ফকৰা যোজনা

ফকৰা যোজনাবোৰ লোকসাহিত্যৰ অমূল্য সম্পদ৷ ফকৰা যোজনাবোৰ প্ৰাচীন কালৰে পৰাই মুখে মুখে চলি অহা বাবে মৌখিক সাহিত্যৰ অন্তৰ্গত। ভাষাৰ সৌষ্ঠৱ আৰু ব্যঞ্জনা প্ৰকাশক ফকৰা-যোজনাৰ গুৰুত্ব অসীম। ইয়াৰ মাজত এটা জাতিৰ জাতীয় চৰিত্ৰ প্রকাশ পায়। লগতে ভাৱৰ প্রকাশ উজু কৰি অৰ্থ বুজাত সহায় কৰে। যেনে— অতি ভক্তি চোৰৰ লক্ষণ৷


ক্ৰিয়াকলাপ:

১। ফকৰা আৰু যোজনা কি?

উত্তৰ: ফকৰা আৰু যোজনাসমূহ হৈছে অসমীয়া লোকসাহিত্যৰ এক শ্ৰেণীৰ অতি মূল্যৱান সম্পদ৷

২। ফকৰা আৰু যোজনা কিয় ব্যৱহাৰ কৰা হয়?

উত্তৰ: ভাষাৰ সৌষ্ঠৱ আৰু ব্যঞ্জনা প্ৰকাশ কৰিবলৈ ফকৰা আৰু যোজনাৰ ব্যৱহাৰ কৰা হয়৷

৩। উপযুক্ত শব্দ ব্যৱহাৰ কৰি তলৰ ফকৰা-যোজনাবোৰ পূৰ কৰা।

(ক) অধিক               কণা৷

উত্তৰ: অধিক  মাছত   বগলী  কণা৷

(খ) আপোন               ভাল।

উত্তৰ: আপোন  ভালেই   জগত  ভাল।

(গ)        কথাৰ        চুটি।

উত্তৰ: মিছা  কথাৰ  ঠেং  চুটি।

(ঘ)        লাই        তাৰ        চিন।

উত্তৰ:  যি‍  লাই  বাঢ়ে‍  তাৰ  দুপাততে‍  চিন।

(ঙ)        পৰম শক্তি।

উত্তৰ:  একতাই  পৰম শক্তি।

(চ) তুলসীৰ লগত          মুক্তি।

উত্তৰ: তুলসীৰ লগত  কলপতুৱাৰ  মুক্তি।

(ছ) টেলীৰ মূৰত        দিয়া।

উত্তৰ: টেলীৰ মূৰত  তেল  দিয়া।

(জ) দুই        দুই        ৷

উত্তৰ: দুই  নাও  দুই  ভৰি‍  ৷

(ঝ) পানীত        নচৰা       

উত্তৰ: পানীত  হাঁহ  নচৰা  অৱস্থা 

(ঞ) গোঁজেই        হোৱা।

উত্তৰ: গোঁজেই  গজালি‍  হোৱা।

৪। তলৰ ফকৰা যোজনাবিলাকৰ ভাৱ বহলাই লিখা।

(ক) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰ: এটোপাল দুটোপাল পানী গোট খায়েই নদ, নদী, সাগৰ, মহাসাগৰৰ দৰে বিশাল জলাধাৰৰ সৃষ্টি হয়৷ কিন্তু অকলে এটা পানীৰ টোপালে তেনে জলাধাৰৰ সৃষ্টি কৰিব নোৱাৰে৷ এজন মানুহৰ নখৰ আগেৰে পানীৰ এটা টোপালহে আহে৷ কিন্তু তেনেকৈ এজন এজনকৈ অলেখ মানুহৰ নখৰ আগত উঠা পানীখিনি একত্ৰ হ’লেও নদীৰ দৰে জলাধাৰৰ সৃষ্টি কৰিব পাৰে৷ ঠিক সেইদৰে বহুতো মানুহৰ সন্মিলিত প্ৰচেষ্টায়ো একোটা ডাঙৰ বা মহৎ কাম সমাধা কৰিব পাৰে৷ এতেকে মানুহৰ একতাই হৈছে পৰম শক্তি৷ 

(খ) উপকাৰীক অজগৰে খায়।

উত্তৰ: অজগৰ হৈছে এক প্ৰকাৰৰ ডাঙৰ সাপ আৰু ই ডাঙৰ জীৱ-জন্তুকো অনায়াসে গ্ৰাস কৰিব পাৰে৷ চিকাৰ ধৰাটো অজগৰৰ স্বভাৱ আৰু সুযোগ পালেই ই চিকাৰ গ্ৰাস কৰিবই৷ কিবা বিপদতো যদি আমি অজগৰক সহায় কৰোঁ, তেতিয়াও কিন্তু সুযোগ পালেই ই গ্ৰাস কৰিবলৈ এৰি নিদিয়ে৷ শত্ৰু সদায় শত্ৰুৱেই, দুষ্ট লোক সদায় দুষ্টই৷ দুষ্ট লোকে আনৰ অপকাৰ কৰাটো স্বভাৱ৷ তেওঁক যদি বিপদতো কিবা সহায় কৰা যায়, তথাপি তেওঁ অপকাৰ কৰিবল‍ৈকে সুযোগ বিচাৰি ফুৰিব৷ এতেকে উপকাৰীৰ উপকাৰৰ শলাগ নোলোৱা অৰ্থতে এই যোজনাটি ব্যৱহাৰ কৰা হয়৷

(গ) চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি।

উত্তৰ: চোৰৰ পৰা বস্তু বচাই ৰাখিবলৈ বা চুৰ কৰা বুলি গম পালে চোৰটোক সহজে ধৰাৰ বাবে আমি গম পোৱাৰ লগে লগে তৎক্ষণাৎ বুদ্ধি খটুৱাবলগা হয় নাইবা আগতীয়াকৈ বুদ্ধি পাঙি ৰাখিবলগা হয়৷ সেইদৰে বৰষুণ আৰু ৰ’দৰ পৰাও ৰক্ষা পাবৰ বাবেহে আমাক জাপিৰ প্ৰয়োজন হয়৷ ৰ’দ বা বৰষুণ নাথাকিলে জাপি এটাৰ বিশেষ কাম নাথাকে৷ চোৰে বস্তু চুৰ কৰি পলোৱাৰ পাছত চোৰ খেদাৰ বু্দ্ধি উলিয়ালে বা বৰষুণত তিতাৰ পাছত জাপিটো ল’লে একো কামত নাহে৷ ঠিক সেইদৰে বিপদ যোৱাৰ পাছত বা আমাৰ কিবা অনিষ্ট হৈ যোৱাৰ পাছত উপায় ওলালেও একো কামত নাহে৷

(ঘ) টেঙা আম এবাৰহে বেচিব পাৰি।

উত্তৰ: মানুহে সাধাৰণতে টেঙা আম খাবলৈ ভাল নাপায় বাবেই টেঙা বুলি গম পালে তেনে আম কিনি নানে৷ কিন্তু বেপাৰীয়ে টেঙা আমকে বজাৰত মিঠা আম বুলি কৈ গ্ৰাহকক বিক্ৰী কৰে৷ কিন্তু পাছত যেতিয়া গ্ৰাহকজনে গম পায় যে সেইজন বেপাৰীয়ে টেঙা আমকে মিঠা আম বুলি কৈ বিক্ৰী কৰি ঠগিলে, তেতিয়া পুনৰবাৰ সেইজন বেপাৰীৰ পৰা আৰু আম নিকিনে; লাগিলে পাছত সেইজন বেপাৰীয়ে মিঠা আমেই নেবেচক কিয়, গ্ৰাহকজনে এবাৰ ঠগ খোৱাৰ পাছত আৰু সেইজন বেপাৰীক বিশ্বাসত ল’ব নোৱাৰে৷ এনেদৰে এবাৰ ঠগ খোৱাৰ পাছত মানুহ ভৱিষ্যতৰ বাবে সাৱধান হয়৷ আনক এবাৰ ফাঁকি দি ঠগা মানুহক ভৱিষ্যতে মানুহে কেতিয়াও বিশ্বাসত ল’ব নোৱাৰে৷

(ঙ) অচিন কাঠৰ থোৰা নলগাবা।

উত্তৰ: থোৰা হৈছে খুবলিত সোমোৱা ঢেঁকীৰ আগমূৰত লগাই থোৱা কাঠৰ অংশটো৷ ঢেঁকীত ধান, চিৰা আদি বানিবৰ বাবে থোৰা অংশটো অতি টান হোৱা প্ৰয়োজন, কিয়নো এই থোৰাডালতেই ঢেঁকীৰ সমস্ত জোৰখিনি পৰে৷ সেয়ে থোৰাডাল সুকাঠী গছৰ কাঠৰ পৰা হোৱাটো প্ৰয়োজনীয়৷ কোনোৱে‍ অচিনাকি কোমল কাঠৰ থোৰা লগালে কেতিয়াবা থোৰাডাল ভাগি হাত-মূৰ ভঙাৰহে সম্ভাৱনা থাকে৷ অৰ্থাৎ অচিনাকি কাঠৰ থোৰা লগালে নিজৰ বিপদ নিজে মাতি অনা হ’ব৷ ঠিক সেইদৰে যি মানুহৰ পৰিচয় বা স্বভাৱ-চৰিত্ৰৰ বিষয়ে ভালকৈ জনা নাযায়, তেনে লোকক সহজে বিশ্বাস কৰা বা তেনে লোকৰ লগত সহজে ঘনিষ্ঠ হৈ পাৰটো উচিত নহয়৷ কিয়নো কেতিয়াবা সুযোগ লৈ তেনে লোকে অপকাৰ সাধন কৰিব পাৰে৷ গতিকে অচিনাকি ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰোঁতে সাৱধান হোৱাটো উচিত৷

(চ) অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ।

উত্তৰ: অভ্যাসেই হৈছে সফলতাৰ মূল চাবিকাঠি৷ কাণত ফ‍ুলি-কেৰু পিন্ধিবৰ বাবে সৰুকৈ ফুটা কৰা হয়৷ এনে সৰু ফুটা একোটাৰ মাজেৰে শৰ মৰাটো সাধাৰণতে‍ অসাধ্য কাম৷ কিন্তু অভ্যাসৰ জৰিয়তে কাণৰ এনে ফুটা বা কৰ্ণপথৰ মাজেৰেও শৰ মাৰিব পৰাটো সম্ভৱ হৈ উঠে৷ অধ্যৱসায়ৰ যোগেদি অভ্যাস কৰি থাকিলে এনে যিকোনো কঠিন কাম অতি সহজ হৈ পৰে৷

(ছ) শাকত নাখায় লোণ পিটিকাত যায় তিনিগুণ।

উত্তৰ: শাকত লোণ নিদিলে খাবলৈ সোৱাদ নহয়৷ কিন্তু এই কথা জানিও কিছুমানে খৰচ ৰাহি কৰিবলৈ গৈ শাকত লোণ নিদিয়ে বা দিলেও কমকৈ দিয়ে৷ কিন্তু আনহাতেদি পিটিকাত লোণ বেছিকৈ দিবলগীয়া হয়গৈ৷ অৰ্থাৎ এফালে ৰাহি কৰিবলৈ যাওঁতে আনফালে দুই-তিনি গুণ অধিক খৰচ হয়গৈ৷ গতিকে, মানুহে সকলো দিশ চালি-জাৰি চাইহে কাম কৰা উচিত৷ 

(জ) আছে গৰু নাবায় হাল, হোৱাতকৈ গৰু নোহোৱাই ভাল।

উত্তৰ: গৰু এবিধ উপকাৰী জন্তু৷ দৈনন্দিন জীৱনৰ বিভিন্ন কাম-কাজত এইবিধ জন্তুৱে মানুহক কামত দিয়ে৷ কৃষকে হাল বোৱা, মৰণা মৰা, মৈ টনা আদি কামত গৰুক খটুৱায়৷ কিন্তু গৰু থাকিও যদি হাল বোৱাৰ দৰে কামত ব্যৱহাৰ কৰা নহয়, বা গৰু থকা স্বত্ত্বেও যদি সেই গৰু কোনো কামৰ বাবে উপযুক্ত নহয়, তেন্তে গৰু থকা বা নথকা একেই কথা৷ তেনে স্থলত গৰু নথকাটোৱে ভাল, কিয়নো তাৰ পৰা আমাৰ একো লাভ নহয়; বৰঞ্চ প্ৰতিপাল কৰোঁতে কষ্টহে হয়; আৰ্থিক লাভ নহৈ অপচয়হে হয়। ঠিক তেনেদৰে মূল্যবান সামগ্ৰী, বিদ্যা-বুদ্ধি বা ধন থাকিও যদি সময়ত সেইবোৰৰ সদ্ব্যৱহাৰ কৰা নহয়, তেন্তে তেনে সম্পদ থাকিও আমাৰ একো উপকাৰ সাধন নহয়৷ ব্যৱহাৰ নকৰা সম্পদৰ কোনো মূল্য নাই। একেদৰে এলেহুৱা বা অকৰ্মণ্য লোক থকা আৰু নথকা একেই কথা৷

(ঝ) আলচা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি।

উত্তৰ: মানুহে মনে ভবা বা আলচা কথা সকলো সিদ্ধি নহয়৷ যিমানেই যত্ন কৰিলেও বিধিয়ে যদি সেয়া হ’বলৈ নিদিয়ে তেন্তে আমি সেয়া সম্ভৱপৰ কৰি তুলিব নোৱাৰোঁ৷ যদি ভাগ্য বেয়া থাকে তেন্তে কিবা নহয় কিবা এটা অপায়-অমংগলে আমাৰ ভবা কথা বা পৰিকল্পনাত বিঘিনি জন্মাবহি পাৰে৷ দুৰ্ভাগ্যই মানুহক কেতিয়াও শান্তিৰে সুখৰ সময় উপভোগ কৰিবলৈ নিদিয়ে৷

(ঞ) উলুৰ লগত বগৰী পোৰা।

উত্তৰ: উলু এবিধ বনৰীয়া গছ৷ উলুৱনিৰ মাজত সাধাৰণতে বগৰী গছ থাকে৷ কিন্তু খেতিয়কে খেতিৰ সময়ত মাটি মুকলাবলৈ অপ্ৰয়োজনীয় উলু গছবিলাক ধ্বংস কৰিবৰ বাবে‍ উলুৱনিত জুই লগাই দিয়ে৷ ফলত উলুৰ লগতে সুস্বাদু ফল দিয়া বগৰী গছবিলাকো জুইত জাহ যায়৷ প্ৰয়‍োজন নোহোৱা উলু গছবিলাকলৰ লগতে থকা বাবেই মানুহক প্ৰয়োজন হোৱা বগৰী গছবিলাকো নষ্ট হয়৷ ঠিক তেনেদৰে অসৎ সংগত থাকিলে সৎ লোকৰো অনেক সময়ত বিপদ আৰু অনিষ্ট সাধন হয়৷

(ট) উদক ভেঁটা ৰখীয়া পতা।

উত্তৰ: বোঁৱতী পানীত ভেঁটা দি তাত চেপা, বান আদি পাতি মাছ ধৰা হয়৷ ভেঁটা দিলে পানীৰ সোঁতত মাছ যাব নোৱাৰি জঁপিয়াই ভেটা পাৰ হ’বলৈ চেষ্টা কৰে৷ সেইবাবে মাছ যাতে জঁপিয়াই পাৰ হ’ব নোৱাৰে তাৰ বাবে ভেটাত ৰখীয়া হিচাপে মানুহ থাকিবলগা হয়৷ উদ হৈছে মাছ খাই ভাল পোৱা এবিধ প্ৰাণী৷ ভেটাত যদি মানুহৰ সলনি মাছ খাই ভাল পোৱা উদক ৰখীয়া পতা হয়, তেন্তে উদে মাছ জঁপিওৱাত বাধা দিয়াৰ পৰিৱৰ্তে সকলো মাছ খাই শেষহে কৰিব৷ তেনেদৰে যিজনে যি বস্তুৰ প্ৰতি লোভ কৰে তেনে লোকক সেই বস্তুৰ ৰখীয়া পাতিলেও সকলো আত্মসাৎ কৰাৰহে চেষ্টা কৰিব৷ 

(ঠ) আদাক দেখি উঠিল গা কেঁতুৰি‍য়ে বোলে মোকো খা।

উত্তৰ: আদা আৰু কেঁতুৰি‍ দেখাত প্ৰায় একেই৷ আদা অতি প্ৰয়োজনীয়, ঔষধি গুণযুক্ত আৰু ইয়াক মছলা হিচাপেও ব্যৱহাৰ কৰা হয়৷ নামঘৰত মাহ-প্ৰসাদতো আদা দিয়া হয়৷ কিন্তু কেঁতুৰি‍ আদাৰ দৰে দেখাত একেই যদিও ই খাদ্য হিচাপেও ব্যৱহাৰ নহয় বা আন একো কামতেই ইয়াক ব্যৱহাৰ কৰা নহয়৷ মানুহে আদাক খোৱা দেখি যেন কেঁতুৰি‍য়েও মোকো খাওক বুলি ভাবে৷ ঠিক তেনেদৰে সমাজত এনে কিছুমান লোক আছে যিবিলাক কোনো কামৰ বাবে যোগ্য নহয়৷ এনে লোকৰ কিবা জ্ঞান-বিদ্যা-বুদ্ধি নাথাকিলেও বিভিন্ন বিষয়ত তেওঁলোকৰ সামৰ্থ্য আছে বুলি প্ৰচাৰ কৰিব বিচাৰে৷ সমাজত যোগ্যজনে আৰু গুণী-জ্ঞানীজনে মান-সন্মান পোৱা দেখিয়ে নিজৰ অযোগ্যতাৰ কথা জানিও মান-সন্মান পোৱাৰ আশা কৰে আৰু আনক দেখিয়ে নিজৰ শক্তি-সামৰ্থ্যৰ প্ৰতি লক্ষ্য নৰখাকৈয়ে যিকোনো কাম কৰিবলৈ আগবাঢ়ে৷ 

(ড) এশ গৰু মাৰিলে বাঘৰো মৰণ।

উত্তৰ: বাঘ স্বভাৱতে হিংস্ৰ বন্য প্ৰাণী৷ বাঘে গৰু, ম’হ, ছাগলী, হৰিণা আদি স্তন্যপায়ী জীৱবোৰ চিকাৰ কৰি ভক্ষণ কৰে৷ আনহাতে গৰু ঘৰচীয়া প্ৰাণী আৰু মানুহে ইহঁতক ৰক্ষণাবেক্ষণ দি ৰাখে৷ বাঘে এটা-দুটা গৰু মাৰি সাৰিব পাৰে; কিন্তু যেতিয়া বাঘে এটা-দুটাতৈ অনেক গৰু মাৰে, তেতিয়া মানুহে বাঘটো ধৰি বধ কৰাৰ বাবে উদ্যত হৈ পৰে আৰু অৱশেষত যিকোনো উপায়েৰে মানুহে বাঘটো ধৰি বন্দী কৰে বা বধ কৰে৷ ঠিক তেনেদৰে মানুহেও এটা-দুটা বেয়া কাম কৰি কেনেবাকৈ সাৰি যাব পাৰিলেও বেয়া কামৰ মাত্ৰা যেতিয়া বাঢ়ি যাব, তেতিয়া তেওঁৰ বাবেও শাস্তি বা বিপদ অনিবাৰ্য হৈ পৰিব৷ সেয়ে বেয়া কামৰ পৰা সকলো বিৰত থকা উচিত৷

(ঢ) কিনা হাঁহৰ ঠোঁটলৈকে মঙহ।

উত্তৰ: মঙহৰ বাবে মানুহে টকা-পইচা দি বজাৰৰ পৰা হাঁহ কিনি আনে৷ হাঁহৰ ঠোঁটটো মানুহে নাখায় যদিও কিনি অনা বাবেই মঙহ কুটা-বচা কৰোঁতে যেন ইয়াৰ ঠোঁটোলৈকে মঙহ উলিয়াব বিচাৰে৷ ঠিক তেনেকৈ ধন খৰচ কৰি কিনি অনা আন বস্তুকে মানুহে অপচয় নকৰি যিমানলৈকে পাৰি সিমানখিনি সদ্ব্যৱহাৰ কৰা উচিত৷

(ণ) কেৰ্কেটুৱাই তামোল খায় নেউলক বান্ধি কিলায়।

উত্তৰ: কেৰ্কেটুৱা আৰু নেউল দেখাত ৰং আৰু আকাৰে আকৃতিয়ে প্ৰায় একেই৷ দুয়োবিধৰ মাজত দেখাত মাথোঁ অলপমান প্ৰভদে আছে৷ কেৰ্কেটুৱাই তামোল খায়৷ কিন্তু নেউলে তামোল নাখায়৷ কিন্তু মানুহে কেতিয়াবা বাৰীত নেউল পালে কেৰ্কটুৱা বুলি ভাবি তামোল নষ্ট কৰাৰ খঙত নেউলকে মাৰে৷ নেউল এই ক্ষেত্ৰত প্ৰকৃততে নিৰ্দোষী যদিও দেখাত সাদৃশ্য থকাৰ বাবেই শাস্তি খাবলগা হয়৷ ঠিক সেইদৰে যিকোনো কুকৰ্ম কৰাজন পলাই সাৰে আৰু প্ৰকৃত দোষীজনক নাপাই নিৰ্দোষীজনেও কেতিয়াবা অনাহকতে শাস্তি ভোগ কৰিবলগা হয়৷

(ত) গোৰ মাৰি গঙ্গাত পেলোৱা।

উত্তৰ: গংগাক ভাৰতৰ এখন পৱিত্ৰ নদী হিচাপে প্ৰাচীন কালৰে পৰা গণ্য কৰি অহা হৈছে৷ গংগাত স্নান কৰিলে পাপ খণ্ডন হোৱাৰ লগতে পুণ্য অৰ্জন হয় বুলিও এক বিশ্বাস ভাৰতীয় সমাজত প্ৰচলিত৷ সেয়ে বহু দূৰ-দূৰণিৰ লোকে গৈ গংগাত স্নান কৰেগৈ আৰু পি‍তৃ-মাতৃৰ অস্থিও গংগাত বিসৰ্জন দিয়েগৈ৷ গোৰ মৰা মানে ভৰিৰে আঘাত কৰা৷ খঙত কাৰোবাৰ অনিষ্ট হওক বুলি এজনে গোৰ মাৰি দিওঁতে যদি আনজন গৈ গংগাতহে পৰেগৈ তেন্তে গংগাত পৰাজনে বিনাকষ্টে গংগাত স্নান কৰাৰ ফলহে লাভ কৰিব৷ ঠিক সেইদৰে কাৰোবাৰ অপকাৰৰ বাবে কৰা চেষ্টাৰ ফলত উপকাৰহে সাধন হোৱা বুজাবলৈ এই ফকৰা-যোজনাটি ব্যৱহাৰ কৰা হয়৷

(থ) চুঙা চাই সোপা দিয়া।

উত্তৰ: চুঙা এটাৰ মুখখন যিমান বহল বা ডাঙৰ সোপাটোও সিমানেই ডাঙৰ হ’ব লাগে৷ অন্যথা সোপাটো ঢিলা হ’ব আৰু ফলস্বৰূপে চুঙাৰ ভিতৰত ভৰোৱা বস্তুখিনি ওলাই অহাৰ সম্ভাৱনা থাকিব৷ ঠিক তেনেদৰে মানুহে সোধা প্ৰশ্নৰ উত্তৰো যথা সময়ত যথোচিতভাৱে দিব লাগে৷

(দ) জ্বলা জুইত ঘিউ ঢলা।

উত্তৰ: জ্বলি থকা জুইত ঘিউ ঢালি দিলে জুইকুৰা ভমককৈ জ্বলি উঠে৷ ঠিক তেনেদৰে কাৰোবাৰ খং উঠি থকা অৱস্থাতে অধিক বিৰক্তিকৰ কথা ক’লে খং আৰু বাঢ়ি যাব৷ এনে অৰ্থত এই কথাফাকি ব্যৱহাৰ কৰা হয়৷

(ধ) তপত ভাতৰ ধোঁৱাই ধৰা।

উত্তৰ: তপত ভাতৰ পৰা ধোঁৱা ওলায়৷ কিন্তু এই ধোঁৱাৰ উষ্ণতা ইমান বেছি নহয়, সকলোৱে সহ্য কৰিব পৰা বিধৰ৷ কিন্তু তপত ভাতৰ ধোঁৱায়ো যদি কোনো লোকক পুৰে তেন্তে তেনে লোক মুঠেই কষ্ট সহিব পৰা বিধৰ নহয়৷ সামান্য কষ্টও সহিব নোৱৰা অৰ্থত বা অলপ দুখতে কাতৰ হৈ পৰা অৰ্থত এই ফকৰাটি ব্যৱহাৰ কৰা হয়৷ 

(ন) দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ।

উত্তৰ: ম’হ এবিধ ডাঙৰ আৰু শক্তিশালী জন্তু। কেতিয়াবা দুটা ম’হৰ মাজত যুঁজ লাগিলে সেই যুঁজ বহু সময়লৈকে শেষ নহয়৷ কোনো এটায়ো সহজে হাৰ নামানে৷ বহু সময় ধৰি ম’হ দুটাই যুঁজ লাগি থকাৰ ফলত ইহঁতৰ গচকত বহুতো বিৰিণা বা আন ঘাঁহ-বন মৰি যায়৷ ঠিক তেনেদৰে কেতিয়াবা সমাজৰ দুজন প্ৰতিপত্তিশালী লোক বা দলৰ মাজত হোৱা অৰিয়া-অৰি, বাক-বিতণ্ডাৰ ফলত নিৰীহজনৰ বা সাধাৰণ লোকৰ হাৰাশাস্তি হয়।

(প) নাই মোমাইতকৈ কণা মোমায়ে ভাল।

উত্তৰ: মোমায়েক-ভাগিনীয়েকৰ সম্পৰ্ক সাধাৰণতে অতি মৰমৰ সম্পৰ্ক৷ ভাগিনীয়েকসকলে মোমায়েকৰ পৰা যথেষ্ট মৰম-আদৰ পায়৷ তদুপৰি অসমীয়া সমাজত বিভিন্ন মাংগলিক কাৰ্যতো মোমায়েকৰ গুৰুত্বপূৰ্ণ ভূমিকা লক্ষণীয়৷ সেয়েহে মোমায়েক নথকাতকৈ কণা হ’লেও এজন মোমায়েক থকাটোও অসমীয়া সমাজত ভাগ্যৰ কথা হিচাপে গণ্য কৰা হয়৷ ঠিক সেইদৰে একো নথকাতকৈ অলপ হ’লেও থকাটো ভাল বা কোনো বস্তু একেবাৰে নথকাতকৈ নিম্ন মানৰ হ’লেও অলপ থকাটোৱে শ্ৰেয়৷

(ফ) পৰত আশ বনত বাস।

উত্তৰ: বনত বাস কৰাটো সহজ কথা নহয়৷ বনত বাস কৰা লোকে বিভিন্ন সময়ত বিভিন্ন অসুবিধা আৰু বিপদৰ সন্মুখীন হ’বলগীয়া আৰু বিপদৰ সময়ত সহায় কৰোঁতা কাকো বিচাৰি নাপায়৷ ফলস্বৰূপে কষ্ট ভুগিবলগীয়া হয়৷ আনে কিবা কাম কৰি দিব বুলি আশা কৰি থাকিলে সেই কাম সময়ত হৈ নুঠিব পাৰে৷ কিয়নো সদায় সকলো কামতে আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব নোৱাৰি। প্ৰতিজন মানুহেই নিজ নিজ কামত ব্যস্ত, সেয়ে আনক সহায় কৰিবলৈকো মানুহৰ আহৰি নাই। কিছুমান কাম নিজে নিজে কৰিবলৈ শিকিলে আনৰ ওপৰত নিৰ্ভৰ নকৰিলেও চলে। পৰনিৰ্ভৰশীল হ’লে মানুহৰ সমাজত থাকিও বনত বাস কৰাৰ দৰে অৱস্থা হয়। সেয়ে পৰমুখাপেক্ষী আৰু পৰৰ ওপৰত আশাবাদী হ’ব নালাগে৷ অন্যথা কেতিয়াবা ঘোৰ বিপদৰ সন্মুখীন হ’বলগাত অৱস্থা হ’ব পাৰে৷

(ব) বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী।

উত্তৰ: কোৱাভাতুৰী হৈছে ভাতকেৰেলাৰ পাতৰ দৰে পাত থকা এবিধ লতাজাতীয় গছ৷ এইবিধ গছত তামোলৰ আকাৰৰ সমান ডাঙৰ, ঘূৰণীয়া এবিধ ফল লাগে৷ এই ফল পকিলে বাহিৰ ভাগ ৰঙা হয়, দেখাত সুন্দৰ হয়; কিন্তু ভিতৰৰ ভাগ কেট্‌কেট্‌কৈ‍ ক’লা হয়৷ অৰ্থাৎ ইয়াৰ বাহিৰভাগৰ সৌন্দৰ্যৰ লগত ভিতৰ ভাগৰ মিল দেখা নাযায়৷ বাহিৰে ৰংচঙীয়া বস্তু একোটাৰ ভিতৰভাগ সুন্দৰ নহ’বও পাৰে৷ ঠিক সেইদৰে কোনো বস্তু বা ব্যক্তিৰ বাহ্যিকতা দেখিয়েই তেওঁৰ গুণাগুণ নিৰূপণ কৰিব নোৱাৰি৷

(ভ) ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ।

উত্তৰ: প্ৰাচীন ইন্দ্ৰপ্ৰস্থৰ কাষত খাণ্ডৱ নামেৰে এখন অৰণ্য আছিল আৰু অৰণ্যখনত বহুতো জীৱ-জন্তু আৰু পশু-পক্ষীয়ে বাস কৰিছিল৷ কিন্তু পাছত সামন্য এটা ফিৰিঙতিৰ পৰাই গোটেই অৰণ্যখন পুৰি ভস্মীভূত হৈছিল৷ ঠিক তেনেদৰেই সামান্য এটা ঘটনাৰ পৰাও ডাঙৰ ধ্বংসকাৰ্য সংঘটিত হ’ব পাৰে অথবা জটিল সমস্যাৰ উদ্ভৱ হ’ব পাৰে৷ সেয়ে সামান্য বস্তু অথবা ঘটনাক সামান্য বুলিয়েই আওকাণ বা অৱহেলা কৰা উচিত নহয়৷

(ম) মাছৰ তেলেৰে মাছ ভজা।

উত্তৰ: সাধাৰণতে মাছ ভাজিবলৈ সৰিয়হৰ তেলৰ প্ৰয়োজন হয়৷ এনে স্থলত কোৱা হৈছে যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অৰ্থাৎ মাছৰ গাৰপৰা ওলোৱা চৰ্বিতে‍ মাছ ভাজে৷ অৰ্থাৎ মূল ধনত হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনো কাৰ্য কৰা৷

(য) হলা গছ দেখি বাগী কুঠাৰ মৰা।

উত্তৰ: বাগি কুঠাৰ মৰা মানে কোনো বস্তু কাটিবলৈ বা ফালিবলৈ মুখামুখি হৈ বগিয়াবগিকৈ কুঠাৰ মৰা কাৰ্য৷ থিয় হৈ থকা গছ এজোপা কুঠাৰ মাৰি কাটিবলৈ ইমান সহজ নহয়, কিন্তু হাউলি থকা গছ এজোপাত কুঠাৰ মাৰিবলৈ সহজ আৰু সি নিজৰ ভৰতে সহজে পৰি যায়৷ সেয়ে সহজ দেখি সকলোৱে হালি থকা গছ কাটিব বিচাৰে; কিন্তু পোন হৈ থকা গছ এজোপা কাটিবলৈ জটিল বাবে সকলোৱে কাটিব নোখোজে৷ সেইদৰে সমাজত যিসকল লোক দুর্বল তেনে লোকক সকলোৱে সহজে কষ্ট দিয়ে বা তেনে লোকক সহজেই অনিষ্ট সাধন কৰে‍। সমাজৰ মুখিয়াল, প্ৰতিপত্তিশালী লোকসকলক কোনোৱে একো অপকাৰ কৰিবলৈ সাহস নকৰে।

৫। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা:

(ক) সাপেহে সাপৰ ঠেং দেখে(i) সন্মিলিত শক্তিৰে অসাধ্যও সাধন কৰিব পাৰি।
(খ) অধিক মাছত বগলী কণা(ii) সাধাৰণ কথাৰ পৰা কোনো ডাঙৰ ঘটনা হোৱা।
(গ) ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ(iii) নিজেও দুষ্ট বাবে আনকো দুষ্ট বুলি ভবা।
(ঘ) উদক ভেঁটা ৰখীয়া পতা(iv) কোনো সিদ্ধান্ত ল’ব নোৱৰা অৱস্থা।
(ঙ) ৰাইজে নখ জোকাৰিলে নৈ বয়(v) অতি লুভীয়া মানুহক কোনো বস্তুৰ ৰখীয়া পতা।

উত্তৰ:

(ক) সাপেহে সাপৰ ঠেং দেখে(iii) নিজেও দুষ্ট বাবে আনকো দুষ্ট বুলি ভবা।
(খ) অধিক মাছত বগলী কণা(iv) কোনো সিদ্ধান্ত ল’ব নোৱৰা অৱস্থা।
(গ) ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ(ii) সাধাৰণ কথাৰ পৰা কোনো ডাঙৰ ঘটনা হোৱা।
(ঘ) উদক ভেঁটা ৰখীয়া পতা(v) অতি লুভীয়া মানুহক কোনো বস্তুৰ ৰখীয়া পতা।
(ঙ) ৰাইজে নখ জোকাৰিলে নৈ বয়(i) সন্মিলিত শক্তিৰে অসাধ্যও সাধন কৰিব পাৰি।

৬। শুদ্ধটোত (✔) চিন দিয়া:

(ক) আপোন ভালেই জগত ভাল— ফকৰা যোজনাৰ অৰ্থ—

(i) নিজে ভাল হ’লে আনৰ পৰাও ভাল ব্যৱহাৰ পোৱা৷ ✔

(ii) প্ৰয়োজনৰ সময়ত নোপোৱা।

(iii) লগ লাগি ডাঙৰ কাম কৰা।

(iv) শত্ৰুক সম্পূৰ্ণৰূপে শেষ নকৰা।

(খ) হৰিণাৰ মাংসই বৈৰী’-ৰ অৰ্থ—

(i) নিজৰ বশত থকা সাধাৰণ লোক।

(ii) মানুহৰ নিজৰ গুণ-সম্পদেই নিজৰ শত্ৰু হৈ পৰা। ✔

(iii) শত্ৰুক সম্পূৰ্ণৰূপে শেষ নকৰা।

(iv) প্ৰয়োজনৰ সময়ত নোপোৱা।

(গ) ‘আঁঠুৱা চাই ঠেং মেলা’-ৰ অৰ্থ—

(i) নিজেই সৎ হৈ আনকো সৎ পথলৈ অনা।

(ii) নিজেই নিজৰ শত্ৰু হৈ পৰা।

(iii) আয় চাই ব্যয় কৰা। ✔

(iv) প্ৰয়োজনৰ সময়ত নোপোৱা।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ