পানী— পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী

অনুশীলনী প্ৰশ্নোত্তৰ

১৷ উত্তৰ লিখা।
(ক) কি কি উৎসৰ পৰা পানী পোৱা যায়?
উত্তৰ: বৰষুণ, খাল-বিল, নদ-নদী, জান-জুৰি, সাগৰ-মহাসাগৰ আদিৰ পৰা পানী পোৱা যায়।
(খ) তোমালোকৰ গাঁও বা চহৰৰ মাজেদি  কোনো নদী বৈ গৈছে নেকি? যদি গৈছে নদীখনৰ নাম লিখা।
উত্তৰ: আমাৰ অঞ্চলৰ ওচৰেদি এখন নদী বৈ গৈছে আৰু নদীখনৰ নাম ন-নৈ।
(গ) তোমালোকৰ অঞ্চলত বা ওচৰে-পাঁজৰে থকা বিল, জান-জুৰিৰ নাম লিখা।
উত্তৰ: আমাৰ অঞ্চলত থকা এখন বিলৰ নাম বথা বিল।

২৷ তলৰ শব্দ-শৃংখলটোত থকা পানীৰ উৎসবোৰ বাছি‍ উলিয়াই তাত ঘেৰ চিন দিয়া।




উত্তৰ:


৩৷ পানী ব্যৱহাৰ হোৱা তিনিটা কামৰ বিষয়ে লিখা।
উত্তৰ: পানী ব্যৱহাৰ হোৱা তিনিটা কাম হ'ল
   (ক) গা-ধোৱা
   (খ) কাপোৰ ধোৱা
   (গ) বাচন ধোৱা 
৪৷ পানী ব্যৱহাৰ নকৰাকৈ কৰিব পৰা তিনিটা কামৰ বিষয়ে লিখা।
উত্তৰ: পানী ব্যৱহাৰ নকৰাকৈ কৰিব পৰা তিনিটা কাম হ'
   (ক) কাপোৰ ইস্ত্ৰি কৰা
   (খ) ঘৰ সৰা
   (গ) মূৰ ফণিওৱা

৫৷ তলত দিয়া শব্দবোৰৰ পৰা অমিলটো বাছি‍ উলিয়াই তলত আঁচ দিয়া।
   (ক) গা ধোৱা,  কাপোৰ ধোৱা, সাঁতোৰা, মূৰ ফণিওৱা।
   (খ) নদী, পাহাৰ, পুখুৰী,  নিজৰা, বিল।
   (গ) মাছ, হাঁহ, বান্দৰ, ঘঁৰিয়াল, কাছ।
   (ঘ) জাহাজ, নাও, ৰে'লগাড়ী, ফেৰী।
   (ঙ) নাৰ্জী, পদুম, ভেঁট, মেটেকা।
উত্তৰ:
   (ক) গা ধোৱা,  কাপোৰ ধোৱা, সাঁতোৰা, মূৰ ফণিওৱা
   (খ) নদী, পাহাৰ, পুখুৰী,  নিজৰা, বিল।
   (গ) মাছ, হাঁহ, বান্দৰ, ঘঁৰিয়াল, কাছ।
   (ঘ) জাহাজ, নাও, ৰে'লগাড়ী, ফেৰী।

   (ঙ) নাৰ্জী, পদুম, ভেঁট, মেটেকা।
৬৷ তোমাৰ ঘৰৰ খোৱা-পানী ক'ৰপৰা সংগ্ৰহ কৰা?
উত্তৰ: আমাৰ ঘৰৰ খোৱা-পানী দমকলৰ পৰা সংগ্ৰহ কৰোঁ।
৭৷ পানী দূষিত হোৱাৰ তিনিটা কাৰণ লিখা।
উত্তৰ: পানী দূষিত হোৱাৰ তিনিটা কাৰণ হ'ল
   (ক) পুখুৰীত নামি গা-ধোৱা, কাপোৰ ধোৱা।
   (খ) লেতেৰা বস্তু পানীত পেলোৱা।
   (গ) কল-কাৰখানাৰ পৰা ওলোৱা লেতেৰা পানী নদ-নদী, জান-জুৰি আদিত পৰা৷



অতিৰিক্ত প্ৰশ্নোত্তৰ

১৷ পানীক জীৱৰ প্ৰাণ বুলি কিয় কোৱা হয়?
উত্তৰ: পানী অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে, সেইবাবে পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয়।
২৷ মাটিৰ তলত থকা পানী আমি কেনেদৰে উলিয়াই আনি ব্যৱহাৰ কৰিব পাৰোঁ?
উত্তৰ: মাটিৰ তলত থকা পানী আমি কুঁৱা, দমকল আদিৰ জৰিয়তে উলিয়াই আনি ব্যৱহাৰ কৰিব পাৰোঁ।
৩৷ খাৰলি কালত কুঁৱা, খাল-বিল আদিত পানীৰ পৰিমাণ কিয় কমি যায়?
উত্তৰ: খাৰলি কালত বৰষুণ কম হয় বাবে কুঁৱা, খাল-বিল আদিত পানীৰ পৰিমাণ কমি যায়।
৪৷ সকলো পানীয়েই খোৱাৰ উপযোগী হয়নে? যদি নহয় কিয়?
উত্তৰ: সকলো পানী খোৱাৰ উপযোগী নহয়। কাৰণ সকলো পানী পৰিষ্কাৰ নহয়। পৰিষ্কাৰ আৰু বীজাণুমুক্ত পানীহে খোৱাৰ উপযোগী।
৫৷ পানী কিয় অপচয় কৰিব নালাগে?
উত্তৰ: পানী সকলো জীৱৰ বাবে অতি প্ৰয়োজনীয়। পানীৰ নাটনি ন'হবৰ বাবে আমি পানী অপচয় কৰিব নালাগে।
৬৷ পানীৰ অপচয় ৰোধ কৰিবলৈ আমি কি কৰিব পাৰোঁ?
উত্তৰ: আমি কিছুমান কামত এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ আন কিছুমান কামত ব্যৱহাৰ কৰি পানীৰ অপচয় ৰোধ কৰিব পাৰোঁ। যেনে: 
   (ক) ফল-মূল, শাক-পাচলি, চাউল-ডাইল ধোৱা পানী পেলাই নিদি গছৰ পুলি ফুলৰ টাব আদিত দিব পাৰোঁ।
   (খ) কাপোৰ আওডালা পানীখিনি পেলাই নিদি গা-ধোৱা ঘৰ, পকী চোতাল আদি চাফা কৰিব পাৰোঁ।
৭৷ খোৱা-পানী আমি কেনেদৰে ৰাখিব লাগে?
উত্তৰ: খোৱা-পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থ'ব লাগে। ডাঙৰ পাত্ৰৰ পৰা খোৱা-পানী উলিয়াওতে দীঘল নাল থকা মগ ব্যৱহাৰ কৰিব লাগে, যাতে পানীত আঙুলি বা হাত নালাগে।
৮৷ দূষিত পানী খোৱাৰ ফলত কি কি বেমাৰ হ'ব পাৰে?
উত্তৰ: দূষিত পানী খোৱাৰ ফলত কলেৰা, টাইফয়দ, জণ্ডিচ, গ্ৰহণী আদি ৰোগ হ'ব পাৰে।
৯৷ কুঁৱা আৰু দমকলৰ চাৰিওফালে পকী ঘেৰ আৰু নলাৰ ব্যৱস্থা কিয় কৰা হয়?
উত্তৰ: কুঁৱা আৰু দমকলৰ চাৰিওফালে পকী ঘেৰ আৰু নলাৰ ব্যৱস্থা কৰিলে ব্যৱহাৰ কৰা লেতেৰা পানী তললৈ সোমাই যাব নোৱাৰে। ফলত পানী পৰিষ্কাৰ হৈ থাকে।
১০৷ পানীত থকা দুবিধ প্ৰাণী আৰু পানীত ফুলা দুবিধ ফুলৰ নাম লিখা।
উত্তৰ: পানীত থকা দুবিধ প্ৰাণী হ'ল মাছ আৰু ঘঁৰিয়াল।
      পানীত ফুলা দুবিধ ফুল হ'ল পদুম আৰু ভেঁট।

যুগুতালে: বাব্‌লি দেৱীয়ে‍


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ