পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা— সমাজ বি‍জ্ঞান, দশম শ্ৰেণী (প্ৰশ্নাৱলী)


অনুশীলনীৰ প্ৰশ্নাৱলী



১৷ পৰিৱে‍শ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।
২। পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।
৩। স্থলমণ্ডল বুলিলে কি বুজায় লিখা।
৪। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।
৫। বায়ুমণ্ডল কিহেৰে গঠিত লিখা।
৬। জীৱমণ্ডলৰ বিত্তৃতি সম্বন্ধে লি‍খা৷
৭। পৃথিৱীৰ পৰিৱেশৰ প্রধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা।
৮। পৰিৱেশৰ পৰিৱৰ্তনৰ প্রধান কাৰকবোৰ উল্লেখ কৰা।
৯। পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা।
১০। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।
১১। পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।
১২। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।
১৩। কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।
১৪। পৰিৱেশৰ প্রধান সমস্যাসমূহ উল্লেখ কৰা।
১৫। প্ৰদূষণৰ অর্থ লিখা।
১৬। পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।
১৭। মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা।
১৮। বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।
১৯। মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া।
২০। মৰুকৰণৰ কাৰণ দর্শোৱা।
২১। মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?
২২। গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।
২৩। গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।
২৪। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি?
২৫। তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে? যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা।


অতিৰিক্ত প্ৰশ্নাৱলী

অতি চমু উত্তৰৰ প্রশ্ন

মূল্যাংক: 
১৷ সাম্প্ৰতিক কালত শি‍ক্ষা-দীক্ষা, প্ৰশাসন, ৰাজনীতি আদি সকলো দিশতে পৰিৱেশ সম্বন্ধীয় কথা-বতৰা আহি পৰাৰ মূল কাৰণ কি?
২৷ বহল অৰ্থত ‘পৰিৱেশ’ শব্দটোৱে কি বুজায়?
৩৷ পৰিৱেশৰ উপাদানসমূহৰ প্ৰধান ভাগ কেইটা আৰু কি কি?
৪৷ পৰিৱেশৰ জৈৱ উপাদান বুলিলে কোনবোৰ উপাদানক বুজায়?
৫৷ পৰিৱেশৰ অজৈৱ উপাদান বুলিলে কোনবোৰ উপাদানক বুজায়?
৬৷ পিটাৰ হেগেটৰ মতে পৰিৱেশ মানে কি?
৭৷ স্থলমণ্ডল কাক বোলে?
৮৷ স্থলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ ঠাই আগুৰি আছে?
৯৷ স্থলমণ্ডলে কোনবোৰ উপাদানক সামৰি লৈছে?
১০৷ জলমণ্ডল কাক বোলে?
১১৷ জলমণ্ডলে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
১২৷ জলমণ্ডলে কোনবোৰ উপাদান সাঙুৰি লৈছে?
১৩৷ বায়ুমণ্ডল বুলিলে কি বুজা?
১৪৷ ভূ-পৃষ্ঠৰ পৰা কিমান কিল’মিটাৰ উচ্চতালৈকে বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে?
১৫৷ বায়ুমণ্ডলে কোনবোৰ উপাদানক সাঙুৰি লৈছে?
১৬৷ জীৱমণ্ডল বুলিলে কি বুজা?
১৭৷ জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ মুঠ প্ৰজাতিৰ সংখ্যা কিমান?
১৮৷ মানুহ প্ৰজাতিৰ বৈ‍জ্ঞানিক নাম লিখা৷
১৯৷ পৃথিৱীৰ সোঁমাজেদি পূবা-পশ্চিমাকৈ থকা ৰেখাডালক কি বোলে?
২০৷ পাৰিৱেশিক সমস্যা বুলিলে কি বুজা?
২১৷ স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড (CO2) গেছৰ পৰিমাণ কিমান?‍
২২৷ কাৰ্বন-ডাই-অক্সাইড (CO2) গেছে ভূ-পৃষ্ঠৰ উত্তাপৰ ভাৰসাম্য ৰক্ষাত কেনেদৰে সহায় কৰে?
২৩৷ জীৱাশ্ম ইন্ধন কি?
২৪৷ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড (CO2) গেছ বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা৷
২৫৷ পৰিৱেশৰ স্থানীয় সমস্যাৰ দুটা উদাহৰণ দিয়া৷
২৬৷ পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া৷
২৭৷ পৰিৱেশৰ ভৌগোলিক সমস্যাৰ দুটা উদাহৰণ দিয়া৷
২৮৷ মানুহৰ লগতে জীৱজগতৰ ব্যাপক ক্ষতিসাধন কৰা পৰিৱেশৰ যিকোনো দুটা সমস্যা উল্লেখ কৰা৷
২৯৷ প্ৰদূষণ বুলিলে কি বুজা?
৩০৷ প্ৰদূষক মানে কি?
৩১৷ প্ৰদূষকৰ দুটা উদাহৰণ দিয়া৷
৩২৷ পৰিৱেশৰ প্ৰধান উপাদানকেইটা কি কি?
৩৩৷ মাটি প্ৰদূষণ বুলিলে কি বুজা?
৩৪৷ মাটি প্ৰদূষণৰ মূল কাৰণ কি?
৩৫৷ ভূ-গৰ্ভস্থ পানী বুলিলে কি বুজা?
৩৬৷ মাটি প্ৰদূষণৰ দুটা কাৰক উল্লেখ কৰা৷
৩৭৷ বায়ুমণ্ডলত কোনবিধ গেছৰ পৰিমাণ সৰ্বাধিক?
৩৮৷ স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত নাইট্ৰ’জেন গেছৰ পৰিমাণ কিমান?
৩৯৷ স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত অক্সি‍জেন গেছৰ পৰিমাণ কিমান?
৪০৷ বায়ু প্ৰদূষণ বুলিলে কি বুজা?
৪১৷ বায়ু প্ৰদূষণকাৰী প্ৰধান প্ৰাকৃতিক কাৰক কোনটো?
৪২৷ মাউণ্ট পিনাটুব’ ক’ত অৱস্থিত?
৪৩৷ মাউণ্ট পিনাটুব’ৰ উদ্‌গীৰণ কেতিয়া হৈছিল?
৪৪৷ বায়ু প্ৰদূষণকাৰী দুটা প্ৰাকৃতিক কাৰকৰ উল্লেখ কৰা৷
৪৫৷ বায়ু প্ৰদূষণকাৰী দুটা মানৱসৃষ্ট কাৰক উল্লেখ কৰা৷
৪৬৷ শিল্প বিপ্লৱৰ আৰম্ভণি ক’ত হৈছিল?
৪৭৷ কেতিয়াৰ পৰা পৃথিৱীৰ বায়ুমণ্ডল প্ৰদূষিত হ’বলৈ আৰম্ভ কৰে?
৪৮৷ জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কি কি গেছৰ পৰিমাণ বৃদ্ধি পায়?
৪৯৷ বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ এটা ভয়াৱহ পৰিণতি উল্লেখ কৰা৷
৫০৷ এচিড বৰষুণ কেনেকৈ সৃষ্টি হয়?
৫১৷ এচি‍ড বৰষুণৰ সমস্যাই দেখা দিয়া দুখন দেশৰ নাম লিখা৷
৫২৷ পানী প্ৰদূষণ বুলিলে কি বুজা?
৫৩৷ পানী প্ৰদূষণৰ দুটা কাৰক উল্লেখ কৰা৷
৫৪৷ ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া আৱৰ্জনাৰ দ্বাৰা প্ৰদূষিত হোৱা ভাৰতবৰ্ষৰ এখন প্ৰধান নদীৰ নাম লিখা৷
৫৫৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদীদৈৰ্ঘ্যৰ কিমান শতাংশ কৃষিজনিত কাৰকৰ দ্বাৰা প্ৰদূষিত হৈছে?
৫৬৷ ইয়াংছি নদী কোন দেশত অৱস্থিত?
৫৭৷ ইয়াংছি নদীৰ পানী কি দৰে প্ৰদূষিত হৈছে?
৫৮৷ সাগৰৰ পানী প্ৰদূষণৰ এটা কাৰক উল্লেখ কৰা৷
৫৯৷ মৰুভূমিৰ পৰিৱেশ কিয় শুকান?
৬০৷ মৰুভূমিসমূহে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ঠাই সামৰি লৈছে?
৬১৷ শীতল মৰুভূমি বুলিলে কি বুজা?
৬২৷ মৰুকৰণ কি?
৬৩৷ চাহাৰা মৰুভূমি ক’ত অৱস্থিত?
৬৪৷ ১৯৭৭ চনৰ মৰুকৰণ সম্বন্ধীয় ৰাষ্ট্ৰসংঘৰ অধিৱেশন ক’ত অনুষ্ঠি‍ত হৈছিল?
৬৫৷ ৰাষ্ট্ৰসংঘই আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো লিখা৷
৬৬৷ সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ভূমি মৰুকৰণৰ কবলত পৰিছে?
৬৭৷ মৰুকৰণৰ দুটা প্ৰাকৃতিক কাৰক উল্লেখ কৰা৷
৬৮৷ মৰুকৰণৰ দুটা মানৱসৃষ্ট কাৰক উল্লেখ কৰা৷
৬৯৷ সম্প্ৰতি পৃথিৱীৰ কেইখন দেশৰ আপেক্ষিকভাৱে শুকান অঞ্চলবোৰ মৰুকৰণৰ সন্মুখীন হৈছে?
৭০৷ কোনখন মহাদেশত মৰুকৰণৰ দ্বাৰা ক্ষতিগ্ৰস্ত ভূমিৰ পৰিমাণ অধিক?
৭১৷ আমেৰিকা সহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে?
৭২৷ দক্ষিণ আমেৰিকা মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে?
৭৩৷ আফ্ৰিকা মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে?
৭৪৷ অষ্ট্ৰেলিয়া মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে?
৭৫৷ এছিয়া মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে?
৭৬৷ বায়ুমণ্ডল আৰু ভূ-পৃষ্ঠৰ উত্তাপৰ উৎস কি?
৭৭৷ ভূ-পৃষ্ঠলৈ অহা সৌৰশক্তিৰ কিমান শতাংশক মেঘ আৰু ভূ-পৃষ্ঠই প্ৰতি‍ফলিত কৰে?
৭৮৷ ভূ-পৃষ্ঠলৈ অহা সৌৰশক্তিৰ কিমান শতাংশক বায়ুমণ্ডলে শুহি লয়?
৭৯৷ ভূ-পৃষ্ঠলৈ অহা সৌৰশক্তিৰ কিমান শতাংশ লীন তাপ হিচাপে বায়ুমণ্ডললৈ যায়?
৮০৷ কোনবোৰ গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখে?
৮১৷ সেউজ গৃহ গেছ বুলিলে কি বুজা?
৮২৷ বায়ুমণ্ডলত সেউজ গৃহ গেছসমূহৰ মুঠ পৰিমাণ কিমান শতাংশ?
৮৩৷ বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হ’লে বায়ুমণ্ডলৰ উত্তাপৰ কি ধৰণে পৰিৱৰ্তন ঘটে?
৮৪৷ বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত কোনবিধ সেউজ গৃহ গেছৰ ভূমিকা সৰ্বাধিক?
৮৫৷ যোৱা ১৫০ বছৰৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ কিমান বৃদ্ধি হৈছে?
৮৬৷ শিল্প বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ ভূ-পৃষ্ঠৰ গড় উত্তাপ কিমান বৃদ্ধি পাইছে?
৮৭৷ চলিত শতিকাৰ শেষলৈ ভূ-পৃষ্ঠৰ গড় উত্তাপ কিমান বাঢ়িব বুলি অনুমান কৰা হৈছে?
৮৮৷ বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা দুটা সমস্যা উল্লেখ কৰা৷
৮৯. শুদ্ধ উত্তৰ বাছি উলিওৱা:
(i) পিটাৰ হেগেট এজন
  (a) বতৰ বিজ্ঞানী 
  (b) ভূ-বিদ
  (c) ভূগোল বিজ্ঞানী 
  (d) পৰিবেশ বিজ্ঞানী।
(ii) গোলকীয় উত্তাপ বৃদ্ধি এটা
  (a) স্থানীয় সমস্যা 
  (b) আঞ্চলিক সমস্যা
  (c) আন্তঃৰাষ্ট্ৰীয় সমস্যা 
  (d) ব্যক্তিগত সমস্যা।
(iii) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰে বৃদ্ধি কৰে
  (a) অক্সিজেন 
  (b) নাইট্ৰজেন
  (c) কাৰ্বন ডাই অক্সাইড 
  (d) এটাও নহয়। 
(iv) মাউন্ট পিনাটু’ব’ৰ আছে
  (a) ভাৰতবৰ্ষত 
  (b) নেপালত
  (c) চীনত 
  (d) ফিলিপিন্‌ছত
(v) ইয়াংছি নদী অৱস্থিত
  (a) চীন দেশত 
  (b) বাংলাদেশত
  (c) জাপানত 
  (d) ইন্দোনেছিয়াত।
(vi) এছিড বৰষুণৰ কাৰক গেছ দুটা হৈছে
  (a) অক্সিজেন আৰু নাইট্রজেন
  (b) অক্সিজেন আৰু ছালফাৰ ডাই অক্সাইড
  (c) কাৰ্বন ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড
  (d) ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড।
৯০. খালী ঠাই পূৰ কৰা:
 (i) .................... শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়।
 (ii) জৈৱ উপাদান সমূহ .................... ভিতৰুৱা। 
 (iii) ভূ-পৃষ্ঠৰ প্রায় .................... শতাংশ স্থলমণ্ডলে আগুৰি আছে।
 (iv) শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে .................... বোলে।
 (v) পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে .................... ইয়াৰ গঠন কৰিছে।
 (vi) জলমণ্ডলে ভূ-পৃষ্ঠৰ .................... শতাংশ আগুৰি আছে।
 (vii) .................... পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্রাণী থকা অংশবোৰক সামৰি লয়।
 (viii) জীৱমণ্ডলত এতিয়ালৈ প্রায় .................... নিযুত উদ্ভিদ আৰু প্রাণী চিনাক্তকৰণ কৰা হৈছে।
 (ix) অনিষ্টকাৰী দ্রব্যই পৰিৱেশ বিনষ্ট কৰা প্রক্ৰিয়াকে সহজ কথাত .................... বুলি কোৱা হয়।
 (x) মেৰু অঞ্চলৰ বৰফাবৃত্ত এলেকা বোৰক শীতল .................... বোলা হয়। 
 (xi) মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ প্রায় .................... শতাংশ আগুৰি আছে। 

চমু উত্তৰৰ প্রশ্ন

মূল্যাংক: /

. পৃথিৱীৰ প্রাকৃতিক অৱস্থাৰ কোনবোৰ উপাদানে পৰিৱেশৰ নিৰূপন কৰিছে?
. স্থলমণ্ডল কাক বোলে?
. বায়ুমণ্ডল কাক বোলে?
. ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা সমূহ কি কি?
. প্রদূষক কি?
. পানী প্ৰদূষণ কাক বোলে?
. শীতল মৰুভূমি কি?
. সেউজ গৃহ গেছ কাক বোলে?
. এছিড বৰষুণ কিদৰে সৃষ্টি হয়?
১০. পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।
১১. স্থলমণ্ডল বুলিলে কি বুজায় লিখা।
১২. জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।
১৩. বায়ুমণ্ডল কিহেৰে গঠিত লিখা।
১৪. পৰিৱেশৰ পৰিৱৰ্তনৰ প্রধান কাৰকবোৰ উল্লেখ কৰা।
১৫. ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।
১৬. পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।
১৭. কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।
১৮. পৰিৱেশৰ প্রধান সমস্যাসমূহ উল্লেখ কৰা। 
১৯. প্ৰদূষণৰ অর্থ লিখা।
২০. পাৰিৱেশিক সমস্যাবোৰৰ শ্ৰেণীবিভাগ কৰা।
২১. ভৌগোলিক দৃষ্টিকোণৰ পৰা পাৰিৱেশিক সমস্যাবোৰৰ শ্ৰেণীবিভাগকৰা।

ৰচনাধমী প্ৰশ্নাৱলী

মূল্যাংক: /

. পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।
. জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা ।
. গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি?
. পৰিৱেশৰ সমস্যা কি ব্যাখ্যা কৰা।
. পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।
. পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।
. মাটি প্রদূষণৰ বিষয়ে এটি চমু টোকা লিখা। 
. বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।
. মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া।
১০. মৰুকৰণৰ কাৰণ দৰ্শোৱা।
১১. মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?
১২. গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।
১৩. গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।
১৪. তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে? যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায়
চিন্তা কৰি লিখা।
১৫. চমু টোকা লিখা:
   (i) স্থলমণ্ডল 
   (ii) জলমণ্ডল 
   (iii) বায়ুমণ্ডল
   (iv) জীৱমণ্ডল 
   (v) মাটি প্রদূষণ 
   (vi) বায়ু প্ৰদূষণ 
   (vii) পানী প্ৰদূষণ 
   (viii) মৰুকৰণ
   (ix) গোলকীয় উত্তাপ বৃদ্ধি 
   (x) সেউজ গৃহ গেছ



HSLC পৰীক্ষাৰ প্ৰশ্নাৱলী

অতি চমু প্রশ্নাৱলী

মূল্যাংক:

. শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(i) গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহনা যোগোৱো গেছটো হ' 
  (a) মিথেন 
  (b) ক্ল''ফ্ল’ৰ’ কাৰ্বন
  (c) নাইট্ৰাছ অক্সাইড 
  (d) কাৰ্বন ডাইঅক্সাইড [HSLC '১২]
(ii) এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয় 
  (a) মেৰু অঞ্চলত 
  (b) অৰণ্য অঞ্চলত
  (c) ঔদ্যোগিক অঞ্চলত 
  (d) ঘাঁহনি অঞ্চলত [HSLC '১৮]
. 'ভূমিস্খলন’ মানে কি? [HSLC '১১]
. সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী?
  (i) অক্সিজেন 
  (ii) কাৰ্বন ডাই অক্সাইড
  (iii) নাইট্ৰজেন 
  (iv) আৰ্গন [HSLC '১৯]

চমু প্রশ্নাৱলী

মূল্যাংক:/

. মৰুকৰণ কি? মৰুকৰণৰ দুটা কাৰণ লিখা? [HSLC ’১৭]
. প্ৰদূষণ কি? বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। [HSLC '১৭]
. গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি লিখা। [HSLC '১৮]
. পৰিৱেশ পৰিৱৰ্তনৰ তিনিটা প্রধান কাৰণ উল্লেখ কৰা [HSLC '১৮]
. মৰুকৰণৰ প্রধান কাৰণসমূহ চমুকৈ লিখা [HSLC '১৯]
. প্ৰদূষণ মানে কি বুজায় ? মাটি কিদৰে প্রদূষিত হয়, লিখা। [HSLC '১৯]

ৰচনাধৰ্মী প্ৰশ্নাৱলী

মূল্যাংক: /


. অসমৰ পৰ্যটন উদ্যোগৰ সম্তাৱনাসমূহৰ বিষয়ে চমুটোকা লিখা। [HSLC '১২]
. পাৰিবেশিক ব্যৱস্থাপনা মানে কি? কোনো এখন ঠাইৰ ভূমিস্খলন ৰোধ কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি মতামত দিয়া। [HSLC '১২]
. “গোলকীয় উষ্ণায়ন” মানে কি? গোলকীয় উষ্ণায়ন সম্পৰ্কে চমুকৈ আলোচনা কৰা। [HSLC '১৩]
. পৰিবেশিক সমস্যা কি? পৰিবেশিক সমস্যাৰ ভৌগলিক ভাগবোৰ ব্যাখ্যা কৰা। [HSLC '১৭]
. পৃথিৱীৰ পৰিৱেশৰ প্রধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা। [HSLC ’১৮]


দেৱপল্লৱৰ দ্বাৰা যুগুত
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ