লাভ কৰিছিল আৰু চকুচৰহা কিছু সংখ্যকে বেয়া পাইছিল। কৌতুক প্রিয় এচাম লোকে ডাক্তৰ বিচাৰি অহা বেমাৰীক নতুন ডাক্টৰ অহা বুলি কাকতিৰ ঘৰলৈ পঠাইছিল। বেমাৰীৰ ভিৰ দেখি কাকতিয়ে হাৰ নামানি হোমিওপেথিকৰ কিতাপ কিনি আনি পঢ়ি, আয়ত্ত কৰি হোমিও চিকিৎসা কৰিছিল।‌

প্ৰশ্ন: ৫। অভিধান বা শব্দ-সম্ভাৰ চাই অর্থ লিখা।
ঈৰ্ষাপৰায়ণ, আয়ত্ত, সাধনা, ত্‌মত, পৰিস্থিতি, নিষ্ঠা, একান্ত, সুখ্যাতি, আত্মনিয়োগ, প্ৰবল, চৰ্চা, গতি-গোত্ৰ।
উত্তৰ:

শব্দ

অৰ্থ

ঈৰ্ষাপৰায়ণআনৰ ভাল দেখিব নোৱৰা
আয়ত্তআহৰণবুজা
সাধনাযত্ন
থত্‌মত্বিব্ৰতবিবুধিবিমূঢ়অবাক
পৰিস্থিতিঅৱস্থাপৰিবেশ
নিষ্ঠাএকাগ্ৰতা
একান্তএকধ্যান,  একমন
সুখ্যাতিভাল গুণৰ বাবে জনাজাত হোৱা
আত্মনিয়োগনিজকে নিয়োজিত কৰা
প্ৰবলবলীশক্তিশালী
চৰ্চাঅভ্যাসআখৰা
গতি-গোত্ৰআঁতি-গুৰি


ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

প্ৰশ্ন ১। তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা।
উত্তৰ:  
নিষ্ঠা,  ষ্ঠ= ষ + ঠ
বিজ্ঞানী,  জ্ঞ = জ + ঞ
ডক্টৰ,  ক্ট = ক + ট
প্রশ্ন ২। তলৰ আঁচটনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা।
(ক) ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা বিজ্ঞানী আছিল।
উত্তৰ: তেখেত এগৰাকী ভাষা-বিজ্ঞানী আছিল। 
(খ) ৰহিমে পঢ়া-শুনা মনোযোগৰে কৰে।
উত্তৰ: তেওঁ পঢ়া-শুনা মনোযোগেৰে কৰে।
(গ) নীলাই গান গাই ভাল পায়।
উত্তৰ: তাই গান গাই ভাল পায়। 

প্ৰশ্ন ৩। বাক্য ৰচনা কৰা।
সহজ-সৰলভাৱে‍প্ৰবল, চিকিৎসা, দৃঢ়মনা, আঁতি-গুৰিকৌতুক-প্ৰিয়, জোকৰ মুখত চূণ, থত্‌মত্ খা
উত্তৰ: 
সহজ-সৰলভাৱে সকলো কথাকে সহজ-সৰলভাৱে বিশ্বাস কৰা অনুচিত ।
প্ৰবল ল’ৰাজনৰ পঢ়া-শুনাৰ প্রতি প্রবল ধাউতি আছিল।
চিকিৎসা ড৹ কাকতিয়ে হোমিও চিকিৎসা কৰিবলৈ লৈছিল।
দৃঢ়মনা দৃঢ়মনা লোকে জীৱনত কৃতকাৰ্যতা লাভ কৰে।
আঁতি-গুৰি সকলো বিষয় আঁতিগুৰি মাৰি শিকাৰ যত্ন কৰিব লাগে।
কৌতুক-প্ৰিয় মানুহজন বৰ কৌতুক-প্ৰিয়
জোকৰ মুখত চূণ বুধিয়ক লোকে জোকৰ মুখত চূণ দিবলৈ খুব ভালকৈ জানে।
থত্‌মত্ খা ভূতৰ সাধু শুনি ল’ৰা-ছোৱালীহঁত থত্‌মত্ খাইছিল

প্ৰশ্ন 8৷ এটা শব্দত প্রকাশ কৰোঁ আহা:

(ক) যি শিক্ষাদান কৰেশিক্ষক
(খ) যি ৰোগীক চিকিৎসা কৰেচিকিৎসক
(গ) যি ভাষা চৰ্চা কৰেভাষা-বিজ্ঞানী 
(ঘ) একে সময়তে হোৱাসমসাময়িক
(ঙ) একান্ত মনে চিন্তা কৰাএকাগ্ৰচিত্তে
(চ) যি শিক্ষা গ্ৰহণ কৰেশিক্ষাৰ্থী

প্ৰশ্ন ৫। জানো আহা
‘‘প্রকৃততে তেখেত আছিল ভাষা-বিজ্ঞানৰহে ডক্টৰেট ডিগ্ৰীধাৰী লোক।’’— ভাষানো কি?
উত্তৰ: মানুহে মনৰ ভাব প্রকাশ কৰিবৰ বাবে যি কথা কয় তাকে ভাষা বোলে। অৰ্থহীন কথা ভাষা নহয়। সেইদৰে অংগী-ভংগীকো ভাষা নোবোলে। ভাষাত বাকধ্বনি আৰু নতুন অর্থপ্ৰকাশ কৰাৰ ক্ষমতা থাকে।
ভাষাৰ ৰূপ দুটা
(ক) কথিত ৰূপ
(খ) লিখিত, সাধু বা মান্য ৰূপ৷

(ক) কথিত ভাষা: একেটা ভাষাৰ ভিন ভিন অঞ্চলত কোৱা ভিন্‌ ভিন ৰূপকে কথিত ভাষা বোলে৷ যেনেঅসমীয়া ভাষাৰ ভিন্‌ ভিন্‌ অঞ্চলৰ কথিত ৰূপ বেলেগ বেলেগ৷ উজনি-নামনিৰ ভাষাৰ প্রভেদ থকাৰ বাহিৰেও নামনিৰ ৰঙিয়ানলবাৰী, বৰপেটা, পলাশবাৰী, শুৱালকুছি আদি ঠাইৰ কথিত ভাষাৰ ৰূপৰ পাৰ্থক্য আছে।
(খ) লিখিত ভাষা বা সাধু ভাষা বা মান্য ভাষা: লিখাৰ ক্ষেত্ৰত অসুবিধা নহ’বৰ বাবে কোনো এটা অঞ্চলৰ কথিত ভাষাকে বা উপভাষাকে লিখিত ভাষা বুলি সকলোৱে গ্ৰহণ কৰে। এই সৰ্বসন্মত ভাষাকে লিখিত ভাষা, সাধু ভাষা বা মান্য ভাষা বুলি কোৱা হয়। যেনে শিৱসাগৰ অঞ্চলৰ কথিত ভাষাকে অসমীয়া ভাষাৰ লিখিত ৰূপ বুলি গ্ৰহণ কৰা হৈছে।

প্ৰশ্ন ৬। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
জ্ঞান, সৰল, সাধাৰণ, চোকা, ৰোগী, সুখ্যাতি৷
উত্তৰ:

জ্ঞান
অজ্ঞান 
সৰল
জটিল  
সাধাৰণ
অসাধাৰণ  
চোকা
ভোটা
ৰোগী
নিৰোগী 
সুখ্যাতি
কুখ্যাতি


জ্ঞান সম্প্ৰসাৰণ


প্ৰশ্ন ১৷ ভাব সম্প্ৰসাৰণ কৰা
‘‘জোকৰ মুখত চূণ দিয়া’’

উত্তৰ: এই ফকৰা যোজনাটিৰ সাধাৰণ অৰ্থ হৈছে কোনো কথাৰ, বিশেষকৈ ইৰ্ষা-অসূয়াসূচক কথাৰ যথাযোগ্য উত্তৰ দিয়া।
   জোক হৈছে হাড়-মঙহ নথকা কেৱল কঠিন ছালৰ শৰীৰৰ এবিধ ক্ষুদ্ৰ জীৱ। সচৰাচৰ খাল-বিল, পুখুৰী, নলা আদিত ইহঁত  থাকে।  ইহঁতে মানুহ, গৰু, ম’হ, ছাগলী আদিৰ তেজ শুহি খায়। জন্তু বা মানুহৰ শৰীৰৰ ঠেক ঠাইবোৰত খোপনি পুতি তেজ শোহে। আঙুলিৰ মাজত, কাষলতিৰ তলত, কাণৰ পিছফাল আদিত ইহঁত লাগি ধৰে। জোক এৰুৱাবলৈ টান, কাৰণ ইয়াৰ গা বৰ পিছল। সেইবাবে মুখত চূণ লগাই দিয়া হয়। চূণ বেছি হ’লে কেতিয়াবা জোক মৰিও যাব পাৰে। কোনো চকু চৰহা কোনো মানুহৰ ইতিকিংসূচক কথাৰ  যথাযোগ্য প্ৰত্যুত্তৰ দিয়া বুজাবৰ বাবে এই বচনফাকি ব্যৱহাৰ কৰা হয়। ˚ বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী পোৱাৰ পিছত কৌতুক-প্রিয় কোনো লোকে ডাক্তৰ বিচৰা ৰোগীক নতুন ডাক্তৰ বুলি কাকতিৰ ওচৰলৈ পঠাইছিল। ৰোগীৰ ভিৰ বঢ়াত কাকতিয়ে চকুচৰহা সকলক জোকৰ মুখত চূণ দিয়াৰ দৰে কৰিবৰ বাবে হোমিওপেথিক কিতাপ পঢ়ি ৰোগীক হোমিও চি‍কিৎসা কৰি দেখুৱাইছিল। 

প্ৰশ্ন ২। তলৰ ফকৰা-যোজনাটো শিক্ষকৰ সহায়ত বুজি লৈ বহলাই লিখা।
‘‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন’

উত্তৰ: মূলা এবিধ পাচলি। মূলাৰ পাত কুমলীয়া অৱস্থাত শাক হিচাপে খাব পাৰি। মূলাৰ শিপা মাটিৰ তলত বাঢ়ি ডাঙৰ হয়। ইয়াক পাচলি হিচাপে খোৱা হয়। মূলাৰ শিপা বাঢ়ি ডাঙৰ হ’ব নে নহ’ব সেই কথা মূলা গছবোৰ দুপতীয়া হৈ থাকোঁতে অৰ্থাৎ সৰু হৈ থাকোঁতেই বুজিব পাৰি। সেইদৰে সৰু ল’ৰা-ছোৱালীৰ লক্ষণ চাই সি ভৱি‍ষ্যতে কেনে হ’ব বুজিব পাৰি। মানৱ সমাজত খ্যাতিমান হোৱা, মহাপুৰুষ হোৱা সকলৰ সৰু কালতে গুণবোৰ প্রকাশ পায়। ড৹ বাণীকান্ত কাকতিৰো সৰুকালতে এই মহৎ গুণবোৰ প্রকাশ পাইছিল। সেই কথাকে বুজাবৰ বাবে ফকৰাটি ব্যৱহাৰ কৰা হৈছে।

জানো আহা

কৃষ্ণকান্ত সন্দিকৈৰ পৰিচয়

    ১৮৯৮ চনৰ ২০ জুলাই তাৰিখে যোৰহাটত ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ পুত্ৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্রথম শ্ৰেণীত সংস্কৃত বিষয়ত এম.এ. পাছ কৰাৰ পাছত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল। ছাত্র অৱস্থাৰ পৰাই সাহিত্য- চৰ্চা  কৰা সন্দিকৈয়ে বাঁহী, চেতনা, আৱাহন, আদি কাকতত বিভিন্ন বিষয়ৰ প্ৰৱন্ধ লিখিছিল। তেওঁৰ অধ্যয়নৰ পৰিসৰ ব্যাপক আৰু গভীৰ আছিল। বেদ, প্রাচীন ভাৰতীয় সাহিত্য, পাশ্চাত্য সাহিত্য, অভিধান আৰু ব্যাকৰণ আদি আলোচনা কৰিছিল। তেখেতে প্রথম অৱস্থাত কিছু গীত আৰু কবিতাও ৰচনা কৰিছিল। পৃথিৱীৰ কেইবাটাও ভাষা তেখেতে আয়ত্ত কৰিছিল আৰু সংস্কৃত সাহিত্যৰ বিশ্ববিখ্যাত পণ্ডিত আছিল। সন্দিকৈদেৱ এজন সুদক্ষ প্ৰশাসকো আছিল। যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ অধ্যক্ষ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে তেখেতে সেৱা আগবঢ়াইছিল।  সন্দিকৈৰ ৰচিত গ্ৰন্থসমূহ হ’ল ‘শ্ৰীহৰ্ষৰ নৈষধ চৰিত’, ‘যশস্তিলক’ আৰু ‘সেতুবন্ধ’। তেখেত ১৯৩৭ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। সৰ্বভাৰতীয় প্ৰাচ্য বিদ্যা সন্মিলনৰো তেখেত সভাপতি আছিল। আন বহুতো সামাজিক অনুষ্ঠানৰ লগত তেখেত ওতপ্ৰোতভাৱে জড়িত আছিল।

প্ৰশ্ন ৩। উত্তৰ দিয়া 
(ক)  কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি? 
উত্তৰ:  কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চন ১৮৯৮
(খ) তেখেতে কেতিয়াৰপৰা সাহিত্য চৰ্চা কৰিছিল?
উত্তৰ: তেখেতে ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল। 
(গ) তেখেতে কোনটো বিষয়ত এম.এ. পাছ কৰিছিল?
উত্তৰ: তেখেতে সংস্কৃত বিষয়ত এম.এ. পাছ কৰিছিল।
(ঘ) তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম লিখা।
উত্তৰ:  সন্দিকৈয়ে ৰচনা কৰা গ্ৰন্থকেইখন  শ্ৰীহৰ্ষৰ নৈষধ চৰিত, যশস্তিলক আৰু সেতুবন্ধ
(ঙ) তেখেতে কি কি আলোচনীত প্ৰবন্ধ লিখিছিল?
উত্তৰ: তেখেতে বাঁহী, চেতনা আৰু আৱাহন আলোচনীত প্ৰবন্ধ লিখিছিল।

প্ৰশ্ন ৪। সাঁথৰ ভাঙো আহা:

গছত লাগে, আনোতাই আনে,
ৰান্ধোতাই বান্ধে, খাওঁতাই কিন্তু পেলাই দিয়ে। 

উত্তৰ: তেজপাত

প্ৰশ্ন: ৫। ‘মহাভাৰত’ শব্দটোত থকা আখৰকেইটাৰে বেলেগ বেলেগ শব্দ গঠন কৰা।
উদাহৰণ — — মহামৰতমত।
উত্তৰ: 
হা  হাত, হাবি, হাকিম
ভা  ভাত, ভাৰত, ভানু
  ', ৰত্ন, ৰত্নাকৰ
ত — তল, তৰঙ্গ, তৰল

প্ৰশ্ন: ১ প্ৰত্যেকেই আমাৰ সমাজত প্ৰচলিত হৈ থকা সাঁথৰ আৰু ফকৰা-যোজনা চাৰিটাকৈ সংগ্ৰহ কৰি লিখা
উত্তৰ: আমাৰ সমাজত প্ৰচলিত হৈ থকা চাৰিটা সাঁথৰ
(ক) হাবিত কাহে ওলাই নাহে।
(খ) ডেকাত কুঁজা বুঢ়াত পোন, সেইজন বাৰু কোন?
(গ) পাপিষ্ঠ মূৰটো, দুই হাত কুৰি আঙুল নাকটো
    চকু কাণ নাই, এই জন্তু ক’ত পোৱা যায়? 
(ঘ) মাক জুটুলি-পুটুলি পুতেক চোকা টেকেলা।

আমাৰ সমাজত প্ৰচলিত হৈ থকা চাৰিটা ফকৰা-যোজনা 
(ক) অধিক মাছত বগলী কণা
(খ) অতি ভক্তি চোৰৰ লক্ষণ
(গ) এশ গৰু মাৰিলে বাঘৰো মৰণ
(ঘ) ভুকুতে কল নপকে‍


অন্যান্য প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ


১। কোনে কাক কৈছিল লিখা ।
 ‘‘যোৱা সৌজন নতুন ডাক্তৰ আহিছে, তেওঁৰ চিকিৎসা বৰ ভাল।
উত্তৰ: কৌতুকপ্ৰিয় মানুহ কেইজনমানে বেমাৰ দেখুওৱাবলৈ অহা মানুহ কেইজনক কৈছিল।
২। বাণীকান্ত কাকতিৰ জন্ম কত আৰু কেতিয়া হৈছিল?
উত্তৰ: ১৮৯৪ চনৰ ১৫ নবেম্বৰত বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত বাণীকান্ত কাকতিৰ জন্ম হৈছিল।
৩। বাণীকান্ত কাকতিৰ পিতৃৰ নাম কি?
উত্তৰ: বাণীকান্ত কাকতিৰ পিতৃৰ নাম ললিতৰাম কাকতি।
৪। বাণীকান্ত কাকতিয়ে প্ৰৱেশিকা পৰীক্ষাত কি বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল?
উত্তৰ: বাণীকান্ত কাকতিয়ে প্ৰৱেশিকা পৰীক্ষাত ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল।
৫। বাণীকান্ত কাকতিয়ে কোন কলেজৰ পৰা বি. এ. পাছ কৰিছিল?
উত্তৰ: বাণীকান্ত কাকতিয়ে কলিকতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা বি. এ. পাছ কৰিছিল।
৬। বাণীকান্ত কাকতিয়ে কোন কলেজত অধ্যাপনা কৰিছিল?
উত্তৰ: বাণীকান্ত কাকতিয়ে কটন কলেজত অধ্যাপনা কৰিছিল।
৭। পিএইচ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী অসমীয়া ব্যক্তি কোন ?
উত্তৰ: পি. এইচ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী অসমীয়া ব্যক্তি হৈছে ড˚  বাণীকান্ত কাকতি।
৮। বাণীকান্ত কাকতিয়ে কোন বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি. ডিগ্ৰী লাভ কৰিছিল?
উত্তৰ: বাণীকান্ত কাকতিয়ে  কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পিএইচ .ডি .ডিগ্ৰী লাভ কৰিছিল।
৯। বাণীকান্ত কাকতিয়ে শিশুৰ বাবে ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: বাণীকান্ত কাকতিয়ে শিশুৰ বাবে ৰচনা কৰা এখন গ্ৰন্থ হৈছে পখিলা
১০। বাণীকান্ত কাকতিয়ে ৰচনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা
উত্তৰ: বাণীকান্ত কাকতিয়ে লিখা কেইখনমান গ্ৰন্থ হৈছে—
পুৰণি অসমীয়া সাহিত্য
কলিতা জাতিৰ ইতিবৃত্ত
সাহিত্য আৰু প্ৰেম
পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা
ডা মাদাৰ গডেছ কামাখ্যা আদি
১১। এগৰাকী ভাষা-বিজ্ঞানীৰ নাম লিখা।
উত্তৰ: এগৰাকী ভাষা-বিজ্ঞানী হল ড˚ বাণীকান্ত কাকতি।
১২। বাণীকান্ত কাকতিৰ মৃত্যু কেতিয়া  হৈছিল?
উত্তৰ: ১৯৫২ চনত বাণীকান্ত কাকতিৰ মৃত্যু হৈছিল।
১৩। ভাষা কাক বোলে?
উত্তৰ: মানুহে মনৰ ভা প্ৰকাশ কৰিবলৈ মুখেৰে যি কথা কয়, তাকে ভাষা বোলে।
১৪। ভাষাৰ ৰূপ কেইটা আৰু কি কি?
উত্তৰ: ভাষাৰ ৰূপ দুটা। কথিত ৰূপ আৰু লিখিত ৰূপ।
১৫। কথিত ভাষা কাক বোলে?
উত্তৰ: বিভিন্ন অঞ্চলত কোৱা ভাষাৰ ভিন ভিন ৰূপকে কথিত ভাষা বোলে।
১৬। লিখিত বা সাধু বা মান্যভাষা কাক বোলে?
উত্তৰ: বেমেজালি নহবৰ বাবে সকলোৱে মিলি এটা নিৰ্দিষ্ট অঞ্চলৰ উপভাষাক  লিখিত ভাষা হিচাপে স্বীকৃতি দিয়ে, এই উপভাষাটোকে লিখিত বা সাধু বা  মান্যভাষা বোলে।
১৭। কৃষ্ণকান্ত সন্দিকৈৰ জন্ম কত হৈছিল?
উত্তৰ: কৃষ্ণকান্ত সন্দিকৈৰ জন্ম যোৰহাটত হৈছিল।
১৮। কৃষ্ণকান্ত সন্দিকৈৰ পিতৃ-মাতৃৰ নাম কি?
উত্তৰ: কৃষ্ণকান্ত সন্দিকৈৰ পিতৃৰ নাম— ৰাধাকান্ত সন্দিকৈ আৰু মাতৃৰ নাম— নাৰায়ণী সন্দিকৈ।
১৯। কৃষ্ণকান্ত সন্দিকৈ কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল?
উত্তৰ: কৃষ্ণকান্ত সন্দিকৈ ১৯৩৭ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল।
২০। কৃষ্ণকান্ত সন্দিকৈ উচ্চ শিক্ষাৰ বাবে ক'লৈ গৈছিল?
উত্তৰ: কৃষ্ণকান্ত সন্দিকৈ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল।

যুগুতালে‍: বাব্‌লি দেৱীয়ে‍


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ