বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন— সমাজ বি‍জ্ঞান, দশম শ্ৰেণীৰ প্ৰশ্ন



অনুশীলনীৰ প্ৰশ্ন

অতি চমু উত্তৰৰ প্রশ্ন


১৷ বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
২। ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
৩। বিদেশী পণ্য বৰ্জনৰ প্রস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
৪। স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
৬। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্রধান উদ্যোক্তা কোন আছিল?
৭। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্রস্তাৱ গ্ৰহণ কৰিছিল?
৮। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?



চমু উত্তৰৰ প্রশ্ন


১। বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্রধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।
২। বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা৷
৩। বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।
৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।
৫। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?
৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্রহণ কৰিছিল?
৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।
৮৷ স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা৷

চমু টোকা লিখা

(১) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ৷
(২) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা)।
(৩) নবাব ছলিমউল্লা।


অতিৰিক্ত প্ৰশ্নমালা

অতি চমু উত্তৰৰ প্ৰশ্ন

মূল্যাংক: ১

A. শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(a) ব্ৰিটিছ ভাইচ্‌ৰয় লৰ্ড কাৰ্জনে বংগদেশক দুভাগত ভাগ কৰা দিনটো আছিল—
   (i) ১৯২১ চনৰ ১৫ আগষ্ট
   (ii) ১৯০৫ চনৰ ১৬ অক্টোবৰ
   (iii) ১৯০৫ চনৰ ২০ জুলাই
   (iv) ১৯০৯ চনৰ ২৬ জানুৱাৰী
(b) নৱগঠিত প্রদেশ পূৰ্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা আছিল—
   (i) ৭১ নিযুত 
   (ii) ৫০ নিয়ুত
   (iii) ৩১ নিযুত  
   (iv) ২৬ নিযুত
(c) কলিকতা টাউন হলত বিশাল জনসভা অনুষ্ঠিত কৰি বংগ ভংগবিৰোধী আন্দোলনৰ সূচনা কৰা দিনটো আছিল—
   (i) ১৮৯৭ চনৰ ৩১ জুলাই 
   (ii) ১৯০৫ চনৰ  আগষ্ট
   (iii) ১৯১৭ চনৰ  অক্টোবৰ
   (iv) ওপৰৰ এটাও নহয়
(d) ‘বংগলক্ষ্মী কটন মিল’ গঢ়ি উঠিছিল—
   (i) গুৱাহাটীত 
   (ii) শিলিগুৰি
   (iii) পাটনাত 
   (iv) কলিকতাত
(e) ‘বেংগল কেমিকেল্‌ছ’ স্থাপন কৰা ব্যক্তিজন আছিল—
   (i) আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়
   (ii) বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ
   (iii) সুৰেন্দ্ৰনাথ বেনাৰ্জী
   (iv) অৰবিন্দ ঘোষ
(f) ১৯০৬ চনৰ ১১ মাৰ্চত ‘জাতীয় শিক্ষা পৰিষদ’ গঠন হৈছিল—
   (i) দিল্লীত 
   (ii) বোম্বাইত 
   (iii) মাদ্ৰাজত  
   (iv) কলিকতাত
(g) ১৯০৫ চনত বেনাৰসত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত সভাপতিত্ব কৰিছিল—
   (i) মহাত্মা গান্ধীয়ে 
   (ii) জৱাহৰলাল নেহৰুৱে
   (iii) বাল গঙ্গাধৰ তিলকে
   (iv) গোপাল কৃষ্ণ গোখলেই
(h) বাল গঙ্গাধৰ তিলক আছিল—
   (i) মহাৰাষ্ট্ৰৰ 
   (ii) পঞ্জা
   (iii) বিহাৰৰ 
   (iv) অসমৰ 
(i) ক্ষুদিৰাম বসুক ফাঁচী দিছিল—
   (i) ১৯০২ চনত 
   (ii) ১৯০৫ চনত
   (ii) ১৯০৮ চনত  
   (iv) ১৯১২ চনত
(j) ‘সৰ্বভাৰতীয় মুছলিম লীগ’-ৰ জন্ম হৈছিল—
   (i) ১৮৯৭ চনত 
   (ii) ১৯০৬ চনত
   (iii) ১৯২১ চনত 
   (iv) ১৯৪২ চনত

B. চমু উত্তৰ দিয়া:
১) কোনজন ভাইচ্‌ৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল?
২) ভাইচ্‌ৰয় লৰ্ড নেথানিয়েল কাৰ্জনে কেতিয়াৰ পৰা কেতিয়ালৈকে শাসন কৰিছিল?
৩) চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল?
৪) ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো উল্লেখনীয়া ঘটনা কি?
৫) ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয়া ঘটনা কি?
৬) বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা প্ৰদেশ দুখনৰ নাম কি কি?
৭) ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় তথা জাতীয়তাবাদী সংগ্ৰাম বুলি কোনটো আন্দোলনক কোৱা হয়?
৮) কোন চনত ইংলেণ্ডৰ চৰকাৰে ‘নিয়ন্ত্ৰণকাৰী আইন’ (Regulating Act) প্ৰৱৰ্তন কৰে?
৯) ৰেগুলেটিং এক্টৰ জৰিয়তে বংগ প্ৰেচিডেন্সিৰ গৱৰ্নৰ পদটো কি পদলৈ উন্নীত কৰা হৈছিল?
১০) ৰেগুলেটিং এক্টৰ প্ৰৱৰ্তনৰ জৰিয়তে মুম্বাই আৰু মাদ্ৰাজৰ গৱৰ্নৰ দুগৰাকীক কাৰ তলতীয়া কৰা হৈছিল?
১১) বংগ বিভাজনৰ বিষয়টোৱে কেতিয়াৰ পৰা ব্ৰিটিছ প্ৰশাসকসকলৰ মনত ঠাই পাইছিল?
১২) ‘অসম’ নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল?
১৩) বংগ বিভাজনৰ প্ৰথম পদক্ষেপ বুলি কোনটো পদক্ষেপক কোৱা হয়?
১৪) কোনকেইটা এলেকা সংলগ্ন কৰি ১৮৪৭ চনত ‘অসম’ নামৰ প্ৰদেশখন গঠন কৰা হৈছিল?
১৫) ১৮৪৭ চনত গঠিত ‘অসম’ প্ৰদেশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনকেইখন জিলা সংলগ্ন কৰা হৈছিল?
১৬) ১৮৪৭ চনত গঠিত ‘অসম’ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি কিমান আছিল?
১৭) ১৮৪৭ চনত গঠিত ‘অসম’ প্ৰদেশৰ সৰ্বমুঠ জনসংখ্যা কিমান আছিল?
১৮) ১৮৪৭ চনত গঠিত ‘অসম’ প্ৰদেশৰ প্ৰশাসনিক দায়িত্ব গ্ৰহণ কৰা প্ৰথমজন মুখ‍্য আয়ুক্ত কোন আছিল?
১৯) বংগ বিভাজনৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনক সহায় কৰা ইংৰাজ বিষয়া দুগৰাকীৰ নাম লিখা৷
২০) এলাহাবাদ সন্ধি কেতিয়া হৈছিল?
২১) এলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিল?
২২) এলাহাবাদ সন্ধিৰ জৰিয়তে বংগ প্ৰদেশৰ অন্তৰ্ভুক্ত হোৱা অঞ্চলকেইটা কি কি?
২৩) ব্ৰিটিছৰ শাসনকালত প্ৰেচিডেন্সিৰ জৰিয়তে কি বুজোৱা হৈছিল?
২৪) ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ঘাই শাসনকেন্দ্ৰলৈ পৰিণত হোৱা ঠাইকেইখন কি কি?
২৫) কোনজন ভাইচ্‌ৰয়ে প্ৰথমে ইংলেণ্ড চৰকাৰৰ ওচৰত বংগদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল?
২৬) য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
২৭) অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল?
২৮) এণ্ড্ৰু ফ্ৰেজাৰে লৰ্জ কাৰ্জনক বংগদেশৰ ভৌগোলিক সীমা পৰিৱৰ্তনৰ সম্পৰ্কত কি প্ৰস্তাৱ দিছিল?
২৯) জন ব্যামফিল্ড্ ফুলাৰে লৰ্জ কাৰ্জনক বংগদেশৰ ভৌগোলিক সীমা পৰিৱৰ্তনৰ সম্পৰ্কত কি প্ৰস্তাৱ দিছিল?
৩০) কিমান চনত এণ্ড্ৰু ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফ্‌টেনেণ্ট গৱৰ্নৰ পদত অধিষ্ঠিত হয়?
৩১) বংগ বিভাজনৰ আঁচনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এণ্ড্ৰু ফ্ৰেজাৰে কাৰ পৰামৰ্শৰ সামান্য ৰদ-বদল কৰিছিল?
৩২) ৰিজলি পেপাৰ কি?
৩৩) বংগ ভংগ নামেৰে কোনটো ঐতিহাসিক পৰিঘটনাক জনা যায়?
৩৪) বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ ৰাজধানী ক’ত আছিল?
৩৫) বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ মুঠ জনসংখ্যা কিমান আছিল?
৩৬) বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা ‘বংগ’ প্ৰদেশৰ ৰাজধানী ক’ত আছিল?
৩৭) বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা ‘বংগ’ প্ৰদেশৰ সৰ্বমুঠ জনসংখ্যা কিমান আছিল?
৩৮) ‘‘ঐক্যবদ্ধ বংগ এক বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণে বৃহৎ বংগশক্তিক ভাঙি-ছিঙি চূৰমাৰ কৰিব’’— কোনে কালৈ এনেদৰে লিখিছিল?‍
৩৯) বংগ ভংগবিৰোধী আন্দোলনক কিয় স্বদেশী আন্দোলন বুলি কোৱা হয়?
৪০) ‘সঞ্জীবনী’ পত্ৰিকাৰ সম্পাদক কোন আছিল?
৪১) বংগদেশৰ জনতাৰ মাজত আলোড়ন সৃষ্টি কৰা, সঞ্জীৱনী পত্ৰিকাত প্ৰকাশিত নিবন্ধটোৰ নাম কি আছিল?
৪২) কৃষ্ণকুমাৰ মিত্ৰই সম্পাদনা কৰা পত্ৰিকাখনৰ নাম কি আছিল?
৪৩) বংগ বিভাজনৰ বিৰোধিতা কৰা প্ৰথমখন প্ৰতিবাদী সভা কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?
৪৪) কেতিয়া বংগ দ্বিখণ্ডিতকৰণৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল?
৪৫) বংগ ভংগৰ পৰিকল্পনাটো কেতিয়া চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছিল?
৪৬) দিনাজপুৰৰ বিশাল প্ৰতিবাদী সভা কেতিয়া অনুষ্ঠিত হৈছিল?
৪৭) দিনাজপুৰৰ বিশাল প্ৰতিবাদী সভাত কোনে সভাপতিত্ব কৰিছিল?
৪৮) ৰিপন কলেজৰ বৰ্তমান নাম কি?
৪৯) কলিকতাৰ কাছিম বজাৰৰ টাউন হলৰ বিশাল জনসভা কেতিয়া অনুষ্ঠিত হৈছিল?
৫০) কলিকতাৰ কাছিম বজাৰৰ টাউন হলৰ বিশাল জনসভাত কোনে সভাপতিত্ব কৰিছিল?
৫১) কলিকতাৰ কাছিম বজাৰৰ টাউন হলৰ বিশাল জনসভাত কি কি সিদ্ধান্ত লোৱা হৈ‍ছিল?
৫২) ‘‘হে বংগ জননী, স্বৰ্ণ প্ৰসবিনী শিখেছি সবাই কৰিতে ভাবনা বিলাতি পোশাকে আৰ সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিব’’— গীতটি কোনে ৰচনা কৰিছিল?
৫৩) ‘ছাত্ৰ সংসদ’ কেতিয়া গঠন হৈছিল?
৫৪) কাৰ নেতৃত্বত ‘ছাত্ৰ সংসদ’ গঠন হৈছিল?
৫৫) উত্তৰ কলিকতাৰ ৰাজাবজাৰত বিশাল জনসভা কেতিয়া অনুষ্ঠিত হৈছিল?
৫৬) উত্তৰ কলিকতাৰ ৰাজাবজাৰৰ বিশাল জনসভাত কোনে সভাপতিত্ব কৰিছিল?
৫৭) বংগবাসীয়ে কেতিয়া ‘জাতীয় শোক দিৱস’ পালন কৰিছিল?
৫৮) কাৰ আহ্বানক্ৰমে কলিকতাৰ জনতাই বংগ ভংগৰ প্ৰতিবাদত ৰাখীবন্ধন কাৰ্যসূচী পালন কৰিছিল?
৫৯) ‘‘বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক হে ভগবান’’ গীতটি কোনে ৰচনা কৰিছিল?
৬০) ‘‘বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক হে ভগবান’’ গীতটিক কি বিশেষ নামেৰে জনা যায়?
৬১) বংগ ভংগৰ বিৰুদ্ধে কেতিয়া কলিকতাত হৰতাল পালন কৰা হৈছিল?
৬২) কংগ্ৰেছৰ চতুৰ্দশ (১৪শ) অধিৱেশন কেতিয়া আৰু ক’ত হৈছিল?
৬৩) কংগ্ৰেছৰ চতুৰ্দশ (১৪শ) অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?
৬৪) ‘ফেডাৰেল হল’ কি?
৬৫) কোনে আৰু কেতিয়া ‘ফেডাৰেল হল’-ৰ আধাৰশিলা স্থাপন কৰিছিল?
৬৬) ‘বন্দে মাতৰম’ গীতটি কোনে ৰচনা কৰিছিল?
৬৭) বিদেশী বস্তু বৰ্জনৰ সম্পৰ্কত ঋষি অৰবিন্দই কি কৈছিল?
৬৮) ‘‘বৰ্জনৰ অৰ্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ মৰ্মাৰ্থ হ’ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা’’— কথাষাৰ কোনে কৈছিল?
৬৯) স্বদেশী আন্দোলনৰ জন্ম ক’ত হৈছিল?
৭০) ‘বেংগলি’ (১৯০৪) কাকতখন কোনে সম্পাদনা কৰিছিল?
৭১) ‘সঞ্জীবনী’ (১৯০৪) কাকতখন কোনে সম্পাদনা কৰিছিল?
৭২) ‘হিতবাদী’ (১৯০৫) কাকতখন কোনে সম্পাদনা কৰিছিল?
৭৩) ‘যুগান্তৰ’ (১৯০৬) কাকতখন কোনে সম্পাদনা কৰিছিল?
৭৪) ‘সন্ধ্যা’ (১৯০৬) কাকতখন কোনে সম্পাদনা কৰিছিল?
৭৫) ‘দি ডন’ (১৯০৬) আলোচনীখন কোনে সম্পাদনা কৰিছিল?
৭৬) ‘সুপ্ৰভাত’ (১৯০৬) নামৰ মহিলা আলোচনীখন কোনে সম্পাদনা কৰিছিল?
৭৭) ‘বন্দে মাতৰম’ (১৯০৫) সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল?
৭৮) ‘পলাশীৰ প্ৰায়শ্চিত্ত’ নাটকখন কোনে ৰচনা কৰিছিল?
৭৯) ‘চিৰাজউদ্দৌলা’ নাটকখন কোনে ৰচনা কৰিছিল?
৮০) ‘মিৰ কাছিম’ নাটকখন কোনে ৰচনা কৰিছিল?
৮১) ‘চাব্বাস বাঙালী’ নাটকখন কোনে ৰচনা কৰিছিল?
৮২) ‘বংগৰ অংগচ্ছেদ’ নাটকখন কোনে ৰচনা কৰিছিল?
৮৩) ‘বংগৰ অংগচ্ছেদ’ নাটকখন কোনে ৰচনা কৰিছিল?
৮৪) ‘জাপানী বীৰ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
৮৫) ‘জয় সংগীত’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
৮৬) ‘নব্য ভাৰত’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
৮৭) ‘বংগলক্ষীৰ ব্ৰতকথা’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
৮৮) স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান গীত ৰচনা কৰিছিল?
৮৯) ‘‘আমাৰ সোণাৰ বাংলা, আমি তোমাই ভালোবাসি’’ গীতটি কোনে ৰচনা কৰিছিল?
৯০) ‘‘যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে’’ গীতটি কোনে ৰচনা কৰিছিল?
৯১) স্বদেশী আন্দোলনৰ সময়ত কাৰ কাৰ গীতে বাঙালী জাতিক উদ্বুদ্ধ কৰিছিল?
৯২) স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা বিখ্যাত প্ৰবন্ধটোৰ শিৰোনাম কি আছিল?
৯৩) ‘বংগীয় কলা পৰিষদ’ কেতিয়া গঢ় লৈ উঠিছিল?
৯৪) কাৰ প্ৰচেষ্টাত ‘বংগীয় কলা পৰিষদ’ গঢ় লৈ উঠিছিল?
৯৫) ‘বংগ মাতা’ ছবিখন কোনে অংকন কৰিছিল?
৯৬) ‘বংগ মাতা’ ছবিখনক কোনে ‘ভাৰত মাতা’-ৰ ৰূপ দি‍ছিল?
৯৭) কলিকতাৰ পটলডাঙা মল্লিকবাৰীত কেতিয়া বিশাল ছাত্ৰসভা অনুষ্ঠিত হৈছিল?
৯৮) কলিকতাৰ পটলডাঙা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত কোনে সভাপতিত্ব কৰিছিল?
৯৯) ‘এণ্টি চাৰ্কুলাৰ ছ’চাইটি’ কেতিয়া গঠন কৰা হৈছিল?
১০০) ব্ৰিটিছ চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথমটো ঘটনা কি আছিল?
১০১) কোনখন পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা আখ্যা দিছিল?
১০২) ‘ডন ছচাইটি’ নামৰ জাতীয় অনুষ্ঠানটো কেতিয়া গঢি় তোলা হৈছিল?
১০৩) কাৰ প্ৰচেষ্টাত ‘ডন ছচাইটি’ নামৰ অনুষ্ঠানটো গঢ় লৈ উঠিছিল?
১০৪) ‘ডন ছচাইটি’-এ কিহৰ বাবে আন্দোলন কৰিছিল?
১০৫) ‘বংগ জাতীয় বিদ্যালয়’ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
১০৬) কোনে ‘বংগ জাতীয় বিদ্যালয়’ প্ৰতিষ্ঠা কৰি‍ছিল?
১০৭) বংগদেশৰ দ্বিতীয়খন জাতীয় বিদ্যালয় ক’ত স্থাপন কৰা হৈছিল?
১০৮) বংগদেশৰ দ্বিতীয়খন জাতীয় বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?
১০৯) বংগদেশৰ ‘জাতীয় শি‍ক্ষা পৰিষদ’ কেতিয়া গঠন কৰা হৈছিল?
১১০) বংগ জাতীয় মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?
১১১) বংগ জাতীয় মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ কোন আছিল?
১১২) বংগ জাতীয় মহাবিদ্যালয়ক কেতিয়া জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়?
১১৩) স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ কিমানখন মাধ্যমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল?
১১৪) স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ কিমানখন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল?
১১৫) অসমৰ প্ৰথম আই.চি.এছ. কোন আছিল?
১১৬) কাৰ অৰ্থসাহায্যত ‘বেংগল টেক্‌নিকেল ইন্‌ষ্টিটিউট’ নামৰ শি‍ক্ষানুষ্ঠানটো গঢি় তোলা হৈছিল?
১১৭) ‘বেংগল টেক্‌নিকেল ইন্‌ষ্টিটিউট’ নামৰ শি‍ক্ষানুষ্ঠানটোৱে পাছলৈ কি নামেৰে আত্মপ্ৰকাশ কৰিছিল?
১১৮) ভাৰতৰ স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰা এগৰাকী অগ্ৰণী মহিলাৰ নাম লিখা৷
১১৯) ‘ভাৰতী’ (১৯০৭) পত্ৰিকাখন কোনে সম্পাদনা কৰিছিল?
১২০) ভগিনী নিবেদিতাৰ জন্ম ক’ত হৈছিল?
১২১) ভগি‍নী নিবেদিতাৰ প্ৰকৃত নাম কি আছিল?
১২২) ‘‘বাঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপজ্জনক’’— বাক্যশাৰী কোন কাকতত প্ৰকাশ পাইছিল?
১২৩) ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা বস্ত্ৰ প্ৰতিষ্ঠানটোৰ নাম কি আছিল?
১২৪) ‘স্বদেশী ভাণ্ডাৰ’ নামৰ বস্ত্ৰ প্ৰতিষ্ঠানটো কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল?
১২৫) কাৰ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত ‘ইণ্ডিয়ান ষ্টোৰ্চ’ নামৰ প্ৰতিষ্ঠানটো গঢ় লৈ উঠিছিল?
১২৬) ‘লক্ষী ভাণ্ডাৰ’ নামৰ প্ৰতিষ্ঠানটো কোনে আৰু কেতিয়া গঢি় তুলিছিল?
১২৭) আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানটোৰ নাম কি আছিল?
১২৮) ‘বংলক্ষী কটন মিল’ কোনে আৰু কেতিয়া ‍প্ৰতিষ্ঠা কৰিছিল?
১২৯) ‘বেংগল কেমিকেল্‌ছ’ নামৰ প্ৰতিষ্ঠানটো কোনে আৰু কেতিয়া ‍প্ৰতিষ্ঠা কৰিছিল?
১৩০) আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে প্ৰতিষ্ঠা কৰা কেমিকেল প্ৰতিষ্ঠানটোৰ নাম কি আছিল?
১৩১) জামছেদজী টাটাই গঢি় তোলা বিখ্যাত প্ৰতিষ্ঠানটোৰ নাম কি?
১৩২) প্ৰথম ‘ভাৰতীয় উদ্যোগ সন্মিলন ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
১৩২) প্ৰথম ‘ভাৰতীয় উদ্যোগ সন্মিলন’-ত কোনে সভাপতিত্ব কৰিছিল?
১৩৪) বংগ বিভাজনৰ সময়ত ঢাকাৰ নবাব কোন আছিল?
১৩৫) লৰ্ড কাৰ্জনে ঢাকাৰ নবাবক কিমান টকা অতি কম সুতৰ বিনিময়ত ধাৰলৈ দিছিল?
১৩৬) লৰ্ড কাৰ্জনৰ পাছত ভাইচ্‌ৰয় পদত কোন অধিষ্ঠিত হৈছিল?
১৩৭) ‘সৰ্বভাৰতীয় মুছলিম লীগ’ কেতিয়া গঠন হৈছিল?
১৩৮) ‘সৰ্বভাৰতীয় মুছলিম লীগ’ গঠনৰ ক্ষেত্ৰত কোনে নেতৃত্ব দিছিল?
১৩৯) ‘মৰ্লে-মিণ্টো সংস্কাৰ আইন’ কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?
১৪০) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী ৰাজনৈতিক অনুষ্ঠানটোৰ নাম কি আছিল?
১৪১) মুছলীম লীগৰ কাৰ্যালয় কেতিয়া লক্ষ্নৌলৈ স্থানান্তৰিত কৰা হৈছিল?
১৪২) কেতিয়া বংগ বিভাজন বাতিল কৰা হৈছিল?
১৪৩) কংগ্ৰেছৰ ঊনবিংশতিতম (১৯ তম) অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল?
১৪৪) কংগ্ৰেছৰ ঊনবিংশতিতম (১৯ তম) অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?
১৪৫) কিমান চনত ইংৰাজ চৰকাৰে বংগক পুনৰ একত্ৰীকৰণ কৰিছিল?
১৪৬) কোনে পোনপ্ৰথমে ব্ৰিটিছপ্ৰদত্ত ‘নাইটহুদ’ উপাধি চৰকাৰক ঘূৰাই দিছিল?
১৪৭) ‘‘শাসন আৰু শোষণ একেলগে চলাই যোৱা হ’ব’’— কোনে এনেদৰে ঘোষণা কৰিছিল?


চমু উত্তৰৰ প্রশ্ন

মূল্যাংক: ২/৩

১৷ অসম প্ৰদেশ কেইখন জিলাৰে গঠিত হৈছিলকি কি?
২৷ বংগ বিভাজনৰ সময়ত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল?
৩৷ ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ ব্ৰিটিছ চৰকাৰে কি কি জনহিতকৰ কাম কৰিছিল?
৪৷ বংগ বিভাজনৰ অজুহাতটো কি আছিল?
৫৷ বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল?
৬৷ কোন কোন প্ৰখ্যাত লোকে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল?
৭৷ স্বদেশী আন্দোলনৰ পটভূমিত প্রকাশিত বংগৰ কেইখনমান আলোচনী আৰু কাকতৰ নাম উল্লেখ কৰা
৮৷ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগৰ কেইখনমান নাটকৰ নাম লিখা
৯৷ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত কেইখনমান বিখ্যাত গ্ৰন্থৰ নাম লিখা
১০৷ 'ডন ছ'চাইটি' (Dawn society) নামৰ জাতীয় অনুষ্ঠান কাৰ কাৰ সহযোগত গঢ় লৈছিল?
১১৷ বংগ ভংগ কালছোৱাত গঢ় লৈ উঠা কেইখনমান জাতীয় শিক্ষানুষ্ঠানৰ নাম লিখা
১২৷ জাতীয় বিশ্ববিদ্যালয়ৰ আহিৰ্ত গঢ়ি উঠা বংগদেশৰ বাহিৰেও অন্য ঠাইৰ কেইখনমান শিক্ষানুষ্ঠানৰ নাম লিখা?
১৩৷ বংগ বিভাজনৰ সময়ত নেতৃত্ব দিয়া বংগদেশৰ কেইগৰাকীমান মহিলা নেত্ৰীৰ নাম লিখা
১৪৷ ভগিনী নিবেদিতাই লৰ্ড কাৰ্জনৰ বিৰোধীতা কৰি কোন দুখন কাকতত দুটা প্রৱন্ধ লিখিছিল?
১৫৷ স্বদেশী আন্দোলনৰ,সময়ত গঢ়ি উঠা কেইখনমান বিখ্যাত বাণিজ্যিক প্রতিষ্ঠানৰ নাম লিখা
১৬৷ স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা বংগদেশৰ কেইটামান প্ৰখ্যাত উদ্যোগৰ নাম উল্লেখ কৰা
১৭৷ স্বদেশী আন্দোলনত এচামে সশস্ত্ৰ বিপ্লৱৰ পথ বাছি লোৱাৰ কাৰণ দুটা লিখা
১৮৷ প্লেগ কমিছনাৰ ৰবাৰ্ট ৰাণ্ডক আৰু লেফটেনেণ্ট আয়াৰষ্টকক কোনে হত্যা কৰিছিল?
১৯৷ ‘ইয়ং ইটালীৰ অনুকৰণত গঢ়ি উঠা ভাৰতীয় বিদ্ৰোহী সংগঠন দুটাৰ নাম লিখা। ইয়াৰ সংগঠক কোন আছিল?
২০৷ বৈপ্লৱিক আদৰ্শৰে অনুপ্রাণিত হ’বলৈ বংগদেশত প্ৰকাশিত দুখন কাকতৰ নাম লিখা
২১৷ বংগদেশত গঢ়ি উঠা দুটা গুপ্তঘাতী সংগঠনৰ নাম লিখা?
২২৷ কংগ্ৰেছৰ ২১ তম অধিবেশনত বংগদেশৰ প্রতিনিধি কিমান আছিলতেওঁলোকে কি তিনিটা প্রস্তাৱ উত্থাপন কৰিছিল?
২৩৷ বংগ ভংগবিৰোধী আন্দোলনৰ বাবে নিৰ্বাসন দণ্ড পোৱা কেইগৰাকীমান শীৰ্ষ নেতাৰ নাম লিখা 
২৪৷ বংগ ভংগ বিৰোধী কেইগৰাকীমান অসমীয়া নেতাৰ নাম লিখা
২৫৷ অসম কেশৰী নামেৰে কাক অভিহিত কৰা হয়তেওঁ ৰচনা কৰা এখন নাটকৰ নাম লিখা


ৰচনাধৰ্মী প্রশ্নাৱলী

মূল্যাংক: ৪/৫

১৷ বংগ ভংগ আঁচনি বিৰোধী আন্দোলনৰ বিষয়ে ব্যাখ্যা কৰা
২৷ স্বদেশী আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা
৩৷ স্বদেশী আন্দোলনৰ প্ৰধান অংগকেইটা কি আছিলপ্ৰতিটোৰ বিষয়ে চমুকৈ আলোচনা কৰা
৪৷ স্বদেশী আন্দোলনৰ পটভূমিত বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তুৰ প্রতি আগ্ৰহ বঢ়োৱাৰ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা। ইয়াৰ ফলাফলৰ বিষয়ে চমুকৈ লিখা
৫৷ স্বদেশী আন্দোলনৰ প্রতি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমৰ্থন সম্পৰ্কত চমু আলোচনা আগবঢ়োৱা
৬৷ সাম্প্ৰদায়িক ভেদ-নীতিৰে মুছলমানসকলক বংগ ভংগ তথা স্বদেশী আন্দোলনৰ পৰা আঁতৰাই নিয়াৰ বাবে বিটিছে কৰা ষড়যন্ত্ৰৰ বিষয়ে বৰ্ণনা কৰা
৭৷ স্বদেশী আন্দোলনটো মষিমূৰ কৰিবলৈ বিটিছে লোৱা দমনমূলক নীতিৰ বিষয়ে বহলাই আলোচনা কৰা
৮৷ ৰাজনৈতিক দল হিচাপে মুছলীম লীগৰ উত্থানৰ পটভূমি সম্পৰ্কে উল্লেখ কৰা
৯৷ চমুটোকা লিখা:
(i) লৰ্ড কাৰ্জন
(ii) এণ্ডু ফ্ৰেজাৰ
(iii) জন ব্যাম্‌ফিল্ড ফুলাৰ
(iv) অৰবিন্দ ঘোষ
(v) ৰাসবিহাৰী বসু
(vi) গোপাল কৃষ্ণ গোখলে
(vii) মৰ্লে মিণ্টো সংস্কাৰ
(viii) বিনায়ক দামোদৰ চাভাৰকাৰ
(ix) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা)
(x) নবাব ছলিমউল্লা
(xi) অম্বিকাগিৰি ৰায়চৌধুৰী



HSLC পৰীক্ষাৰ প্ৰশ্নসমূহ

অতি চমু উত্তৰৰ প্রশ্নাৱলী
মূল্যাংক: ১
১. শুদ্ধ উত্তৰটো বাছি উলিওৱা: [HSLC '১০]
(i) ৰামকৃষ্ণ মিছনৰ প্রতিষ্ঠাতা আছিল--
   (a) স্বামী দয়ানন্দ সৰস্বতী
   (b) স্বামী বিৱেকানন্দ
   (c) ৰাজা ৰামমোহন ৰায় 
   (d) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ ৷
(ii) কাৰ কাৰ্যকালত ‘বংগ বিভাজন আঁচনিখন’ কাৰ্যকৰী কৰা হৈছিল? [HSLC ’১৪]
   (a)  লৰ্ড কাৰ্জন 
   (b) লৰ্ড উইলিয়াম বেণ্টিংক
   (c) লৰ্ড ডেলহাউচী 
   (d) লৰ্ড মাউণ্টবেটেন
(iii) ১৯০৬ চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসক জন কোন আছিল? [ HSLC ’১৫, ’১৭]
   (a) লৰ্ড কাৰ্জন 
   (b) লৰ্ড মিণ্টো
   (c) লৰ্ড ৰিপণ 
   (d) লৰ্ড কৰ্ণওৱালিছ
(iv) বৃটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ-ভংগ আঁচনি বাতিল কৰিছিল- [HSLC '১৬]
   (a) ১৯০৫ চনৰ ২০ জুলাই তাৰিখে
   (b) ১৯১১ চনৰ ২ ডিচেম্বৰ তাৰিখে
   (c) ১৯০৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে
   (d) ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে
(v) কাৰ কাৰ্যকালত ‘বংগ বিভাজন আঁচনিখন’ কাৰ্যকৰী কৰা হৈছিল? [HSLC ’১৭]
   (a) লৰ্ড মাউণ্টবেটেন
   (b) লৰ্ড উইলিয়াম বেণ্টিংক a
   (c) লৰ্ড ডেলহাউচী  
   (d) লৰ্ড কাৰ্জন
২৷ কোনখন আইনৰ দ্বাৰা বঙ্গদেশৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল? [HSLC ’১০]
৩৷ 'বন্দে মাতৰম’ গীতটো কোনে ৰচনা কৰিছিল? [HSLC '১১, '১৪]
৪৷ ‘লাল-বাল-পাল’ কোন কোন আছিল? [HSLC'১২]
৫৷ লৰ্ড মিণ্টো কোন আছিল? [HSLC ’১৩]



চমু উত্তৰৰ প্রশ্নাৱলী

মূল্যাংক: ২/৩

১৷ আগা খাঁৰ নেতৃত্বত মুছলমান সঁজাতি দলটোৱে ছিমলাত ব্ৰিটিছ ভাইচৰয়ৰ ওপৰত কি অনুৰোধ জনাইছিল? [HSLC’১৪]
২৷ বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্য্যসূচী সমূহ কি আছিল? [HSLC ’১৬, ’১৭]
৩৷ স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? [HSLC’১৭]
৪৷ বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্রধান তিনিটা ভৌগলিক সংমণ্ডল উল্লেখ কৰা। [HSLC ’১৭]
৫৷ স্বদেশী আন্দোলনৰ সময়ছোৱাত বঙ্গদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল,চমুকৈলিখা |‌ [HSLC ’১৮]
৬৷ স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। [HSLC’১৮]
৭৷ লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিখনৰ প্রথম দফাৰ আঁচনিসমূহ কি কি আছিল। [HSLC’১৮]
৮৷ স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে বৃটিছ চৰকাৰে কি কি কৰ্মপন্থা লৈছিল আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে? [HSLC ’১৯]
৯৷ স্বদেশী আন্দোলনৰ প্রাৰম্ভিক কাৰ্যসূচীবোৰ কি কি আছিলপ্রতিবিধ কাৰ্যসূচী চমুকৈ উল্লেখ কৰা। [HSLC ’১৯]
১০৷ স্বদেশী আন্দোলনৰ তিনিটা অৱদান আলোচনা কৰা৷ [HSLC '১৯]



ৰচনাধৰ্মী প্রশ্নাৱলী

মূল্যাংক: ৪/৫

১৷ ব্ৰিটিছৰ শাসনকালত হোৱা বঙ্গ বিভাজনৰ কাৰণ আৰু ইয়াৰ ফলাফলবোৰ চমুকৈ উল্লেখ কৰা। [HSLC ’১১]
২৷ ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ কালছোৱাত মুছলীম লীগৰ উত্থান সম্পৰ্কে চমুকৈ লিখা। [HSLC ’১২]
৩৷ “বঙ্গ বিভাজন” বুলিলে কি বুজায় অসমত ইয়াৰ প্রভাৱ কেনে আছিল? [HSLC ’১৩]



দেৱপল্লৱৰ দ্বাৰা যুগুত
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ