মিচিংসকল (বৈচিত্ৰ্যময় অসম)— প্ৰশ্নাৱলী

বৈচিত্ৰ্যময় অসম

পাঠভিত্তিক প্ৰশ্নাৱলী

১৷ অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠীটো কি?
২৷ ‘মিৰি’ শব্দৰ ব্যৱহাৰ মিচিংসকলে কাৰ ক্ষেত্ৰতহে কৰে?
৩ ‘তানি’ শব্দৰ অৰ্থ কি?
৪। মিচিংসকলৰ পূৰ্ব বাসস্থান কি আছিল?
৫। মিচিং জনগোষ্ঠীৰ মাজত বিবাহ পদ্ধতিৰ বিষয়ে লিখা।
৬৷ মিচিংসকলৰ জীৱিকাৰ সম্বল কি? 
৭৷ 'কৌবাং' মানে কি?
৮। মিচিংসকলৰ পুৰুষ-মহিলাৰ সাজপাৰৰ বিষয়ে লিখা।
৯। মিচিংসকলৰ তিনিবিধ সাজপাৰৰ নাম লিখা।
১০। মিচিংসকলৰ জাতীয় সম্বল কি?
১১। মিচিংসকলৰ ধৰ্মপন্থা সম্পৰ্কে চমুকৈ লিখা।
১২। মিচিংসকলৰ জাতীয় উৎসৱ কি?
১৩। আলি আয়ে লিগাং কিয় আৰু কেতিয়া পতা হয়।
১৪। আলি আয়ে লিগাং শব্দৰ ব্যুৎপত্তি লিখা।
১৫। মিচিংসকলৰ জাতীয় উৎসৱ সম্পৰ্কে চমুকৈ লিখা।
১৬৷ মিচিং ভাষা কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত?
১৭। ভৃগুমুনি কাগয়ুঙৰ আটাইতকৈ জনপ্ৰিয় কাব্যগ্ৰন্থখনৰ নাম কি?
১৮। ভৃগুমুনি কাগয়ুঙৰ ৰচিত অসমীয়া কাব্য-গ্ৰন্থকেইখনমানৰ নাম লিখা।
১৯। ভৃগুমুনি কাগয়ুঙক কোনখন গ্ৰন্থৰ বাবে ১৯৯৪ চনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰিছিল?
২০। মিচিং জনগোষ্ঠীৰ প্রথম ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত সাহিত্যিকগৰাকী কোন?
২১। ভৃগুমুনি কাগয়ুঙে লিখা মিচিং কবিতাৰ সংকলনখনৰ নাম কি?
২২। ছহিদ কমলা মিৰিৰ প্রকৃত নামটো কি আছিল?
২৩। মিচিং সংস্কৃতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়?
২৪৷ ভাৰতৰ অৰণ্য মানৱ (Forest Man of India) উপাধি লাভ কৰা অসমৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিগৰাকী কোন?
২৫৷ যাদব পায়েঙে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্রত কিদৰে ভূমিকা গ্রহণ কৰিছে, তোমাৰ কথাৰে লিখা।
২৬ কাজিৰঙাৰ গড় প্রথম যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠাই এটা খড়্গৰ গড়ৰ স্থান কাজিৰঙা বুলি বিশ্বৰ মানচিত্ৰত চিহ্নিত কৰোৱা অসমীয়া ব্যক্তিগৰাকী কোন আছিল?
২৭। ৰাজেন্দ্ৰ কুমাৰ মিলি কোন?
২৮। ‘মিচিং’ জনজাতিৰ বিষয়ে এটা চমু টোকা লিখা।
২৯। চমুটোকা লিখা:
(ক) ভৃগুমুনি কাগয়ুঙ
(খ) শ্বহীদ কমলা মিৰি
(গ) ঐৰাম বৰি
(ঘ) যাদব পায়েং

যুগুতালে: বাব্‌লি দেৱীয়ে‍

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ