মণিপুৰীসকল (বৈচিত্ৰ্যময় অসম)— প্ৰশ্নাৱলী

বৈচিত্ৰ্যময় অসম

পাঠভিত্তিক প্ৰশ্নাৱলী

১। কেতিয়াৰপৰা মণিপুৰীসকলে অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ আহে?
২। অসমত প্রধানকৈ কোন ঠাইত মণিপুৰীসকলে বসবাস কৰে?
৩৷ ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা কিমান  চনত অন্তৰ্ভুক্ত হয়?
৪। মান সেনাই মণিপুৰ ৰাজ্য কেতিয়া আক্ৰমণ কৰে?
৫। মণিপুৰী ভাষাৰ প্রচলন ক’ত ক’ত আছে? 
৬৷ ‘খুন অহন’ কি?
৭। মণিপুৰী মীতৈ/মৈতৈ সকলৰ সমাজত সাতটা যেক ছালাইৰ নাম কি কি?
৮। মণিপুৰীসকলে পালন কৰা ধৰ্মীয় ৰীতি-নীতি, উৎসৱ-পাৰ্বণৰ বিষয়ে লিখা।
৯ মণিপুৰী মীতৈ/মৈতৈসকলৰ নিজা ঘৰত পূজা অৰ্চনা কৰা দেৱ-দেৱীৰ নাম কি কি?
১০। লাই হৰাওবা কি? বছৰৰ কি মাহত লাই হৰাওবা উৎসৱ পালন কৰা হয়? লাই হৰাওবা উৎসৱত ব্যৱহাৰ কৰা এটি বাদ্যযন্ত্ৰৰ নাম লিখা।
১১। মণিপুৰী মীতৈ/মৈতৈ সকলৰ কিছুমান নাচৰ নাম লিখা।
১২। আধুনিক মণিপুৰী সাহিত্যৰ বাটকটীয়া ব্যক্তিসকলৰ ভিতৰত অন্যতম নাওৰিয়া ফুলোৰ সাহিত্যপ্রতিভা সম্পৰ্কে চমুকৈ লিখা।
১৩। মণিপুৰী সাহিত্য পৰিষদ, ইম্ফালে ‘নৃত্যৰত্ন’ উপাধিৰে সন্মানিত কৰা স্বনামধন্য ব্যক্তিগৰাকী কোন?
১৪। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্রথম মণিপুৰী মহিলা অধিবক্তাগৰাকী কোন?
১৫। চমুটোকা লিখা:
   (ক) নাওৰিয়া ফুলো
   (খ) নৃত্যগুৰু কে.যতীন্দ্ৰ সিংহ
   (গ) সমাজসেৱিকা সৰস্বতী সিংহা
   (ঘ) নোংথোম্বম বিদ্যাপতি সিংহ

যুগুতালে: বাব্‌লি দেৱীয়ে‍
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ