দেউৰীসকল (বৈচিত্ৰ্যময় অসম)— প্ৰশ্নাৱলী

বৈচিত্ৰ্যময় অসম

পাঠভিত্তিক প্ৰশ্নাৱলী

১। দেউৰীসকল কোনটো নৃ-গোষ্ঠীৰ অন্তৰ্গত?
২। দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল?
৩ । দেউৰীসকলে সামাজিকভাৱে কেইটা খেলত বিভক্ত আৰু কি কি উল্লেখ কৰা।
৪। শদিয়াৰ পৰা প্রব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোন কেইখন জিলাত বাস কৰিবলৈ লৈছিল? বৰ্তমান অসমৰ কেইখন জিলাত তেওঁলোক বসবাস কৰি আছে?
৫। দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে?
৬৷ দেউৰী ভাষা তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা পৰিয়ালৰ অন্তৰ্ভুক্ত? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে?
৭। দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী?
৮৷ দেউৰীসকলৰ উপাস্য দেৱতাজন কি?
ঌ। দেউৰীসকলৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে চমুকৈ লিখা।
১০। দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা জাতীয় উৎসৱ উল্লেখ কৰা।
১১৷ ভীমবৰ দেউৰীক ‘জননেতা’ আখ্যাৰে কোনে বিভূষিত কৰিছিল?
১২। দেউৰী জনগোষ্ঠীৰ প্ৰথমজন ৰাজনীতিক তথা অসম চৰকাৰৰ মন্ত্ৰী কোন আছিল?
১৩। কোনে অসম ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীৰ প্রথম অধিবেশন অনুষ্ঠিত কৰি  Assam Backward Plains Tribal League  চমুকৈ ট্ৰাইবেল লীগৰ জন্ম দিয়ে?
১৪। ট্রাইবেল লীগৰ কেতিয়া জন্ম হয়?
১৫। দেউৰী ভাষা সংস্কৃতিৰ গৱেষক পণ্ডিত ৰাধাকান্ত  দেউৰীয়ে জনগোষ্ঠী তথা অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে লিখা।
১৬৷ দেউৰী জনগোষ্ঠীৰ দ্বিতীয়জন ৰাজনীতিক তথা অসম  চৰকাৰৰ মন্ত্ৰী কোন আছিল?
১৭। দেউৰী জনগোষ্ঠীৰ অন্যতম লেখক শ্রীচন্দ্ৰ সিং দেউৰীয়ে সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে চমুকৈ লিখা।
১৮৷ চমুটোকা লিখা:
 (ক) ভীমবৰ দেউৰী
(খ) ৰাধাকান্ত দেউৰী
(গ) কৰ্গৰাম দেউৰী
(ঘ)   শ্ৰীচন্দ্ৰ সিং দেউৰী


যুগুতালে: বাব্‌লি দেৱীয়ে‍

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ