বড়োসকল (বৈচিত্ৰ্যময় অসম)— প্ৰশ্নাৱলী

বৈচিত্ৰ্যময় অসম

পাঠভিত্তিক প্ৰশ্নাৱলী

১। বড়োভাষা কি ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত?
২। পণ্ডিতসকলৰ মতে তিব্বতীয় ভাষাৰ প্রধান ঠাল দুটা কি কি?
৩। বড়ো মূলৰ পৰা সৃষ্টি হোৱা ভাষাবোৰ কি কি?
৪। বড়োভাষা কেতিয়া প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল?
৫। উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেতিয়াৰ পৰা বড়ো ভাষা অন্তৰ্ভুক্ত কৰা হয়?
৬। গুৱাহাটী বিশ্ববিদ্যালয়ে কোন চনৰপৰা বড়ো ভাষাক ভাৰতীয় আধুনিক ভাষা হিচাপে স্বীকৃতি প্রদান কৰে?
৭। কেতিয়াৰ পৰা বড়ো ভাষাই অসমৰ ৰাজ্য ভাষা হিচাপে ৰাজপত্ৰৰ যোগেদি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়?
৮৷ বড়ো সাহিত্য সভা কেতিয়া গঠন হয়?
৯। বড়োভাষাৰ প্রথম গ্ৰন্থখন কি?
১০৷ বড়ো সাহিত্যৰ প্রথম চুটি গল্পৰ পুথিখনৰ নাম কি?
১১। বড়ো সাহিত্যৰ প্ৰথমখন উপন্যাসৰ নাম কি?
১২। বড়ো ভাষাৰ কেইখনমান বাতৰি কাকতৰ নাম লিখা।
১৩। বড়ো সকলৰ অতি পুৰণি ধৰ্মটো কি?
১৪। বড়োসকলৰ শ্রেষ্ঠ দেৱতা কোন?
১৫। বড়োসকলৰ পঞ্চতত্ব’ কি কি?
১৬৷ পঞ্চতত্বৰ সৃষ্টিকৰ্তাজনক কি বুলি কোৱা হয়?
১৭। বড়োসকলে শ্ৰদ্ধা আৰু সন্মানৰ চিন-স্বৰূপে কি ব্যৱহাৰ কৰে?
১৮৷ বড়োসকলৰ প্ৰধান গীতসমুহ কি কি তিনিটা ভাগত ভাগ কৰিব পাৰি?
১৯৷ বড়োসকলৰ কেইবিধমান প্রধান বাদ্য-যন্ত্ৰৰ নাম লিখা।
২০। বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদখন কেতিয়া গঠন কৰা হয়?
২১৷ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াচ ডিষ্ট্রিক নামৰ চুক্তিখন কেতিয়া সম্পাদন কৰা হয়?
২২৷ বডোলেণ্ড টেৰিটৰিয়েল এৰিয়াচ ডিষ্টিক চুক্তি অনুসৰি বি.টি.চি. (বড়োলেণ্ড) এলেকাত মুঠ কিমানখন গাঁও সামৰি লৈ চাৰিখন জিলা গঠন কৰা হয়?
২৩। ১৯৫৫ চনত দিল্লীত হোৱা অল ইণ্ডিয়া ৰেডিঅ'ৰ মুকলি প্ৰদৰ্শনী অনুষ্ঠানত কোনে গীত পৰিবেশন কৰিছিল?
২৪৷ ১৯৫৭ চনৰ ২৭ জানুৱাৰী তাৰিখে দিল্লীত অনুষ্ঠিত গণতন্ত্ৰ দিৱসৰ পিছদিনা বাগুৰুম্বা নৃত্য পৰিবেশন কৰি বড়ো কৃষ্টি দলে কি স্থান দখল কৰে?
২৫। ওস্তাদ কামিনি কুমাৰ নাৰ্জাৰীয়ে কিমান চনত সংগীত নাটক একাডেমী লাভ কৰিছিল?
২৬। বড়ো, ইংৰাজী, অসমীয়া, বঙালী, হিন্দী, নেপালী,ভোজপুৰী আৰু ৰাজবংশী আদি মুঠ ৮ টা ভাষা সলসলীয়াকৈ ক'ব পৰা বড়োভাষাৰ সমাজসেৱক,সাহিত্যিক তথা সুসংগঠক গৰাকী কোন?
২৭। বিনেশ্বৰ ব্ৰহ্মৰ প্রকাশিত গ্ৰন্থসমূহৰ নাম উল্লেখ কৰা।
২৮। ভাৰতৰ এজন প্রখ্যাত ভাস্কৰ্যবিদ আৰু অসমৰ কলা জগতৰ পথ প্ৰদৰ্শক, সাহিত্যিক ড’ শোভা ব্ৰহ্মৰ প্রকাশিত গ্ৰন্থসমূহ কি কি?
২৯। বড়ো সকলৰ শৈক্ষিক সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সজাগতা আনিবলৈ অহৰহ প্রচেষ্টা চলোৱা এইগৰাকী বাক্তিৰ প্ৰচেষ্টাত ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰি তাৰিখে বড়ো চুক্তি (Boro Accord)  স্বাক্ষৰিত    হৈছিল। তেওঁ কোন?
৩০। বডোফা (বড়ো সকলৰ পিতৃ) বুলি কাক আখ্যা দিয়া হৈছে?
৩১৷ বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা।
৩২। বড়োসকলৰ পৰম্পৰাগত সাজপাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম উল্লেখ কৰা।
৩৩। চমুটোকা লিখা:
(ক) বিনোদ ব্ৰহ্ম
(খ) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী
(গ) শোভা ব্ৰহ্ম
(ঘ) বীনেশ্বৰ ব্ৰহ্ম

যুগুতালে: বাব্‌লি দেৱীয়ে‍

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ