বংগ বিভাজন আৰু স্বদেশী আন্দোলন— সমাজ বি‍জ্ঞান (X), চমু টোকা



চমু টোকা লিখা:

(১) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
(২) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা)
(৩) নবাব ছলিমউল্লা

উত্তৰ:
ৰবীন্দনাথ ঠাকুৰ
ৰবীন্দ্ৰনাথ ঠাকুৰ
(১) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ: কলিকতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালত ১৮৬১ খ্ৰীষ্টাব্দত ৭ মে’ৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয়৷ তেওঁৰ দেউতাক মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ৷ ঠাকুৰ পৰিয়ালৰ উন্নত শি‍ক্ষা-দীক্ষা, মাৰ্জিত সাংস্কৃতিক চেতনা, ধৰ্মবিশ্বাস আদিয়ে বাল্যকালতে ৰবীন্দ্ৰনাথৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল৷ দেউতাকে গৃহশি‍ক্ষাৰ যোগেদি দেওঁক নানা বিষয়ৰ শি‍ক্ষা দিয়ে৷ দেওঁ পিতৃৰ পৰাই সংস্কৃত আৰু ভাৰতীয় সাহিত্য আৰু ককায়েক সত্যেন্দ্ৰনাথৰ পৰা ইংৰাজী সাহিত্যৰ বিশাল ভাণ্ডাৰৰ দিক্‌দৰ্শন লাভ কৰে৷ ৰবীন্দ্ৰনাথৰ বিপুল ৰচনাৰাজিয়ে পাঠকৰ মনত গভীৰ সাঁচ বহুওৱাৰ লগতে বঙালী সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷ ‘গীতাঞ্জলি’ নামৰ কবিতাপুথিখনৰ বাবে তেখেতে ১৯১৩ চনত ন’বেল বঁটা লাভ কৰিছিল৷ তাৰ ফলতেই তেওঁ বিশ্বকবি হিচাপে জনাজাত হয়৷

   তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰত্যক্ষভাৱে যোগদান নকৰিলেও তেওঁৰ কবিতা, সংগীত, প্ৰবন্ধ আদিয়ে ভাৰতীয় লোকসকলক সংগ্ৰামত জঁপিয়াই পৰিবলৈ প্ৰেৰণা দিছিল৷ তেওঁ ৰচনা কৰা ‘জন গণ মন অধিনায়ক জয় হে’ গীতটি ভাৰতৰ জাতীয় সংগীত স্বীকৃত হয়৷ ইয়ে প্ৰমাণ কৰে তেওঁ ভাৰতীয়সকলৰ মনত কিমান শ্ৰদ্ধাৰ পাত্ৰ৷ বংগ ভংগ আন্দোলনৰ সময়ত তেওঁ স্বাধীনতাৰ আকাংক্ষাৰ কথা ফুটাই তুলিছিল৷ জালিয়ানৱালাবাগৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত তেওঁ ‘নাইট’ সন্মান ত্যাগ কৰি দেশপ্ৰেমৰ পৰিচয় দিছিল৷

   গঠনমূলক কামতো তেওঁ কৃতিত্ব অৰ্জন কৰিছিল৷ তেওঁ সম্পূৰ্ণ ভাৰতীয় আদৰ্শত ‘শান্তি নিকেতন’ নামে এটা শি‍ক্ষাকেন্দ্ৰ স্থাপন কৰি তাত নিজে শি‍ক্ষা প্ৰদান কৰিছিল আৰু কালক্ৰমত তেওঁ তাতেই বিশ্বভাৰতী বিশ্ববিদ্যালয় স্থাপন কৰে৷

   এইজনা বিশ্ববৰেণ্য কবিয়ে ১৯৪১ চনৰ ৭ আগষ্টৰ দিনা ইহলীলা সম্বৰণ কৰে৷


ভগিনী নিবেদিতা
ভগিনী নিবেদিতা
(২) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা): মাৰ্গাৰেট এলিজাবেথ নবোল আছিল এগৰাকী মানৱতাবাদী বিদূষী নাৰী। তেওঁৰ জন্ম হৈছিল আয়াৰলেণ্ডত। তেওঁ ভাৰতলৈ আহি পৰাধীন ভাৰতবাসীৰ কল্যাণৰ হকে বহুতো জনসেৱামূলক কাম-কাজৰ লগত জড়িত হৈ পৰিছিল। ইংৰাজসকলে ভাৰতীয়সকলৰ প্ৰতি গ্ৰহণ কৰা দমনমূলক আৰু শোষণমূলক নীতিৰ বিৰোধিতা কৰি তেওঁ বিভিন্ন গঠনমূলক কাৰ্যত নিজকে উৎসৰ্গা কৰিছিল। তেওঁক ‘ভগিনী নিবেদিতা’ বুলিও জনা যায়। কলিকতাত থকা সময়ছোৱাত তেওঁ ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, অনুশীলনী ছ’চাইটি আদিৰ লগত জড়িত হৈ যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হ’বলৈ উদগনি দিছিল। ১৯০৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত লৰ্ড কাৰ্জনে প্রাচ্যবাসীৰ প্ৰতি কৰা তুলুঙা মন্তব্যই ভগিনী নিবেদিতাক আঘাত দিছিল। প্ৰত্যুত্তৰত তেওঁ ‘অমৃত বজাৰ পত্ৰিকা’ আৰু ‘দ্যা ষ্টেট্‌ছমেন’ কাকতত প্ৰবন্ধ লিখি ভাৰতবাসীৰ আগত লৰ্ড কাৰ্জনৰ মানসিকতা উদঙাই দিছিল।

(৩) নবাব ছলিমউল্লাহ: নবাব ছলিমউল্লা আছিল ঢাকাৰ এগৰাকী নবাব৷ তেওঁৰ জন্ম হৈছিল ১৮৭১ চনৰ ৭ জুনৰ দিনা ঢাকাত৷ তেওঁৰ পিতাকৰ নাম আছিল নবাব আছহানউল্লাহ৷ নবাব ছলিমউল্লাই ঢাকা বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বাবে ভূমি দান কৰিছিল৷ এইজন নবাবৰ শাসনকাল আছিল ১৯০১ চনৰ পৰা ১৯১৫ চনলৈ৷ ছলিমউল্লা আছিল সৰ্বভাৰতীয় মুছলিম লীগৰ প্ৰতিষ্ঠাপক৷
নবাব ছলিমউল্লা
নবাব ছলিমউল্লা
   সাম্ৰাজ্যবাদ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ইংৰাজ শাসকে ধৰ্ম, জাতি, ভাষা, অঞ্চল আদিৰ ভিত্তিত ভাৰতবাসীৰ মাজত বিভেদ অনাৰ প্ৰয়াস চলাইছিল৷ ভাইচ্‌ৰয় লৰ্ড কাৰ্জনে বংগ বিভাজনৰ সপক্ষে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে ১৯০৪ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰি মাহত পূৰ্ব বংগ ভ্ৰমণৰ দীঘলীয়া কাৰ্যসূচী হাতত লৈছিল৷ ঢাকা, মৈমনসিং, চট্টগ্ৰাম আদি ঠাইত আয়োজিত জনসভাত কাৰ্জনে বংগ ভংগৰ সপক্ষে প্ৰচাৰ চলোৱাৰ লগতে ঢাকাৰ নবাব ছলিমউল্লাৰ যোগেদি পূৰ্ব বংগৰ মুছলমান জনতাক ওচৰ চপাই অনাৰ চেষ্টা চলাইছিল৷ এই উদ্দেশ্য আগত ৰাখি তেওঁ নবাব ছলিমউল্লাক ১৪ লাখ টকা অতি নগণ্য সুতৰ বিনিময়ত ধাৰলৈ দিছিল৷ এনেদৰে ব্ৰিটিছ চৰকাৰে পূৰ্ব বংগৰ মুছলমান জনসাধাৰণৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আৰু কাৰ্জনৰ নীতিত বিশ্বাস ৰখা একাংশ নেতাই বংগ ভংগৰ জৰিয়তে মুছলমান জনসাধাৰণৰ সকলো আশা পূৰণ হ’ব বুলি ভাবিবলৈ লৈছিল৷
   ১৯০৬ চনৰ ৩০ ডিচেম্বৰ তাৰিখে নবাব ছলিমউল্লাৰ আহ্বানক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নবাব বি‍কৰউল মূলকৰ সভাপতিত্বত ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰিছিল। এই ঐতিহাসিক সভাতে‍‘সৰ্বভাৰতীয় মুছলিম লীগ’ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল। এইগৰাকী নবাবৰ মৃত্যু হৈছিল ১৯১৫ খ্ৰীষ্টাব্দৰ ১৬ জানুৱাৰিৰ দিনা৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ