মটকসকল (বৈচিত্ৰ্যময় অসম)— প্ৰশ্নাৱলী

বৈচিত্ৰ্যময় অসম

পাঠভিত্তিক প্ৰশ্নাৱলী
১৷ 'মটক’ শব্দটি কি ভাষাৰ শব্দ?
২। মটক শব্দৰ অৰ্থ লিখা। 
৩। মটক শব্দটিৰ উৎপত্তি সম্বন্ধে লিখা।
৪৷ চুকাফাই অসমত প্রৱেশ কৰি মটকসকলক প্রথম ক’ত লগ পাইছিল?
৫। ‘লানমাখু' মানে কি?
৬। মটকসকল সাধাৰণতে কোন ধৰ্মৰ লোক?
৭। ফুথাইসকলক কি কি তিনি ভাগত ভাগ কৰিছে?
৮। মটকসকলৰ পৰম্পৰাগত ধৰ্মৰ বিষয়ে লিখা।
৯। মটক ৰজা সৰ্বানন্দ সিংহৰ পিতৃ-মাতৃৰ নাম কি আছিল?
১০। মটক ৰজা সৰ্বানন্দ সিংহৰ পিতৃ প্রদত্ত নাম কি আছিল?
১১৷ মেজেৰাক কোনে সৰ্বানন্দ নাম দিছিল?
১২। বেংমৰা ৰাজ্যৰ (১৭৮৮) প্ৰতিষ্ঠাপক ৰজাগৰাকী কোন?
১৩। মটক ৰজা সৰ্বানন্দ সিংহই নিৰ্মাণ কৰোৱা কেইটামানআলি-পদূলিৰ নাম উল্লেখ কৰা।
১৪৷ বৰ্তমানৰ তিনিচুকীয়া নগৰখনৰ পূৰ্বৰ নাম কি আছিল?
১৫। মটক ৰজা সৰ্বানন্দ সিংহই কিমানটা পুখুৰী খন্দাইছিল?
১৬৷ মটকসকলৰ লগত মোৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধ লিখা।
১৭। মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম-কাজসমূহ বৰ্ণনা কৰা।
১৮৷ বাৰ্মিজ, মণিপুৰী,চিংফৌ,  খামতি, মিচিং,দেউৰী, নক্টে আদিকে ধৰি বহুকেইটা ভাষাত দখল থকা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সুযোগ্য পৰিনাতিগৰাকীৰ নাম কি?
১৯। চমুটোকা লিখা:

(ক) শিক্ষাবিদ পৱন নেওগ
(খ) ৰাজকুমাৰ লঙ্কেশ্বৰ গোঁহাই
(গ) সৰ্বানন্দ সিংহ

যুগুতালে: বাব্‌লি দেৱীয়ে‍

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ