মই অসমীয়া— দশম শ্ৰেণী, অসমীয়া (প্ৰশ্নাৱলী)


সম্ভাব্য প্ৰয়োজনীয় প্ৰশ্নাৱলী

অতি চমু প্রশ্নাৱলী 
মূল্যাংক ১ নম্বৰকৈ

১৷  মই অসমীয়া’ কবিতাটোৰ কবিগৰাকী কোন?
২। অসমীয়া সাহিত্যত ‘গল্প সম্ৰাট’ বুলি কাক কোৱা হয় ?
৩৷  চৈয়দ আব্দুল মালিকৰ জন্ম ক’ত হৈছিল?
৪। চৈয়দ আব্দুল মালিকৰ জন্ম কোন চনত, হৈছিল?
৫। চৈয়দ আব্দুল মালিক অসমীয়া আধুনিক কবিসকলৰ কোন পৰ্বৰ কবি আছিল?
৬। চৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনিৰ নাম কি?
৭। চৈয়দ আব্দুল মালিকৰ প্রথম প্রকাশিত চুটিগল্প সংকলনখনিৰ নাম কি?
৮। ‘জেতুকা পাতৰ দৰে’ নামৰ উপন্যাসখনৰ ৰচক কোন?
৯। চৈয়দ আব্দুল মালিকে লিখা শংকৰদেৱৰ জীৱনীভিত্তিক উপন্যাসখনৰ নাম কি?
১০। চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ জীৱনৰ আধাৰত লিখা উপন্যাসখনৰ নাম কি?
১১। চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
১২। চৈয়দ আব্দুল মালিকে কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
১৩। চৈয়দ আব্দুল মালিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত লিখা উপন্যাসখনৰ নাম কি?
১৪। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ-কাহিনীৰ নাম লিখা ।
১৫। চৈয়দ আব্দুল মালিকে কিমান চনত ‘চোভিয়েট দেশ নেহৰু বঁটা’ লাভ কৰিছিল?
১৬। চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে ‘চোভিয়েট দেশ নেহৰু বঁটা’ লাভ কৰিছিল?
১৭। ‘ৰামধেনু’ যুগত সৰ্বাধিক খ্যাতি লাভ কৰা গল্পকাৰ আব্দুল মালিকে প্ৰথমে কোনখন কাকতত গল্প ৰচনাত হাত দিয়ে?
১৮৷ চৈয়দ আব্দুল মালিকৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?
১৯। মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?
২০৷ অসমৰ হেংদাং ক’ত জিলিকিছিল?
২১৷ অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?
২২। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?
২৩। খৰমৰ চুলা কি?
২৪। মৰকত মানে কি?
২৫৷ কিন্নৰ কি?

চমু প্রশ্নাৱলী
মূল্যাংক ২/৩ নম্বৰকৈ

১। চৈয়দ আব্দুল মালিক কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল আৰু সেই অধিবেশনখন ক’ত অনুষ্ঠিত হৈছিল?
২। চৈয়দ আব্দুল মালিকে ৰচনা কৰা গৱেষণামূলক গ্ৰন্থসমূহৰ নাম লিখা।
৩। চৈয়দ আব্দুল মালিকৰ চুটিগল্পৰ সংকলন কেইখনমানৰ নাম লিখা।
৪৷ চৈয়দ আব্দুল মালিকৰ ৰচিত উপন্যাস কেইখনমানৰ নাম উল্লেখ কৰা।
৫৷ চৈয়দ আব্দুল মালিকৰ ৰচিত কোনকেইখন গল্প-উপন্যাসৰ পৰা কি কি চলচ্চিত্ৰ নিৰ্মিত হৈছে?
৬৷ ‘অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত’— কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰাঁ।
৭৷ 'পুঠিয়ে কাণত পিন্ধে... সজায় সুৱাগী’— কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰাঁ।
৮৷ ‘ক’ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলীত।”— কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।
৯৷ "জনমৰ লগে লগে সুৱদী অসমী মাতে
    অসমীক চিঞৰিলোঁ—'আই'—
    যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি 
    কৈ যাম অসমীক দু-ওঁঠ কঁপাই।" কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা৷

ৰচনাধৰ্মী প্রশ্নাৱলী
মূল্যাংক ৪/৫ নম্বৰকৈ

১। পঁচিশটামান শব্দৰ ভিতৰত কবি চৈয়দ আব্দুল মালিকৰ পৰিচয় দিয়াঁ।
২। চৈয়দ আব্দুল মালিকৰ সাহিত্য প্রতিভা সম্পৰ্কে আলোচনা কৰা।
৩। 'মই অসমীয়া’ কবিতাটোৰ সাৰাংশ লিখা।
৪৷ 'মই অসমীয়া’ কবিতাটোত অসমৰ প্রকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা ।
৫। অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।
৬। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।
৭। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা।
৮। “মই অসমীয়া’ কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা।
৯। স্বদেশপ্ৰেমমূলক কবিতা হিচাপে ‘মই অসমীয়া’ কবিতাটোৰ এটা মূল্যায়ন কৰা।
১০। ‘মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।
১১। ব্যাখ্যা কৰা:
(ক) মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
    দেশ-প্রাণ, মুক্ত-প্ৰাণ,অসমৰ স্বদেশ ভকতি।
(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থোপা গচকত ভাগে মৰকত,
    হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা, 
    ভৰি ধোৱে পোৱালৰ ভৰা দলঙত।
(গ) মোহ গ’ল দূৰণিৰ বিদেশী মোগল 
    অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া,
    অসমত বন্দী হ',অসমৰ ৰূপ-মুগ্ধ
    দূৰৰ মোগল আহি হ'ল অসমীয়া।। 
(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া
    অসমীয়া দেহ-প্রাণ মন,
    জীয়াই থাকোঁতে মই অসমৰ অসমীয়া, 
    মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।

পাঠভিত্তিক ব্যাকৰণ মূল্যাংক ১/২ নম্বৰকৈ

১৷
(ক) ব্যাসবাক্যসহ সমাসৰ নাম লিখা।
স্বৰ্ণপুৰী
মুক্তগীত
অনিৰুদ্ধ
নিষ্কৰ্মা

(খ) তলৰ শব্দবোৰৰ নিচিনা পাঁচোটা শব্দ সাজা:
বাঘ-নখ
হাঁহ-কণী
ম’হ-শিং

গে) বিপৰীত শব্দ লিখাঁ:
গৌৰৱ
আলোক
স্বাধীনতা
পৰাজিত
সপোন
মৰণ

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ