ৰাষ্ট্ৰীয় দিৱস— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী




অনুশীলনীৰ প্ৰশ্ন


১৷ উত্তৰ লিখা
(ক) ভাৰতবৰ্ষৰ জাতীয় পতাকাখনক কিয় ত্ৰিৰংগ পতাকা বুলি কোৱা হয়?
উত্তৰ: ভাৰতবৰ্ষৰ জাতীয়  পতাকাখনত তিনিটা ৰং থকা বাবে পতাকাখনক ত্ৰিৰংগ পতাকা বুলি কোৱা হয়।
খ) জাতীয় প্ৰতীকৰ মোহৰটো আমি ক’ত ক’ত ব্যৱহাৰ কৰোঁ?
উত্তৰ: জাতীয় প্ৰতীকৰ মোহৰটো আমি চৰকাৰী কাগজ-পত্ৰ, ডাক-টিকট, পোষ্টকাৰ্ড আদিত ব্যৱহাৰ কৰোঁ।
(গ) ভাৰতবৰ্ষই কোন তাৰিখে স্বাধীনতা দিৱস উদ্‌যাপন কৰে?
উত্তৰ: ভাৰতবৰ্ষই প্ৰতি বছৰে ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদ্‌যাপন কৰে।
(ঘ) জাতীয় পতাকাখনৰ ব্যৱহাৰৰ তিনিটা নিয়ম লিখা।
উত্তৰ: জাতীয় পতাকাখনৰ ব্যৱহাৰৰ তিনিটা নিয়ম হ’ল— 
(i) সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে নমাব লাগে।
(ii) জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে।
(iii) সভাকক্ষ বা সভাথলীত বক্তাৰ সোঁফালে জাতীয় পতাকাখন থাকিব লাগে।
(ঙ) জাতীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম লিখা।
উত্তৰ: জাতীয় পতাকা উত্তোলন কৰা দুটা দিৱস হ’ল— স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস।
২৷ জাতীয় পতাকাৰ ৰংকেইটাই কি বুজায়? ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

ক
খ
সেউজীয়াত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক।
বগাকৃষি আৰু প্ৰগতিৰ প্ৰতীক।
গেৰুৱাআকাশ আৰু সমুদ্ৰক বুজায়।
গাঢ় নীলাসত্য আৰু শান্তিৰ প্ৰতীক।

উত্তৰ:
ক
খ
সেউজীয়াকৃষি আৰু প্ৰগতিৰ প্ৰতীক।
বগাসত্য আৰু শান্তিৰ প্ৰতীক।
গেৰুৱাত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক।
গাঢ় নীলাআকাশ আৰু সমুদ্ৰক বুজায়।

৩৷ খালী ঠাই পূৰ কৰা—
(ক) মহাত্মা গান্ধীৰ জন্মদিনটো  গান্ধী জয়ন্তী  হিচাপে পালন কৰা হয়।
(খ) জৱাহৰলাল নেহৰু শিশুসকলৰ মাজত  নেহৰু খুড়া  বুলি পৰিচিত।
(গ) ২৬ জানুৱাৰীত  গণতন্ত্ৰ দিৱস  পালন কৰা হয়।
(ঘ)  ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ  জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়।
(ঙ) আমাৰ জাতীয় প্ৰতীকটোক  অশোক স্তম্ভ  বোলে।

৪৷ তলত দিয়া জাতীয় পতাকাখন শুদ্ধ ৰঙেৰে বোলোৱা।

উত্তৰ:



অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নোত্তৰ 

১৷ ত্ৰিৰংগ পতাকাখনে কেতিয়া ভাৰতৰ জাতীয় পতাকা হিচাপে স্বীকৃতি পাইছিল?
উত্তৰ: ত্ৰিৰংগ পতাকাখনে ১৯৪৭ চনৰ ২২ জুলাই তাৰিখে ভাৰতৰ জাতীয় পতাকা হিচাপে স্বীকৃতি পাইছিল।
২৷ অশোক চক্ৰটোৰ আন এটা নাম কি?
উত্তৰ: অশোক চক্ৰটোৰ আন এটা নাম ধৰ্মচক্ৰ।
৩৷ জাতীয় পতাকাত থকা অশোক চক্ৰটো ক’ৰ পৰা লোৱা হৈছে?
উত্তৰ: জাতীয় পতাকাত থকা অশোক চক্ৰটো সাৰনাথত থকা অশোক স্তম্ভৰ পৰা লোৱা হৈছে।
৪৷ অশোক চক্ৰটোত কেইডাল দণ্ড আছে?
উত্তৰ: অশোক চক্ৰটোত ২৪ ডাল দণ্ড আছে।
৫৷ আমাৰ জাতীয় প্ৰতীকটো কি?
উত্তৰ: আমাৰ জাতীয় প্ৰতীকটো হৈছে অশোক স্তম্ভ।
৬৷ অশোক স্তম্ভত কেইটা সিংহ থাকে?
উত্তৰ: অশোক স্তম্ভত চাৰিটা সিংহ থাকে।
৭৷ অশোক স্তম্ভৰ একেবাৰে তলত কি বুলি লিখা থাকে?
উত্তৰ: অশোক স্তম্ভৰ একেবাৰে তলত ‘সত্যমেৱ জয়তে’ বুলি লিখা থাকে।
৮৷ অশোক স্তম্ভটোত সিংহ কেইটাৰ তলত কি কি আছে?
উত্তৰ: অশোক স্তম্ভটোত সিংহকেইটাৰ তলত এটা চক্ৰ আছে। চক্ৰটোৰ এফালে ঘোঁৰাৰ ছবি আৰু আনফালে এটা ষাঁড়গৰুৰ ছবি আছে।
৯৷ ১৫ আগষ্টৰ দিনা প্ৰধানমন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰে?
উত্তৰ: ১৫ আগষ্টৰ দিনা প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰে।
১০। গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীত কোনে পতাকা উত্তোলন কৰে?
উত্তৰ: গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীত ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে।
১১৷ মহাত্মা গান্ধীৰ সমাধিস্থল ক’ত?
উত্তৰ: মহাত্মা গান্ধীৰ সমাধিস্থল দিল্লীৰ ৰাজঘাটত।
১২৷ স্বাধীন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি কোন?
উত্তৰ: স্বাধীন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণন।
১৩৷ কোন তাৰিখে ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল?
উত্তৰ: ৫ ছেপ্তেম্বৰ তাৰিখে ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল।
১৪৷ ৫ ছেপ্তেম্বৰ দিনটো কিয় শিক্ষক দিৱস হিচাপে পালন কৰা হয়?
উত্তৰ: ৫ ছেপ্তেম্বৰ তাৰিখে ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। তেখেত এজন শিক্ষক তথা মহান শিক্ষাবিদ আছিল। শিক্ষাজগতলৈ তেখেতে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই ৫ ছেপ্তেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 
১৫৷ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন?
উত্তৰ: স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু।
১৬৷ শিশু দিৱস কাৰ স্মৃতিত পালন কৰা হয়?
উত্তৰ: পণ্ডিত জৱাহৰলাল নেহৰুৰ স্মৃতিত তেখেতৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়।
১৭৷ জৱাহৰলাল নেহৰুৰ জন্মদিনটো কিয় ‘শিশু দিৱস’ হিচাপে পালন কৰা হয়?
উত্তৰ: জৱাহৰলাল নেহৰুৱে শিশুসকলক বৰ ভাল পাইছিল। সেয়েহে তেওঁৰ জন্মদিনটো ‘শিশু দিৱস’ হিচাপে পালন কৰা হয়।
১৮৷ জাতিৰ পিতা বুলি কাক কোৱা হয়?
উত্তৰ: জাতিৰ পিতা বুলি মহাত্মা গান্ধীক কোৱা হয়।
১৯৷ মহাত্মা গান্ধীয়ে কাৰ বিৰুদ্ধে অহিংস আন্দোলন কৰিছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে ইংৰাজৰ বিৰুদ্ধে অহিংস আন্দোলন কৰিছিল।
২০। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

ক
খ
গান্ধী জয়ন্তী
৫ ছেপ্তেম্বৰ
শিশু দিৱস
২ অক্টোবৰ
শিক্ষক দিৱস
২৬ জানুৱাৰী
গণতন্ত্ৰ দিৱস
১৫ আগষ্ট
স্বাধীনতা দিৱস
১৪ নৱেম্বৰ

উত্তৰ:
ক
খ
গান্ধী জয়ন্তী
২ অক্টোবৰ
শিশু দিৱস
১৪ নৱেম্বৰ
শিক্ষক দিৱস
৫ ছেপ্তেম্বৰ
গণতন্ত্ৰ দিৱস
২৬ জানুৱাৰী
স্বাধীনতা দিৱস
১৫ আগষ্ট

যুগুতালে‍: বাব্‌লি দেৱীয়ে‍
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ