সোণোৱাল কছাৰীসকল (বৈচিত্ৰ্যময় অসম)— প্ৰশ্নাৱলী

বৈচিত্ৰ্যময় অসম

পাঠভিত্তিক প্ৰশ্নাৱলী

১। ডিমাচা ভাষাত সোণোৱাল মানে কি?
২। সোণোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল?
৩। সোণোৱাল শব্দটো কি শব্দৰপৰা আহিছে?
৪। 'কাছারের ইতিবৃত্ত’গ্ৰন্থখন কাৰ?
৫। সোণোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয়?
৬৷ সোণোৱাল কছাৰীসকলৰ ধৰ্মীয় ৰীতি-নীতিৰ বিষয়ে লিখা।
৭। সোণোৱাল কছাৰীসকলৰ সমাজ পদ্ধতি বৰ্ণনা কৰা।
৮৷ সোণোৱাল কছাৰীসকলৰ গৃহ নিৰ্মাণ পদ্ধতি সম্পৰ্কে বৰ্ণনা কৰা।
৯৷ সোণোৱাল কছাৰীসকলৰ লোকসাহিত্যসমূহৰ বিষয়ে লিখা।
১০। সোণোৱাল কছাৰীসকলৰ মাজত সৰ্বমুঠ কিমানটা বংশ আছে?
১১। কছাৰীৰ ৰাষ্ট্ৰনায়ক মাণিকে হালালীয়ে সোণোৱাল কছাৰীসকলৰ কিমানটা বংশক নিৰ্বাচন কৰি ৰাজ্য পৰিচালনা কৰিছিল?
১২। সোণোৱাল কছাৰীসকলে বৰ্তমান অসমৰ কোন কোন ঠাইত বসবাস কৰে? 
১৩। ১৯৭৮ চনত অসম সাহিত্য সভাই প্রকাশ কৰা 
"সোণোৱালৰ সাধু ” নামৰ পুথিখন কাৰ?
১৪। গগন চন্দ্ৰ সোণোৱালে লিখা গ্ৰন্থকেইখনমানৰ নাম উল্লেখ কৰা।
১৫। একেৰাহে ক্ৰীড়া,সংগীত সাধনা, লেখক (গল্প, প্রৱন্ধ) আদিৰ লগতে সুকুমাৰ কলাতো সিদ্ধহস্ত সোণোৱাল কছাৰীসকলৰ পুৰোধা ব্যক্তিগৰাকী কোন?
১৬। ১৯৮০ চনত “পৃথিৱীৰ অসুখ” নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন?
১৭৷ সাহিত্যিক যোগেশ দাসে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰা পুথিকেইখনমানৰ নাম লিখা।
১৮৷ যোগেন্দ্ৰনাথ হাজৰিকা কোন আছিল?
১৯। কোনগৰাকী অসমীয়া ব্যক্তি ভাৰতৰ প্রথম গৰাকী বহিঃপৰিক্ৰমা বিভাগৰ সংসদীয় সচিব পদত অধিষ্ঠিত হৈছিল?
২০৷ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰা সোণোৱাল কছাৰী জনগোষ্ঠীৰ একমাত্ৰ এড্‌ভ'কেটগৰাকী কোন?
২১৷ সোণোৱাল কছাৰীসকলৰ উৎসৱ-পাৰ্বণৰ  বিষয়ে চমুকৈ লিখা।
২২। চমুটোকা লিখা:
   (ক) প্ৰমোদ সোণোৱাল
   (খ) গগণ চন্দ্ৰ সোণোৱাল
   (গ) পৰশুৰাম সোণোৱাল
   (ঘ) যোগেশ দাস
   (ঙ) যোগেন্দ্ৰনাথ হাজৰিকা

যুগুতালে: বাব্‌লি দেৱীয়ে
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ