মৰাণসকল (বৈচিত্ৰ্যময় অসম)— প্ৰশ্নাৱলী

বৈচিত্ৰ্যময় অসম

পাঠভিত্তিক প্ৰশ্নাৱলী

১। বিষ্ণু ৰাভাদেৱে তেওঁৰ ‘অসমীয়া কৃষ্টি’ নামৰ পুস্তিকাত মৰাণসকলৰ বিষয়ে কি বুলি উল্লেখ কৰিছে?
২। অসম আৰু অৰুণাচলৰ কোন কেইখন জিলাত মৰাণসকলৰ বসতি বেছি?
৩। মৰাণসকল কোনটো গোষ্ঠীৰ এক অন্যতম জনজাতীয় গোট?
৪। বুৰঞ্জীত উল্লেখ থকা বাৰঘৰ কছাৰীৰ নাম লিখা।
৫। ‘বড়োৰূচী’ কি? 
৬। দহটা মৰাণ ভাষাৰ শব্দ লিখা।
৭৷  মৰাণ ভাষাৰ শব্দবোৰ কি কি ভাষাৰ সৈতে মিল আছে?
৮। বডোচা বা বদৌছা কোন?
৯। থাকুমথা কোন আছিল?
১০। বদৌছা শব্দৰ অৰ্থ কি?
১১। মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা।
১২৷ মৰাণসকলৰ প্রধান উৎসৱ কি?
১৩৷ মৰাণসকলৰ উৎসৱ-পাৰ্বণৰ বিষয়ে চমুকৈ লিখা।
১৪। মৰাণসকলৰ ধৰ্মীয় ৰীতি-নীতিৰ বিষয়ে চমুকৈ লিখা।
১৫৷ মৰাণসকলে বহাগৰ বিহু কেতিয়া কেনেকৈ পালন কৰে?
১৬। মৰাণসকলৰ দুটা বৃত্তিমূলক, দুটা গুণবাচক, আৰু দুটা স্থানবাচক খেল-বংশৰ নাম লিখা।
১৭৷ মৰাণসকলৰ সমাজ গাঁথনিৰ বিষয়ে লিখা।
১৮৷ মৰাণসকলৰ জাতীয় খেতি কি?
১৯। মৰাণসকলৰ জাতীয় পশু কি? 
২০। মৰাণসকলৰ জাতীয় গছ কি? 
২১। মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি আছিল?
২২৷ মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনে ধৰণৰ?
২৩। ক’ত ক’ত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল?
২৪৷ ৰাধা-ৰুকুণী কোন আছিল?
২৫। খাওখাই কোন আছিল?
২৬৷ ‘অসম মৰাণ সভা’ কোনে কেতিয়া প্রতিষ্ঠা কৰিছিল?
২৭। পোনপ্ৰথমবাৰৰ বাবে কোনে কেতিয়া অসমৰ বিভিন্ন মঞ্চত মৰাণ বিহুক সৰ্বজন সমাদৃত কৰিছিল?
২৮৷ ইতিহাস প্রসিদ্ধ ফৰাচী বিপ্লৱৰ কুৰি বছৰৰ পূৰ্বেই সংঘটিত হোৱা বিশ্বৰ সৰ্বপ্ৰথম সৰ্বাত্মক বিপ্লৱ বুলিলে কোনটোক বুজায়?
২৯৷ মৰাণসকলৰ নৃগোষ্ঠীয়     পৰিচয় সম্পৰ্কত তিনিটা বাক্যত লিখা ।
৩০। চমু টোকা লিখা:
(ক) সমন্বয়ৰ জনক কিৰাত শৌৰ্য বোদৌচা
(খ) বীৰাঙ্গণা ৰাধা ৰুকুণী 
(গ) বীৰ সেনাপতি ঝপৰা জগধা
(ঘ) মোহন শইকীয়া
(ঘ) ৰাখব মৰাণ


যুগুতালে: বাব্‌লি দেৱীয়ে‍

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ